ৰোজগাৰ মেলাই যুৱক-যুৱতীসকলক অধিক শক্তিশালী কৰি তেওঁলোকৰ সৱলীকৰণ সম্ভৱ কৰিছে, নৱনিযুক্তসকলক শুভেচ্ছা জনাইছো : প্ৰধানমন্ত্ৰী
ভাৰতৰ বৰ্তমানৰ যুৱপ্ৰজন্ম নতুন আত্মবিশ্বাসেৰে প্ৰতিটো ক্ষেত্ৰতে সফল হৈছে : প্ৰধানমন্ত্ৰী
দেশে এখন নতুন ভাৰত গঢ়ি তুলিবলৈ কেইবা দশক ধৰি আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন অনুভৱ কৰি আহিছে, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে দেশখন এতিয়া সেই দিশত আগবাঢ়িছে : প্ৰধানমন্ত্ৰী
আজি আমাৰ চৰকাৰৰ নীতি আৰু সিদ্ধান্তৰ বাবে গ্ৰাম্য ভাৰততো নিযুক্তি আৰু স্ব-নিযুক্তিৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে, বহুসংখ্যক যুৱক-যুৱতীয়ে কৃষি খণ্ডত নিযুক্তি লাভ কৰিছে, তেওঁলোকে নিজৰ পচন্দৰ কাম কৰাৰ সুযোগ পাইছে: প্ৰধানমন্ত্ৰী

নমস্কাৰ!

মোৰ কেবিনেটৰ সতীৰ্থবৃন্দ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, আৰু মোৰ ডেকা বন্ধু-বান্ধবীসকল!

যোৱা নিশা কুৱেইটৰ পৰা উভতি আহিলোঁ, য’ত ভাৰতীয় যুৱক-যুৱতী আৰু পেছাদাৰীসকলৰ সৈতে এক সমৃদ্ধিশালী বৈঠকত ভালেমান গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিলো। এতিয়া তাৰ পৰা উভতি অহাৰ পিছতেই মোৰ প্ৰথম কাৰ্যসূচী মোৰ দেশৰ যুৱক-যুৱতীসকলৰ সৈতে, ই সঁচাকৈ এক আনন্দদায়ক আৰু সমান্তৰালকৈ কাকতালীয়। আজি তোমালোকৰ দৰে হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটিৰ দিন। তোমালোকৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হৈছে। বছৰ বছৰ ধৰি লালন-পালন কৰা সপোনবোৰ এতিয়া বাস্তৱত পৰিণত হৈছে আৰু তোমালোকৰ কঠোৰ পৰিশ্ৰমে ফল দিছে। ২০২৪ চনৰ বিদায়ক্ষণত ই তোমালোকৰ লগতে পৰিয়ালবৰ্গকো অপৰিসীম আনন্দ দিছে। এই অসাধাৰণ কৃতিত্বৰ বাবে তোমালোকৰ প্ৰত্যেকৰে লগতে পৰিয়ালবোৰলৈকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

ভাৰতৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনা আৰু প্ৰতিভাক সৰ্বাধিক কৰা আমাৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈয়েই আছে। আমি ৰোজগাৰ মেলাৰ দৰে পদক্ষেপৰ জৰিয়তে এই লক্ষ্যৰ প্ৰতি আমাৰ দায়বদ্ধতা অটল কৰি ৰাখিছো। যোৱা দশকত আমি বিভিন্ন মন্ত্ৰালয়, বিভাগ, আৰু প্ৰতিষ্ঠানত চৰকাৰী চাকৰি প্ৰদানৰ বাবে এক বিস্তৃত অভিযান আৰম্ভ কৰিছো। আজিও ৭১ হাজাৰতকৈ অধিক যুৱক-যুৱতীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে। বিগত মাত্ৰ ডেৰ বছৰত আমাৰ চৰকাৰে যুৱক-যুৱতীসকলক প্ৰায় ১০ লাখ স্থায়ী চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিছে, যি এক অভিলেখপূৰ্ণ কৃতিত্ব। চৰকাৰত স্থায়ী নিয়োগ প্ৰদানৰ এই অভিযানচালিত পন্থা পূৰ্বৰ কোনো প্ৰশাসনৰ ক্ষেত্ৰতে বিৰল। তদুপৰি এই নিয়োগ ব্যৱস্থা পৰম সততা আৰু স্বচ্ছতাৰে প্ৰদান কৰা হৈছে। এই স্বচ্ছ পৰম্পৰাত ডাঙৰ-দীঘল হোৱা যুৱ ব্যক্তিসকলে নিষ্ঠা আৰু সততাৰে দেশ সেৱা কৰি থকাত মই অতি গৌৰৱ অনুভৱ কৰো।

