এইমছ গুৱাহাটী আৰু অন্য তিনিখন চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰৰ নামত উচৰ্গা
‘আপকে দ্বাৰ আয়ুষ্মান’ (আপোনাৰ দুৱাৰদলিত আয়ুষ্মান) অভিযানৰ শুভাৰম্ভ
অসম উন্নত স্বাস্থ্যসেৱা উদ্ভাৱন প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন
“বিগত ৯ বছৰত উত্তৰ-পূবত সামাজিক আন্তঃগাঁথনি উল্লেখযোগ্যভাৱে উন্নত হৈছে”
“আমি জনতাৰ বাবে ‘সেৱা ভাৱে’ৰে কাম কৰো”
“উত্তৰ-পূবৰ উন্নয়নৰ জৰিয়তেহে ভাৰতৰ উন্নয়নৰ মন্ত্ৰৰে আমি আগুৱাই গৈছো”
“চৰকাৰৰ নীতি, উদ্দেশ্য আৰু প্ৰতিশ্ৰুতি স্বাৰ্থৰ দ্বাৰা নহয় বৰঞ্চ ‘ৰাষ্ট্ৰ প্ৰথম-জনসাধাৰণ প্ৰথম’ৰ মনোভাৱৰ দ্বাৰা পৰিচালিত হয়”
“বংশবাদ, আঞ্চলিকতাবাদ, দুৰ্নীতি আৰু অস্থিৰতাৰ ৰাজনীতিয়ে যেতিয়া আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া উন্নয়ন অসম্ভৱ হৈ পৰে”
“আমাৰ চৰকাৰে আৰম্ভ কৰা আঁচনিসমূহে মহিলাসকলৰ স্বাস্থ্যৰ বহুখিনি উপকাৰ সাধন কৰিছে”
“আমাৰ চৰকাৰে একবিংশ শতিকাৰ প্ৰয়োজন অনুসৰি ভাৰতৰ স্বাস্থ্য খণ্ডক আধুনিকীকৰণ কৰি আছে”
“ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ পৰিৱৰ্তনৰ আটাইতকৈ ডাঙৰ আধাৰ হৈছে সবকা প্ৰয়াস”

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ৩,৪০০ কোটিৰো অধিক টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ প্ৰধানমন্ত্ৰীয়ে এইমছ গুৱাহাটীৰ লগতে অন্য তিনিখন চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। তদুপৰি, তেওঁ অসম উন্নত স্বাস্থ্যসেৱা উদ্ভাৱন প্ৰতিষ্ঠান(এএএইচআইআই)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে একাংশ যোগ্য হিতাধিকাৰীক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (এবি-পিএমজেৱাই) কাৰ্ড বিতৰণ কৰি ‘আপকে দ্বাৰ আয়ুষ্মান’(আপোনাৰ দুৱাৰদলিত আয়ুষ্মান) অভিযানৰ শুভাৰম্ভ কৰে।

 

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূর্বাঞ্চলে প্রথমখন এইমছ আৰু অসমে তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় পোৱাৰ লগে লগে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ স্বাস্থ্য আন্তঃগাঁথনিয়ে নতুন শক্তি লাভ কৰিছে৷ তেওঁ উল্লেখ কৰে যে আইআইটি গুৱাহাটীৰ সহযোগত উন্নত গৱেষণাৰ বাবেও ৫০০খন বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে অসমৰ লাখ লাখ নাগৰিকক আয়ুষ্মান কাৰ্ড বিতৰণৰ বাবে মিছন মোডত কাম চলি আছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু মিজোৰামৰ নাগৰিকসকলেও আজিৰ উন্নয়নমূলক প্ৰকল্পৰ সুফল লাভ কৰিব। আজিৰ প্ৰকল্পসমূহৰ বাবে প্ৰধানমন্ত্ৰীয়ে সকলোকে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে বিগত ৮-৯ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু পথ, ৰে’ল আৰু বিমানবন্দৰৰ আন্তঃগাঁথনিৰ চকুতলগা উন্নতিৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভৌতিক আন্তঃগাঁথনিৰ লগতে সামাজিক আন্তঃগাঁথনিয়েও অঞ্চলটোত ব্যাপক উত্থান লাভ কৰিছে কাৰণ শিক্ষা আৰু স্বাস্থ্য সুবিধাসমূহ অভূতপূৰ্বভাৱে সম্প্ৰসাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অন্তিম ভ্ৰমণৰ সময়ত কেইবাখনো চিকিৎসা মহাবিদ্যালয় উপহাৰ দিছিল আৰু আজি তেওঁ এইমছ আৰু অন্য তিনিখন চিকিৎসা মহাবিদ্যালয় উপহাৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ নিত্য উন্নতিশীল ৰে’ল-পথ সংযোগৰ পৰা চিকিৎসা সুবিধাসমূহ আৰু ৰোগীসকলক আগবঢ়োৱা সহায়ৰ ওপৰতো আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ শাসন ব্যৱস্থাত ঋণ লোৱাৰ ক্ষুধা আৰু জনসাধাৰণৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ ভাৱনাই দেশখনক কেনেকৈ অসহায় কৰি তুলিছিল সেই কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে সাধাৰণ জনতাক ঈশ্বৰৰ এক ৰূপ বুলি অভিহিত কৰে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহে উত্তৰ-পূবক পৃথক বুলি অনুভৱ কৰিছিল আৰু ইয়াক মূল ভূখণ্ডৰ পৰা বহু দূৰত বুলি গণ্য কৰিছিল। কিন্তু বৰ্তমানৰ চৰকাৰখনে, সেৱামুখী বিশ্বাস এটা লৈ আহে যিয়ে উত্তৰ-পূবক অতি কাষ চাপিব পৰা কৰি তোলে আৰু সান্নিধ্যৰ অনুভূতি কেতিয়াও অন্ত নপৰে বুলি প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে৷

