"খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া, 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ মহান মাধ্যম হৈ উঠিছে"
"যোৱা ৯টা বছৰত ভাৰতত ক্ৰীড়াৰ এটা নতুন যুগৰ সূচনা হৈছে, ক্ৰীড়াৰ মাধ্যমেৰে সমাজক শক্তিশালী কৰাৰ এটা যুগ"
"ক্ৰীড়াক এতিয়া এক আকৰ্ষণীয় বৃত্তি হিচাপে গণ্য কৰা হৈছে আৰু 'খেলো ইণ্ডিয়া অভিযান'-য়ে ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিছে"
"ৰাষ্ট্ৰীয় শৈক্ষিক নীতি'য়ে ক্ৰীড়াক এটা বিষয় হিচাপে লোৱাৰ প্ৰস্তাৱ দিছে য'ত ই পাঠ্যক্ৰমৰ অংশ হ'ব"
খেলসমাৰোহত ২০০খনতকৈয়ো অধিক বিশ্ববিদ্যালয়ৰ ৪৭৫০ৰো অধিক খেলুৱৈয়ে ২১টা ক্ৰীড়া শ্ৰেণীত অংশগ্ৰহণ কৰিছে।
"ক্ৰীড়াক এতিয়া এক আকৰ্ষণীয় বৃত্তি হিচাপে গণ্য কৰা হৈছে আৰু ‘খেলো ইণ্ডিয়া অভিযানে’- ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিছে" বুলি মন্তব্য কৰে
তেওঁ কয় যে আনকি গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলসমূহেও উন্নত ক্ৰীড়া আন্তঃগাঁথনি লাভ কৰিছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ ডাঙৰীয়া, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ ডাঙৰীয়া, মোৰ কেবিনেট সহযোগী নিশিত প্ৰমানিক, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰীজেশ পাঠকৰ লগতে সভাত উপস্থিত  বিশিষ্ট ব্যক্তিসকল আৰু খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত অংশগ্ৰহণ কৰা সকলো খেলুৱৈক অভিনন্দন জনাইছো,

আজি উত্তৰপ্ৰদেশ দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ ক্ৰীড়া প্ৰতিভাৰ সংগমস্থলীত পৰিণত হৈছে। খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত অংশগ্ৰহণৰ বাবে অহা ৪,০০০ খেলুৱৈৰ অধিকাংশই বিভিন্ন ৰাজ্য আৰু বিভিন্ন অঞ্চলৰ। মই উত্তৰ প্ৰদেশৰ সাংসদ। মই উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ প্ৰতিনিধি। আৰু সেইবাবেই উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে ‘খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া’ত উত্তৰপ্ৰদেশলৈ অহা সকলো ক্ৰীড়াবিদক বিশেষ আদৰণি জনাইছো।

এই খেলসমূহৰ সামৰণি অনুষ্ঠান কাশীত অনুষ্ঠিত হ'ব।কাশীৰ সাংসদ হোৱাৰ বাবে মইও এই বিষয়ে অতিশয় উৎসাহিত হৈছো। আজি যিসময়ত দেশত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হৈছে, সেই সময়ত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াৰ তৃতীয় সংস্কৰণটো সচাকৈয়ে অতি বিশেষ। দেশৰ যুৱক-যুৱতীসকলৰ মাজত দলীয় মনোভাৱ বৃদ্ধি কৰিবলৈ, এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনুভূতি বৃদ্ধি কৰিবলৈ ই এক অতি উত্তম মাধ্যমত পৰিণত হৈছে। এই খেলসমূহৰ সময়ত যুৱক-যুৱতীসকল চিনাকী হৈ ইজনে সিজনৰ খেলপথাৰৰ সৈতে পৰিচয় কৰাই দিয়া হ’ব। উত্তৰপ্ৰদেশৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমূহত সেই চহৰসমূহৰ যুৱক-যুৱতীসকলৰ মাজতো সংযোগ স্থাপন হ’ব। খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ অহা যুৱ ক্ৰীড়াবিদসকলে আজীৱন লালন-পালন কৰা অভিজ্ঞতা লগত লৈ ​​যাব বুলি মই নিশ্চিত। আগন্তুক প্রতিযোগিতাসমূহৰ বাবে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

