Inaugurates High-Performance Computing (HPC) system tailored for weather and climate research
“With Param Rudra Supercomputers and HPC system, India takes significant step towards self-reliance in computing and driving innovation in science and technology”
“Three supercomputers will help in advanced research from Physics to Earth Science and Cosmology”
“Today in this era of digital revolution, computing capacity is becoming synonymous with national capability”
“Self-reliance through research, Science for Self-Reliance has become our mantra”
“Significance of science is not only in invention and development, but also in fulfilling the aspirations of the last person”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰায় ১৩০ কোটি টকা মূল্যৰ তিনি পৰম ৰুদ্ৰ ছুপাৰকম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযান (NSM)ৰ অধীনত থলুৱাভাৱে বিকশিত কৰা এই ছুপাৰ কম্পিউটাৰ কেইটা পুনে, দিল্লী আৰু কলকাতাস্থিত অগ্ৰণী বৈজ্ঞানিক গৱেষণা সুবিধাত নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বতৰ আৰু জলবায়ু গৱেষণাৰ বাবে প্ৰস্তুত হাই-পাৰ্ফৰ্মেন্স কম্পিউটিং (HPC) ব্যৱস্থাও উদ্বোধন কৰে।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ভাৰতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক বৃহৎ সফলতাৰ দিন আৰু এই অনুষ্ঠানে গৱেষণা আৰু উন্নয়নক অগ্ৰাধিকাৰ প্ৰদানেৰে ৰাষ্ট্ৰখনৰ অগ্ৰগতি লাভ কৰা কাৰ্য্যৰ প্ৰতিফলন ঘটাইছে। “আজি ভাৰতে সম্ভাৱনাৰ অন্তহীন দিগন্তত নতুন সুযোগ লিপিবদ্ধ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বিজ্ঞানীসকলে তিনিটা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ নিৰ্মাণ আৰু এই কেইটা দিল্লী, পুনে আৰু কলকাতাত সংস্থাপনৰ কথা উল্লেখৰ লগতে ‘আৰ্কা’ আৰু ‘অৰুণিকা’ নামৰ বতৰ আৰু জলবায়ু গৱেষণাৰ উপযোগী হাই-পাৰ্ফৰ্মেন্স কম্পিউটিং (HPC) ব্যৱস্থা উদ্বোধনৰ কথাও কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিজ্ঞান সমাজ, অভিযন্তা আৰু সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ তৃতীয়টো কাৰ্য্যকালৰ আৰম্ভণিতে যুৱক-যুৱতীসকললৈ তিনি পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ উৎসৰ্গা কৰে। তেখেতে এই ছুপাৰ কম্পিউটাৰসমূহে দেশৰ যুৱ বিজ্ঞানীসকলৰ বাবে এনে অত্যাধুনিক প্ৰযুক্তি উপলব্ধকৰণৰ দিশত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আলোকপাতেৰে পদাৰ্থ বিজ্ঞান, ধৰিত্ৰী বিজ্ঞান আৰু ব্ৰহ্মাণ্ডবিজ্ঞানৰ ক্ষেত্ৰত উন্নত গৱেষণাত সহায়ক হোৱাৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে। এনে খণ্ডই বিজ্ঞান আৰু প্ৰযুক্তিৰ ভৱিষ্যতৰ পৰিকল্পনা ৰচে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

