শেহতীয়া বছৰবোৰত ৰোজগাৰ মেলা এখন প্ৰতিষ্ঠানলৈ বিকশিত হৈছে আৰু ইয়াৰ জৰিয়তে লাখ লাখ যুৱক-যুৱতীয়ে বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি পত্ৰ লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি, ভাৰত বিশ্বৰ কনিষ্ঠতম ৰাষ্ট্ৰসমূহৰ ভিতৰত আছে; আমাৰ চৰকাৰে দেশৰ ভিতৰত আৰু সমগ্ৰ বিশ্বতে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিবলৈ নিৰন্তৰভাৱে চেষ্টা চলাই আছেঃ প্ৰধানমন্ত্ৰী
ভাৰত চৰকাৰে আজি অসংখ্য দেশৰ সৈতে বাণিজ্য আৰু গতিশীলতাৰ চুক্তি কৰিছে যিয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে বহুতো নতুন সুযোগ মুকলি কৰিবঃ প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰই আজি সমগ্ৰ দেশতে জীৱন আৰু ব্যৱসায় দুয়োটাকে সহজ কৰি তোলাৰ উদ্দেশ্যৰে ৰিফৰ্ম এক্সপ্ৰেছ আৰম্ভ কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ১৮ সংখ্যক ৰোজগাৰ মেলাত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে জনসাধাৰণৰ জীৱনত নতুন সুখ কঢ়িয়াই অনাৰ লগতে নাগৰিকসকলক তেওঁলোকৰ সাংবিধানিক কৰ্তব্যৰ সৈতে সংযোগ কৰি ২০২৬ বৰ্ষ আৰম্ভ হৈছে। তেওঁ উল্লেখ কৰে যে এই সময়ছোৱা গণৰাজ্যৰ বিশাল উৎসৱৰ সৈতে মিলি যায়। শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২৩ জানুৱাৰীত ৰাষ্ট্ৰই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে পৰাক্ৰম দিৱস উদযাপন কৰে আৰু কাইলৈ ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব আৰু তাৰ পাছতে গণৰাজ্য দিৱস পালন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজিৰ দিনটোও বিশেষ, কিয়নো এই দিনটোতে সংবিধানে ‘জন গণ মন’ক ৰাষ্ট্ৰীয় সংগীত হিচাপে আৰু ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই গুৰুত্বপূৰ্ণ দিনটোত ৬১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চৰকাৰী সেৱাৰ বাবে নিযুক্তি পত্ৰ লাভ কৰি তেওঁলোকৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ কৰিছে। শ্ৰী মোদীয়ে এই নিযুক্তি পত্ৰসমূহক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ আৰু উন্নত ভাৰতৰ সৃষ্টি ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি হিচাপে বৰ্ণনা কৰে। তেওঁ উল্লেখ কৰে যে বহু যুৱক-যুৱতীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰিব, শিক্ষা আৰু স্বাস্থ্যসেৱা তথা পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিব, বিত্তীয় সেৱা আৰু শক্তি সুৰক্ষাক শক্তিশালী কৰিব আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে সকলো যুৱক-যুৱতীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

যুৱপ্ৰজন্মক দক্ষতাৰ সৈতে সংযোগ কৰা আৰু তেওঁলোকক নিযুক্তি তথা আত্ম-নিযুক্তিৰ সুযোগ প্ৰদান কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে চৰকাৰী নিযুক্তিসমূহক মিছন মোডলৈ আনিবলৈ ৰোজগাৰ মেলা আৰম্ভ কৰা হৈছিল, যি বৰ্তমান এক প্ৰতিষ্ঠান হৈ পৰিছে। এই পদক্ষেপৰ জৰিয়তে লাখ লাখ যুৱক-যুৱতীয়ে বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি পত্ৰ লাভ কৰিছে। এই অভিযানক আৰু অধিক সম্প্ৰসাৰিত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি সমগ্ৰ দেশৰ চল্লিছৰো অধিক স্থানত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে, আৰু তেওঁ এই সকলো স্থানত উপস্থিত যুৱক-যুৱতীসকলক বিশেষভাৱে অভিনন্দন জনায়।

