প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষ্যে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মনক লালন-পালন কৰাৰ প্ৰতি শিক্ষকসকলৰ সমৰ্পণেই হৈছে এক শক্তিশালী আৰু উজ্জ্বল ভৱিষ্যতৰ ভেটি। "বিশিষ্ট পণ্ডিত আৰু শিক্ষক ড° এছ ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত তেওঁৰ জীৱন তথা ভাৱনাৰ কথা আমি মনত পেলাইছো", শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইবুলি পোষ্ট কৰিছে ;
"সকলোকে, বিশেষকৈ সকলো কঠোৰ পৰিশ্ৰমী শিক্ষকলৈ #শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ! মনক লালন-পালন কৰাৰ প্ৰতি শিক্ষকসকলৰ সমৰ্পণেই হৈছে এক শক্তিশালী আৰু উজ্জ্বল ভৱিষ্যতৰ ভেটি। তেওঁলোকৰ দায়বদ্ধতা আৰু মমতা লক্ষণীয়। বিশিষ্ট পণ্ডিত আৰু শিক্ষক ড° এছ ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত তেওঁৰ জীৱন আৰু ভাৱনাৰ কথাও আমি মনত পেলাইছো।"
Wishing everyone, particularly all hardworking teachers, a very happy #TeachersDay! The dedication of teachers to nurturing minds is the foundation of a stronger and brighter future. Their commitment and compassion are noteworthy. We also remember the life and thoughts of Dr. S.…
— Narendra Modi (@narendramodi) September 5, 2025


