"খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া, 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ মহান মাধ্যম হৈ উঠিছে"
"যোৱা ৯টা বছৰত ভাৰতত ক্ৰীড়াৰ এটা নতুন যুগৰ সূচনা হৈছে, ক্ৰীড়াৰ মাধ্যমেৰে সমাজক শক্তিশালী কৰাৰ এটা যুগ"
"ক্ৰীড়াক এতিয়া এক আকৰ্ষণীয় বৃত্তি হিচাপে গণ্য কৰা হৈছে আৰু 'খেলো ইণ্ডিয়া অভিযান'-য়ে ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিছে"
"ৰাষ্ট্ৰীয় শৈক্ষিক নীতি'য়ে ক্ৰীড়াক এটা বিষয় হিচাপে লোৱাৰ প্ৰস্তাৱ দিছে য'ত ই পাঠ্যক্ৰমৰ অংশ হ'ব"
খেলসমাৰোহত ২০০খনতকৈয়ো অধিক বিশ্ববিদ্যালয়ৰ ৪৭৫০ৰো অধিক খেলুৱৈয়ে ২১টা ক্ৰীড়া শ্ৰেণীত অংশগ্ৰহণ কৰিছে।
"ক্ৰীড়াক এতিয়া এক আকৰ্ষণীয় বৃত্তি হিচাপে গণ্য কৰা হৈছে আৰু ‘খেলো ইণ্ডিয়া অভিযানে’- ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিছে" বুলি মন্তব্য কৰে
তেওঁ কয় যে আনকি গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলসমূহেও উন্নত ক্ৰীড়া আন্তঃগাঁথনি লাভ কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ ২০২৩’ৰ শুভাৰম্ভ ঘোষণা কৰে। খেলসমাৰোহত ২০০খনতকৈয়ো অধিক বিশ্ববিদ্যালয়ৰ ৪৭৫০ৰো অধিক খেলুৱৈয়ে ২১টা ক্ৰীড়া শ্ৰেণীত অংশগ্ৰহণ কৰিছে।

