প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যাপক ভীম সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে কয় যে একেবাৰে তৃণমূল পৰ্যায়ৰ এজন নেতা হিচাপে অধ্যাপক ভীম সিংজী স্মৰণীয় হৈ ৰ'ব, যিয়ে জম্মু-কাশ্মীৰৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"একেবাৰে তৃণমূল পৰ্যায়ৰ এজন নেতা হিচাপে অধ্যাপক ভীম সিংজী স্মৰণীয় হৈ ৰ'ব, যিয়ে জম্মু-কাশ্মীৰৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ আছিল অতি বিদ্বান আৰু বিচক্ষণ ব্যক্তিত্ব। তেওঁৰ সৈতে হোৱা বাৰ্তালাপৰ কথা মই সদায়ে মনত ৰাখিম। তেওঁৰ মৃত্যুত অত্যন্ত দুখ পাইছোঁ। তেওঁৰ পৰিয়াল আৰু অনুগামীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।"
Prof Bhim Singh Ji will be remembered as a grassroots leader who devoted his life for the welfare of Jammu and Kashmir. He was very well read and scholarly. I will always recall my interactions with him. Saddened by his demise. Condolences to his family and supporters. Om Shanti.
— Narendra Modi (@narendramodi) May 31, 2022


