প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত নমো পথ, দেৱকা সমুদ্ৰ তীৰ দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিৰ্মাণ শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ সৈতে এখন আলোকচিত্ৰৰ বাবেও প’জ দিয়ে। তেওঁ নয়া ভাৰত চেলফি পইণ্টো পৰিদৰ্শন কৰে।

প্ৰায় ১৬৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৫.৪৫ কিলোমিটাৰ দেৱকা সমুদ্ৰ তীৰ হৈছে দেশৰ প্ৰথম উপকূলীয় পথ যিয়ে স্থানীয় অৰ্থনীতিক লাভান্বিত কৰিব আৰু ইয়াক অৱসৰ আৰু মনোৰঞ্জন কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অঞ্চলটোৱে অধিক পৰ্যটকক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। সমুদ্ৰ তীৰক এক বিশ্বমানৰ পৰ্যটন স্থলীলৈ ৰূপান্তৰিত কৰা হৈছে যাৰ ভিতৰত আছে স্মাৰ্ট লাইটিং, পাৰ্কিঙৰ সুবিধা, বাগিচা, খাদ্যৰ দোকান, মনোৰঞ্জন থলী আৰু ভৱিষ্যতে বিলাসী টেণ্ট চহৰৰ ব্যৱস্থা।

প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলি, দমন আৰু দিউ আৰু লাক্ষাদ্বীপৰ প্ৰশাসক শ্ৰী প্ৰফুল পেটেল উপস্থিত আছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মে’ 2026
May 03, 2026

Citizens Celebrate Reforms That Work: PM Modi’s Blueprint Powers Manufacturing, Maritime Might & MSME Revolution