 

বন্ধুসকল,

যিকোনো দেশৰ অগ্ৰগতি, সদায়েই দেশখনৰ যুৱক-যুৱতীসকলৰ প্ৰচেষ্টা, সামৰ্থ্য, নেতৃত্বৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত ৰাষ্ট্ৰ হ’বলৈ বদ্ধপৰিকৰ, আৰু আমি এই দৃষ্টিভংগীত আত্মবিশ্বাসী। আৰু আমাৰ আত্মবিশ্বাসৰ ভিত্তি হৈছে যে ভাৰতৰ প্ৰতিভাৱান যুৱক-যুৱতীসকল দেশৰ প্ৰতিটো নীতি আৰু সিদ্ধান্তৰ কেন্দ্ৰীয় বিষয়। বিগত দশকত মেক ইন ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত অভিযান, ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আদি সকলোকে যুৱক-যুৱতীসকলক কেন্দ্ৰ কৰি সজাই তোলা হৈছে। মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদনৰ দৰে খণ্ডত ভাৰতে নীতি সংস্কাৰ কৰিছে, যাৰ ফলত যুৱক-যুৱতীসকলে এই সুযোগসমূহ পূৰ্ণতাৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। আজি ভাৰতৰ যুৱক-যুৱতীসকলে আত্মবিশ্বাস দেখুৱাবলৈ সক্ষম হৈছে, বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাইছে। আমি বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতিলৈ উন্নীত হৈছো আৰু বিশ্বজুৰি তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ হোৱাৰ গৌৰৱবোধ কৰিছো। যেতিয়া এগৰাকী যুৱকে বা যুৱতীয়ে ষ্টাৰ্টআপৰ যাত্ৰাত নামি পৰে, তেতিয়া তেওঁলোক এটা শক্তিশালী পৰিৱেশ তন্ত্ৰৰ দ্বাৰা সমৰ্থিত হয়। একেদৰে যেতিয়া এজন যুৱকে ক্ৰীড়াৰ ক্ষেত্ৰত কেৰিয়াৰৰ কল্পনা কৰে, তেতিয়া তেওঁলোকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে, বিফলতাৰ ভয়ৰ পৰা মুক্ত হৈ সেই কাম কৰিব পাৰে। সফলতা নিশ্চিত কৰিবলৈ প্ৰশিক্ষণৰ সুবিধা আৰু প্ৰতিযোগিতামূলক পৰিৱেশকে ধৰি আধুনিক আন্তঃগাঁথনিলৈ সকলোবোৰ গঢ়ি তোলা হৈছে। সকলো খণ্ডতে আমি এক উল্লেখযোগ্য পৰিৱৰ্তনৰ সাক্ষী হৈছো। ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা হিচাপে প্ৰতিষ্ঠিত হৈছে। নবীকৰণযোগ্য শক্তিৰ পৰা জৈৱিক কৃষিলৈকে, মহাকাশ খণ্ডৰ পৰা প্ৰতিৰক্ষালৈকে, আৰু পৰ্যটনৰ পৰা সুস্থতালৈকে দেশখনে নতুন উচ্চতাত উপনীত হৈছে আৰু অভূতপূৰ্ব সুযোগ সৃষ্টি কৰিছে।

