The commissioning of three frontline naval combatants underscores India's unwavering commitment to building a robust and self-reliant defence sector: PM
A significant step towards empowering the Indian Navy of the 21st century: PM
Today's India is emerging as a major maritime power in the world:PM
Today, India is recognised as a reliable and responsible partner globally, especially in the Global South: PM
India has emerged as the First Responder across the entire Indian Ocean Region: PM
Be it land, water, air, the deep sea or infinite space, India is safeguarding its interests everywhere: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নেভেল ডকয়াৰ্ডত তিনি ফ্ৰন্টলাইন নেভেলকম্বাটেন্ট আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয় আৰু ৰাষ্ট্ৰৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সাহসী যোদ্ধালৈ প্ৰণাম জনোৱা হয়। এই উপলক্ষে তেখেতে সকলো বীৰ যোদ্ধাকে অভিনন্দন জ্ঞাপন কৰে।

ভাৰতৰ সামুদ্ৰিক ঐতিহ্য, নৌসেনাৰ গৌৰৱময় ইতিহাস আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ছত্ৰপতি শিৱাজী মহাৰাজে ভাৰতৰ নৌসেনাক এক নতুন শক্তি আৰু দৃষ্টিভংগী প্ৰদান কৰিছিল। তেখেতে লগতে কয় যে আজি চৰকাৰে শিৱাজী মহাৰাজৰ ভূমিত একবিংশ শতিকাৰ ভাৰতৰ নৌসেনাক সবলীকৰণৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। “পোন-প্ৰথমবাৰৰ বাবে ডেষ্ট্ৰয়াৰ, ফ্ৰিগেট আৰু চাবমেৰিনৰ ট্ৰাই-কমিচনিং সম্পন্ন হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতেআৰু কয় যে তিনিওটা ফ্ৰন্টলাইন প্লেটফৰ্ম ভাৰতত নিৰ্মাণ হোৱাটোও গৌৰৱৰ বিষয়। তেখেতে ভাৰতীয় নৌসেনা, নিৰ্মাণ কামেৰে জড়িত সকলো অংশীদাৰ আৰু ভাৰতৰ নাগৰিকক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

 

“আজিৰ কাৰ্য্যসূচীয়ে আমাৰ গৌৰৱময় ঐতিহ্যক আমাৰ ভৱিষ্যতৰ আকাংক্ষাৰাজিৰে সংযুক্ত কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে লগতে কয় যে সুদীৰ্ঘ সামুদ্ৰিক যাত্ৰা, বাণিজ্য, নৌ প্ৰতিৰক্ষা আৰু জাহাজ উদ্যোগৰ সৈতে জড়িত ভাৰতৰ এক চহকী ইতিহাস আছে। এই চহকী ইতিহাস সন্দৰ্ভত তেখেতে কয়, আজিৰ ভাৰতে বিশ্বৰ এক প্ৰধান সামুদ্ৰিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। তেখেতে লগতে কয় যে আজি মুকলি কৰা প্লেটফৰ্মসমূহেও একেই মনোভাৱ প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে চোল বংশৰ সামুদ্ৰিক শক্তিৰ প্ৰতি উৎসৰ্গিত আইএনএছ নীলগিৰি আৰু গুজৰাটৰ বন্দৰসমূহে ভাৰতক পশ্চিম এছিয়াৰ সৈতে সংযোগ কৰা যুগৰ কথা মনত পেলোৱা চুৰাট যুদ্ধজাহাজকে প্ৰমুখ্য কৰি নতুন মঞ্চৰ আৰম্ভণিৰ কথা উল্লেখ কৰে। কেইবছৰমান পূৰ্বে প্ৰথমখন চাবমেৰিন কালভাৰী কমিচনৰ পিছত পি৭৫ শ্ৰেণীৰ ষষ্ঠখন ভগশ্বীৰ চাবমেৰিন কমিচনৰ কথাও তেখেতে উল্লেখ কৰে। এই নতুন ফ্ৰন্টিয়াৰপ্লেটফৰ্মসমূহে ভাৰতৰ নিৰাপত্তা আৰু প্ৰগতি উভয়ৰে বৰ্ধন ঘটাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

