প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান সাগৰত চলি থকা আইএনএছভি কৌণ্ডিন্যৰ এখন ছবি লাভ কৰি আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০২৬ বৰ্ষক আদৰিবলৈ দেশ খনে প্ৰস্তুতি চলোৱাৰ সময়ত ক্ৰুৰ উৎসাহক প্ৰশংসা কৰে আৰু আন্তৰিক শুভেচ্ছা জনায়। এক্সৰ এটা পোষ্টত তেওঁ উল্লেখ কৰিছে যে- 'আইএনএছভি কৌণ্ডিন্যৰ দলৰ এই ছবিখন পাই আনন্দিত হৈছো!তেওঁলোকৰ উৎসাহ অতি হৃদয়স্পৰ্শী। আমি সকলোৱে ২০২৬ চনৰ আৰম্ভণি কৰিবলৈ সাজু হৈছো, সেয়েহে সাগৰত থকা আইএনএছভি কৌণ্ডিন্য দললৈ মোৰ বিশেষ শুভেচ্ছা জনাইছো।তেওঁলোকৰ বাকী যাত্ৰাও আনন্দ আৰু সফলতাৰে ভৰা হওক।
@INSVKaundinya”
Delighted to receive this picture from the team of INSV Kaundinya! Heartening to see their enthusiasm. As we are all set to usher in 2026, my special greetings to the INSV Kaundinya team, which is on the high seas. May the rest of their journey also be full of joy and success.… pic.twitter.com/pYnAPHCG7h
— Narendra Modi (@narendramodi) December 31, 2025


