ৰোজগাৰ মেলাই যুৱক-যুৱতীসকলক অধিক শক্তিশালী কৰি তেওঁলোকৰ সৱলীকৰণ সম্ভৱ কৰিছে, নৱনিযুক্তসকলক শুভেচ্ছা জনাইছো : প্ৰধানমন্ত্ৰী
ভাৰতৰ বৰ্তমানৰ যুৱপ্ৰজন্ম নতুন আত্মবিশ্বাসেৰে প্ৰতিটো ক্ষেত্ৰতে সফল হৈছে : প্ৰধানমন্ত্ৰী
দেশে এখন নতুন ভাৰত গঢ়ি তুলিবলৈ কেইবা দশক ধৰি আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন অনুভৱ কৰি আহিছে, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে দেশখন এতিয়া সেই দিশত আগবাঢ়িছে : প্ৰধানমন্ত্ৰী
আজি আমাৰ চৰকাৰৰ নীতি আৰু সিদ্ধান্তৰ বাবে গ্ৰাম্য ভাৰততো নিযুক্তি আৰু স্ব-নিযুক্তিৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে, বহুসংখ্যক যুৱক-যুৱতীয়ে কৃষি খণ্ডত নিযুক্তি লাভ কৰিছে, তেওঁলোকে নিজৰ পচন্দৰ কাম কৰাৰ সুযোগ পাইছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰি আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত ৭১,০০০তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিয়োগ সৃষ্টিত অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়। ই যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণ আৰু আত্মসৱলীকৰণত অৰিহণা যোগোৱাৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰি শক্তিশালী কৰিব।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ যোৱা নিশা কুৱেইটৰ পৰা উভতি আহিছে, য'ত তেওঁ ভাৰতীয় যুৱক-যুৱতী আৰু পেছাদাৰীসকলৰ সৈতে ব্যাপক আলোচনা কৰে।  আৰু এইটো এটা অতি আনন্দদায়ক কাকতালীয় ঘটনা যে স্বদেশলৈ উভতি অহাৰ পাছত তেওঁৰ প্ৰথম কাৰ্যসূচী দেশৰ যুৱপ্ৰজন্মৰ সৈতে। "আজি দেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে নতুন আৰম্ভণি হৈছে। আপোনালোকৰ বহু বছৰৰ সপোনবোৰ দিঠকত পৰিণত হৈছে, বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফল পোৱা গৈছে। চলিত বৰ্ষটোৱে আপোনালোকৰ বাবে নতুন সুখ কঢ়িয়াই আনিছে। মই আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়াললৈ আন্তৰিক অভিনন্দন জনাইছো", প্ৰধানমন্ত্ৰীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ৰোজগাৰ মেলাৰ দৰে পদক্ষেপৰ জৰিয়তে চৰকাৰে ভাৰতৰ যুৱ প্ৰতিভাৰ সম্পূৰ্ণ ব্যৱহাৰক অগ্ৰাধিকাৰ দিছে। বিগত ১০ বছৰত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত চৰকাৰী চাকৰি প্ৰদান কৰাৰ এক সম্মিলিত প্ৰয়াস কৰা হৈছে। আজি ৭১,০০০ তকৈও অধিক যুৱক-যুৱতীক তেওঁলোকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে যোৱা ডেৰ বছৰত প্ৰায় ১০ লাখ স্থায়ী চৰকাৰী চাকৰি আগবঢ়োৱা হৈছে। এই চাকৰিবোৰ সম্পূৰ্ণ স্বচ্ছতাৰে প্ৰদান কৰা হৈছে আৰু নৱনিযুক্তসকলে নিষ্ঠা আৰু সততাৰে দেশক সেৱা আগবঢ়াই লৈ গৈ আছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এখন দেশৰ উন্নয়ন ইয়াৰ যুৱপ্ৰজন্মৰ কঠোৰ পৰিশ্ৰম, সামৰ্থ্য আৰু নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰত ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ কিয়নো দেশৰ নীতি আৰু সিদ্ধান্তসমূহে ইয়াৰ প্ৰতিভাশালী যুৱক-যুৱতীসকলক শক্তিশালী কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় যে যোৱা এটা দশকত মেক ইন ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত, ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ড-আপ ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ দৰে পদক্ষেপে যুৱচামক শীৰ্ষস্থানত ৰাখিছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত এতিয়া বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি আৰু তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ। আজি ভাৰতীয় যুৱক-যুৱতীসকলে নতুন আত্মবিশ্বাসেৰে আগবাঢ়ি আছে। তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে উৎকৃষ্ট প্ৰদৰ্শন কৰি আছে। ষ্টাৰ্টআপ আৰম্ভ কৰা যুৱ উদ্যোগীসকলে আজি এক শক্তিশালী সমৰ্থন প্ৰণালীৰ পৰা লাভান্বিত হয়। একেদৰে ক্ৰীড়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ বিশ্বাস যে তেওঁলোক বিফল নহ'ব, কিয়নো তেওঁলোকক এতিয়া আধুনিক প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ সুবিধা লাভ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশখন বিভিন্ন ক্ষেত্ৰত পৰিবৰ্তনৰ মাজেৰে গতি কৰিছে আৰু মোবাইল উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে। ভাৰতে নৱীকৰণযোগ্য শক্তি, জৈৱিক কৃষি, মহাকাশ, প্ৰতিৰক্ষা, পৰ্যটনৰ ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰিছে, নতুন সুযোগ সৃষ্টি কৰিছে আৰু প্ৰতিটো ক্ষেত্ৰতে নতুন শিখৰলৈ গতি কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ প্ৰগতি কঢ়িয়াই অনা আৰু নতুন ভাৰত গঢ়ি তোলা, যুৱ প্ৰতিভাক লালন-পালন কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু এই দায়িত্ব শিক্ষা ব্যৱস্থাৰ ওপৰত ন্যস্ত। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতক আধুনিক শিক্ষা ব্যৱস্থাৰ দিশত পথ প্ৰদৰ্শন কৰিছে, যিয়ে শিক্ষাৰ্থীসকলক নতুন সুযোগ প্ৰদান কৰিব। শ্ৰী মোদীয়ে কয়, পূৰ্বে এই ব্যৱস্থা সীমাবদ্ধ আছিল, কিন্তু এতিয়া ই অটল টিংকাৰিং লেব আৰু পিএম-এছআৰআই বিদ্যালয়ৰ দৰে পদক্ষেপৰ জৰিয়তে উদ্ভাৱন কঢ়িয়াই আনিছে। "চৰকাৰে মাতৃভাষাত শিক্ষণ আৰু পৰীক্ষাৰ অনুমতি দি গ্ৰাম্য যুৱ আৰু প্রান্তীয় সম্প্ৰদায়সমূহৰ বাবে পূৰ্বে শিক্ষাৰ ক্ষেত্ৰত থকা ভাষাৰ বাধাসমূহো নোহাৱা কৰিছে আৰু ১৩ টা ভাষাত নিযুক্তি পৰীক্ষাৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ উপৰি সীমান্ত অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে সংৰক্ষণ বৃদ্ধি কৰা হৈছে। আজি ৫০,০০০ তকৈও অধিক যুৱক-যুৱতীয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বাবে নিযুক্তি পত্ৰ লাভ কৰিছে আৰু ই এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে চিহ্নিত হৈছে", প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

