প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা-এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত ঐতিহাসিক প্ৰদৰ্শনৰ বাবে ভাৰতীয় পেৰা-এথলীট দলটোক প্ৰশংসা কৰে। দেশৰ পেৰা-ক্ৰীড়া যাত্ৰাত এক নতুন মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি ৬ টা স্বৰ্ণপদককে ধৰি ২২ টা পদক লাভ কৰি ভাৰত এই প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ পদক তালিকাত অন্তৰ্ভুক্ত হয়। শ্ৰী মোদীয়ে লগতে প্ৰথমবাৰৰ বাবে ভাৰতে এই সন্মানীয় আন্তৰ্জাতিক অনুষ্ঠানৰ আয়োজন কৰাত গৌৰৱ প্ৰকাশ কৰে।

এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

"আমাৰ পেৰা খেলুৱৈসকলৰ এক ঐতিহাসিক প্ৰদৰ্শন!

এই বছৰৰ বিশ্ব পেৰা-এথলেটিকছ চেম্পিয়নশ্বিপ অতি বিশেষ আছিল। ৬ টা স্বৰ্ণপদককে ধৰি ২২ টা পদক জয় কৰি ভাৰতীয় দলটোৱে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাইছিল। আমাৰ খেলুৱৈসকলক অভিনন্দন জনাইছো। তেওঁলোকৰ সফলতাই কেইবাজনো লোকক অনুপ্ৰাণিত কৰিব। মই আমাৰ দলৰ প্ৰতিজন সদস্যক লৈ গৌৰৱান্বিত আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো।

দিল্লীত প্ৰতিযোগিতাখন আয়োজন কৰাটোও ভাৰতৰ বাবে এক সন্মানৰ বিষয়। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰায় ১০০ খন দেশৰ খেলুৱৈ আৰু সহযোগী কৰ্মচাৰীৰ প্ৰতি কৃতজ্ঞতা।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুন 2026
June 18, 2026

PM Modi’s Leadership Delivers: Electronic Interlocking, Semiconductor Push & Tariff-Free UK Access