The commissioning of three frontline naval combatants underscores India's unwavering commitment to building a robust and self-reliant defence sector: PM
A significant step towards empowering the Indian Navy of the 21st century: PM
Today's India is emerging as a major maritime power in the world:PM
Today, India is recognised as a reliable and responsible partner globally, especially in the Global South: PM
India has emerged as the First Responder across the entire Indian Ocean Region: PM
Be it land, water, air, the deep sea or infinite space, India is safeguarding its interests everywhere: PM

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি.পি. ৰাধাকৃষ্ণণ ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছ ডাঙৰীয়া, মন্ত্ৰী পৰিষদৰ মোৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় শেঠ ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে ডাঙৰীয়া আৰু অজিত পাৱাৰ ডাঙৰীয়া, চিডিএছ, চিএনএছ, নৌসেনাৰ সকলো সতীৰ্থ, মাজগাঁও ডকয়াৰ্ডত কৰ্মৰত সকলো সতীৰ্থ, আন-আন অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।

১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

ভাৰতৰ সামুদ্ৰিক ঐতিহ্য, নৌসেনাৰ গৌৰৱময় ইতিহাস আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে আজি এটা বিশেষ দিন। ছত্ৰপতি শিৱাজী মহাৰাজে ভাৰতীয় নৌসেনাক এক নতুন শক্তি আৰু নতুন দৃষ্টিভংগী প্ৰদান কৰিছিল। আজি তেওঁৰেই পবিত্ৰ ভূমিত আমি একবিংশ শতিকাৰ নৌসেনাক সুদৃঢ়কৰণৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে ডেষ্ট্ৰয়াৰ, ফ্ৰিগেট আৰু চাবমেৰিনক একেলগে কমিচন কৰা হৈছে। আৰু আটাইতকৈ গৌৰৱৰ কথাটো হ’ল এই তিনিওটা ফ্ৰন্টলাইন প্লেটফৰ্মেই হৈছে মেড ইন ইণ্ডিয়া। ভাৰতীয় নৌসেনা, ইয়াৰ নিৰ্মাণ কামৰে জড়িত সকলো সতীৰ্থ, অভিযন্তা, শ্ৰমিক আৰু সমগ্ৰ দেশক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আজিৰ কাৰ্য্যসূচীয়ে আমাৰ গৌৰৱময় ঐতিহ্যক ভৱিষ্যতৰ আকাংক্ষাৰাজিৰে সংযুক্ত কৰিছে। দীঘলীয়া সাগৰীয় যাত্ৰা, বাণিজ্য, নৌ-প্ৰতিৰক্ষা, জাহাজ উদ্যোগৰ ক্ষেত্ৰত আমাৰ এক চহকী ইতিহাস আছে। ইতিহাসৰপৰা প্ৰেৰণা লৈ আজিৰ ভাৰত বিশ্বৰ এক প্ৰধান সামুদ্ৰিক শক্তিত পৰিণত হৈছে। আজি মুকলি কৰা প্লেটফৰ্মসমূহেও ইয়াৰেই প্ৰতিফলন ঘটায়। উদাহৰণস্বৰূপে আমাৰ নীলগিৰি চোল বংশৰ সামুদ্ৰিক শক্তিৰ প্ৰতি উৎসৰ্গিত। চুৰাট যুদ্ধ জাহাজে আমাক সেই সময়ৰ কথা মনত পেলাই দিয়ে, যেতিয়া ভাৰতে গুজৰাটৰ বন্দৰেৰে পশ্চিম এছিয়াৰ সৈতে সংযোগ স্থাপন কৰিছিল। আজি এই দুখন জাহাজৰ সমান্তৰালকৈ ভগশ্বীৰ চাবমেৰিনৰো কাম আৰম্ভ হৈছে। কেইবছৰমান পূৰ্বে পি ৭৫ শ্ৰেণীৰ প্ৰথমখন চাবমেৰিন কালভাৰীৰ কমিচন অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাইছিলোঁ। আজি এই শ্ৰেণীৰ ষষ্ঠখন চাবমেৰিন ভগশ্বীৰৰো কমিচন কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। এই নতুন ফ্ৰন্টিয়াৰ প্লেটফৰ্মসমূহে ভাৰতৰ নিৰাপত্তা আৰু প্ৰগতি উভয়কে নতুন শক্তি প্ৰদান কৰিব।