সমবেত সকলক সম্বোধন কৰা প্ৰধানমন্ত্ৰীয়ে ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া ২০২৩’ৰ সংগঠনক অভিনন্দন জ্ঞাপন কৰি কয় যে উত্তৰ প্ৰদেশ আজি ক্ৰীড়া প্ৰতিভাৰ সংগমস্থলী হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া’ত অংশগ্ৰহণ কৰা ৪০০০ খেলুৱৈ বিভিন্ন ৰাজ্য আৰু অঞ্চলৰ পৰা আহিছে আৰু তেওঁ তেওঁলোকক বিশেষকৈ ৰাজ্যখনৰ সংসদ সদস্য হিচাপে আদৰণি জনায়। তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে অনুষ্ঠানটোৰ সামৰণি অনুষ্ঠান বাৰাণসীত অনুষ্ঠিত হ'ব যিটো তেওঁৰ সমসদীয় সমষ্টি। ভাৰতে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰি থকা সময়ত ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া’ৰ তৃতীয় তাঙৰণ আয়োজনৰ গুৰুত্ব লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দলীয় মনোভাৱৰ সৈতে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ আবেগ সৃষ্টি কৰাৰ বাবে এই অনুষ্ঠান এক উৎকৃষ্ট মাধ্যম হৈ উঠিছে। তেওঁ কয় যে বিভিন্ন অঞ্চলৰ পৰা অহা খেলুৱৈসকলে ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰিব আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিব য'ত অনুষ্ঠানসমূহ অনুষ্ঠিত হৈ আছে। ইয়াৰ ফলত এনে ঠাইসমূহৰ সৈতে সংযোগ গঢ়ি উঠিব বুলি প্ৰধানমন্ত্ৰীয়ে কয় আৰু বিশ্বাস ব্যক্ত কৰে যে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰাটো সকলো খেলুৱৈৰ বাবে এক প্ৰিয় স্মৃতি হ'ব। তেওঁ আগন্তুক প্ৰতিযোগিতাসমূহত তেওঁলোকৰ বৃহৎ সফলতা কামনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৯টা বছৰত ভাৰতত ক্ৰীড়াৰ এক নতুন যুগ আৰম্ভ হৈছে যি কেৱল ভাৰতক ক্ৰীড়াক্ষেত্ৰত এক বৃহৎ শক্তি হিচাপে গঢ়ি তোলাৰ বাবেই নহয়, ক্ৰীড়াৰ মাধ্যমৰ জৰিয়তে সমাজক শক্তিশালী কৰাৰো যুগ। প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়াৰ প্ৰতি পূৰ্বৰ উদাসীনতাৰ কথা স্মৰণ কৰে য'ত ক্ৰীড়াই চৰকাৰৰ পৰা প্ৰয়োজনীয় সমৰ্থন লাভ কৰা নাছিল। ইয়াৰ ফলত দৰিদ্ৰ, মধ্যবিত্ত আৰু গ্ৰাম্যাঞ্চলৰ শিশুসকলৰ বাবে ক্ৰীড়াত উৎকৃষ্টতা অৰ্জন কৰাটো অত্যন্ত কঠিন হৈ পৰিছিল। যিটোৱে বহুতো অভিভাৱকক ক্ৰীড়াক উপেক্ষা কৰিবলৈ বাধ্য কৰিছিল, কিয়নো কেৰিয়াৰ হিচাপে ক্ৰীড়াত সুযোগ সীমিত আছিল। প্ৰধানমন্ত্ৰীয়ে অভিভাৱকসকলৰ মাজত ক্ৰীড়াৰ প্ৰতি থকা মনোভাৱৰ বৃহৎ পৰিৱৰ্তনৰ কথা উল্লেখ কৰে। "ক্ৰীড়াক এতিয়া এক আকৰ্ষণীয় বৃত্তি হিচাপে গণ্য কৰা হৈছে আৰু ‘খেলো ইণ্ডিয়া অভিযানে’- ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিছে" বুলি মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতত অনুষ্ঠিত ‘কমনৱেলথ ক্ৰীডা সমাৰোহ’ক লৈ হোৱা কেলেংকাৰীৰ কথা স্মৰণ কৰি পূৰ্বৰ চৰকাৰসমূহৰ ক্ৰীড়াৰ প্ৰতি থকা মনোভাৱক উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ ‘পঞ্চায়ত যুৱ ক্ৰীড়া’ আৰু ‘খেল অভিযান’ৰ দৰে আঁচনিসমূহত আন্তৰিকতাৰ অভাৱৰ বিষয়েও মন্তব্য কৰে, যাক পিছত ‘ৰাজীৱ গান্ধী অভিযান’ বুলি নামাকৰণ কৰা হৈছিল। শ্ৰী মোদীয়ে আগৰ বছৰবোৰত ক্ৰীড়া আন্তঃগাঁথনিৰ অনুপস্থিতিৰ বাবে দুখ প্ৰকাশ কৰে। এতিয়া এই সকলোবোৰৰ সলনি হৈছে বুলি  তেওঁ উল্লেখ কৰে। নগৰ ক্ৰীড়া আন্তঃগাঁথনি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে ৬ বছৰত মাত্ৰ ৩০০ কোটি টকা ব্যয় কৰিছিল, আনহাতে ‘খেলো ইণ্ডিয়া’ৰ অধীনত এতিয়া ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে ৩০০০ কোটি টকা ব্যয় কৰা হৈছে, যাৰ ফলত অধিক সংখ্যক খেলুৱৈয়ে ক্ৰীড়াক আদৰণি জনাবলৈ সহজ হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে ‘খেলো ইণ্ডিয়া ক্ৰীড়া’ত প্ৰায় ৩০,০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰে। যাৰ ভিতৰত ১৫০০ গৰাকী খেলুৱৈয়ে বিত্তীয় সাহায্য লাভ কৰিছে। ক্ৰীড়াৰ বাবে বাজেট ৯ বছৰৰ আগৰ তুলনাত তিনিগুণ বৃদ্ধি পাইছে।  তেওঁ কয় যে আনকি গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলসমূহেও উন্নত ক্ৰীড়া আন্তঃগাঁথনি লাভ কৰিছে।