“আজি ডিজিটেল বিপ্লৱৰ যুগত কম্পিউটিং ক্ষমতাই ৰাষ্ট্ৰীয় সামৰ্থ্যকে সূচায়”, গৱেষণাৰ সুযোগৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি তথা কম্পিউটিং ক্ষমতাৰ ওপৰত প্ৰত্যক্ষ নিৰ্ভৰশীলতা, অৰ্থনৈতিক বিকাশ, ৰাষ্ট্ৰৰ সামূহিক সামৰ্থ্য, দুৰ্য্যোগ ব্যৱস্থাপনা, জীৱন-যাপনৰ সহজতা, ব্যৱসায় কৰাৰ সহজতা আদিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে কয় যে এনে উদ্যোগসমূহ ইণ্ডাষ্ট্ৰী ৪.০-ত ভাৰতৰ বিকাশৰ ভিত্তি হৈ পৰিছে। তেখেতে আৰু কয় যে ভাৰতৰ অংশ বিট আৰু বাইটতে সীমাবদ্ধ নাথাকি টেৰাবাইট আৰু পেটাবাইটলৈ সম্প্ৰসাৰিত হ’ব লাগে। সেয়েহে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই কাৰ্য্যসূচীয়ে ভাৰত যে সঠিক দিশত আগবাঢ়িছে, তাৰেই সাক্ষ্য বহন কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ ভাৰতে কেৱল বিশ্বৰ বাকী দেশৰ সামৰ্থ্যৰে খোজ মিলায়েই সন্তুষ্ট হৈ থাকিব নোৱাৰে, বৰঞ্চ বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে মানৱতাৰ সেৱাৰ দায়িত্ব পালনৰ কথা চিন্তা কৰে। ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়াৰ দৰে ঐতিহাসিক অভিযানৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “গৱেষণাৰ জৰিয়তে আত্ম-নিৰ্ভৰশীলতা, আত্ম-নিৰ্ভৰশীলতাৰ বাবে বিজ্ঞান আমাৰ মন্ত্ৰ হৈ পৰিছে।” ভাৰতৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত বৈজ্ঞানিক মনোভাৱ সুদৃঢ়কৰণৰ অৰ্থে বিদ্যালয়সমূহত ১০,০০০ ৰো অধিক অটল টিংকাৰিং লেব স্থাপন, ‘ষ্টেম’ (STEM) বিষয়ৰ শিক্ষাৰ বাবে বৃত্তি বৃদ্ধি আৰু চলিত বৰ্ষৰ বাজেটত ১ লাখ কোটি টকাৰ গৱেষণা পুঁজি ধ্যাৰ্য্যৰ কথাও উল্লেখ কৰে। তেখেতে ভাৰতে একবিংশ শতিকাৰ বিশ্বক স্বকীয় উদ্ভাৱনেৰে সৱল কৰি তোলাৰ লক্ষ্যত গুৰুত্ব আৰোপ কৰে।