 

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বতে আৰু বিশেষকৈ গ্ল’বেল চাউথত ভাৰতক এক নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে স্বীকৃতি জনোৱা হৈছে। ভাৰতে উন্নয়নৰ মনোভাৱেৰে কাম কৰে, সম্প্ৰসাৰণবাদৰ মনোভাৱেৰে নহয়। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মুকলি, নিৰাপদ, সৰ্বাংগীন আৰু সমৃদ্ধিশালী অঞ্চলক ভাৰতে সদায় সমৰ্থন কৰি আহিছে। সেয়েহে সাগৰৰ সীমান্তৱৰ্তী দেশৰ উন্নয়নৰ কথা আহিলে ভাৰতে সাগৰ (SAGAR) পদক্ষেপ গ্ৰহণ কৰিছে। সাগৰ মানে অঞ্চলটোৰ সকলোৰে বাবে সুৰক্ষা আৰু বিকাশৰ নিশ্চিতি। আমি সাগৰৰ দৃষ্টিভংগীৰে আগবাঢ়িছোঁ। যেতিয়া ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া আমি বিশ্ববাসীলৈ - এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ দৃষ্টি আগবঢ়াইছিলোঁ। ক'ৰোনাৰ বিৰুদ্ধে যুঁজ দিওঁতে যেতিয়া বিশ্বই ক্লান্ত হৈ পৰিছিল, তেতিয়া ভাৰতে এই দৃষ্টিভংগীৰেই অগ্ৰসৰ হৈছিল। আমি গোটেই পৃথিৱীখনকে আমাৰ পৰিয়াল বুলি গণ্য কৰোঁ। আমি সবকা সাথ, সবকা বিকাশৰ নীতিত বিশ্বাস কৰোঁ। আৰু সেইবাবেই ভাৰতে এই সমগ্ৰ অঞ্চলটোৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাক নিজৰ দায়িত্ব বুলি গণ্য কৰে।

বন্ধুসকল,

বিশ্বৰ নিৰাপত্তা, অৰ্থনীতি আৰু ভূ-ৰাজনৈতিক গতিশীলতাক গঢ় দিয়াত ভাৰতৰ দৰে সামুদ্ৰিক ৰাষ্ট্ৰই এটি বিশেষ ভূমিকা পালন কৰিবলৈ আগবাঢ়িছে। অৰ্থনৈতিক অগ্ৰগতি আৰু শক্তি সুৰক্ষাৰ বাবে ভূখণ্ডৰ জলসীমা সুৰক্ষিতকৰণ, যাতায়াতৰ স্বাধীনতা নিশ্চিতকৰণ আৰু বাণিজ্যিক যোগান লাইন তথা সাগৰীয় পথ সুৰক্ষিত কৰাটো গুৰুত্বপূৰ্ণ। আমি এই সমগ্ৰ অঞ্চলটোক সন্ত্ৰাসবাদ, অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰপৰা ৰক্ষা কৰিব লাগিব। আজি আমি সাগৰক সুৰক্ষিত আৰু সমৃদ্ধিশালী কৰি তোলাৰ ক্ষেত্ৰত বৈশ্বিক অংশীদাৰ হৈ উঠাটো গুৰুত্বপূৰ্ণ, আমি লজিষ্টিকছৰ দক্ষতা বৃদ্ধিৰ বাবে আৰু জাহাজ উদ্যোগৰ বাবে কাম কৰোঁ। আমি বিৰল খনিজ পদাৰ্থ, মাছৰ মজুতৰ দৰে সাগৰীয় সম্পদৰ অপব্যৱহাৰ ৰোধৰ ক্ষমতা গঢ়ি তোলোঁ আৰু সেইসমূহ পৰিচালনা কৰোঁ। আমি নতুন জাহাজ পথ আৰু যোগাযোগৰ সাগৰীয় পথ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত বিনিয়োগ কৰিছোঁ। আজি ভাৰতে এই দিশত অবিৰত পদক্ষেপ গ্ৰহণ কৰাত মই সুখী হৈছোঁ। ভাৰতে সমগ্ৰ ভাৰত মহাসাগৰ অঞ্চলত প্ৰথম সঁহাৰিদাতা হিচাপেও আত্মপ্ৰকাশ কৰিছে। যোৱা কেইমাহমানৰ ভিতৰতে আমাৰ নৌসেনাই শ-শ লোকৰ জীৱন ৰক্ষা কৰিছে, হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সামগ্ৰী সুৰক্ষিত কৰিছে। ইয়াৰ ফলত ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা বাঢ়িছে, আপোনালোক সকলোৰে বাবেই এয়া সম্ভৱ হৈ উঠিছে আৰু সেইবাবেই আজি আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ। ভাৰতীয় নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ ওপৰতো আস্থা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আজি আপোনাসৱে দেখিবলৈ পাইছে যে আছিয়ান, অষ্ট্ৰেলিয়া, উপসাগৰীয় বা আফ্ৰিকান দেশসমূহৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সহযোগিতা ক্ৰমাগতভাৱে সুদৃঢ় হৈ পৰিছে। ভাৰত মহাসাগৰ অঞ্চলত ভাৰতৰ উপস্থিতি আৰু ইয়াৰ শক্তি এই সম্পৰ্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰত এক অতিশয় গুৰুত্বপূৰ্ণ ভিত্তি। আৰু সেইবাবেই আজিৰ অনুষ্ঠানটো সামৰিক দৃষ্টিকোণৰ লগতে অৰ্থনৈতিক দৃষ্টিকোণৰপৰাও সমানেই গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতৰ সামৰিক সামৰ্থ্য অধিক সক্ষম আৰু আধুনিক কৰি তোলাত দেশে অগ্ৰাধিকাৰ প্ৰদান কৰিছে। জলেই হওঁক, স্থলয়েই হওঁক, আকাশেই হওঁক, গভীৰ সাগৰেই হওঁক বা অসীম মহাকাশেই হওঁক, ভাৰতে সকলোতে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিছে। ইয়াৰ বাবে অবিৰতভাৱে সংস্কাৰ সাধন কৰা হৈছে। প্ৰতিৰক্ষা মুৰব্বী স্থাপন কাৰ্য্যও তেনে এক সংস্কাৰ। ভাৰত থিয়েটাৰ কমাণ্ডৰ দিশতো আগবাঢ়িছে, যাতে আমাৰ বাহিনী অধিক কাৰ্য্যক্ষম হয়।