“ভাৰতে আজি বিশ্বজুৰি বিশেষকৈ গ্ল’বেল চাউথৰ এক নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে স্বীকৃতি লাভ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতেআৰু কয় যে ভাৰতে উন্নয়নৰ মনোভাৱেৰে কাম কৰে, সম্প্ৰসাৰণবাদেৰে নহয়। তেখেতে কয় যে ভাৰতে সদায় এটা মুকলি, সুৰক্ষিত, সৰ্বাংগীনআৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সমৰ্থন কৰি আহিছে। তেখেতে উল্লেখ কৰে যে উপকূলীয় ৰাষ্ট্ৰসমূহৰ উন্নয়নৰ কথা অনুধাৱনেৰে ভাৰতে সাগৰ (SAGAR-Security And Growth for All in the Region) ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে আৰু এই দৃষ্টিভংগীৰে আগবাঢ়িছে। জি-২০ৰ অধ্যক্ষতাৰ সময়ত ভাৰতৰ নেতৃত্ব সন্দৰ্ভত আলোকপাতেৰে, "এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যৎ" মন্ত্ৰেৰে শ্ৰী মোদীয়ে ক'ভিড-১৯ৰ বিৰুদ্ধে বৈশ্বিক যুঁজৰ সময়ত ভাৰতৰ "এক বিশ্ব, এক স্বাস্থ্য" দৃষ্টিভংগীৰ কথাও উল্লেখ কৰে। তেখেতে ভাৰতে বিশ্বক এটা পৰিয়াল হিচাপে গণ্য কৰে বুলি কয় আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতি ইয়াৰ দায়বদ্ধতা সম্পৰ্কে ব্যক্ত কৰে। তেখেতে উল্লেখ কৰে যে ভাৰতে সমগ্ৰ অঞ্চলটোৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাক নিজৰ দায়িত্ব বুলি গণ্য কৰে।

 

বিশ্বৰ নিৰাপত্তা, অৰ্থনীতিআৰু ভূ-ৰাজনৈতিক গতিশীলতাক গঢ় দিয়াত ভাৰতৰ দৰে সামুদ্ৰিক ৰাষ্ট্ৰৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূখণ্ডৰ জলসীমা সুৰক্ষিতকৰণ, যাতায়াতৰ স্বাধীনতা নিশ্চিতকৰণআৰু অৰ্থনৈতিক অগ্ৰগতি তথা শক্তি সুৰক্ষাৰ বাবে বাণিজ্যিক যোগান লাইন আৰু সাগৰীয় পথ সুৰক্ষিতকৰণৰ গুৰুত্বত আলোকপাত কৰে। তেখেতে অঞ্চলটোক সন্ত্ৰাসবাদ, অস্ত্ৰ-শস্ত্ৰ, ড্ৰাগছ সৰবৰাহৰপৰা সুৰক্ষিতকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে সাগৰসমূহক সুৰক্ষিত আৰু সমৃদ্ধিশালী কৰি তোলা, লজিষ্টিক দক্ষতা বৃদ্ধিআৰু জাহাজ উদ্যোগক সহায়ৰ ক্ষেত্ৰত বিশ্ব অংশীদাৰ হোৱাৰ গুৰুত্ব সম্পৰ্কে কয়।লগতে তেখেতে আপুৰুগীয়া খনিজ পদাৰ্থ আৰু মাছৰ মজুতৰ দৰে সাগৰীয় সম্পদৰ অপব্যৱহাৰ ৰোধৰ লগতে সেইসমূহৰ পৰিচালনা ক্ষমতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। নতুন জাহাজ পথ আৰু যোগাযোগৰ সাগৰীয় পথত বিনিয়োগৰ গুৰুত্ব আৰু ভাৰতে এই দিশত অহৰহ পদক্ষেপ গ্ৰহণ কৰি থকাত সন্তুষ্টি প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰত মহাসাগৰ অঞ্চলত ভাৰতে প্ৰথম সঁহাৰিদাতা হিচাপে আত্মপ্ৰকাশ কৰিছে।” তেখেতে উল্লেখ কৰে যে যোৱা কেইমাহমানত ভাৰতীয় নৌসেনাই শ-শ লোকৰ জীৱন ৰক্ষাৰে হাজাৰ কোটি টকাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সামগ্ৰী সুৰক্ষিতকৰণেৰে ভাৰত, ভাৰতীয় নৌসেনাআৰু উপকূলৰক্ষী বাহিনীৰ ওপৰত বিশ্বৰ আস্থা বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আছিয়ান, অষ্ট্ৰেলিয়া, উপসাগৰীয় দেশআৰু আফ্ৰিকান ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সহযোগিতা সুদৃঢ়কৰণত আলোকপাতেৰে ভাৰত মহাসাগৰ অঞ্চলত ভাৰতৰ উপস্থিতি আৰু সামৰ্থ্যৰ বাবে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰে। তেখেতে সামৰিক আৰু অৰ্থনৈতিক উভয় দৃষ্টিকোণৰপৰাই আজিৰ অনুষ্ঠানটোৰ দ্বৈত গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে।

