ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৯ আগষ্টৰ পৰা বিহাৰৰ ঐতিহাসিক ৰাজগীৰ চহৰত আৰম্ভ হ’বলগীয়া পুৰুষৰ হকী এছিয়া কাপ, ২০২৫-ৰ প্ৰাকক্ষণত সমগ্ৰ এছিয়াৰ সকলো অংশগ্ৰহণকাৰী দল, খেলুৱৈ, বিষয়া-বৰ্গ আৰু সমৰ্থকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে শেহতীয়া সময়ছোৱাত খেল’ ইণ্ডিয়া যুৱ গেমছ-২০২৫, এছিয়া ৰাগবী ২০-বছৰ অনূৰ্ধ চেভেনছ চেম্পিয়নশ্বিপ-২০২৫, আইএছটিএএফ ছেপাকটাক্ৰ’ বিশ্বকাপ-২০২৪ আৰু মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী-২০২৪ ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আয়োজনেৰে এক স্পন্দনশীল ক্ৰীড়া কেন্দ্ৰ হিচাপে স্থান লাভৰ বাবে বিহাৰক প্ৰশংসা কৰে।

আজি এক্স-ৰ এলানি প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,

“কাইলৈ অৰ্থাৎ ​​২৯ আগষ্টৰপৰা (ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু মেজৰ ধ্যান চান্দৰ জন্মদিনো) বিহাৰৰ ঐতিহাসিক ৰাজগীৰ চহৰত পুৰুষৰ হকী এছিয়া কাপ, ২০২৫ আৰম্ভ হ’ব। তদুপলক্ষে মই সমগ্ৰ এছিয়াৰ সকলো অংশগ্ৰহণকাৰী দল, খেলুৱৈ, বিষয়া-বৰ্গ আৰু সমৰ্থকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”

“হকীয়ে সদায় সমগ্ৰ ভাৰত আৰু এছিয়াৰ লক্ষ-লক্ষ লোকৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰি আহিছে। আগন্তুক প্ৰতিযোগিতাখনি ৰোমাঞ্চকৰ মেচ, অসাধাৰণ প্ৰতিভাৰ প্ৰদৰ্শন আৰু স্মৰণীয় মুহূৰ্তেৰে ভৰপূৰ হৈ উঠিব বুলি মই বিশ্বাসী, যিয়ে ভৱিষ্যৎ প্ৰজন্মৰ ক্ৰীড়াপ্ৰেমীসকলক অনুপ্ৰাণিত কৰিব।”

“বিহাৰে পুৰুষৰ হকী এছিয়া কাপ, ২০২৫ আয়োজন কৰাটো পৰম আনন্দৰ কথা। শেহতীয়া সময়ছোৱাত বিহাৰে খেল’ ইণ্ডিয়া যুৱ গেমছ-২০২৫, এছিয়া ৰাগবী ২০-বছৰ অনূৰ্ধ চেভেনছ চেম্পিয়নশ্বিপ-২০২৫, আইএছটিএএফ ছেপাকটাক্ৰ’ বিশ্বকাপ-২০২৪ আৰু মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী-২০২৪ ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আয়োজনেৰে এক স্পন্দনশীল ক্ৰীড়া কেন্দ্ৰ হিচাপে স্থান লাভ কৰিছে। এনে ধাৰাবাহিক গতিয়ে বিহাৰৰ ক্ৰম-বৰ্ধমান আন্তঃগাঁথনি, তৃণমূল পৰ্য্যায়ৰ উত্‍সাহ-উদ্দীপনা আৰু ভিন্ন ক্ৰীড়া শিতানত প্ৰতিভাক লালন-পালনৰ অংগীকাৰকে প্ৰতিফলিত কৰে।”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Water conservation in India: The community as custodian

Media Coverage

Water conservation in India: The community as custodian
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মাৰ্চ 2026
March 21, 2026

Empowering Bharat Holistically: Health, Finance, Heritage & Export Growth Under the Leadership of PM Modi