 

বন্ধুসকল,

ভাৰতৰ তিনিও সেনাই বিগত ১০ বছৰত যিদৰে আত্মনিৰ্ভৰশীলতাৰ মন্ত্ৰ গ্ৰহণ কৰিছে, সেয়া অতিশয় প্ৰশংসনীয়। সংকটৰ সময়ত ভাৰতৰ আন দেশৰ ওপৰত নিৰ্ভৰশীলতা ন্যূনতমকৰণৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব বুজি আপোনালোক সকলোৱে এই কামক আগুৱাই নিয়াৰ সমান্তৰালকৈ নেতৃত্ব প্ৰদান কৰিছে। আমাৰ সেনাই ৫ হাজাৰৰো অধিক এনে আহিলাৰ তালিকা প্ৰস্তুত কৰিছে, যিসমূহ তেওঁলোকে আৰু বহিঃৰাষ্ট্ৰৰপৰা আমদানি নকৰে। ভাৰতত নিৰ্মিত আহিলা লৈ যেতিয়া এজন ভাৰতীয় সৈনিক আগবাঢ়ি যায়, তেতিয়া তেওঁৰ আত্মবিশ্বাসো বৃদ্ধি পায়। যোৱা ১০ বছৰত কৰ্ণাটকত আৰম্ভ হৈছে দেশৰ সৰ্ববৃহৎ হেলিকপ্টাৰ নিৰ্মাণ কাৰখানা। সেনাবাহিনীৰ বাবে পৰিবহণ বিমান নিৰ্মাণৰ এটা কাৰখানা আৰম্ভ হৈছে। তেজছ যুদ্ধ বিমানে ভাৰতৰ সুনাম নতুন শিখৰলৈ নিছে। উত্তৰ প্ৰদেশ আৰু তামিলনাডুত নিৰ্মাণ হৈ থকা প্ৰতিৰক্ষা কৰিডৰসমূহে প্ৰতিৰক্ষা উৎপাদনক অধিক গতি প্ৰদান কৰিবলৈ ওলাইছে। আৰু মই সুখী যে আমাৰ নৌসেনায়ো মেক ইন ইণ্ডিয়া অভিযানক বহু পৰিমাণে সম্প্ৰসাৰণ কৰিছে। মাজগাঁও ডকয়াৰ্ডৰ আপোনালোক সকলো সতীৰ্থৰো এই ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিগত ১০ বছৰত ৩৩ খন জাহাজ আৰু ৭ খন চাবমেৰিন ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হৈছে। এই ৪০ খন নৌসেনাৰ জাহাজৰ ভিতৰত ৩৯ খন ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাত নিৰ্মাণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে আমাৰ বিশাল আইএনএছ বিক্ৰান্ত বিমানবাহী জাহাজ আৰু আইএনএছ অৰিহান্ত আৰু আইএনএছ অৰিঘাটৰ দৰে পাৰমাণৱিক চাবমেৰিন। মেক ইন ইণ্ডিয়াক এনে এক উদ্দীপনা যোগোৱাৰ বাবে দেশৰ তিনি সেনাবাহিনীক আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ। আজি ভাৰতৰ প্ৰতিৰক্ষা উৎপাদনে ১.২৫ লাখ কোটি টকা অতিক্ৰম কৰিলে। আমি ১০০ খনৰো অধিক দেশলৈ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছোঁ। মোৰ বিশ্বাস যে আপোনালোকৰ সহযোগত ভাৰতে নিজৰ প্ৰতিৰক্ষা খণ্ডৰ দ্ৰুত পৰিৱৰ্তন ঘটাবলৈ সক্ষম হ’ব।