বন্ধুসকল,

বিগত ৯ বছৰত ভাৰতত ক্ৰীড়াৰ এক নতুন যুগ আৰম্ভ হৈছে। এই নতুন যুগটো কেৱল ভাৰতক বিশ্বৰ এক বৃহৎ ক্ৰীড়া শক্তি হিচাপে গঢ়ি তোলাই নহয়, বৰঞ্চ ই ক্ৰীড়াৰ জৰিয়তে সমাজ সবলীকৰণৰ এক নতুন যুগো। আমাৰ দেশত ক্ৰীড়াৰ প্ৰতি উদাসীন মনোভাৱ গঢ় লৈ উঠিছিল। ক্ৰীড়া কেৰিয়াৰ হ’ব পাৰে বুলি অতি কম সংখ্যক লোকেহে ভাবিছিল। আৰু ইয়াৰ কাৰণ আছিল যে ক্ৰীড়াসমূহে চৰকাৰসমূহৰ পৰা যি সমৰ্থন আৰু সহযোগিতা লাভ কৰিব লাগিছিল, সেই সমৰ্থন আৰু সহযোগিতা পোৱা নাছিল। ক্ৰীড়া আন্তঃগাঁথনিৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল আৰু খেলুৱৈসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতিও গুৰুত্ব দিয়া নহ’ল। সেইবাবেই দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ ল’ৰা-ছোৱালীৰ বাবে, গাঁৱৰ ল’ৰা-ছোৱালীৰ বাবে ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যোৱাটো বৰ কঠিন হৈ পৰিছিল। খেলা-ধূলা কেৱল আজৰি সময় কটোৱাৰ বাবেহে বুলি এটা অনুভৱ সমাজত গঢ় লৈ উঠিছিল। বেছিভাগ পিতৃ-মাতৃয়েও অনুভৱ কৰিছিল যে তেওঁলোকৰ শিশুটোৱে সেই বৃত্তি গ্ৰহণ কৰিব সোমাব লাগে যাৰ ফলত তেওঁৰ জীৱনটো ‘প্ৰতিষ্ঠিত’ হ’ব। কেতিয়াবা মই ভাবো যে এই ‘প্ৰতিষ্ঠিত’ মানসিকতাৰ বাবেই হয়তো দেশে বহু মহান খেলুৱৈ হেৰুৱালেহেঁতেন৷ কিন্তু আজি মই সুখী যে ক্ৰীড়াৰ প্ৰতি অভিভাৱক আৰু সমাজৰ মনোভাৱৰ ডাঙৰ পৰিৱৰ্তন হৈছে। জীৱনত আগবাঢ়ি যাবলৈ ক্ৰীড়াক এক আকৰ্ষণীয় বৃত্তি হিচাপে চাবলৈ লৈছে। আৰু এই ক্ষেত্ৰত খেলো ইণ্ডিয়া অভিযানে ডাঙৰ ভূমিকা লৈছে।

বন্ধুসকল,

ক্ৰীড়াৰ প্ৰতি পূৰ্বৰ চৰকাৰসমূহৰ মনোভাৱৰ এক জীৱন্ত প্ৰমাণ আছিল কমনৱেলথ গেমছৰ সময়ত হোৱা কেলেংকাৰী। যিটোৰ দ্বাৰা বিশ্বত ভাৰতৰ গৌৰৱ প্ৰতিষ্ঠা কৰাৰ সূযোগ আছিল, সেই ক্ৰীড়া প্ৰতিযোগিতাতে  কেলেংকাৰী সংঘটিত কৰিলে। আগতে আমাৰ গাঁৱৰ ল’ৰা-ছোৱালীয়ে খেলাৰ সুযোগ পাবলৈ এখন আঁচনি চলিছিল–পঞ্চায়ত যুৱ ক্ৰীড়া আৰু খেল অভিযান। পিছলৈ ইয়াৰ নাম সলনি কৰি ৰাজীৱ গান্ধী ক্ৰীড়া অভিযান কৰা হয়। এই অভিযানতো কেৱল নাম সলনি কৰাতহে গুৰুত্ব দিয়া হৈছিল, দেশত ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল।