উত্তৰ প্ৰদেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌত ক্ৰীড়া সুবিধাৰ সম্প্ৰসাৰণ, বাৰাণসীৰ ‘চিগ্ৰা ষ্টেডিয়াম’ৰ আধুনিকীকৰণ আৰু ৪০০ কোটি টকা আৱণ্টনেৰে আধুনিক ক্ৰীড়া সুবিধা গঢ়ি তোলাৰ কথা উল্লেখ কৰে। তেওঁ লালপুৰত ‘ছিণ্টেথিক’ হকী ক্ষেত্ৰ, গোৰক্ষপুৰৰ ‘বীৰ বাহাদুৰ সিং ক্ৰীড়া মহাবিদ্যালয়’ৰ বহুমুখী প্ৰেক্ষাগৃহ, মিৰাটৰ ‘ছিণ্টেথিক’ হকী ক্ষেত্ৰ আৰু চাহাৰনপুৰৰ ‘ছিণ্টেথিক ৰানিং ট্ৰেক’ৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে খেলুৱৈসকলে উন্নত প্ৰতিযোগিতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে যিয়ে তেওঁলোকক মূল্যায়ন আৰু উন্নতকৰণৰ অধিক সুযোগ প্ৰদান কৰিছে। ‘খেলো ইণ্ডিয়া ক্ৰীড়া’ আৰম্ভ কৰাৰ আঁৰত এইটোৱেই মুখ্য কাৰণ আছিল যি ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া’ আৰু ‘খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া সমাৰোহ’লৈ সম্প্ৰসাৰিত হৈছে। ই সুফল প্ৰদান কৰিছে আৰু আমাৰ খেলুৱৈসকলৰ আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যথেষ্ট সাফল্য লাভ কৰিছে বুলি  তেওঁ উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ৰাষ্ট্ৰীয় শৈক্ষিক নীতি’’য়ে ক্ৰীড়াক এক বিষয় হিচাপে লোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে য'ত ই পাঠ্যক্ৰমৰ অংশ হ'ব আৰু দেশৰ প্ৰথমখন ‘ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়’ নিৰ্মাণে ইয়াৰ উদ্দেশ্য অধিক শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ৰাজ্যসমূহত ক্ৰীড়া-বিশেষ উচ্চ শিক্ষা আৰম্ভ কৰৰ দিশত প্ৰচেষ্টা চলাই থকা হৈছে। তেওঁ কয় যে উত্তৰ প্ৰদেশে অতি প্ৰশংসনীয় কাম কৰি আছে আৰু এই প্ৰসংগত তেওঁ মিৰাটৰ ‘মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়’ৰ উদাহৰণ দাঙি ধৰে। তেওঁ লগতে উল্লেখ কৰে যে সমগ্ৰ দেশতে ১০০০ ‘খেলো ইণ্ডিয়া কেন্দ্ৰ’ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰায় ১২টা ‘ৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ কেন্দ্ৰ’ৰ কাৰ্যকাজো আৰম্ভ কৰা হৈছে য'ত প্ৰদৰ্শন উন্নত কৰাৰ বাবে প্ৰশিক্ষণ আৰু ক্ৰীড়া বিজ্ঞানৰ সহায়ৰ বাবে সহযোগিতা আগবঢ়োৱা হয়। "খেলো ইণ্ডিয়াই ভাৰতৰ পৰম্পৰাগত ক্ৰীড়াৰ সন্মানৰো পুনৰুদ্ধাৰ কৰিছে" বুলি  প্ৰধানমন্ত্ৰীয়ে ‘গাটকা’, ‘মাল্লাখাম্ব’, ‘থাং-টা’, ‘কলাৰিপায়াট্টু’ আৰু ‘যোগাসন’ৰ দৰে বিভিন্ন থলুৱা ক্ৰীড়াক উৎসাহিত কৰাৰ বাবে চৰকাৰে প্ৰদান কৰা বৃত্তি সন্দৰ্ভত আলোকপাত কৰে।

