সামাজিক ন্যায়ৰ পথ-প্ৰদৰ্শক কৰ্পুৰী ঠাকুৰলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন আগবঢ়োৱাৰ সিদ্ধান্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে কয় যে কৰ্পুৰী ঠাকুৰৰ জন্ম শতবাৰ্ষিকীৰ ক্ষণত এই সিদ্ধান্তই দেশবাসীক গৌৰৱান্বিত কৰিব। সমাজৰ পিছপৰা আৰু বঞ্চিতসকলৰ উত্থানৰ বাবে তেওঁৰ অদম্য দায়বদ্ধতা আৰু দূৰদৰ্শী নেতৃত্বই ভাৰতৰ আৰ্থ-ৰাজনৈতিক বাতাবৰণত এক অমলিন চিন ৰাখিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“মই ভাৰত চৰকাৰে সামাজিক ন্যায়ৰ প্ৰতিভূ, মহান জন নায়ক কৰ্পুৰী ঠাকুৰ জীক ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণত সন্তোষ পাইছোঁ আৰু এই সময়তে আমি তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছোঁ। এই সন্মানীয় স্বীকৃতি তেওঁ উপান্ত লোকৰ বাবে কৰা প্ৰয়াস তথা সমতা আৰু সৱলীকৰণৰ এগৰাকী অগ্ৰদূত হিচাপে গ্ৰহণ কৰা নিৰলস প্ৰচেষ্টাৰ সাক্ষ্য।

নিপীড়িত লোকৰ উত্থানৰ বাবে তেওঁৰ অদম্য দায়বদ্ধতা আৰু তেওঁৰ দূৰদৰ্শী নেতৃত্বই ভাৰতৰ আৰ্থ-ৰাজনৈতিক বাতাবৰণত এক অমলিন চিন ৰাখিছে। এই বঁটাই তেওঁৰ উল্লেখযোগ্য অৱদানৰাজিক সন্মান জনোৱাই নহয়, বৰঞ্চ তেওঁৰ অধিক ন্যায়পৰায়ণ আৰু সমতাপূৰ্ণ সমাজ গঢ়ি তোলাৰ অভিযান অব্যাহত ৰাখিবলৈ আমাক অনুপ্ৰাণিত কৰে।”

 

 

“मुझे इस बात की बहुत प्रसन्नता हो रही है कि भारत सरकार ने समाजिक न्याय के पुरोधा महान जननायक कर्पूरी ठाकुर जी को भारत रत्न से सम्मानित करने का निर्णय लिया है। उनकी जन्म-शताब्दी के अवसर पर यह निर्णय देशवासियों को गौरवान्वित करने वाला है। पिछड़ों और वंचितों के उत्थान के लिए कर्पूरी जी की अटूट प्रतिबद्धता और दूरदर्शी नेतृत्व ने भारत के सामाजिक-राजनीतिक परिदृश्य पर अमिट छाप छोड़ी है। यह भारत रत्न न केवल उनके अतुलनीय योगदान का विनम्र सम्मान है, बल्कि इससे समाज में समरसता को और बढ़ावा मिलेगा।”

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Putin Praises PM Modi's India-First Policy, Calls India Key Investment Destination for Russia

Media Coverage

Putin Praises PM Modi's India-First Policy, Calls India Key Investment Destination for Russia
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
December 05, 2024

অহা ২৯ডিচেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।

তলৰ মন্তব্য শিতানত আপোনাৰ ইনপুট শ্বেয়াৰ কৰক।