একবিংশ শতিকাত ভাৰতৰ সামৰিক সামৰ্থ্য বৃদ্ধি আৰু আধুনিকীকৰণত গুৰুত্বআৰোপৰ কথাউল্লেখেৰে শ্ৰী মোদীয়ে কয়, “স্থলভাগেই হওঁক, পানীয়েই হওঁক, বায়ুয়েই হওঁক, গভীৰ সাগৰেই হওঁক বা অসীম মহাকাশেই হওঁক, ভাৰতে সকলোতে নিজৰ স্বাৰ্থ ৰক্ষা কৰি আছে।” তেখেতে প্ৰতিৰক্ষা মুৰব্বীৰ পদবীকে প্ৰমুখ্য কৰি অবিৰত সংস্কাৰ সাধন কাৰ্য্য সন্দৰ্ভতোবক্তব্য প্ৰদান কৰে। তেখেতে উল্লেখ কৰে যে ভাৰত সশস্ত্ৰ বাহিনীক অধিক কাৰ্য্যক্ষম কৰি তুলিবলৈ থিয়েটাৰ কমাণ্ড ৰূপায়ণৰ দিশত আগবাঢ়িছে।

 

বিগত দশকত ভাৰতৰ সশস্ত্ৰ বাহিনী আত্মনিৰ্ভৰ হৈ উঠাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সংকটৰ সময়ত অন্য দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ প্ৰশংসনীয় প্ৰচেষ্টাক প্ৰশংসা কৰে। তেখেতেকয় যে সশস্ত্ৰ বাহিনীয়ে ৫ হাজাৰৰো অধিক সামগ্ৰী আৰু সঁজুলি চিনাক্ত কৰিছে যিসমূহ আৰু আমদানি কৰা নহয়। তেখেতে ঘৰুৱাভাৱে উৎপাদিত সঁজুলিৰ ব্যৱহাৰেৰে ভাৰতীয় জোৱানসকলৰ আত্মবিশ্বাস বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে কৰ্ণাটকত দেশৰ সৰ্ববৃহৎ হেলিকপ্টাৰ নিৰ্মাণ কাৰখানা আৰু সশস্ত্ৰ বাহিনীৰ বাবে পৰিবহণ বিমান কাৰখানা স্থাপনৰ কথা উল্লেখ কৰে। তেখেতে তেজছ যুঁজাৰু বিমানৰ কৃতিত্ব আৰু উত্তৰ প্ৰদেশ তথা তামিলনাডুৰ প্ৰতিৰক্ষা কৰিডৰৰ উন্নয়ন সাধনত আলোকপাত কৰে, যিয়ে প্ৰতিৰক্ষা উৎপাদনক ত্বৰান্বিত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মাজাগন ডকয়াৰ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰেৰে নৌসেনাৰদ্বাৰা মেক ইন ইণ্ডিয়া পদক্ষেপৰ উল্লেখযোগ্য সম্প্ৰসাৰণত সন্তুষ্টি প্ৰকাশ কৰে। তেখেতে বিগত দশকত নৌসেনাত ৩৩খন জাহাজ আৰু ৭খন চাবমেৰিন অন্তৰ্ভুক্তকৰণৰ কথা উল্লেখ কৰে, য’ত ৪০খন নৌসেনাৰ জাহাজৰ ভিতৰত ৩৯খনেই ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাত নিৰ্মাণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে মহিমামণ্ডিত আইএনএছ বিক্ৰান্ত বিমানবাহী জাহাজ আৰু আইএনএছ অৰিহন্ত আৰু আইএনএছ অৰিঘাটৰ দৰে পাৰমাণৱিক চাবমেৰিন। প্ৰধানমন্ত্ৰীগৰাকীয়ে মেক ইন ইণ্ডিয়া অভিযানক আগুৱাই নিবলৈ সশস্ত্ৰ বাহিনীক অভিনন্দন জনায়। তেখেতে আলোকপাত কৰে যে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদনে ১.২৫ লাখ কোটি টকা অতিক্ৰম কৰিছে আৰু দেশখনে ১০০ৰো অধিক ৰাষ্ট্ৰলৈ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। নিৰন্তৰ সমৰ্থনেৰে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ দ্ৰুত পৰিৱৰ্তনক লৈ তেখেতে আস্থা প্ৰকাশ কৰে।