প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে নিজৰ ভাগ্য আৰু উন্নয়নৰ দায়িত্ব লোৱাত আনন্দ প্ৰকাশ কৰে। ‘উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নৰ জৰিয়তে ভাৰতৰ উন্নয়নৰ মন্ত্র লৈ আমি আগবাঢ়িছো৷ উন্নয়নৰ এই আন্দোলনত কেন্দ্ৰীয় চৰকাৰে বন্ধু আৰু সেৱক হিচাপে সংগ দি আছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

 

অঞ্চলটোৰ দীৰ্ঘদিনীয়া প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া বংশবাদ, আঞ্চলিকতাবাদ, দুৰ্নীতি আৰু অস্থিৰতাৰ ৰাজনীতিয়ে আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া উন্নয়ন অসম্ভৱ হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ ক্ষেত্ৰত এইটো হৈছিল। ৫০ৰ দশকত স্থাপিত হোৱা এইমছৰ উদাহৰণ দি তেওঁ এই কথাৰ উদাহৰণ দাঙি ধৰিলে আৰু দেশৰ অন্যান্য প্ৰান্তত এইমছ খোলাৰ কোনো প্ৰয়াস কৰা নহ’ল। শ্ৰী অটল বিহাৰী বাজপেয়ীৰ সময়ত এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতো প্ৰধানমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী বছৰবোৰত প্ৰচেষ্টা লৰচৰ কৰা নাছিল, আৰু ২০১৪ চনৰ পিছতহে এই বিষয়সমূহ বৰ্তমান চৰকাৰে গুৰুত্বসহকাৰে লৈছে। তেওঁ জনায় যে শেহতীয়া বছৰবোৰত চৰকাৰে ১৫খন এইমছৰ কাম আৰম্ভ কৰিছে আৰু ইয়াৰে অধিকাংশতে ইতিমধ্যে চিকিৎসা আৰু পাঠ্যক্ৰম আৰম্ভ হৈছে। “এইমছ গুৱাহাটীও হৈছে এক নিদৰ্শন, যিটো এই চৰকাৰে লোৱা সকলো সংকল্প পূৰণ কৰে”, প্ৰধানমন্ত্ৰীয়ে কয়।