বিশেষভাৱে মহাকাশ আৰু অৰ্ধপৰিবাহী উদ্যোগৰ কথা উল্লেখেৰে ভিন্ন খণ্ডত ভাৰতৰ অগ্ৰগতিত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি এনে কোনো খণ্ড নাই য’ত ভাৰতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰা নাই বা নতুন নীতি প্ৰৱৰ্তন কৰা নাই। ভাৰতৰ বিজ্ঞানীসকলে সীমিত সম্পদেৰে একে কৃতিত্ব অৰ্জন কৰা বুলি উল্লেখৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “মহাকাশ খণ্ডত ভাৰত এক উল্লেখযোগ্য শক্তিত পৰিণত হৈছে”, য’ত আন ৰাষ্ট্ৰসমূহে তেওঁলোকৰ সফলতাৰ বাবে কোটি-কোটি ডলাৰ ব্যয় কৰিছে। শ্ৰী মোদীয়ে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে ভাৰতৰ শেহতীয়া সাফল্যৰাজিত গৌৰৱেৰে আলোকপাত কৰে। এই কৃতিত্ব মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ অধ্যৱসায় আৰু উদ্ভাৱনৰ প্ৰমাণ বুলিও তেখেতে কয়। শ্ৰী মোদীয়ে মহাকাশত ভাৰতৰ ভৱিষ্যতৰ লক্ষ্যৰ বিষয়ে বিশদভাৱে উল্লেখেৰে কয়, “ভাৰতৰ গগনযান অভিযানে কেৱল মহাকাশত উপনীত হোৱাই নহয়; বৰঞ্চ ই আমাৰ বৈজ্ঞানিক সপোনে সীমাহীন শিখৰত উপনীত হোৱা কাৰ্য্যকে সূচিত কৰে।” ২০৩৫ৰ ভিতৰত প্ৰথম পৰ্য্যায়ত ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰে শেহতীয়াকৈ অনুমোদন জনোৱাৰ কথাও উল্লেখেৰে তেখেতে কয় যে এই কাৰ্য্যই মহাকাশ অন্বেষণত ভাৰতৰ উপস্থিতি সমৃদ্ধ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ বিশ্বত অৰ্ধপৰিবাহীৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে কয়, “অৰ্ধপৰিবাহী বিকাশৰ এক অপৰিহাৰ্য্য উপাদান হৈ পৰিছে।” তেখেতে এই খণ্ডক সুদৃঢ়কৰণৰ বাবে ‘ভাৰত অৰ্ধপৰিবাহী অভিযান’ আৰম্ভ কৰাৰ কথা উল্লেখেৰে কম সময়ৰ ভিতৰতে প্ৰত্যক্ষ কৰা ইতিবাচক ফলাফল সম্পৰ্কে আলোকপাত কৰে। তেখেতে কয় যে ভাৰতে নিজৰ অৰ্ধপৰিবাহী ব্যৱস্থা গঢ়ি তুলিছে, যিয়ে বিশ্বৰ যোগান শৃংখলত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনিটা নতুন “পৰম ৰুদ্ৰ” ছুপাৰ কম্পিউটাৰ প্ৰৱৰ্তনৰ কথা উল্লেখেৰে এইসমূহে ভাৰতৰ বহুমাত্ৰিক বৈজ্ঞানিক বিকাশত অধিক সহায় কৰিব বুলি কয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত অগ্ৰগতিত গুৰুত্ব আৰোপেৰে কয় যে ছুপাৰ কম্পিউটাৰৰপৰা কোৱান্টাম কম্পিউটিঙলৈ ভাৰতৰ যাত্ৰা ৰাষ্ট্ৰখনৰ মহান দৃষ্টিভংগীৰ ফলশ্ৰুতি। তেখেতে আঙুলিয়াই দিয়ে যে ছুপাৰ কম্পিউটাৰ আগতে মাত্ৰ কেইখনমান ৰাষ্ট্ৰৰহে ডমেইন আছিল, কিন্তু ভাৰতে এতিয়া ২০১৫ত ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং মিছন আৰম্ভ কৰাৰ লগে-লগে বিশ্বৰ ছুপাৰ কম্পিউটাৰ নিৰ্মাতাসমূহৰ সামৰ্থ্যৰ মিলন ঘটাইছে। এই অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক আগুৱাই নিয়াত ৰাষ্ট্ৰীয় কোৱান্টাম মিছনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেখেতে আৰু কয় যে এই উদীয়মান প্ৰযুক্তিয়ে বিশ্বক ৰূপান্তৰিত কৰিব, আইটি খণ্ড, উৎপাদন, এমএছএমই আৰু ষ্টাৰ্টআপৰ ক্ষেত্ৰলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব, নতুন সুযোগ সৃষ্টি কৰিব আৰু ভাৰতক বিশ্বজুৰি আগবাঢ়ি যাবলৈ স্থান দিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞানৰ প্ৰকৃত উদ্দেশ্য কেৱল