“মেক ইন ইণ্ডিয়া পদক্ষেপে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সামৰ্থ্য বৃদ্ধি কৰাই নহয়, বৰঞ্চ অৰ্থনৈতিক প্ৰগতিৰ নতুন পথো মুকলি কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে জাহাজ নিৰ্মাণ ব্যৱস্থাক উদাহৰণ হিচাপে উল্লেখেৰেকয় যে বিশেষজ্ঞসকলৰ মতে জাহাজ নিৰ্মাণত বিনিয়োগ কৰা প্ৰতিটো টকাই অৰ্থনীতিৰ ওপৰত প্ৰায় দুগুণ ইতিবাচক প্ৰভাৱ পেলায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দেশত ৬০খন বৃহৎ জাহাজ নিৰ্মাণৰ কাম অব্যাহত আছে, যাৰ মূল্য প্ৰায় ১.৫ লাখ কোটি টকা। তেখেতে কয় যে এই বিনিয়োগৰ ফলত প্ৰায় ৩ লাখ কোটি টকাৰ অৰ্থনৈতিক প্ৰচলন আৰু নিয়োগৰ ক্ষেত্ৰত ছগুণ প্ৰভাৱ পৰিব। এই জাহাজসমূহৰ অধিকাংশ অংশ ঘৰুৱা এমএছএমইসমূহৰপৰা অহা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে যদি ২,০০০ শ্ৰমিক জাহাজ নিৰ্মাণৰ লগত জড়িত হয়, তেন্তে ইয়াৰদ্বাৰা আন-আন উদ্যোগত বিশেষকৈ এমএছএমই খণ্ডত প্ৰায় ১২ হাজাৰ চাকৰিৰ সৃষ্টি হয়।

 

বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশত ভাৰতৰ দ্ৰুত অগ্ৰগতি সন্দৰ্ভত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ-শ নতুন জাহাজ আৰু কন্টেইনাৰৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখেৰে উৎপাদন আৰু ৰপ্তানি ক্ষমতাৰ নিৰন্তৰ বৰ্ধন ঘটিছে বুলি কয়। তেখেতে লগতে কয় যে বন্দৰ নেতৃত্বাধীন উন্নয়নৰ আৰ্হিয়ে সমগ্ৰ অৰ্থনীতিক ত্বৰান্বিতকৰণৰ লগতে হাজাৰ-হাজাৰ নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰিব। নাৱিক খণ্ডত বৰ্ধিত কৰ্মসংস্থাপনৰ উদাহৰণ দাঙি ধৰি ভাৰতত নাৱিকৰ সংখ্যা ২০১৪ত ১,২৫,০০০ৰো কম হোৱাৰপৰা আজি প্ৰায় ৩,০০,০০০লৈ দুগুণৰো অধিক বৃদ্ধি পোৱাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত এতিয়া নাৱিকৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ অন্যতম।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ চৰকাৰৰ তৃতীয়টো কাৰ্য্যকাল কেইবাটাও বৃহৎ সিদ্ধান্তৰে আৰম্ভ হোৱা বুলি উল্লেখেৰে দেশখনৰ প্ৰয়োজনীয়তাৰাজি পৰিপূৰণৰ বাবে নতুন নীতিৰ দ্ৰুত প্ৰণয়ন আৰু নতুন প্ৰকল্প আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে। তেখেতে লগতে কয়,আমাৰ লক্ষ্য হৈছে দেশৰ প্ৰতিটো কোণ আৰু খণ্ডৰ উন্নয়ন নিশ্চিত কৰা।বন্দৰ খণ্ডৰ সম্প্ৰসাৰণ এই দৃষ্টিভংগীৰেএক অংশ। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তৃতীয় কাৰ্য্যকালত প্ৰথম বৃহৎ সিদ্ধান্তসমূহৰ ভিতৰত এটা আছিল মহাৰাষ্ট্ৰৰ বাধৱন বন্দৰৰ অনুমোদন। তেখেতে লগতে কয় যে ৭৫,০০০ কোটি টকা বিনিয়োগেৰে এই আধুনিক বন্দৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে, যাৰ ফলত মহাৰাষ্ট্ৰত হাজাৰ-হাজাৰ নতুন চাকৰিৰ সুযোগৰ সৃষ্টি হৈছে।

 

সীমান্ত আৰু উপকূলৰ সৈতে জড়িত আন্তঃগাঁথনি সংযোগৰ ক্ষেত্ৰত বিগত দশকত কৰা অভূতপূৰ্ব কামত আলোকপাতেৰে শ্ৰী মোদীয়ে শেহতীয়াকৈ জম্মু-কাশ্মীৰত সোণমাৰ্গ সুৰংগ উদ্বোধনৰ কথা উল্লেখ কৰে, যাৰ ফলত কাৰ্গিল আৰু লাডাখৰ দৰে সীমান্ত অঞ্চললৈ সহজে প্ৰৱেশৰ সুবিধা হ’ব। যোৱা বছৰ অৰুণাচল প্ৰদেশত চেলা সুৰংগৰ উদ্বোধন সন্দৰ্ভত তেখেতেকয়।ইয়াৰ ফলশ্ৰুতিত সেনাবাহিনীৰ এলএচিত প্ৰৱেশৰ সুবিধাৰ বৰ্ধন ঘটিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতমালা প্ৰকল্পই সীমান্তৱৰ্তী অঞ্চলত উৎকৃষ্ট ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক গঢ়ি তুলিছেআৰু সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়নৰ ক্ষেত্ৰত ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমেএটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত দশকত দুৰ্গম দ্বীপসমূহৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপৰ কথা উল্লেখ কৰে, য’ত নিয়মীয়াকৈ নিৰীক্ষণ আৰু জনবসতিহীন দ্বীপসমূহৰ নামকৰণ কৰা হৈছে। ভাৰত মহাসাগৰৰ সাগৰীয় পৰ্বতৰ নামকৰণৰ কথাও তেখেতে উল্লেখ কৰে।ভাৰতৰ উদ্যোগত এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই যোৱা বছৰ এনে পাঁচটা স্থানৰ নামকৰণ কৰিছিল। ইয়াৰ ভিতৰত অশোক ছিমাউন্ট, হৰ্ষবৰ্ধন ছিমাউন্ট, ৰজা চোল ছিমাউন্ট, কল্পতৰু ৰিজআৰু চন্দ্ৰগুপ্ত ৰিজ আদিয়ে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে।

ভৱিষ্যতে মহাকাশ আৰু গভীৰ সাগৰ উভয়ৰে গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰসমূহত ভাৰতৰ সামৰ্থ্য বৃদ্ধিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিসন্দৰ্ভত কয়। তেখেতে সমুদ্ৰায়ণ প্ৰকল্প সন্দৰ্ভতোকয়, যাৰ লক্ষ্য হৈছে বিজ্ঞানীসকলক সাগৰৰ ৬,০০০ মিটাৰ গভীৰতালৈ নিয়া।যি কৃতিত্বএতিয়ালৈকে মাত্ৰ কেইখনমান দেশেহে অৰ্জন কৰিছে। তেখেতে উল্লেখ কৰে যে চৰকাৰে ভৱিষ্যতৰ সম্ভাৱনাৰ সন্ধানত চেষ্টাৰ কোনো ক্ৰুটি কৰা নাই।

