"৭টা কোম্পানীৰ সৃষ্টিয়ে ডঃ কালামৰ শক্তিশালী ভাৰতৰ সপোনক সমৃদ্ধ কৰিব"
"এই ৭টা নতুন কোম্পানীয়ে আগন্তুক সময়ত দেশখনৰ সামৰিক শক্তিৰ বাবে এক শক্তিশালী আধাৰ প্ৰশস্ত কৰিব"
"৬৫,০০০ কোটি টকাৰোধিক অৰ্ডাৰ বুকে এই কোম্পানীসমূহৰ ওপৰত দেশখনৰ বৰ্ধিত আস্থাক প্ৰতিফলিত কৰিছে"
"আজি প্ৰতিৰক্ষা খণ্ডত অভূতপূৰ্ব স্বচ্ছতা, বিশ্বাস আৰু প্ৰযুক্তি-চালিত দৃষ্টিভংগী দেখা পোৱা গৈছে"
"যোৱা পাঁচ বছৰত আমাৰ প্ৰতিৰক্ষা ৰপ্তানি ৩২৫ শতাংশ বৃদ্ধি পায়"
"যদিও প্ৰতিযোগিতামূলক ব্যয় আমাৰ শক্তি, মানদণ্ড আৰু নিৰ্ভৰযোগ্যতা আমাৰ পৰিচয় হোৱা উচিত"

প্ৰতিৰক্ষা মন্ত্ৰালয়ে সাতটা নতুন প্ৰতিৰক্ষা কোম্পানী ৰাষ্ট্ৰখনলৈ উৎসৰ্গা কৰাৰ নিমিত্তে আয়োজন কৰা এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  ভিডিঅ' ভাষণ প্ৰদান কৰে। ইয়াত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজ নাথ সিং আৰু প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী অজয় ভাট তথা অন্যান্যসকল উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণ প্ৰসংগত আজি বিজয় দশমীৰ পৱিত্ৰ উপলক্ষ আৰু এই দিনটোতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদৰ উপাসনাৰ পৰম্পৰাৰ কথা উল্লেখ কৰে। তেখেতে কয়, ভাৰতত আমি শক্তিক সৃষ্টিৰ মাধ্যম হিচাপে প্ৰত্যক্ষ কৰিছো। তেখেতে উল্লেখ কৰে যে একেই উদ্দীপনাৰে ৰাষ্ট্ৰখনিয়ে সামৰ্থ্য লাভৰ দিশে অগ্ৰসৰ হৈছে।

তেখেতে তদুপৰি ডঃ এপিজে আব্দুল কালামলৈ শ্ৰদ্ধা নিবেদন কৰি কয় যে ডঃ কালামে তেওঁৰ জীৱন এখনি শক্তিশালী ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গিত কৰিছে আৰু কয় যে অৰ্ডনেন্স ফেক্টৰীসমূহৰ পুনৰ্গঠন আৰু ৭টা কোম্পানীৰ সৃষ্টিয়ে তেওঁৰ শক্তিশালী ভাৰতৰ সপোনক সমৃদ্ধ কৰিব। নতুন প্ৰতিৰক্ষা কোম্পানীসমূহ হৈছে ভাৰতৰ স্বাধীনতাৰ এই অমৃত কালৰ সময়ছোৱাত দেশখনৰ অৰ্থে এটি নতুন ভৱিষ্যত গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰখনে অনুসৰণ কৰি থকা ভিন্ন সংকল্পৰ এটা অংশ, তেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই কোম্পানীসমূহ সৃষ্টিৰ সিদ্ধান্ত দীৰ্ঘদিন ধৰি পৰি আছিল আৰু এই ৭টা নতুন কোম্পানীয়ে আগন্তুক সময়ত দেশখনৰ সামৰিক শক্তিৰ বাবে এক শক্তিশালী আধাৰ গঢ়ি তুলিব বুলি বিশ্বাস ব্যক্ত কৰে। ভাৰতীয় অৰ্ডনেন্স ফেক্টৰীসমূহৰ গৌৰৱময় অতীতৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত এই কোম্পানীসমূহৰ উন্নীতকৰণক উপেক্ষা কৰা হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰয়োজনীয়তাৰাজিৰ বাবে বিদেশী যোগানধাৰীৰ ওপৰত দেশখনৰ নিৰ্ভৰশীলতা বৃদ্ধি পাইছিল। "এই ৭টা প্ৰতিৰক্ষা কোম্পানীয়ে এই পৰিস্থিতি সলনি কৰাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব", তেখেতে কয়।

তেখেতে লগতে উল্লেখ কৰে যে এই নতুন কোম্পানীসমূহে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিৰ সৈতে সংগতি ৰাখি আমদানি বিকল্পত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেখেতে লগতে কয় যে ৬৫,০০০ কোটি টকাৰোধিক অৰ্ডাৰ বুকে এই কোম্পানীসমূহৰ ওপৰত দেশখনৰ বৰ্ধিত আস্থাক প্ৰতিফলিত কৰিছে।

