প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিঃ লৰেন্স ৱঙক নিৰ্বাচনত জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ ভাৰত আৰু ছিংগাপুৰৰ মাজত জনসাধাৰণৰ ঘনিষ্ঠ সম্পৰ্কৰ আধাৰত শক্তিশালী আৰু বহুমুখী অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এক্সত এটা পোষ্টত, তেওঁ লিখিছে:
"সাধাৰণ নিৰ্বাচনত আপোনাৰ সৰৱ বিজয়ৰ বাবে @LawrenceWongST আন্তৰিক অভিনন্দন। ভাৰত আৰু ছিংগাপুৰ এক শক্তিশালী আৰু বহুমুখী বন্ধুত্বৰ অংশীদাৰ, যাৰ ভিত্তি হৈছে জনসাধাৰণৰ মাজৰ ঘনিষ্ঠ সম্পৰ্ক। আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক আৰু অধিক আগুৱাই নিয়াৰ বাবে আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ মই অপেক্ষাৰত।”
Heartiest congratulations @LawrenceWongST on your resounding victory in the general elections. India and Singapore share a strong and multifaceted partnership, underpinned by close people-to-people ties. I look forward to continue working closely with you to further advance our…
— Narendra Modi (@narendramodi) May 4, 2025