পূৰ্বৰ চৰকাৰসমূহৰ নীতিয়ে দেশত চিকিৎসক আৰু চিকিৎসা বৃত্তিৰ অভাৱৰ সৃষ্টি কৰিছিল আৰু গুণগত স্বাস্থ্য সেৱাৰ পূৰ্বে দেৱাল স্থাপন কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে দোঁহাৰে। প্ৰধানমন্ত্ৰীয়ে জনায় যে বিগত ৯ বছৰত চৰকাৰে দেশৰ চিকিৎসা আন্তঃগাঁথনি আৰু চিকিৎসা বৃত্তিধাৰীসকলক উন্নীত কৰাৰ বাবে বিপুল পৰিসৰত কাম কৰিছে। চিকিৎসা আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা উন্নয়নৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ২০১৪ চনৰ এটা দশকৰ পূৰ্বে মাত্ৰ ১৫০খন চিকিৎসা মহাবিদ্যালয়ৰ তুলনাত বিগত ৯ বছৰত প্ৰায় ৩০০খন চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈ উঠিছে। তেওঁ লগতে কয় যে দেশত এমবিবিএছৰ আসনৰ সংখ্যা বিগত ৯ বছৰত দুগুণ বৃদ্ধি পাই প্ৰায় ১ লাখ হৈছে, আনহাতে স্নাতকোত্তৰ আসন ১১০ শতাংশ বৃদ্ধি পাইছে। দেশত চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠনৰ লগে লগে পিছপৰা পৰিয়ালৰ যুৱক-যুৱতীসকলে যাতে চিকিৎসক হোৱাৰ সপোন পূৰণ কৰিব পাৰে তাৰ বাবে সংৰক্ষণো নিশ্চিত কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে ডেৰ শতাধিক নাৰ্চিং কলেজকো এইবাৰৰ বাজেটৰ অংশ হিচাপে ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত বিগত ৯ বছৰত আসনৰ সংখ্যাৰ লগতে অঞ্চলটোৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা দুগুণ বৃদ্ধি পোৱাৰ বিপৰীতে কেইবাখনো নতুন মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম চলি আছে।

 

প্ৰধানমন্ত্ৰীয়ে চিকিৎসা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত কৰা কঠিন কামৰ কৃতিত্ব কেন্দ্ৰটোৰ এখন শক্তিশালী আৰু সুস্থিৰ চৰকাৰক প্ৰদান কৰে। তেওঁ কয় যে বিজেপি চৰকাৰসমূহৰ নীতি, উদ্দেশ্য আৰু প্ৰতিশ্ৰুতি স্বাৰ্থৰ দ্বাৰা নহয় বৰঞ্চ ‘ৰাষ্ট্ৰ প্ৰথম-জনসাধাৰণ প্ৰথম’ৰ মনোভাৱেৰে পৰিচালিত হয়। তেওঁ কয় যে সেইবাবেই চৰকাৰৰ গুৰুত্ব ভোট বেংকত নহয়, নাগৰিকৰ সমস্যা হ্ৰাস কৰাতহে আছিল। প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ পৰিয়ালৰ চিকিৎসাৰ বাবে আৰ্থিক সম্পদৰ অভাৱৰ দুৰ্দশাৰ মোকাবিলা কৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আয়ুষ্মান যোজনাৰ কথা কয়। একেদৰে ৯,০০০ জনৌষাধি কেন্দ্ৰই সুলভ মূল্যৰ ঔষধ যোগান ধৰিছে। লগতে প্ৰতিখন জিলাতে ষ্টেণ্ট আৰু আঁঠু সংৰোপন আৰু বিনামূলীয়া ডায়েলাইছিছ চেণ্টাৰৰ খৰচৰ ওপৰত চিলিঙৰ কথাও উল্লেখ কৰে। ১.৫ লাখৰো অধিক আৰোগ্য কেন্দ্ৰই আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু উন্নত চিকিৎসাৰ বাবে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানেও দেশ আৰু দৰিদ্ৰ লোকৰ এক গুৰুত্বপূৰ্ণ চিকিৎসা প্ৰত্যাহ্বানক সামৰি লৈছে। পৰিষ্কাৰ-পৰিচ্ছন্নতা, যোগ আৰু আয়ুৰ্বেদৰ জৰিয়তে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে আৰোগ্য আৰু ৰোগ প্ৰতিৰোধ ব্যৱস্থা  উন্নত হ’ব।