 

ঔপনিৱেশিকতাৰ আৱেশৰপৰা ভাৰতক মুক্তকৰণেৰে একবিংশ শতিকাত আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে শ্ৰী মোদীয়ে এই ক্ষেত্ৰত ভাৰতীয় নৌসেনাই দেখুওঁৱা নেতৃত্বৰ কথা উল্লেখেৰে নৌসেনাই নিজৰ পতাকাখনক ছত্ৰপতি শিৱাজী মহাৰাজৰ গৌৰৱময় পৰম্পৰাৰে সংযুক্ত কৰিছে বুলি কয় আৰু সেই অনুসৰি এডমিৰেল ৰেংক ইপলেটসমূহৰ পুনৰ ডিজাইন কৰা হৈছে। তেখেতেকয় যে মেক ইন ইণ্ডিয়া পদক্ষেপ আৰু আত্মনিৰ্ভৰশীলতাৰ অভিযানে ঔপনিৱেশিক মানসিকতাৰপৰা মুক্তিৰ প্ৰচেষ্টাকউদ্দীপনা যোগাইছে। তেখেতে আস্থা প্ৰকাশেৰে কয় যে ৰাষ্ট্ৰখন প্ৰতিনিয়ত গৌৰৱৰ মুহূৰ্তসমূহতউপনীত হ’ব আৰু ভাৰতক এখনি উন্নত দেশ হিচাপে গঢ়ি তোলাত অৰিহণা যোগাব। তেখেতে কয় যে দায়িত্ব বেলেগ-বেলেগ হ’ব পাৰে যদিও লক্ষ্য এটাই— সেয়া হৈছে এখনি বিকশিত ভাৰত। প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণিত কয় যে আজি লাভ কৰা নতুন ফ্ৰন্টিয়াৰপ্লেটফৰ্মসমূহে সংকল্পক সুদৃঢ় কৰিব। তেখেতে এই বুলি কৈ সকলোকে শুভেচ্ছা জ্ঞাপনেৰে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি. পি. ৰাধাকৃষ্ণন, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাদনভিছ, কেন্দ্ৰীয় প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ছেঠ, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে, শ্ৰী অজিত পাৱাৰকেপ্ৰমুখ্য কৰি গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

 

পটভূমি

তিনি প্ৰধান নেভেলকম্বাটেন্টৰ কমিচনে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন আৰু সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দৃষ্টিভংগীক বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতিক সূচিত কৰিছে। পি ১৫ বি গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ প্ৰজেক্টৰ চতুৰ্থ আৰু অন্তিম জাহাজ আইএনএছ চুৰাটে বিশ্বৰ সৰ্ববৃহৎ আৰু অত্যাধুনিক ডেষ্ট্ৰয়াৰৰ ভিতৰত স্থান লাভ কৰিছে। ইয়াৰ থলুৱা উপাংশ৭৫% আৰু ই অত্যাধুনিক অস্ত্ৰ-চেন্সৰ পেকেজ আৰু উন্নত নেটৱৰ্ক-কেন্দ্ৰিক ক্ষমতাৰে সজ্জিত। পি১৭এ ষ্টেলথ ফ্ৰিগেট প্ৰজেক্টৰ প্ৰথমখন জাহাজ আইএনএছ নীলগিৰিৰ ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰ’য়ে ডিজাইন কৰিছে, যিয়ে পৰৱৰ্তী প্ৰজন্মৰ থলুৱা ফ্ৰিগেটৰ প্ৰতিফলন ঘটায়। পি৭৫ স্ক’ৰপিন প্ৰকল্পৰ ষষ্ঠ আৰু চূড়ান্ত চাবমেৰিন আইএনএছ বঘশ্বীৰে ভাৰতৰ ছাবমেৰিন নিৰ্মাণৰ ক্ৰমবৰ্ধমান বিশেষজ্ঞতাক প্ৰতিনিধিত্ব কৰে আৰু ইয়াক ফ্ৰান্সৰ নৌসেনা গোটৰ সহযোগত নিৰ্মাণ কৰা হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India-New Zealand friendship has gained new momentum and a new direction: PM Modi during the Gala Lunch
July 11, 2026

Your Excellency, Prime Minister क्रिस्टोफर लक्सन,

दोनों देशों के delegates,

नमस्कार!