বন্ধুসকল,

দেশখনক আগুৱাই নিবলৈ আমি আমাৰ যুৱক-যুৱতীসকলৰ প্ৰতিভাক উদগনি জনাব লাগিব, আৰু এই দায়িত্ব বহুলাংশে আমাৰ শিক্ষা ব্যৱস্থাৰ ওপৰত নিহিত হৈ আছে। দশক দশক ধৰি দেশখনে নৱভাৰত নিৰ্মাণৰ বাবে আধুনিক শৈক্ষিক কাঠামোৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি আহিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰৱৰ্তনৰ লগে লগে আমি এই পৰিৱৰ্তনশীল যাত্ৰা আৰম্ভ কৰিছো। এসময়ত কঠোৰতাৰ বাবে সীমিত হৈ পৰা শিক্ষা ব্যৱস্থাই এতিয়া নতুন সুযোগৰ বিস্তৃত পৰিসৰ আগবঢ়াইছে। অটল টিংকাৰিং লেব আৰু আধুনিক পিএম-শ্ৰী বিদ্যালয়ৰ দৰে পদক্ষেপে সৰুৰে পৰাই এক অভিনৱ মানসিকতাক উৎসাহিত কৰি আহিছে। পূৰ্বতে ভাষাৰ বাধাই গ্ৰাম্য, দলিত, পিছপৰা, জনজাতীয় যুৱক-যুৱতীসকলৰ শিক্ষা লাভত বাধাৰ সৃষ্টি কৰিছিল। ইয়াক অতিক্ৰম কৰিবলৈ আমি আঞ্চলিক ভাষাত শিক্ষা আৰু পৰীক্ষাৰ অনুমতি দিয়া নীতি প্ৰৱৰ্তন কৰিলোঁ। আজি আমাৰ চৰকাৰে ১৩টা ভিন্ন ভাষাত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰে। তদুপৰি সীমান্ত জিলাৰ যুৱক-যুৱতীসকলক সবলীকৰণৰ বাবে আমি তেওঁলোকৰ নিযুক্তিৰ সংৰক্ষণ বৃদ্ধি কৰি বিশেষ নিযুক্তি অভিযান আৰম্ভ কৰিছো। ফলত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ পদৰ বাবে ৫০ হাজাৰৰো অধিক যুৱ ব্যক্তিয়ে নিযুক্তি পত্ৰ লাভ কৰিছে। এই সকলো যুৱক-যুৱতীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

আজি চৌধুৰী চৰণ সিং জীৰো জন্ম বাৰ্ষিকী। আমাৰ চৰকাৰে এইবাৰ চৌধুৰী চাহাবক ভাৰতৰত্ন প্ৰদান কৰি গৌৰৱ অনুভৱ কৰিছে। তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি। আমি এই দিনটো কিষাণ দিৱস, বা ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে পালন কৰোঁ আৰু এই উপলক্ষে আমাক অমূল্য খাদ্য যোগান ধৰি অহা আমাৰ দেশৰ প্ৰতিগৰাকী কৃষকলৈ গভীৰ শ্ৰদ্ধা জনাইছো।

 