‘ভাৰত আজি বিশ্বৰ কনিষ্ঠতম ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম আৰু চৰকাৰে ঘৰুৱা তথা গোলকীয় ক্ষেত্ৰখনত যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিবলৈ নিৰন্তৰভাৱে চেষ্টা চলাই আছে’, প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে ভাৰত চৰকাৰে অসংখ্য দেশৰ সৈতে বাণিজ্য আৰু গতিশীলতাৰ চুক্তি কৰি আছে, যিয়ে যুৱ ভাৰতীয়সকলৰ বাবে বহুতো নতুন সুযোগ মুকলি কৰিছে।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে শেহতীয়া সময়ত ভাৰতে আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব ৰ্বিনিয়োগ কৰিছে, যাৰ ফলত নিৰ্মাণ সম্পৰ্কীয় খণ্ডসমূহত নিযুক্তি বৃদ্ধি পাইছে। তেওঁ লক্ষ্য কৰিছে যে ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ আছে, প্ৰায় দুই লাখ পঞ্জীয়নভুক্ত ষ্টাৰ্টআপে একৈশ লাখতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি দিছে। তেওঁ লগতে মন্তব্য কৰে যে ডিজিটেল ইণ্ডিয়াই এক নতুন অৰ্থনীতিৰ সম্প্ৰসাৰণ কৰিছে, য’ত ভাৰত এনিমেচন, ডিজিটেল মিডিয়া আৰু আন কেইবাটাও খণ্ডত এক গোলকীয় কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি দ্ৰুত গতিত বৃদ্ধি পাইছে, যিয়ে যুৱপ্ৰজন্মক নতুন সুযোগ প্ৰদান কৰিছে।

ভাৰতৰ ওপৰত বৰ্ধিত বিশ্বজনীন বিশ্বস্ততাই যুৱক-যুৱতীসকলৰ বাবেও নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰত হৈছে বিশ্বৰ একমাত্ৰ মুখ্য অৰ্থনীতি যি এক দশকত ইয়াৰ মুঠ ঘৰুৱা উৎপাদন দুগুণ কৰিছে আৰু আজি এশৰো অধিক দেশে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ জৰিয়তে ভাৰতত বিনিয়োগ কৰি আছে। তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ আগৰ দশকৰ তুলনাত ভাৰতে আঢ়ৈ গুণতকৈও অধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছে আৰু অধিক বিদেশী বিনিয়োগৰ অৰ্থ হৈছে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে অধিক নিযুক্তিৰ সুযোগ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইলেক্ট্ৰনিকছ, ফাৰ্মাচিউটিকেলছ আৰু ভেকচিন, প্ৰতিৰক্ষা আৰু অটোমোবাইলৰ দৰে খণ্ডসমূহত উৎপাদন আৰু ৰপ্তানিৰ অভূতপূৰ্ব ৰ্বৃদ্ধিৰ সৈতে ভাৰত এক প্ৰধান উৎপাদন শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২০১৪ চনৰ পৰা ভাৰতৰ ইলেক্ট্ৰনিকছ উৎপাদন ছয় গুণ বৃদ্ধি পাইছে, যি এতিয়া ১১ লাখ কোটি টকা অতিক্ৰম কৰিছে। আনহাতে ইলেক্ট্ৰনিকছ ৰপ্তানি ৪ লাখ কোটি টকা অতিক্ৰম কৰিছে। তেওঁ মন্তব্য কৰে যে ২০২৫  চনত দুচকীয়া বাহনৰ বিক্ৰী দুই কোটি ইউনিট অতিক্ৰম কৰি অটো উদ্যোগ দ্ৰুতগতিত বিকাশশীল খণ্ডসমূহৰ ভিতৰত এটা হৈ পৰিছে, যি আয়কৰ আৰু জিএছটি হ্ৰাসৰ সহায়ত নাগৰিকৰ মাজত ক্ৰয় ক্ষমতা বৃদ্ধি হোৱাটো প্ৰতিফলিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই উদাহৰণসমূহে দেশত বৃহৎ পৰিমাণৰ নিযুক্তিৰ সৃষ্টি প্ৰদৰ্শন কৰে।

 

এই অনুষ্ঠানত ৮ হাজাৰৰো অধিক কন্যাই নিযুক্তি পত্ৰ লাভ কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে যোৱা ১১  বছৰত কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ প্ৰায় দুগুণ হৈছে। তেওঁ উল্লেখ কৰে যে মুদ্ৰা আৰু ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে আঁচনিসমূহে মহিলাসকলক যথেষ্ট উপকৃত কৰিছে, মহিলাৰ আত্ম-নিযুক্তি প্ৰায় ১৫ শতাংশ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিছে যে বৰ্তমান উল্লেখযোগ্য সংখ্যক মহিলা ষ্টাৰ্টআপ আৰু এমএছএমইৰ সঞ্চালক আৰু প্ৰতিষ্ঠাপক হৈছে, আনহাতে বহুতে গাঁওসমূহত সমবায় খণ্ড আৰু আত্মসহায়ক গোটৰ নেতৃত্ব দি আছে।