উদ্ভাৱন আৰু বিকাশতে সীমাবদ্ধ নহয়, বৰঞ্চ সাধাৰণ লোকৰ আকাংক্ষা পূৰণতো ইয়াৰ প্ৰভাৱ নিহিত হৈ থাকে। ডিজিটেল অৰ্থনীতি আৰু ইউপিআইৰ উদাহৰণ দাঙি ধৰি শ্ৰী মোদীয়ে ব্যাখ্যা কৰে যে ভাৰতে উচ্চ-প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িছে যদিও এই প্ৰযুক্তিয়ে যাতে দৰিদ্ৰ লোকসকলক সবল কৰি ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে। তেখেতে দেশখনক বতৰ-প্ৰস্তুত আৰু জলবায়ু-স্মাৰ্ট কৰি তোলাৰ লক্ষ্যৰে শেহতীয়াকৈ মুকলি কৰা ‘মিছন মৌচম’ৰ বিষয়েও কয়। তেখেতে উল্লেখ কৰে যে ভাৰতৰ বতৰৰ পূৰ্বাভাসৰ ক্ষমতা বৃদ্ধি পাব। হাই-পাৰ্ফৰ্মেন্স কম্পিউটিং (HPC) চিষ্টেম আৰু ছুপাৰ কম্পিউটাৰৰ আগমনৰ লগে-লগে হাইপাৰ-লোকেল আৰু অধিক সঠিক ভৱিষ্যদ্বাণী কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ছুপাৰ কম্পিউটাৰৰদ্বাৰা দুৰ্গম গাঁৱৰ বতৰ আৰু মাটি বিশ্লেষণ কাৰ্য্য কেৱল বৈজ্ঞানিক সাফল্যই নহয়, বৰঞ্চ এই ব্যৱস্থাই হাজাৰ-হাজাৰ লোকৰ জীৱনৰ লক্ষণীয় পৰিৱৰ্তন ঘটাব। “ছুপাৰ কম্পিউটাৰে নিশ্চিত কৰিব যে ক্ষুদ্ৰ কৃষকজনেও বিশ্বৰ শ্ৰেষ্ঠ জ্ঞানৰ সুবিধা লাভ কৰে, যিয়ে তেওঁলোকক শস্য সন্দৰ্ভত সঠিক সিদ্ধান্ত গ্ৰহণত সহায় কৰিব। সাগৰৰ মাছমৰীয়াসকলো লাভৱান হ’ব, কাৰণ এই প্ৰযুক্তিসমূহে বিপদাশংকা হ্ৰাস কৰিব আৰু বীমা আঁচনিৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিব”, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে আলোকপাত কৰে যে ভাৰতে এতিয়া এআই আৰু মেচিন লাৰ্নিঙৰ সৈতে জড়িত আৰ্হি সৃষ্টি কৰিবলৈ সক্ষম হ’ব, যাৰ ফলত সকলো অংশীদাৰেই উপকৃত হ’ব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ছুপাৰ কম্পিউটাৰ নিৰ্মাণৰ ক্ষমতা ৰাষ্ট্ৰীয় গৌৰৱৰ বিষয় আৰু ইয়াৰ সুবিধাসমূহ সাধাৰণ নাগৰিকৰ দৈনন্দিন জীৱনলৈ বৈ আহিব, যাৰ ফলত ভৱিষ্যতে উল্লেখযোগ্য পৰিৱৰ্তন সাধন হ’ব। এআই আৰু মেচিন লাৰ্নিঙৰ এই যুগত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ছুপাৰ কম্পিউটাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেখেতে ইয়াক ৫জি প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ সফলতা আৰু ম’বাইল ফোন নিৰ্মাণৰ সৈতে তুলনা কৰে, যিয়ে দেশৰ ডিজিটেল বিপ্লৱত ইন্ধন যোগাইছে আৰু প্ৰতিজন নাগৰিকলৈ প্ৰযুক্তি সুলভ কৰি তুলিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ মেক ইন ইণ্ডিয়া পদক্ষেপে সাধাৰণ নাগৰিকসকলক ভৱিষ্যতৰ প্ৰযুক্তিগত অগ্ৰগতিৰ বাবে প্ৰস্তুত কৰিব, য’ত ছুপাৰ কম্পিউটাৰে নতুন গৱেষণাক আগুৱাই নিব আৰু বিশ্ব পৰ্য্যায়ত ভাৰতৰ প্ৰতিযোগিতামূলক ক্ষমতা নিশ্চিতকৰণৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিব। তেখেতে আশ্বাস প্ৰদানেৰে কয় যে এই প্ৰযুক্তিসমূহে সাধাৰণ মানুহৰ জীৱনলৈ স্পষ্ট লাভালাভৰ সঞ্চাৰ কৰিব, যাৰ ফলত তেওঁলোকে বিশ্বৰ বাকী অংশৰ সৈতে খোজ মিলাব পাৰিব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কৃতিত্বৰ বাবে নাগৰিক আৰু ৰাষ্ট্ৰখনক অভিনন্দন জনোৱাৰ লগতে বিজ্ঞানৰ ক্ষেত্ৰত নতুন ডমেইন মুকলিৰে এই উন্নত সুবিধাসমূহৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ যুৱ গৱেষকসকলক উৎসাহিতও কৰে।