আগতে গাঁৱেই হওক বা চহৰেই হওক, প্ৰতিজন খেলুৱৈৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল যে তেওঁ খেলৰ অনুশীলনৰ বাবে ঘৰৰ পৰা বহু দূৰলৈ যাব লগা হৈছিল। আগতে খেলুৱৈসকলে ইয়াত বহু সময় কটাবলগীয়া হৈছিল, বহু সময়ত তেওঁলোকে আন চহৰত থাকিব লগা হৈছিল। ইয়াৰ বাবেই বহু যুৱকে নিজৰ আবেগ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। আজি আমাৰ চৰকাৰেও ক্ৰীড়াবিদৰ এই দশকজুৰি চলি অহা প্ৰত্যাহ্বানৰ সমাধান কৰি আছে। নগৰীয়া ক্ৰীড়া আন্তঃগাঁথনিৰ পৰিকল্পনাত পূৰ্বৰ চৰকাৰে ৬ বছৰত মাত্ৰ ৩০০ কোটি টকাহে ব্যয় কৰিছিল। আনহাতে খেলো ইণ্ডিয়া অভিযানৰ অধীনত আমাৰ চৰকাৰে ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে প্ৰায় ৩,০০০ কোটি টকা ব্যয় কৰিছে। ক্ৰমাৎ বৃদ্ধি পোৱা আন্তঃগাঁথনিৰ লগে লগে এতিয়া অধিক খেলুৱৈয়ে খেলত যোগদান কৰাটো সহজ হৈ পৰিছে। মই সন্তুষ্ট যে এতিয়ালৈকে খেলো ইণ্ডিয়া গেমছত ৩০ হাজাৰৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ মাজতো ১৫০০ খেলো ইণ্ডিয়াৰ খেলুৱৈক চিনাক্ত কৰি তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। আধুনিক ক্ৰীড়া একাডেমীতো শীৰ্ষ মানৰ প্ৰশিক্ষণ দিয়া হৈছে। এইবাৰৰ কেন্দ্ৰীয় ক্ৰীড়া বাজেটতো ৯ বছৰৰ আগৰ তুলনাত ৩ গুণ বৃদ্ধি কৰা হৈছে।

আজি গাঁৱৰ সমীপতে আধুনিক ক্ৰীড়া আন্তঃগাঁথনিও গঢ়ি তোলা হৈছে। উন্নত খেলপথাৰ, আধুনিক ষ্টেডিয়াম, আধুনিক প্ৰশিক্ষণৰ সুবিধা এতিয়া দেশৰ দূৰ্গম অঞ্চলতো নিৰ্মাণ কৰা হৈছে। উত্তৰপ্ৰদেশতো ক্ৰীড়া প্ৰকল্পত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। ইতিমধ্যে লক্ষ্ণৌত যিবোৰ সুবিধা আছিল সেইবোৰ সম্প্ৰসাৰণ কৰা হৈছে। আজি বাৰাণসীৰ ছিগ্ৰা ষ্টেডিয়াম আধুনিক ৰূপ দিয়া হৈছে। ইয়াত প্ৰায় ৪০০ কোটি টকা ব্যয় কৰি যুৱক-যুৱতীসকলৰ বাবে আধুনিক সা-সুবিধা নিৰ্মাণ কৰা হৈছে। খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত লালপুৰৰ কৃত্ৰিম হকী খেলপথাৰ, গোৰখপুৰৰ বীৰ বাহাদুৰ সিং ক্ৰীড়া মহাবিদ্যালয়ত বহুমুখী হল, মীৰাটৰ ছিন্থেটিক হকী খেলপথাৰ আৰু চাহাৰনপুৰৰ কৃত্ৰিম ৰান ট্ৰেকৰ বাবে সাহায্য প্ৰদান কৰা হৈছে। অনাগত সময়ত খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত অনুৰূপ সুবিধাসমূহ আৰু অধিক সম্প্ৰসাৰণ কৰা হ’ব।