চৌধুৰী চৰণ সিংজীৰ জয়ন্তীৰ বিষযে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে তেওঁক এই বছৰ ভাৰত ৰত্নৰে সন্মানিত কৰাৰ সৌভাগ্য অনুভৱ কৰিছে। "আমাক খাদ্যৰ যোগান ধৰা কৃষকসকলক প্ৰতি সন্মান প্ৰদৰ্শনেৰে আমি এই দিনটো কৃষক দিৱস হিচাপেও উদযাপন কৰো। ভাৰতৰ প্ৰগতি গ্ৰাম্য ভাৰতৰ প্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰে বুলি চৌধুৰী চাহাবে বিশ্বাস কৰিছিল। আমাৰ চৰকাৰৰ নীতিয়ে গ্ৰাম্য অঞ্চলত বিশেষকৈ কৃষিক্ষেত্ৰত যুৱচামৰ বাবে নতুন নিযুক্তি আৰু স্ব-নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে", প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

শ্ৰী মোদীয়ে পুনৰ কয় যে জৈৱ গেছ প্ৰকল্প স্থাপন কৰা গোবৰ-ধন যোজনাৰ দৰে পদক্ষেপে শক্তি উৎপাদনৰ লগতে চাকৰি সৃষ্টি কৰিছে। কৃষি বজাৰক সংযোগ কৰা ই-এনএএম আঁচনিয়ে নতুন নিযুক্তিৰ পথ মুকলি কৰিছে আৰু ইথানল মিশ্ৰণ বৃদ্ধিয়ে কৃষকসকলক লাভান্বিত কৰিছে আৰু চেনী খণ্ডত চাকৰি সৃষ্টি কৰিছে। প্ৰায় ৯,০০০ কৃষক উৎপাদক সংগঠন (এফপিঅ') স্থাপনে কিদৰে বজাৰৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ লগতে গ্ৰাম্য চাকৰি সৃষ্টি কৰিছে, সেই বিষয়েও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। চৰকাৰে হাজাৰ হাজাৰ শস্য সংৰক্ষণ গুদাম নিৰ্মাণৰ বাবে এক বৃহৎ আঁচনি ৰূপায়ণ কৰি আছে, যিয়ে ন ন নিযুক্তি আৰু স্ব-নিযুক্তিৰ সুযোগ প্ৰদান কৰিব।