বন্ধুসকল,

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শক্তি বৃদ্ধিৰ সমান্তৰালকৈ মেক ইন ইণ্ডিয়াই অৰ্থনৈতিক প্ৰগতিৰ নতুন দুৱাৰো মুকলি কৰিছে। উদাহৰণস্বৰূপে, জাহাজ নিৰ্মাণ ব্যৱস্থা ইয়াৰ উদাহৰণ। আপোনালোকৰ জ্ঞাত আৰু বিশেষজ্ঞসকলেও কয় যে জাহাজ নিৰ্মাণত যিমানেই বেছি বিনিয়োগ কৰা হয়, সিমানেই অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পৰে। অৰ্থাৎ আমি যদি জাহাজ নিৰ্মাণত এটকা বিনিয়োগ কৰোঁ, তেন্তে অৰ্থনীতিত প্ৰায় ১.৮২ টকা চাৰ্কুলেট হয়। কল্পনা কৰকচোন, বৰ্তমান দেশত ৬০ খন ডাঙৰ জাহাজ নিৰ্মাণৰ কাম অব্যাহত আছে। এইসমূহৰ মূল্য প্ৰায় ১.৫ লাখ কোটি টকা। অৰ্থাৎ এইখিনি টকা বিনিয়োগ কৰিলে আমাৰ অৰ্থনীতিত প্ৰায় ৩ লাখ কোটি টকা চাৰ্কুলেট হ’ব। আৰু নিয়োগৰ ক্ষেত্ৰত ইয়াৰ ছগুণ বহুগুণক প্ৰভাৱ পৰিব। বেছিভাগ সামগ্ৰী, জাহাজৰ বেছিভাগ অংশই দেশৰ এমএছএমইসমূহৰপৰা আহে। গতিকে ২০০০ শ্ৰমিক যদি জাহাজ নিৰ্মাণৰ কামত নিয়োজিত হয়, তেন্তে আনটো উদ্যোগ যিটো হৈছে এমএছএমই যোগানকাৰী, সেই এমএছএমই খণ্ডত প্ৰায় ১২ হাজাৰ চাকৰিৰ সৃষ্টি হয়।

বন্ধুসকল,

আজি ভাৰত দ্ৰুতগতিত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে। আমাৰ উৎপাদন আৰু ৰপ্তানি ক্ষমতাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। অনাগত বছৰসমূহত ভাৰতক শ-শ নতুন জাহাজ আৰু নতুন কন্টেইনাৰৰ প্ৰয়োজন হ’ব। গতিকে বন্দৰ নেতৃত্বাধীন উন্নয়নৰ এই আৰ্হিটোৱে আমাৰ অৰ্থনীতিক গতি প্ৰদানৰ লগতে হাজাৰ-হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

 