‘খেলো ইণ্ডিয়া’ কাৰ্যসূচীত মহিলাৰ বৰ্ধিত অংশগ্ৰহণৰ উৎসাহজনক ফলাফলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বহু চহৰত ‘খেলো ইণ্ডিয়া মহিলা লীগ’ৰ আয়োজন কৰা হৈছে। "বিভিন্ন বয়সৰ প্ৰায় ২৩ হাজাৰ মহিলা খেলুৱৈয়ে এতিয়ালৈকে ইয়াত অংশগ্ৰহণ কৰিছে"বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ’ত মহিলা খেলুৱৈসকলৰ বৃহৎ অংশগ্ৰহণৰ কথাও উল্লেখ কৰে আৰু তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে। 

"ভাৰতৰ প্ৰগতি আপোনালোকৰ প্ৰতিভা, আপোনালোকৰ প্ৰগতিত নিহিত হৈ আছে। আপোনালোক ভৱিষ্যতৰ চেম্পিয়ন", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে ত্ৰিৰংগাখনৰ গৌৰৱক নতুন উচ্চতালৈ লৈ যোৱাটো খেলুৱৈসকলৰ দায়িত্ব। খেলুৱৈ আৰু দলীয় মনোভাৱৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এক প্ৰশ্ন উত্থাপন কৰে যে ই কেৱল পৰাজয় আৰু বিজয় আৰু দলবদ্ধ প্ৰয়াসতে সীমাবদ্ধ হয় নে। প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈৰ অৰ্থ ইয়াতকৈ অধিক বিস্তৃত। ক্ৰীড়াই নিহিত স্বাৰ্থৰ উৰ্ধত উঠি আমাক সামূহিক সফলতাৰ দিশত আগুৱাবলৈ অনুপ্ৰাণিত কৰে। তেওঁ আৰু কয় যে ক্ৰীড়াই আমাক শালীনতা আৰু নিয়মানুবৰ্তিতা অনুসৰণ কৰিবলৈ শিকায়।

পৰিস্থিতি তেওঁলোকৰ বিৰুদ্ধে থকাৰ মুহূৰ্ততো খেলুৱৈসকলে মানসিক ভাৰসাম্য হেৰুৱাব নোৱাৰে আৰু খেলুৱৈসকল সদায় নিয়মৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈয়ে থাকে। ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নিয়ম-কানুনৰ সীমাৰ ভিতৰত থকা আৰু ধৈৰ্য্যৰে প্ৰতিপক্ষক অতিক্ৰম কৰাটো হৈছে এগৰাকী খেলুৱৈৰ পৰিচয়। "এজন বিজয়ী কেৱল তেতিয়াহে এজন মহান খেলুৱৈ হৈ উঠে যেতিয়া তেওঁ সদায় খেলুৱৈ আৰু মৰ্যাদাৰ মনোভাৱক অনুসৰণ কৰে। সমাজে তেওঁৰ প্ৰতিটো আচৰণৰ পৰা অনুপ্ৰেৰণা ল'লেহে এজন বিজয়ী এজন মহান খেলুৱৈ হৈ উঠে" বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে। 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PMVBRY creates 7 million jobs, 1 million workers get incentives: PM Modi

Media Coverage

PMVBRY creates 7 million jobs, 1 million workers get incentives: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to President of India, Smt. Droupadi Murmu
June 20, 2026

The Prime Minister, Shri Narendra Modi has extended warm birthday greetings to the President of India, Smt. Droupadi Murmu.

The Prime Minister said that her journey, marked by courage, simplicity, humility and unwavering commitment to public service, continues to inspire people across the country.

Shri Modi noted that through her many years in public life, the President has served the nation in an outstanding manner and has been especially passionate about the wellbeing of the underprivileged and marginalised.

The Prime Minister stated that her steadfast dedication to India’s development is very motivating.

Shri Modi prayed for her long and healthy life in the service of the nation and said that he looks forward to meeting her later in the day at a programme in Odisha.

The Prime Minister wrote on X;

“Warm birthday greetings to the President of India, Smt. Droupadi Murmu Ji. Her journey, marked by courage, simplicity, humility and unwavering commitment to public service, continues to inspire people across the country.

Through her many years in public life, she has served the nation in an outstanding manner, especially passionate about the wellbeing of the underprivileged and marginalised. Her steadfast dedication to India’s development is very motivating.

May she be blessed with a long and healthy life in the service of the nation. I look forward to meeting her later today at the programme in Odisha.

@rashtrapatibhvn”