চৰকাৰী আঁচনিসমূহৰ সফলতাৰ কথা আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ সেৱা কৰাৰ সুযোগ পাই তেওঁ নিজকে ধন্য মানিছে৷ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ উদাহৰণ দি তেওঁ কয় যে ই দৰিদ্ৰ লোকসকলৰ বাবে ৮০,০০০ কোটি টকা সঞ্চয়ত সহায় কৰা এক সমৰ্থন ব্যৱস্থাত পৰিণত হৈছে। মধ্যবিত্ত শ্ৰেণীক ২০,০০০ কোটি টকা সঞ্চয় কৰাত সহায় কৰাৰ বাবে জন ঔষধি কেন্দ্ৰক কৃতিত্ব দিয়ে। তেওঁ লগতে কয় যে ষ্টেণ্ট আৰু আঁঠুৰ সংৰোপণৰ খৰচ কমি যোৱাৰ বাবে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে প্ৰতি বছৰে ১৩,০০০ কোটি টকা ৰাহি কৰিছে, আনহাতে বিনামূলীয়া ডায়েলাইছিছৰ সুবিধাই দৰিদ্ৰ বৃক্ক ৰোগীৰ ৫০০ কোটি টকা ৰাহি কৰাত সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে অসমতো প্ৰায় ১ কোটি আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদানৰ অভিযান আৰম্ভ হৈছে, যিটোৱে জনসাধাৰণক অধিক ধন সঞ্চয় কৰাত বহু পৰিমাণে সহায় কৰিব।

 

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহে মহিলাৰ কল্যাণৰ ওপৰত কি প্ৰভাৱ পেলাব সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে দীঘলীয়াকৈ ব্যাখ্যা কৰে। তেওঁ মহিলাসকলে নিজৰ স্বাস্থ্যৰ বাবে খৰচ কৰিবলৈ পৰম্পৰাগতভাৱে অনিচ্ছা প্ৰকাশ কৰে। তেওঁ কয় যে শৌচাগাৰৰ সংখ্যা বৃদ্ধিয়ে তেওঁলোকক বহু বেমাৰৰ পৰা আৰু উজ্জ্বলা সংযোগে ধোঁৱাজনিত সমস্যাৰ পৰা ৰক্ষা কৰিলে। জল জীৱন মিছনে পানীজনিত ৰোগত সহায় কৰিছিল আৰু মিছন ইন্দ্ৰধনুষে গুৰুতৰ ৰোগৰ বিনামূলীয়া টিকাকৰণৰ জৰিয়তে ৰক্ষা কৰিছে। আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনি আৰু ৰাষ্ট্ৰীয় পুষ্টি অভিযানে মহিলাসকলৰ স্বাস্থ্যৰ সূচক উন্নত কৰে। “যেতিয়া চৰকাৰ সংবেদনশীল হয় আৰু দুখীয়াৰ প্ৰতি সেৱাৰ অনুভূতি জাগ্ৰত হয়, তেতিয়াহে এনে কাম কৰিব পাৰে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

শ্ৰী মোদীয়ে কয়, “আমাৰ চৰকাৰে একবিংশ শতিকাৰ প্ৰয়োজন অনুসৰি ভাৰতৰ স্বাস্থ্য খণ্ডকো আধুনিকীকৰণ কৰি আছে।” তেওঁ আয়ুষ্মান ভাৰত ডিজিটেল হেল্থ মিছন আৰু ডিজিটেল হেল্থ আইডিৰ বিষয়ে উল্লেখ কৰে, যিবোৰে এটা ক্লিকতে নাগৰিকৰ স্বাস্থ্যৰ ৰেকৰ্ড তৈয়াৰ কৰিব আৰু চিকিৎসালয়ৰ সেৱাৰ উন্নতি সাধন কৰিব। তেওঁ আনন্দ প্ৰকাশ কৰে যে এই পৰ্যন্ত ৩৮ কোটি স্বাস্থ্য আইডি প্ৰদান কৰা হৈছে আৰু ২ লাখৰো অধিক স্বাস্থ্য সুবিধা আৰু ১.৫ লাখ স্বাস্থ্য বৃত্তিধাৰীৰ পৰীক্ষা কৰা হৈছে। ই-সঞ্জীৱনীৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে এই আঁচনিৰ জৰিয়তে ১০ কোটি ই-পৰামৰ্শদান সম্পূৰ্ণ কৰাৰ কৃতিত্বৰ কথা উল্লেখ কৰে।

 

“ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ পৰিৱৰ্তনৰ আটাইতকৈ ডাঙৰ আধাৰ হৈছে সবকা প্ৰয়াস (সকলোৰে প্ৰচেষ্টা)”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ক’ৰোনা সংকটৰ সময়ত সবকা প্ৰয়াসৰ মনোভাৱৰ স্মৰণ কৰি উল্লেখ কৰে যে সমগ্ৰ বিশ্বই বিশ্বৰ আটাইতকৈ ডাঙৰ, দ্ৰুততম আৰু ফলপ্ৰসূ ক’ভিড টিকাকৰণ অভিযানৰ প্ৰশংসা কৰিছে। তেওঁ আশাকৰ্মী, অংগনবাড়ী কৰ্মী, প্ৰাথমিক স্বাস্থ্যসেৱা কৰ্মী আৰু ঔষধ খণ্ডৰ অৱদানৰ কথা উল্লেখ কৰি অতি কম সময়ৰ ভিতৰতে মেড ইন ইণ্ডিয়া ভেকচিন আনকি দূৰ্গম স্থানলৈও যোগান ধৰাত তেওঁলোকৰ অৱদানৰ কথা উল্লেখ কৰে। “ইমান ডাঙৰ মহাযজ্ঞ সফল হয় তেতিয়াহে, যেতিয়া সবকা প্ৰয়াস (সকলোৰে প্ৰচেষ্টা) আৰু সবকা বিশ্বাস (সকলোৰে বিশ্বাস) থাকে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ভাষণৰ সামৰণিত সকলোকে সবকা প্ৰয়াসৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ আৰু সুস্থ ভাৰত, সমৃদ্ধিশালী ভাৰতৰ অভিযানক নতুন উচ্চতালৈ লৈ যাবলৈ আহ্বান জনায়।

এই উপলক্ষে অনুষ্ঠানত অসমৰ ৰাজ্যপাল, শ্ৰী গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° মনসুখ মাণ্ডভিয়া, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ ভাৰতী পাৱাৰ আৰু  অসম চৰকাৰৰ অন্যান্যসকল মন্ত্ৰীসকল উপস্থিত থাকে।

পটভূমিঃ

গুৱাহাটীস্থিত এইমছৰ কাৰ্যকৰীকৰণে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে চিহ্নিত হ’ব। এই এইমছৰ কাৰ্যকৰীকৰণেই সমগ্ৰ দেশৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ফলৱতী কৰাৰ এক শক্তিশালী প্ৰমাণ। স্মৰ্তব্য যে ২০১৭ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰীয়ে এই চিকিৎসালয়খনৰ আধাৰশিলাও স্থাপন কৰিছিল। ১১২০ কোটি টকাতকৈও অধিক পুঁজি ব্যয়েৰে নিৰ্মিত এইমছ গুৱাহাটী হৈছে ৩০খন আয়ুষ বিচনাসহ ৭৫০খন বিচনাযুক্ত এক অত্যাধুনিক চিকিৎসালয়। এই চিকিৎসালয়খনত প্ৰতি বছৰে ১০০গৰাকী এমবিবিএছ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰাৰ সুবিধাও সন্নিৱিষ্ট কৰা হৈছে। আশা কৰা হৈছে যে চিকিৎসালয়খনে উত্তৰ-পূৰ্বাঞ্চলবাসীক বিশ্বমানৰ স্বাস্থ্য সেৱা-সুবিধা প্ৰদান কৰিব।

 

ইফালে একেই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীয়ে নলবাৰীস্থিত নলবাৰী চিকিৎসা মহাবিদ্যালয়সহ তিনিখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে নগাঁওৰ নগাঁও চিকিৎসা মহাবিদ্যালয়; আৰু কোকৰাঝাৰৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। এই তিনিওখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে প্ৰায় ৬১৫ কোটি টকা, ৬০০ কোটি টকা আৰু ৫৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰীকালীন সেৱা, আইচিইউ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধা আদিৰ উপৰি অ'পিডি/আইপিডি সেৱাৰ সৈতে সংলগ্ন ৫০০ খন বিচনাযুক্ত শিক্ষণ চিকিৎসালয় আছে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তে প্ৰতি বছৰে ১০০গৰাকীকৈ শিক্ষাৰ্থীয়ে এমবিবিএছ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিবলগীয়া 'আপকে দ্বাৰ আয়ুষ্মান' (আপোনাৰ দুৱাৰদলিত আয়ুষ্মান) অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ হৈছে কল্যাণমূলক আঁচনিসমূহৰ ১০০ শতাংশই প্ৰতিগৰাকী হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাৰ বাবে তেওঁ দেখা সপোন বাস্তৱায়িত কৰাৰ দিশত এক শক্তিশালী পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে প্ৰতীকি ৰূপত এই অনুষ্ঠানতে তিনিগৰাকী প্ৰতিনিধি হিতাধিকাৰীক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবি-পিএমজেএৱাই) কাৰ্ড বিতৰণ কৰিব। ইয়াৰ পিছতে ৰাজ্যখনৰ সকলো জিলাতে প্ৰায় ১.১ কোটি এবি-পিএমজেএৱাই কাৰ্ড বিতৰণ কৰা হ'ব।