বন্ধুসকল,

আমি এই কথাত গুৰুত্ব দিছো যাতে খেলুৱৈসকলে সৰ্বাধিক প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ পায়। খেলুৱৈসকলে যিমানেই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে সিমানেই তেওঁলোক লাভৱান হয়, তেওঁলোকৰ প্ৰতিভা বিকশিত হয়। তেওঁলোকেও জানিব পাৰে যে আমি কিমান পানীত আছো, ক’ত আমাৰ অনুশীলন উন্নত কৰিব লাগিব। আমাৰ কি কি অভাৱ হৈছে, কি ভুল হৈছে, কি প্ৰত্যাহ্বান আছে, কেইবছৰমান আগতে খেলো ইণ্ডিয়া বিদ্যালয় ক্ৰীড়া আৰম্ভ হোৱাৰ আঁৰতো এইটোৱেই আছিল এটা ডাঙৰ কাৰণ। আজি ই খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া আৰু খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়ালৈ সম্প্ৰসাৰিত হৈছে। এই কাৰ্যসূচীৰ অধীনত দেশৰ হাজাৰ হাজাৰ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ বলত আগবাঢ়িছে। আৰু মই সুখী যে ভাৰতীয় জনতা পাৰ্টিৰ বহু সাংসদে ক্ৰীড়া প্ৰতিযোগিতা চলায়। প্ৰতিটো সংসদীয় সমষ্টিতে হাজাৰ হাজাৰ যুৱক-যুৱতী, পুত্ৰ-কন্যাই ক্ৰীড়াত অংশগ্ৰহণ কৰে। আজি দেশেও সুখজনক ফলাফল লাভ কৰিছে। বছৰ বছৰ ধৰি আমাৰ খেলুৱৈসকলে বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুৱাইছে। ইয়াৰ পৰাই বুজা যায় যে আজি আমাৰ ভাৰতৰ যুৱ খেলুৱৈসকলৰ আত্মবিশ্বাস কিমান উচ্চ।

বন্ধুসকল,

খেলৰ লগত জড়িত দক্ষতাই হওক বা খেলুৱৈক শ্ৰেষ্ঠ কৰি তুলিবলৈ অন্যান্য শাখাই হওক, চৰকাৰে প্ৰতিটো খোজতে খেলুৱৈৰ সৈতে থিয় দিছে। আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত ক্ৰীড়া বিষয় হিচাপে শিকোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। ক্ৰীড়া এতিয়া পাঠ্যক্ৰমৰ অংশ হোৱাৰ দিশত অগ্ৰসৰ হৈছে। দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণে ইয়াত আৰু অধিক সহায় কৰিব। এতিয়া ৰাজ্যসমূহতো ক্ৰীড়া বিশেষজ্ঞ উচ্চ শিক্ষাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। এই ক্ষেত্ৰত উত্তৰ প্ৰদেশে প্ৰশংসনীয় কাম কৰিছে। মীৰাটৰ মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয় ইয়াৰ অন্যতম উদাহৰণ৷ ইয়াৰ উপৰিও আজি সমগ্ৰ দেশতে ১,০০০ খেলো ইণ্ডিয়া কেন্দ্ৰও স্থাপন কৰা হৈছে। প্ৰায় ২ ডজন ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰও মুকলি কৰা হৈছে। প্ৰদৰ্শন উন্নত কৰাৰ বাবে এই কেন্দ্ৰসমূহত প্ৰশিক্ষণ আৰু ক্ৰীড়া বিজ্ঞানৰ সহায় আগবঢ়োৱা হৈছে। খেলো ইণ্ডিয়াই ভাৰতৰ পৰম্পৰাগত ক্ৰীড়াৰ সন্মানো পুনৰ ঘূৰাই আনিছে। আমাৰ চৰকাৰেও গটকা, মল্লখম্ব, থাং-তা, কলাৰিপায়াট্টু, যোগাসন আদি বিভিন্ন ধাৰাক উৎসাহিত কৰিবলৈ বৃত্তি প্ৰদান কৰিছে।

বন্ধুসকল,

খেলো ইণ্ডিয়া কাৰ্যসূচীৰ আন এক উৎসাহজনক ফলাফল হৈছে আমাৰ কন্যাসকলৰ অংশগ্ৰহণ। দেশৰ বহু চহৰত খেলো ইণ্ডিয়া মহিলা লীগ আয়োজন কৰা হৈছে। মোক কোৱা হৈছে যে এই পৰ্যন্ত বিভিন্ন বয়সৰ প্ৰায় ২৩ হাজাৰ মহিলা খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছে। খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াতো বৃহৎ সংখ্যক মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে। বিশেষকৈ এই ক্ৰীড়াত অংশগ্ৰহণ কৰা কন্যা সন্তানসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।

