এই উপলক্ষে প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম আৰু স্তুতিগীত শ্বেয়াৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলোলৈ তেওঁৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সমৃদ্ধি, স্বাস্থ্য আৰু বিকশিত ভাৰতৰ সংকল্প পূৰণৰ বাবে প্ৰাৰ্থনা জনায়।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ আৰম্ভ হোৱাৰ লগে দেৱী শৈল্যপুত্রীৰ ঐশ্বৰিক কৃপাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই উপলক্ষে দেৱীৰ প্ৰতি উৎসৰ্গিত এটা ভক্তিমূলক স্তুতিগীত শ্বেয়াৰ কৰি উল্লেখ কৰে যে দেৱীৰ অপৰিসীম দয়াৰ জৰিয়তে সকলো নাগৰিকৰ কল্যাণ নিশ্চিত হ'ব, যাৰ ফলত উন্নত ভাৰতৰ সামূহিক লক্ষ্যলৈ এক শক্তিশালী গতি আহিব।

এক্স-ৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ

‘সমগ্ৰ দেশৰ মোৰ পৰিয়ালৈ নৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জনাইছো। শক্তিৰ উপাসনাৰ এই ঐশ্বৰিক সুযোগে আপোনালোক সকলোৰে বাবে সুখ, সৌভাগ্য, সমৃদ্ধি আৰু উত্তম স্বাস্থ্য কঢ়িয়াই আনিব। শক্তিস্বৰূপা মা দুৰ্গাৰ অসীম কৃপাৰ দ্বাৰা সকলোৰে কল্যাণ হওক, যিয়ে আমাৰ বিকশিত ভাৰতৰ সংকল্পক নতুন শক্তি প্ৰদান কৰে। জয় অম্বে জগদম্বে মা’।

‘নৱৰাত্ৰিৰ প্ৰথম দিনটোত মা দুৰ্গাৰ প্ৰথম ৰূপ দেৱী শৈল্যপুত্রীৰ পূজা কৰা হয়। তেওঁৰ আশীৰ্বাদৰ দ্বাৰা সকলোৰে জীৱনলৈ সংযম, শান্তি আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ হওক, এয়াই কামনা কৰিলো’।

वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्।


वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम्॥"

মই দেৱী শৈল্যপুত্ৰীক প্ৰণিপাত কৰোঁ, যিয়ে তেওঁৰ ভক্তসকলৰ সকলো ইচ্ছা পূৰণ কৰে, যিয়ে তেওঁৰ কপালত অৰ্ধচন্দ্রৰে অলংকৃত কৰি ষাঁড় গৰুত উঠি হাতত ত্ৰিশূল ধৰি আছে। তেওঁ এগৰাকী মহিমাময়ী আৰু আৰাধ্য দেৱী।

‘জগতজনী মা দুৰ্গাৰ চৰণত কোটি কোটি দেশবাসীৰ তৰফৰ পৰা মোৰ অভিবাদন আৰু শ্ৰদ্ধাঞ্জলি! নৱৰাত্ৰীৰ পবিত্ৰ উৎসৱত দেৱী মাক সকলোৰে প্ৰেম আৰু সহানুভূতিৰ আশীৰ্বাদ দিবলৈ অনুৰোধ জনালো। জয় মাতা দি!’

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI — an eventful journey

Media Coverage

UPI — an eventful journey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 আগষ্ট 2026
August 25, 2026

Nari Shakti to Capital Markets: PM Modi’s Reforms Are Rewiring India’s Growth Story