তেখেতে শেহতীয়াভাৱে গ্ৰহণ কৰা ভিন্ন পদক্ষেপ আৰু সংস্কাৰৰ কথা দোহাৰে যিয়ে প্ৰতিৰক্ষা খণ্ডটোত বিশ্বাস, স্বচ্ছতা আৰু প্ৰযুক্তি চালিত দৃষ্টিভংগীৰ সঞ্চাৰ কৰিছে যিসমূহ আগতে কেতিয়াও নহৈছিল। আজি ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অভিযানত হাতে-হাত ধৰি কাম কৰি আছে বুলি তেখেতে লগতে কয়। তেখেতে উত্তৰ প্ৰদেশ আৰু তামিলনাডু প্ৰতিৰক্ষা কৰিডৰক এই নতুন পন্থাৰ উদাহৰণ বুলি উল্লেখ কৰে। তেখেতে উল্লেখ কৰে যে যুৱ সমাজৰ বাবে নতুন সুযোগৰ সঞ্চাৰ ঘটিছে আৰু দেশখনৰ এমএছএমইয়ে শেহতীয়া বছৰকেইটাত নীতি পৰিৱৰ্তনৰ ফল লাভ কৰিছে। "যোৱা পাঁচ বছৰত আমাৰ প্ৰতিৰক্ষা ৰপ্তানি ৩২৫ শতাংশ বৃদ্ধি পায়", তেখেতে লগতে কয়।

তেখেতে উল্লেখ কৰে যে আমাৰ কোম্পানীসমূহে কেৱল তেওঁলোকৰ প্ৰডাক্টৰ ক্ষেত্ৰত দক্ষতা স্থাপন কৰাই নহয়, বৰঞ্চ এক গোলকীয় ব্ৰেণ্ড হৈ উঠাটো হৈছে আমাৰ লক্ষ্য। তেখেতে আহ্বান জনাই কয় যে যদিও প্ৰতিযোগিতামূলক ব্যয় হৈছে আমাৰ শক্তি, মানদণ্ড আৰু নিৰ্ভৰযোগ্যতা আমাৰ পৰিচয় হোৱা উচিত। তেখেতে লগতে উল্লেখ কৰে যে এই ২১ শতিকাত, যিকোনো ৰাষ্ট্ৰ বা যিকোনো কোম্পানীৰ বিকাশ আৰু ব্ৰেণ্ড ভেল্যু ইয়াৰ গৱেষণা ও উন্নয়ন আৰু উদ্ভাৱনৰদ্বাৰা নিৰ্ধাৰণ কৰা হয়। তেখেতে নতুন কোম্পানীসমূহক গৱেষণা আৰু উদ্ভাৱন তেওঁলোকৰ কৰ্ম সংস্কৃতিৰ অংশ হোৱা উচিত বুলি  আহ্বান জনাই যাতে তেওঁলোকে কেৱল গ্ৰহণেই নহয় বৰঞ্চ ভৱিষ্যৎ প্ৰযুক্তিসমূহতো নেতৃত্ব লয়। এই পুনৰ্গঠনে নতুন কোম্পানীসমূহক উদ্ভাৱন আৰু দক্ষতাৰ প্ৰতিপালনৰ বাবে অধিক স্বতন্ত্ৰতা প্ৰদান কৰিব আৰু নতুন কোম্পানীসমূহে এনে প্ৰতিভাক উৎসাহিত কৰা উচিত বুলি তেখেতে লগতে কয়। তেওঁ ষ্টাৰ্ট-আপসমূহক পাৰস্পৰিক গৱেষণা আৰু দক্ষতাৰ সুবিধা লোৱাৰ বাবে এই কোম্পানীসমূহৰ জৰিয়তে নতুন যাত্ৰাটোৰ অংশ হ'বলৈ আহ্বান জনায়।

তেখেতে উল্লেখ কৰে যে চৰকাৰখনে এই নতুন কোম্পানীসমূহক কেৱল এক উন্নতৰ উৎপাদন পৰিবেশেই নহয়, বৰঞ্চ সম্পূৰ্ণ কাৰ্যকৰী স্বতন্ত্ৰতাও প্ৰদান কৰিছে। তেখেতে পুনৰ কয় যে চৰকাৰখনে লগতে কৰ্মচাৰীসকলৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিতকৰণ নিশ্চিত কৰিছে।

কাৰ্যকৰী স্বতন্ত্ৰতা, সক্ষমতা আৰু নতুন বিকাশৰ সম্ভাৱনা আৰু উদ্ভাৱনক প্ৰশস্ত কৰিবলৈ, চৰকাৰখনে দেশখনৰ প্ৰতিৰক্ষা প্ৰস্তুতিৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীলতাৰ অগ্ৰগতি সাধনৰ ব্যৱস্থা হিচাপে চৰকাৰী বিভাগৰপৰা অৰ্ডনেন্স ফেক্টৰী ব’ৰ্ডক ৭, ১০০% চৰকাৰী মালিকানাধীন কৰ্প’ৰেট প্ৰতিষ্ঠানলৈ ৰূপান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি, ৭ টা নতুন প্ৰতিৰক্ষা কোম্পানী নিগমবদ্ধ কৰা হৈছে, যথাঃ মিউনিচনচ ইণ্ডিয়া লিমিটেড (এমআইএল); আৰ্মড ভেহিকলচ নিগম লিমিটেড (এভিএএনআই); এডভান্সড ৱেপনছ এণ্ড ইকুইপমেন্ট ইণ্ডিয়া লিমিটেড (এডব্লিউই ইণ্ডিয়া); ট্ৰুপ কমফৰ্টছ লিমিটেড (টিচিএল) (ট্ৰুপ কমফৰ্ট আইটেমছ); যন্ত্ৰ ইণ্ডিয়া লিমিটেড (ৱাইআইএল); ইণ্ডিয়া অপ্টেল লিমিটেড (আইঅ’এল) আৰু গ্লাইডাৰ্ছ ইণ্ডিয়া লিমিটেড (জিআইএল)।

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action