প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত হোৱা ২০২৬ৰ ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় মল্লযোদ্ধাসকলক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়।

শ্ৰী মোদীয়ে কয় যে আমাৰ পুৰুষৰ ফ্ৰীষ্টাইল আৰু মহিলাৰ মল্লযুঁজাৰু দলে প্ৰতিযোগিতাখনত খিতাপ জয় কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পুৰুষৰ ফ্ৰীষ্টাইল শাখাত মল্লযুঁজাৰু দলটোৱে ৪টা স্বৰ্ণ পদককে ধৰি ৯টা পদক লাভ কৰি ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ সৰ্বাধিক পদক লাভৰ অভিলেখ গঢ়িছে।

তেওঁ লগতে কয় যে মহিলা মল্লযুঁজাৰু দলটোৱে ৬টা স্বৰ্ণ পদককে ধৰি ১০টা পদক লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে গ্ৰেকো-ৰোমান দলটোৱে ৮টা পদকৰ সৈতে সৰ্বাধিক মুঠ পদকৰ সংখ্যাৰ অভিলেখ গঢ়িছে ।

মল্লযোদ্ধাসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

"আমাৰ মল্লযোদ্ধাসকলৰ অসাধাৰণ প্ৰদৰ্শন!

আমাৰ পুৰুষৰ ফ্ৰীষ্টাইল শাখাৰ আৰু মহিলা মল্লযুঁজাৰু দলে ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত হোৱা ২০২৬ ৰ ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপত দলীয় খিতাপ জয় কৰিছে।

পুৰুষৰ ফ্ৰীষ্টাইল শাখাত মল্লযুঁজাৰু দলটোৱে ৪টা স্বৰ্ণ পদকসহ মুঠ ৯টা পদকৰ জৰিয়তে ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ সৰ্বাধিক মুঠ পদক লাভ কৰে। মহিলা মল্লযুঁজাৰু দলটোৱে ৬টা স্বৰ্ণসহ ১০টা পদক লাভ কৰে। গ্ৰেকো-ৰোমান দলটোৱে ৮টা পদকৰ সৈতে সৰ্বাধিক মুঠ পদক লাভৰ অভিলেখ গঢ়ে।

আমাৰ মল্লযোদ্ধাসকলক অভিনন্দন জনাইছো। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা থাকিল।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s petroleum products’ exports surge 8% in July

Media Coverage

India’s petroleum products’ exports surge 8% in July
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends Raksha Bandhan greetings
August 28, 2026

The Prime Minister, Shri Narendra Modi, has extended his warm greetings to the people on the occasion of Raksha Bandhan. Shri Modi wished that this sacred festival brings happiness, prosperity and success to everyone. He also prayed that the bond of love, affection and mutual trust celebrated through Raksha Bandhan remains forever strong and unbreakable.

The Prime Minister posted on X:

रक्षाबंधन की बहुत-बहुत शुभकामनाएं।

यह पावन पर्व आप सभी के जीवन में खुशहाली, समृद्धि और सफलता लेकर आए।

स्नेह, अपनत्व और आपसी विश्वास की डोर सदैव अटूट बनी रहे, यही कामना है।