‘আজি ৰাষ্ট্ৰই জীৱন আৰু ব্যৱসায় দুয়োটাকে সহজ কৰি তোলাৰ লক্ষ্যৰে ৰিফৰ্ম এক্সপ্ৰেছ আৰম্ভ কৰিছে’, প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে জি এছ টি-ত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে যুৱ উদ্যোগী আৰু এম এছ এম ই-ক লাভান্বিত কৰিছে, আনহাতে ঐতিহাসিক শ্ৰম সংস্কাৰে শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ বাবে সামাজিক সুৰক্ষা শক্তিশালী কৰিছে, লগতে ব্যৱসায়কো লাভান্বিত কৰিছে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে নতুন শ্ৰমিক সংহিতাসমূহে সামাজিক সুৰক্ষাৰ পৰিসৰ সম্প্ৰসাৰিত আৰু শক্তিশালী কৰিছে।

প্ৰধানমন্ত্ৰীয়ে নৱনিযুক্ত যুৱক-যুৱতীসকলক চৰকাৰী কাৰ্যালয় আৰু প্ৰক্ৰিয়াৰ সৈতে তেওঁলোকৰ অতীতৰ মত-বিনিময়ৰ বিষয়ে চিন্তা কৰিবলৈ, তেওঁলোকে সন্মুখীন হোৱা অসুবিধাসমূহৰ কথা স্মৰণ কৰিবলৈ আৰু নিজৰ কাৰ্যকালত নাগৰিকসকলৰ ওপৰত এনে অসুবিধাসমূহৰ প্ৰভাৱ নপৰিবৰ বাবে সংকল্প ল’বলৈ আহ্বান জনায়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰৰ অংশ হিচাপে জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁলোকে নিজৰ স্তৰত সৰু সৰু সংস্কাৰ সাধন কৰিব লাগিব। তেওঁ লগতে মন্তব্য কৰে যে নীতিগত সংস্কাৰৰ উপৰি, জীৱন ধাৰণ আৰু ব্যৱসায় কৰাৰ সূচলতা চৰকাৰী কৰ্মচাৰীসকলৰ সততাৰ দ্বাৰা শক্তিশালী হয়। শ্ৰী মোদীয়ে তেওঁলোকক মনত পেলাই দিয়ে যে দ্ৰুতগতিত সলনি হোৱা প্ৰযুক্তিৰ এই যুগত, ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰবোৰো দ্ৰুতগতিত বিকশিত হৈ আছে আৰু তেওঁলোকে নিজকে নিৰন্তৰ উন্নত কৰিব লাগিব। তেওঁ তেওঁলোকক আই গ’ট কৰ্মযোগীৰ দৰে মঞ্চসমূহৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে, যি ইতিমধ্যে প্ৰায় ডেৰ কোটি চৰকাৰী কৰ্মচাৰীক ক্ষমতা প্ৰদান কৰিছে। তেওঁৰ ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মক ‘নাগৰিক দেৱো ভৱ’ৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায় আৰু পুনৰবাৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰে।

 

অনুষ্ঠানত অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং উপস্থিত আছিল।

পটভূমি

নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি, ৰোজগাৰ মেলা হৈছে এই দৃষ্টিভংগীক কাৰ্য্যলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ আৰম্ভণিৰে পৰা, সমগ্ৰ দেশতে আয়োজিত ৰোজগাৰ মেলাৰ জৰিয়তে ১১ লাখতকৈও অধিক নিযুক্তি পত্ৰ জাৰি কৰা হৈছে।

সমগ্ৰ দেশৰ ৪৫ টা স্থানত অষ্টাদশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছিল। ভাৰতৰ সকলো প্ৰান্তৰ পৰা নিৰ্বাচিত নৱনিযুক্ত প্ৰাৰ্থীসকলে গৃহ মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, উচ্চ শিক্ষা বিভাগকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inspects indigenous defence systems at Surat facility, briefed about desi light tank Zorawar

Media Coverage

PM Modi inspects indigenous defence systems at Surat facility, briefed about desi light tank Zorawar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates people of Assam on commendable environmental feat
June 05, 2026

Prime Minister Shri Narendra Modi today extended his heartiest congratulations to the people of Assam, especially the state’s Nari Shakti, for achieving a commendable feat in environmental conservation. The Prime Minister remarked that the state's Nari Shakti has taken a lead in this significant effort, which is aimed at building a sustainable planet.

The Prime Minister posted on X:

"Commendable feat. Congratulations to the people of Assam, especially the state’s Nari Shakti for taking the lead in this effort aimed at building a sustainable planet"