বন্ধুসকল,

চৌধুৰী চাহাবে প্ৰায়ে জোৰ দি কৈছিল যে ভাৰতৰ প্ৰগতি তেতিয়াহে সম্ভৱ হ’ব যদিহে ইয়াৰ গ্ৰামাঞ্চলবোৰ সমৃদ্ধিৰে ভৰি পৰিব। আজি আমাৰ চৰকাৰৰ নীতি আৰু সিদ্ধান্তই ভাৰতৰ গ্ৰামাঞ্চলত নতুন কৰ্মসংস্থাপন আৰু আত্মনিয়োগৰ সুযোগ সৃষ্টি কৰিছে। যথেষ্ট সংখ্যক যুৱক-যুৱতীয়ে কৃষি খণ্ডত অনবদ্য সফলতা নিশ্চিত কৰিছে, তেওঁলোকৰ আকাংক্ষাৰ সৈতে মিল থকা ভূমিকাত তেওঁলোকে আত্মনিয়োগ কৰিছে। গোবৰ্ধন যোজনাৰ জৰিয়তে শ শ বায়’গেছ প্লাণ্ট নিৰ্মাণে কেৱল বিদ্যুৎ উৎপাদন কৰাই নহয়, হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবেও কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে। e-NAM যোজনাত শ শ কৃষি বজাৰৰ একত্ৰীকৰণে নিয়োগৰ অসংখ্য পথ মুকলি কৰিছে। একেদৰে চৰকাৰে ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তই কৃষকসকলক উপকৃত কৰাৰ লগতে চেনি উৎপাদন খণ্ডত চাকৰিৰ সৃষ্টি কৰিছে। প্ৰায় ৯,০০০ কৃষক উৎপাদক সংস্থা (এফ পি অ’) স্থাপন কৰি আমি কৃষকসকলক নতুন বজাৰৰ সুবিধা প্ৰদান কৰাৰ লগতে গ্ৰাম্য কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছো। চৰকাৰে বিশ্বৰ সৰ্ববৃহৎ খাদ্য সংৰক্ষণ আঁচনিখনো ৰূপায়ণ কৰি হাজাৰ হাজাৰ গুদাম নিৰ্মাণ কৰি আছে, যিয়ে উল্লেখযোগ্য কৰ্মসংস্থাপন আৰু আত্মনিয়োগৰ সুযোগ সৃষ্টি কৰিব। শেহতীয়াকৈ প্ৰতিজন নাগৰিকক বীমা সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে বীমা সখী যোজনা আৰম্ভ কৰাটোৱেও গ্ৰামাঞ্চলত অসংখ্য চাকৰিৰ সুযোগৰ সৃষ্টি কৰিব। দ্ৰোণ দিদি অভিযানৰ জৰিয়তেই হওক, লাখপতি দিদি অভিযানৰ জৰিয়তেই হওক, বা বেংক সখী যোজনাৰ জৰিয়তেই হওক, এই সকলোবোৰ পদক্ষেপে কৃষি আৰু গ্ৰামাঞ্চলত নতুন কৰ্মসংস্থাপনৰ সম্ভাৱনাক আগুৱাই লৈ গৈছে।

