সামাজিক ন্যায়ৰ পথ-প্ৰদৰ্শক কৰ্পুৰী ঠাকুৰলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন আগবঢ়োৱাৰ সিদ্ধান্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে কয় যে কৰ্পুৰী ঠাকুৰৰ জন্ম শতবাৰ্ষিকীৰ ক্ষণত এই সিদ্ধান্তই দেশবাসীক গৌৰৱান্বিত কৰিব। সমাজৰ পিছপৰা আৰু বঞ্চিতসকলৰ উত্থানৰ বাবে তেওঁৰ অদম্য দায়বদ্ধতা আৰু দূৰদৰ্শী নেতৃত্বই ভাৰতৰ আৰ্থ-ৰাজনৈতিক বাতাবৰণত এক অমলিন চিন ৰাখিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“মই ভাৰত চৰকাৰে সামাজিক ন্যায়ৰ প্ৰতিভূ, মহান জন নায়ক কৰ্পুৰী ঠাকুৰ জীক ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণত সন্তোষ পাইছোঁ আৰু এই সময়তে আমি তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছোঁ। এই সন্মানীয় স্বীকৃতি তেওঁ উপান্ত লোকৰ বাবে কৰা প্ৰয়াস তথা সমতা আৰু সৱলীকৰণৰ এগৰাকী অগ্ৰদূত হিচাপে গ্ৰহণ কৰা নিৰলস প্ৰচেষ্টাৰ সাক্ষ্য।

নিপীড়িত লোকৰ উত্থানৰ বাবে তেওঁৰ অদম্য দায়বদ্ধতা আৰু তেওঁৰ দূৰদৰ্শী নেতৃত্বই ভাৰতৰ আৰ্থ-ৰাজনৈতিক বাতাবৰণত এক অমলিন চিন ৰাখিছে। এই বঁটাই তেওঁৰ উল্লেখযোগ্য অৱদানৰাজিক সন্মান জনোৱাই নহয়, বৰঞ্চ তেওঁৰ অধিক ন্যায়পৰায়ণ আৰু সমতাপূৰ্ণ সমাজ গঢ়ি তোলাৰ অভিযান অব্যাহত ৰাখিবলৈ আমাক অনুপ্ৰাণিত কৰে।”

 

 

“मुझे इस बात की बहुत प्रसन्नता हो रही है कि भारत सरकार ने समाजिक न्याय के पुरोधा महान जननायक कर्पूरी ठाकुर जी को भारत रत्न से सम्मानित करने का निर्णय लिया है। उनकी जन्म-शताब्दी के अवसर पर यह निर्णय देशवासियों को गौरवान्वित करने वाला है। पिछड़ों और वंचितों के उत्थान के लिए कर्पूरी जी की अटूट प्रतिबद्धता और दूरदर्शी नेतृत्व ने भारत के सामाजिक-राजनीतिक परिदृश्य पर अमिट छाप छोड़ी है। यह भारत रत्न न केवल उनके अतुलनीय योगदान का विनम्र सम्मान है, बल्कि इससे समाज में समरसता को और बढ़ावा मिलेगा।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
E-Samudra: India’s digital push to reshape maritime governance

Media Coverage

E-Samudra: India’s digital push to reshape maritime governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 আগষ্ট 2026
August 11, 2026

Champions on the Podium, Capital Unlocked, Digital Seas Opened: New India’s Winning Streak Under PM Modi