বন্ধুসকল,

এই খণ্ডত কেনেদৰে কৰ্মসংস্থাপন বৃদ্ধি পাইছে তাৰ উদাহৰণো সাগৰীয় যাত্ৰীসকলৰ সংখ্যা। ২০১৪ত ভাৰতত সাগৰীয় যাত্ৰীৰ সংখ্যা আছিল ১.২৫ লাখৰো কম। আজি এয়া দুগুণৰো অধিক বৃদ্ধিৰে প্ৰায় ৩ লাখ হৈছেগৈ। আজি ভাৰতে সামুদ্ৰিক যাত্ৰীসকলৰ পৰিসংখ্যাত বিশ্বৰ শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰিছে।

বন্ধুসকল,

একাধিক সিদ্ধান্ত গ্ৰহণেৰে আমাৰ চৰকাৰৰ তৃতীয় কাৰ্য্যকালৰ আৰম্ভণি হৈছে। আমি ক্ষীপ্ৰতাৰে নতুন নীতি নিৰ্ধাৰণ কৰিছোঁ আৰু দেশৰ প্ৰয়োজনীয়তাক লক্ষ্য কৰি নতুন কাম আৰম্ভ কৰিছোঁ। আমি দেশৰ প্ৰতিটো খণ্ড আৰু প্ৰতিটো কোণত অগ্ৰগতি সাধনৰ লক্ষ্যৰে কাম কৰি আছোঁ। বন্দৰ খণ্ডৰ সম্প্ৰসাৰণো ইয়াৰ এটা অংশ। আমাৰ তৃতীয় কাৰ্য্যকালৰ প্ৰথম গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত এটা আছিল মহাৰাষ্ট্ৰৰ বাধৱন বন্দৰৰ অনুমোদন। ইতিমধ্যে ৭৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই আধুনিক বন্দৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ইয়াৰদ্বাৰা মহাৰাষ্ট্ৰত হাজাৰ-হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব।

বন্ধুসকল,

দীৰ্ঘদিন ধৰি সীমান্ত আৰু উপকূলৰ সৈতে জড়িত সংযোগ আন্তঃগাঁথনিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। বিগত দহ বছৰত ইয়াৰ বাবে অভূতপূৰ্ব কাম কৰা হৈছে। মাত্ৰ দুদিন পূৰ্বে জম্মু-কাশ্মীৰত সোণমাৰ্গ সুৰংগ উদ্বোধনৰ সুযোগ পাইছিলোঁ। ইয়াৰদ্বাৰা আমাৰ সীমান্তৱৰ্তী অঞ্চল যেনেঃ কাৰ্গিল, লাডাখলৈ যোৱাটো অতি সহজ হৈ পৰিব। যোৱা বছৰ অৰুণাচল প্ৰদেশত ছেলা সুৰংগ উদ্বোধন কৰা হৈছিল। ইয়াৰ ফলত আমাৰ সেনাবাহিনীৰ এলএচিত প্ৰৱেশ সহজ হৈ পৰিছে। আজি শ্বিনকুন লা সুৰংগ আৰু জোজিলা সুৰংগৰ দৰে বহু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ কাম দ্ৰুতগতিত অব্যাহত আছে। ভাৰতমালা প্ৰকল্পৰ জৰিয়তে সীমান্ত অঞ্চলত উৎকৃষ্ট ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক নিৰ্মাণ কৰা হৈছে। সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়নত আজি ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰেমে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যোৱা দশকত আমি আমাৰ দূৰৈৰ দ্বীপবোৰতো গুৰুত্ব আৰোপ কৰিছোঁ। যি দ্বীপত কোনো লোক নাথাকে, সেই দ্বীপসমূহৰ নিয়মীয়া নিৰীক্ষণো কৰা হৈছে, কেৱল এয়াই নহয়, এতিয়া সেই দ্বীপসমূহৰ নতুন পৰিচয়ো হৈছে, এইসমূহক নতুন নাম দিয়া হৈছে। কেৱল এয়াই নহয়, ভাৰত মহাসাগৰৰ সাগৰৰ তলত থকা সাগৰীয় পৰ্বতসমূহৰ নামো ৰখা হৈছে। যোৱা বছৰ ভাৰতৰ উদ্যোগত এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই এনে ৫ স্থানৰ নাম দিছে। ভাৰত মহাসাগৰৰ অশোক ছিমাউন্ট, হৰ্ষবৰ্ধন ছিমাউন্ট, ৰজা চোল ছিমাউন্ট, কল্পতৰু ৰিজ আৰু চন্দ্ৰগুপ্ত ৰিজে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে।