বন্ধুসকল,

আজি হাজাৰ হাজাৰ যুৱতীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে, আৰু আপোনালোকৰ সফলতাই আন অগণন যুৱতী-মহিলাক অনুপ্ৰাণিত কৰিব। আমি জীৱনৰ প্ৰতিটো দিশতে নাৰীক সবলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো। ২৬ সপ্তাহৰ প্ৰসূতিকালীন ছুটী প্ৰদানৰ আমাৰ সিদ্ধান্তই লাখ লাখ মহিলাৰ কেৰিয়াৰ সুৰক্ষিত কৰিছে, তেওঁলোকৰ আকাংক্ষা সঠিকভাৱে সুৰক্ষিত থকাটো নিশ্চিত কৰিছে। আমাৰ চৰকাৰে মহিলাৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰা প্ৰতিটো প্ৰতিবন্ধকতা আঁতৰোৱাৰ বাবে অদমনীয়তাৰে কাম কৰিছে। স্বাধীনতাৰ পিছত বহু বছৰ ধৰি বিদ্যালয়ত সুকীয়াকৈ শৌচাগাৰ নথকাৰ বাবে অগণন ছোৱালীয়ে শিক্ষা ত্যাগ কৰিবলগীয়া হৈছিল। আমি স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে ইয়াৰ সমাধান কৰিলোঁ। সুকন্যা সমৃদ্ধি যোজনাই নিশ্চিত কৰিছে যে আৰ্থিক বাধাই যাতে কন্যাৰ শিক্ষাত আৰু বাধাৰ সৃষ্টি নকৰে। আমাৰ চৰকাৰে ৩০ কোটি মহিলাৰ বাবে জন ধন একাউণ্টো মুকলি কৰিলে, যাৰ ফলত তেওঁলোকে চৰকাৰী আঁচনিৰ পৰা প্ৰত্যক্ষভাৱে লাভৱান হ’ব পাৰিছে। মুদ্ৰা যোজনাৰ অধীনত মহিলাসকলে বন্ধকীবিহীন ঋণৰ সুবিধা লাভ কৰিছে। আগতে মহিলাসকলে প্ৰায়ে গোটেই পৰিয়ালটো পৰিচালনা কৰিছিল, তথাপিও সম্পত্তিৰ মালিকীস্বত্ব তেওঁলোকৰ নামত খুব কমেইহে দেখা গৈছিল। আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত গৃহৰ অধিকাংশই মহিলাৰ নামত পঞ্জীয়নভুক্ত। পোষণ অভিযান, সুৰক্ষিত মাতৃত্ব অভিযান, আয়ুষ্মান ভাৰতৰ দৰে পদক্ষেপে মহিলাসকলৰ স্বাস্থ্যসেৱাৰ সুবিধা বহুখিনি উন্নত কৰিছে। নাৰী শক্তি বন্দন আইনখনে বিধান সভা আৰু লোকসভা উভয়তে মহিলাৰ বাবে সংৰক্ষণ নিশ্চিত কৰিছে। আমাৰ সমাজ আৰু দেশখন মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে।

 

বন্ধুসকল,

আজি নিযুক্তি পত্ৰ লাভ কৰা যুৱ পেছাদাৰীসকল আধুনিকীকৃত চৰকাৰী ব্যৱস্থাৰ অংশ হ’বলৈ ওলাইছে। বিগত দশকত চৰকাৰী কাৰ্যালয় আৰু ইয়াৰ কাৰ্য্যকলাপৰ আওপুৰণি ভাবমূৰ্তিৰ ৰূপান্তৰ ঘটিছে। আজি আমি চৰকাৰী কৰ্মচাৰীৰ মাজত দক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধি হোৱা দেখিবলৈ পাইছো, য’ত তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰতিফলন ঘটিছে। আপোনালোক এই মাইলৰ খুঁটিত উপনীত হৈছে আপোনালোকৰ শিকাৰ আগ্ৰহ আৰু নিজকে উৎকৃষ্ট কৰি তোলাৰ দৃঢ়তাৰ বাবে। এই উৎসাহ নিজৰ সমগ্ৰ কেৰিয়াৰতে জীয়াই ৰাখক। iGOT কৰ্মযোগী প্লেটফৰ্মে আপোনালোকৰ নিৰন্তৰ শিক্ষণ যাত্ৰাক সমৰ্থন কৰিব, আপোনালোকক বিভিন্ন বিষয়ৰ ওপৰত ফলপ্ৰসূ আৰু দ্ৰুতভাৱে জ্ঞান আহৰণ কৰাত সহায় কৰিবলৈ ১,৬০০ৰো অধিক বৈচিত্ৰময় পাঠ্যক্ৰম আগবঢ়োৱা হ’ব। আপোনালোকেই যুৱ সমাজ আৰু আমাৰ দেশৰ শক্তিক মূৰ্তমান কৰি তুলিছে। আমাৰ যুৱক-যুৱতীসকলে লাভ কৰিব নোৱাৰা কোনো লক্ষ্য নাই। নৱ শক্তি আৰু নৱ উদ্দেশ্যৰে এই নতুন অধ্যায়টো আৰম্ভ কৰক। আজি নিযুক্তি পত্ৰ পোৱা সকলো যুৱক-যুৱতীলৈ আকৌ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আগন্তুক উজ্জ্বল আৰু সফল ভৱিষ্যতৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

সকলোকে অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।