ইফালে, অসম উন্নত স্বাস্থ্য সেৱা উদ্ভাৱন প্ৰতিষ্ঠানৰ (এএএইচআইআই) আধাৰশিলা হৈছে স্বাস্থ্য সম্পৰ্কীয় এলেকাসমূহত প্ৰধানমন্ত্ৰীৰ 'আত্মনিৰ্ভৰ ভাৰত' আৰু 'মেক ইন ইণ্ডিয়া'ৰ বাবে দেখা স্বপ্ন বাস্তৱায়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। উল্লেখ্য যে দেশৰ স্বাস্থ্যসেৱাত ব্যৱহৃত অধিকাংশ প্ৰযুক্তিয়েই আমদানি কৰা হয়, আৰু এক পৃথক প্ৰেক্ষাপটত বিকশিত কৰা হয়, যিবোৰ ভাৰতীয় পৰিৱেশত কাম কৰিবলৈ অতি ব্যয়বহুল আৰু জটিল হৈ পৰে। এএএইচআইআইক এনেবোৰ দিশৰ এক শক্তিশালী বিকল্পৰ পৰিপ্ৰেক্ষিততে সাজু কৰা হৈছে আৰু ই এনেদৰে কাম কৰিব যাতে 'আমি আমাৰ নিজৰ সমস্যাৰ বাবে নিজা সমাধান বিচাৰি পাওঁ'। প্ৰায় ৫৪৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এএএইচআইআয়ে ঔষধ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অত্যাধুনিক আৱিষ্কাৰ আৰু উন্নয়নৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰি স্বাস্থ্য সম্পৰ্কীয় দেশৰ ভিন্ন আৰু আচহুৱা সমস্যাসমূহ চিনাক্ত কৰিব আৰু সেই সমস্যাবোৰৰ সমাধানৰ বাবে নতুন প্ৰযুক্তিৰ বিকাশত সহায় কৰিব। 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA

Media Coverage

Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Welcomes Release of Commemorative Stamp Honouring Emperor Perumbidugu Mutharaiyar II
December 14, 2025

Prime Minister Shri Narendra Modi expressed delight at the release of a commemorative postal stamp in honour of Emperor Perumbidugu Mutharaiyar II (Suvaran Maran) by the Vice President of India, Thiru C.P. Radhakrishnan today.

Shri Modi noted that Emperor Perumbidugu Mutharaiyar II was a formidable administrator endowed with remarkable vision, foresight and strategic brilliance. He highlighted the Emperor’s unwavering commitment to justice and his distinguished role as a great patron of Tamil culture.

The Prime Minister called upon the nation—especially the youth—to learn more about the extraordinary life and legacy of the revered Emperor, whose contributions continue to inspire generations.

In separate posts on X, Shri Modi stated:

“Glad that the Vice President, Thiru CP Radhakrishnan Ji, released a stamp in honour of Emperor Perumbidugu Mutharaiyar II (Suvaran Maran). He was a formidable administrator blessed with remarkable vision, foresight and strategic brilliance. He was known for his commitment to justice. He was a great patron of Tamil culture as well. I call upon more youngsters to read about his extraordinary life.

@VPIndia

@CPR_VP”

“பேரரசர் இரண்டாம் பெரும்பிடுகு முத்தரையரை (சுவரன் மாறன்) கௌரவிக்கும் வகையில் சிறப்பு அஞ்சல் தலையைக் குடியரசு துணைத்தலைவர் திரு சி.பி. ராதாகிருஷ்ணன் அவர்கள் வெளியிட்டது மகிழ்ச்சி அளிக்கிறது. ஆற்றல்மிக்க நிர்வாகியான அவருக்குப் போற்றத்தக்க தொலைநோக்குப் பார்வையும், முன்னுணரும் திறனும், போர்த்தந்திர ஞானமும் இருந்தன. நீதியை நிலைநாட்டுவதில் அவர் உறுதியுடன் செயல்பட்டவர். அதேபோல் தமிழ் கலாச்சாரத்திற்கும் அவர் ஒரு மகத்தான பாதுகாவலராக இருந்தார். அவரது அசாதாரண வாழ்க்கையைப் பற்றி அதிகமான இளைஞர்கள் படிக்க வேண்டும் என்று நான் கேட்டுக்கொள்கிறேன்.

@VPIndia

@CPR_VP”