 

বন্ধুসকল,

আমাৰ সকলোৰে জ্ঞাত যে ভৱিষ্যতে মহাকাশ আৰু গভীৰ সাগৰ উভয়ে কিমান গুৰুত্বপূৰ্ণ হৈ পৰিব। সেইবাবেই আজি ভাৰতে মহাকাশ আৰু গভীৰ সাগৰ উভয়তে নিজৰ সামৰ্থ্য বৃদ্ধি কৰিছে। আমাৰ সমুদ্ৰায়ণ প্ৰকল্পই বিজ্ঞানীসকলক সাগৰৰ ৬ হাজাৰ মিটাৰ গভীৰতালৈ লৈ যাব, য’লৈ মাত্ৰ কেইখনমান দেশহে যাব পাৰিছে। অৰ্থাৎ আমাৰ চৰকাৰে ভৱিষ্যতৰ কোনো সম্ভাৱনাৰ ক্ষেত্ৰত সকলো প্ৰচেষ্টাই গ্ৰহণ কৰিছে।

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতে সম্পূৰ্ণ আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ আমি দাসত্বৰ বান্ধোনৰপৰা মুক্ত হোৱাটো অতিশয় প্ৰয়োজনীয়। আৰু আমাৰ নৌসেনাই ইয়াতো নেতৃত্ব প্ৰদৰ্শন কৰিছে। নৌসেনাই নিজৰ পতাকাখনক ছত্ৰপতি শিৱাজী মহাৰাজৰ গৌৰৱময় পৰম্পৰাৰে সংযুক্ত কৰিছে। নৌসেনাই ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰম্পৰা অনুসৰি এডমিৰেল ৰেংকৰ ইপলেটসমূহো নতুনকৈ ডিজাইন কৰিছে। মেক ইন ইণ্ডিয়া অভিযান, ভাৰতৰ আত্মনিৰ্ভৰ অভিযানেও দাসত্বৰ মানসিকতাৰপৰা মুক্তিক প্ৰোৎসাহিত কৰে। মোৰ বিশ্বাস যে আপোনালোক সকলোৱে দেশখনক এনে গৌৰৱৰ মুহূৰ্তলৈ লৈ যাব, যিয়ে ভাৰতক এখনি বিকশিত ৰাষ্ট্ৰ হিচাপ পৰিগণিত কৰিব। আমাৰ দায়িত্ব বেলেগ হ'ব পাৰে, কিন্তু সকলোৰে লক্ষ্য একেই – এখনি উন্নত ভাৰত গঢ়া। আজি দেশে যি নতুন ফ্ৰন্টিয়াৰ প্লেটফৰ্ম লাভ কৰিছে, সি আমাৰ সংকল্পক অধিক সুদৃঢ় কৰি তুলিব।

 

আৰু সতীৰ্থসকল,

এতিয়া যদি মই অকণমান সময় ধেমালি কৰোঁ, তেন্তে মোৰ অভিজ্ঞতা হৈ আহিছে যে মই সেনাবাহিনীৰ সকলো কাৰ্য্যসূচীতে গৈছোঁ আৰু যদি কাৰোবাৰ খাদ্যৰ সৰ্বোত্তম ব্যৱস্থা আছে, তেন্তে সেয়া হৈছে নৌসেনাৰ, যি বৈচিত্ৰ্যৰে ভৰা।

 

বন্ধুসকল,

এয়া এক বিশেষ অনুষ্ঠান, সমগ্ৰ দেশে আপোনালোকক শুভেচ্ছা জনাইছে, সমগ্ৰ দেশ গৌৰৱেৰে ভৰি পৰিছে আৰু সেইবাবেই নতুন আত্মবিশ্বাসেৰে, নতুন উদ্যম আৰু উৎসাহেৰে, নতুন সংকল্পেৰে এখনি উন্নত ভাৰতৰ লক্ষ্য পৰিপূৰণৰ বাবে পূৰ্ণ শক্তিৰে আমিও যোগদান কৰা উচিত। এই তিনিটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে, এই গুৰুত্বপূৰ্ণ উপহাৰৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাই মোৰ ভাষণৰ সামৰণি মাৰিব খুজিছোঁ। আপোনালোক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি সকলোৱে কওঁচোন আহকঃ

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”