 

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰে।

পটভূমি

ভাৰতক ছুপাৰ কম্পিউটিং প্ৰযুক্তিৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযান (NSM)ৰ অধীনত থলুৱাভাৱে বিকশিত প্ৰায় ১৩০ কোটি টকা মূল্যৰ তিনি পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই ছুপাৰ কম্পিউটাৰসমূহ পুনে, দিল্লী আৰু কলকাতাস্থিত অগ্ৰণী বৈজ্ঞানিক গৱেষণা ব্যৱস্থাত নিয়োগ কৰা হৈছে। পুনেৰ জায়েন্ট মিটাৰ ৰেডিঅ’ টেলিস্কোপে (GMRT) ছুপাৰ কম্পিউটাৰৰ সহায় লৈ ফাষ্ট ৰেডিঅ’ বাৰ্ষ্ট (FRB) আৰু আন-আন জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাসমূহ অন্বেষণ কৰিব। দিল্লীৰ আন্তঃবিশ্ববিদ্যালয় ত্বৰক কেন্দ্ৰ (IUAC)ই ‘মেটেৰিয়েল’ বিজ্ঞান আৰু পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ দৰে ক্ষেত্ৰত গৱেষণাৰ বৰ্ধন ঘটাব। কলকাতাৰ এছ.এন. বসু চেন্টাৰে পদাৰ্থ বিজ্ঞান, ব্ৰহ্মাণ্ডবিজ্ঞান আৰু ধৰিত্ৰী বিজ্ঞানৰ দৰে ক্ষেত্ৰত উন্নত গৱেষণাক আগুৱাই নিব।

বতৰ আৰু জলবায়ু গৱেষণাৰ বাবে নিৰ্মিত হাই-পাৰ্ফৰ্মেন্স কম্পিউটিং (HPC) ব্যৱস্থাও উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্পটোত ৮৫০ কোটি টকা বিনিয়োগ কৰা হৈছে। এয়া বতৰ বিজ্ঞানৰ প্ৰয়োগৰ বাবে ভাৰতৰ কম্পিউটেচনেল ক্ষমতাৰ এক উল্লেখযোগ্য অগ্ৰগতি। দুটা মূল স্থানত অৱস্থিত যথাঃ পুনেৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটিঅ’ৰ’লজী (IITM) আৰু নয়ডাৰ নেচনেল চেন্টাৰ ফৰ মিডিয়াম ৰেঞ্জ ৱেদাৰ ফৰকাষ্ট (NCMRWF) এই এইচপিচি ব্যৱস্থাটোৰ অসাধাৰণ কম্পিউটিং শক্তি আছে। নতুন এইচপিচি ব্যৱস্থাসমূহৰ নাম ‘আৰ্কা’ আৰু ‘অৰুণিকা’ ৰখা হৈছে, যিয়ে সূৰ্য্যৰ সৈতে ইয়াৰ সংযোগক প্ৰতিফলিত কৰে। এই উচ্চ-ৰিজ’লিউচন মডেলসমূহে গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ, প্ৰচণ্ড বৰষুণ, ধুমুহা, শিলাবৃষ্টি, গ্ৰীষ্ম প্ৰৱাহ, খৰাং আৰু অন্যান্য জটিল বতৰৰ পৰিঘটনাৰে জড়িত ভৱিষ্যদ্বাণীৰ সঠিকতা আৰু লিড টাইম যথেষ্ট বৃদ্ধি কৰিব।

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘We’ll Keep Building From India, For World’: Skyroot Thanks PM Modi For Recognising Team In Parliament

Media Coverage

‘We’ll Keep Building From India, For World’: Skyroot Thanks PM Modi For Recognising Team In Parliament
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"