किया ओरा!

मेरे और मेरे delegation के ऊष्मा भरे स्वागत और आतिथ्य के लिए मैं मेरे मित्र प्रधानमंत्री लक्सन का हार्दिक आभार व्यक्त करता हूँ। उन्होंने स्वागत में इतनी गर्मजोशी दिखाई है, कि ऑकलैंड की सर्दी भी आज कुछ कम लग रही है। इस यात्रा के दौरान न्यूजीलैंड के लोगों से जो स्नेह और अपनापन मिला है, वह हमारे हृदय में हमेशा रहेगा।

पिछले वर्ष प्रधानमंत्री लक्सन की भारत यात्रा से हमारे संबंधों के हर क्षेत्र में नई ऊर्जा आई है। उनके नेतृत्व, स्पष्ट विजन, और मजबूत प्रतिबद्धता से, भारत और New Zealand की मित्रता को नयी गति और नयी दिशा मिली है। आज चालीस वर्षों के बाद भारतीय प्रधानमंत्री की यात्रा हो रही है। और मैं हमेशा कहता हूँ, कि बहुत सारे अच्छे काम है, जो मेरे पहले वाले लोग मेरे लिए छोड़ के गए हैं, जो मैं पूरा कर रहा हूँ। साथियों, यह हमारे संबंधों के एक नए अध्याय का शुभारंभ है।

Friends,

भारत और न्यूजीलैंड का लोकतान्त्रिक मूल्यों में दृढ़ विश्वास हमें मिलकर आगे बढ़ने के लिए natural comfort प्रदान करता है। पिछले कुछ वर्षों में हमने हमारे सबंधों को अभूतपूर्व गति प्रदान की है।

आज आज की बैठक में हमने हमारे सहयोग को नई गहराई और व्यापकता देने पर विस्तार से चर्चा की। हमने भारत-न्यूजीलैंड संबंधों को Strategic Partnership के स्तर पर ले जाने का ऐतिहासिक निर्णय लिया है। इसके अंतर्गत हम हर क्षेत्र में स्पष्ट लक्ष्यों और ठोस परिणामों के साथ आगे बढ़ेंगे।

इस वर्ष हमने रिकॉर्ड समय में Free Trade Agreement किया। इस उपलब्धि से दोनों देशों के उद्योगों, किसानों और युवाओं के लिए नए द्वार खुलेंगे। हम trade के साथ साथ trust, technology और talent का blue print तैयार कर रहे हैं।

पिछले तीन वर्षों में हमारे व्यापार में 50 पर्सेन्ट से अधिक की बढ़ोतरी हुई है। हमें विश्वास है कि FTA अगले पाँच वर्षों में हमारे व्यापार को दोगुना करने का मजबूत आधार बनेगा।

न्यूजीलैंड द्वारा भारत में बीस बिलियन डॉलर के investment commitment का भी हम विशेष स्वागत करते हैं। यह न्यूज़ीलैंड की companies को भारत की growth story में long-term partner बनने का अवसर देगा।

Friends,

हमारी Strategic Partnership को सार्थक बनाने के लिए हम दोनों देशों की strengths को practical cooperation में बदल रहे हैं। Fin Tech के क्षेत्र में हम भारत के UPI और न्यूजीलैंड के payment systems को जोड़ने पर आगे बढ़ रहे हैं।

Agriculture, dairy और food processing में हमने सहयोग का एक मजबूत खाका बनाया है। इसका लाभ हमारे किसानों और पशु-पालकों को मिलेगा।