 

 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰতিজন নাগৰিকক বীমা কভাৰেজ প্ৰদান কৰাৰ বাবে বীমা সখী যোজনা মুকলি কৰিছে, যাৰ ফলত গ্ৰাম্য অঞ্চলত অসংখ্য নিয়োগৰ সুযোগ সৃষ্টি হৈছে। ড্ৰোন দিদি, লাখপতি দিদি আৰু বেংক সখী যোজনাৰ দৰে পদক্ষেপে কৃষি আৰু গ্ৰাম্য খণ্ডতো চাকৰি সৃষ্টি কৰিছে। "আজি হাজাৰ হাজাৰ মহিলাই নিযুক্তি পত্ৰ লাভ কৰিছে আৰু তেওঁলোকৰ সফলতাই আনক অনুপ্ৰাণিত কৰিব। প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ২৬ সপ্তাহৰ মাতৃত্বকালীন ছুটি ৰখাৰ ফলত লাখ লাখ মহিলাৰ কেৰিয়াৰ সুৰক্ষিত হৈছে", শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানে কেনেদৰে মহিলাৰ উন্নতিৰ ক্ষেত্ৰত বাধাসমূহ আঁতৰাই পেলাবলৈ সক্ষম হৈছে সেই সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ কয় যে সুকন্যা সমৃদ্ধি যোজনাই ছোৱালীৰ শিক্ষাৰ বাবে আৰ্থিক সহায় নিশ্চিত কৰিছে। লগতে মহিলাসকলৰ বাবে ৩০ কোটি জন ধন একাউণ্টে চৰকাৰী আঁচনিৰ পৰা পোনপটীয়া লাভালাভ প্ৰদান কৰিছে। "প্ৰধানমন্ত্ৰী আবাস যোজনাই আবণ্টিত বেছিসংখ্যক ঘৰেই মহিলাৰ নামত থকা নিশ্চিত কৰিছে। পোষণ অভিযান, সুৰক্ষিত মাতৃত্ব অভিযান আৰু আয়ুষ্মান ভাৰতৰ দৰে পদক্ষেপে মহিলাসকলক উন্নত স্বাস্থ্যসেৱা আগবঢ়াইছে", শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে নাৰী শক্তি বন্দন অধিনিয়মে বিধানসভা আৰু লোকসভাত মহিলাসকলৰ বাবে সংৰক্ষণ নিশ্চিত কৰিছে যাৰ ফলত দেশত মহিলা নেতৃত্বাধীন উন্নয়নত অগ্ৰগতি লাভ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি নিযুক্তি পত্ৰ লাভ কৰা যুৱ ব্যক্তিসকলে নতুনকৈ পৰিৱৰ্তিত চৰকাৰী ব্যৱস্থাত যোগদান কৰিছে। যোৱা দশকত চৰকাৰী কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে চৰকাৰী কাৰ্যালয়সমূহত দক্ষতা আৰু উৎপাদনশীলতাত গুৰুত্বপূৰ্ণ উন্নতি পৰিলক্ষিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ শিকণ আৰু বিকাশৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁলোক এই লক্ষ্যত উপনীত হৈছে আৰু সমগ্ৰ জীৱন এই মনোভাব বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ আইগট কৰ্মযোগী মঞ্চত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিভিন্ন পাঠ্যক্ৰমৰ উপলব্ধতা সন্দৰ্ভতো আলোকপাত কৰে আৰু তেওঁলোকক নিজৰ সুবিধা অনুসৰি এই ডিজিটেল প্ৰশিক্ষণ মডিউলটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। "পুনৰবাৰ মই আজি নিযুক্তি পত্ৰ লাভ কৰা প্ৰাৰ্থীসকলক অভিনন্দন জনাইছো", প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre's Nasha Mukt Bharat campaign reaches 34.54 crore people

Media Coverage

Centre's Nasha Mukt Bharat campaign reaches 34.54 crore people
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Samvatsari
September 15, 2026

The Prime Minister, Shri Narendra Modi, has extended his greetings to the people on the sacred occasion of Samvatsari. Shri Modi said that Samvatsari reminds us that forgiveness and compassion strengthen every bond. He called upon everyone to embrace humility and let kindness and goodwill guide their actions.

The Prime Minister posted on X:

Samvatsari reminds us that forgiveness and compassion strengthen every bond.

On this sacred occasion, may humility guide us and may kindness and goodwill shape our every action.

Michhami Dukkadam!