বন্ধুসকল,

আপোনালোক সকলো যুৱ বন্ধুৱে এনে এটা সময়ত খেলপথাৰত প্ৰৱেশ কৰিছে, যিটো নিশ্চিতভাৱে ভাৰতৰ সময়। ভাৰতৰ প্ৰগতি নিহিত হৈ আছে আপোনাৰ প্ৰতিভাত, আপোনাৰ প্ৰগতিত। আপোনালোক ভৱিষ্যতৰ চেম্পিয়ন। ত্ৰিৰংগাৰ গৌৰৱ বৃদ্ধি কৰাটো আপোনালোক সকলোৰে দায়িত্ব। সেইবাবেই আমি কিছুমান কথা মনত ৰাখিব লাগিব। আমি প্ৰায়ে খেলত দলীয় মনোভাৱৰ কথা কও। এই ক্ৰীড়া মনোভাৱ আচলতে কি? কেৱল পৰাজয় আৰু জয় মানি লোৱাতেই এইটো সীমাবদ্ধ নেকি? কেৱল দলীয় কামতে সীমাবদ্ধ নেকি? ক্ৰীড়াৰ অৰ্থ ইয়াতকৈ বিস্তৃত, ই বহল। ন্যস্ত স্বাৰ্থৰ ঊৰ্ধ্বত উঠি অহা ক্ৰীড়াই সামূহিক সফলতাক অনুপ্ৰাণিত কৰে। ক্ৰীড়াই আমাক মৰ্যাদা পালন কৰিবলৈ শিকাই, নিয়ম মানি চলিবলৈ শিকাই। খেলপথাৰত পৰিস্থিতি প্ৰায়ে আপোনাৰ বিৰুদ্ধে হ’ব পাৰে। এইটোও সম্ভৱ যে কেতিয়াবা সিদ্ধান্ত আপোনাৰ বিৰুদ্ধেও হ’ব পাৰে। কিন্তু খেলুৱৈয়ে নিজৰ ধৈৰ্য্য হেৰুৱাব নালাগে, সদায় নিয়মৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগে। নিয়ম-নীতিৰ সীমাৰ ভিতৰত থাকি, কেনেকৈ ধৈৰ্য্যৰে প্ৰতিদ্বন্দ্বীক জয় কৰিব পাৰি, এয়াই এজন খেলুৱৈৰ পৰিচয়। এজন বিজয়ী এজন মহান খেলুৱৈ হয় তেতিয়াহে, যেতিয়া তেওঁ সদায় ক্ৰীড়া আৰু মৰ্যাদাৰ মনোভাৱ অনুসৰণ কৰে। বিজয়ী এজন মহান খেলুৱৈ হয় তেতিয়াহে যেতিয়া সমাজে তেওঁৰ প্ৰতিটো আচৰণৰ পৰা প্ৰেৰণা লয়। গতিকে আপোনালোক সকলো ডেকা বন্ধুৱে নিজৰ খেলত এইবোৰ কথা মনত ৰাখিব লাগিব। মই নিশ্চিত, আপোনালোকে এই বিশ্ববিদ্যালয়ৰ ক্ৰীড়াত খেলিব আৰু উজলি উঠিব। আকৌ এবাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো! ভাল খেলক, বহুত আগুৱাই যাওক! ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-UK FTA opens door for 88,000 Made-In-India green vehicles

Media Coverage

India-UK FTA opens door for 88,000 Made-In-India green vehicles
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to President of India, Smt. Droupadi Murmu
June 20, 2026

The Prime Minister, Shri Narendra Modi has extended warm birthday greetings to the President of India, Smt. Droupadi Murmu.

The Prime Minister said that her journey, marked by courage, simplicity, humility and unwavering commitment to public service, continues to inspire people across the country.

Shri Modi noted that through her many years in public life, the President has served the nation in an outstanding manner and has been especially passionate about the wellbeing of the underprivileged and marginalised.

The Prime Minister stated that her steadfast dedication to India’s development is very motivating.

Shri Modi prayed for her long and healthy life in the service of the nation and said that he looks forward to meeting her later in the day at a programme in Odisha.

The Prime Minister wrote on X;

“Warm birthday greetings to the President of India, Smt. Droupadi Murmu Ji. Her journey, marked by courage, simplicity, humility and unwavering commitment to public service, continues to inspire people across the country.

Through her many years in public life, she has served the nation in an outstanding manner, especially passionate about the wellbeing of the underprivileged and marginalised. Her steadfast dedication to India’s development is very motivating.

May she be blessed with a long and healthy life in the service of the nation. I look forward to meeting her later today at the programme in Odisha.

@rashtrapatibhvn”