Traditional medicine में न्यूज़ीलैंड और भारत दोनों की समृद्ध और जीवंत परंपराएं हैं। आज हमने हमारे स्वास्थ्य सहयोग में traditional medicines की भूमिका बढ़ाने पर सहमति व्यक्त की।

रक्षा और सुरक्षा में हमारा बढ़ता सहयोग हमारे गहरे strategic trust का प्रतीक है। पिछले वर्ष किए गए Defence Cooperation Agreement से हमारे सहयोग का मजबूत ढांचा तैयार हुआ है। आज हमने इंडो-पैसिफिक में maritime cooperation के लिए एक फ्रैम्वर्क पर सहमति बनाई है। Bilateral naval exercises, Logistics support और hydrography में सहयोग से हमारा आपसी तालमेल बढ़ेगा।

Friends,

हमारे संबंधों की सबसे मजबूत ताकत हमारे people-to-people ties हैं। भारतीय समुदाय के लोगों ने अपने परिश्रम और talent से न्यूजीलैंड में विशेष स्थान बनाया है। उनकी देखरेख के लिए मैं प्रधानमंत्री लक्सन और न्यूजीलैंड सरकार और न्यूजीलैंड के लोगों का आभार व्यक्त करता हूँ।

आज हुआ Cultural Cooperation MOU दोनों देशों के art, culture, heritage तथा creative industries में exchanges को गति देगा। न्यूजीलैंड भारतीय students के लिए एक महत्वपूर्ण destination रहा है। हम न्यूजीलैंड की universities को भारत में campus खोलने के लिए आमंत्रित करते हैं।

इस वर्ष हम दोनों देशों के बीच खेल संबंधों की सौवीं वर्षगांठ मना रहे हैं। सौ साल पहले मेजर ध्यानचंद के नेतृत्व में हॉकी टीम ने यहाँ आकर जो इतिहास रचा था, वह हमारी खेल साझेदारी को आज भी प्रेरित कर रहा है। इस उपलक्ष्य पर हम दोनों देशों में कई स्पोर्ट्स इवेंट्स आयोजित कर रहे हैं। क्रिकेट के साथ-साथ अन्य खेलों में भी सहयोग बढ़ाने के लिए हम Sports Joint Action Plan बनाया है। हाल ही में भुवनेश्वर में न्यूजीलैंड रग्बी और रग्बी इंडिया के कोचिंग प्रोग्राम से अच्छी शुरुवात हुवी है।

Friends,

वैश्विक मंच पर भी भारत और न्यूज़ीलैंड भरोसेमंद साझेदार और करीबी मित्र हैं। हमारा मानना है कि वर्तमान समय की चुनौतियों का सामना करने के लिए UN सहित अन्य वैश्विक संस्थानों में reform आवश्यक है।

आतंकवाद के विषय पर कंधे से कंधा मिलाकर आगे बढ़ाने के लिए आज हमने Joint Working Group का गठन किया है। भारत और न्यूजीलैंड के बीच सहयोग इंडो-पेसिफिक में शांति, स्थिरता और सुरक्षा के लिए अत्यंत महत्वपूर्ण है।

Friends, मैं आप सभी को माओरी नव वर्ष “मातरिकी” की हार्दिक शुभकामनाएँ देता हूँ। जिस तारा-समूह को यहाँ “मातरिकी” नाम दिया गया है, जैसे आपने भी बताया, उसे भारत में प्राचीन काल से “कृत्तिका नक्षत्र” के रूप में जाना जाता है। मुझे विश्वास है कि “मातरिकी” का यह पर्व, हमारे संबंधों को इन्हीं सितारों की तरह जगमगाने की प्रेरणा देगा।

Prime Minister लक्सन,

आपकी मित्रता, आपकी प्रतिबद्धता और मेरी न्यूज़ीलैंड यात्रा को यादगार बनाने के लिए मैं आपका आभार व्यक्त करता हूँ। जैसे रग्बी में टीमवर्क और भरोसा ज़रूरी होता है, वैसे ही हम भी आपसी विश्वास के साथ आगे बढ़ेंगे। हम एक ही टीम में है, इसलिए टैकल केवल चुनौतियों को करेंगे।

बहुत-बहुत धन्यवाद।