ক’ভিড-১৯ৰ ২০০ কোটি পালিৰ বিশেষ সংখ্যাটো অতিক্ৰমণৰ মুহূৰ্তত ভাৰতৰ নাগৰিকসকলে বিজ্ঞানৰ প্ৰতি প্ৰদৰ্শন কৰা গভীৰ বিশ্বাস আৰু আস্থাৰ বাবে প্ৰশংসামুখৰ হৈ উঠে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। তেওঁ চিকিত্সক, নাৰ্ছ, আগশাৰীৰ কৰ্মীসকলৰ লগতে বিজ্ঞানী, উদ্ভাৱক আৰু এই অভিযানৰে জড়িত উদ্যোগীসকলৰ ভূমিকাকো ভূয়সী প্ৰশংসা কৰে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱীয়াৰ এক ঘোষণা সন্দৰ্ভত প্ৰকাশ কৰা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে;

“ভাৰতে আকৌ এবাৰলৈ ইতিহাস ৰচনা কৰিলে! ২০০ কোটি পালি প্ৰতিযেধকৰ বিশেষ সংখ্যাটো অতিক্ৰমণৰ মুহূৰ্তত সকলো ভাৰতীয়কে অভিনন্দন জনাইছো। ভাৰতৰ টীকাকৰণ অভিযানক অনন্য মাত্ৰা আৰু গতি প্ৰদানত অৰিহণা আগবঢ়োৱা সকলৰ বাবে নিশ্চয় গৌৰৱ অনুভৱ কৰিছো। এই ঘটনাই ক’ভিড-১৯ৰ বিৰুদ্ধে পৃথিৱীজুৰি অব্যাহত থকা যুঁজখনক অধিক শক্তিশালী কৰিলে।

টীকাকৰণৰ সামগ্ৰিক সময়খিনিত ভাৰতৰ নাগৰিকসকলে বিজ্ঞানৰ প্ৰতি অগাধ বিশ্বাস আৰ আস্থা প্ৰকট কৰিছে। আমাৰ চিকিত্সক, নাৰ্ছ, আগশাৰীৰ কৰ্মী, বিজ্ঞানী, উদ্ভাৱক আৰু উদ্যোগীসকলে এটা গ্ৰহক নিৰাপদ কৰি তোলাত মুখ্য ভূমিকা পালন কৰিছে। মই তেওঁলোকৰ আন্তৰিকতা আৰু সংকল্পক প্ৰশংসা কৰিছো”।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Is Not Asking You Not To Spend, But Spend Wisely | Inside Story

Media Coverage

PM Modi Is Not Asking You Not To Spend, But Spend Wisely | Inside Story
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মে’ 2026
May 13, 2026

Leadership That Leads by Example: PM Modi's Push for Mindful Growth, Innovation & Infrastructure