প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ ক’ভিড-১৯ মহামাৰী আৰু প্ৰতিষেধক প্ৰদান, বিতৰণ আৰু প্ৰশাসনৰ প্ৰস্তুতিমূলক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। এই বৈঠকখনত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী হৰ্ষ বৰ্ধন, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, নিটি আয়োগৰ সদস্য (স্বাস্থ্য), প্ৰধান বিজ্ঞান উপদেষ্টা, জ্যেষ্ঠ বিজ্ঞানী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল আৰু ভাৰত চৰকাৰৰ আন-আন বিভাগসমূহৰ বিষয়া-বৰ্গ উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দৈনিক ক’ভিড ঘটনা আৰু বিকাশৰ হাৰৰ দ্ৰুত হ্ৰাসৰ কথা উল্লেখ কৰে।

ভাৰতত তিনিটা প্ৰতিষেধক বিকাশ সাধনৰ অন্তিম অৱস্থাত আছে, ইয়াৰ ভিতৰত ২ টা প্ৰতিষেধক II পৰ্যায়ত আছে আৰু আনটো আছে III পৰ্যায়ত। ভাৰতীয় বিজ্ঞানী আৰু গৱেষণা টীমে আফগানিস্তান, ভূটান, বাংলাদেশ, মালদ্বীপ, মৰিচাছ, নেপাল আৰু শ্ৰীলংকাৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ গৱেষণা সামৰ্থ্যৰ বৰ্ধনত সহযোগিতা আগবঢ়াই আছে। বাংলাদেশ, ম্যানমাৰ, কাটাৰ আৰু ভূটানৰপৰা তেওঁলোকৰ ৰাষ্ট্ৰত ক্লিনিকেল ট্ৰায়েলৰ অনুৰোধ লাভ কৰা হৈছে। বৈশ্বিক সম্প্ৰদায়ক সহায় কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ সন্দৰ্ভত, প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰি কয়, প্ৰতিষেধক প্ৰদান প্ৰণালীৰ অৰ্থে আমি আমাৰ অন্তৰংগ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজতে আমাক প্ৰচেষ্টা সীমাবদ্ধ ৰখাটো উচিত নহ’ব বৰঞ্চ সমগ্ৰ বিশ্বখনৰ বাবে প্ৰতিষেধক, ঔষধ আৰু আইটি প্লেটফৰ্ম আগবঢ়োৱাৰ ক্ষেত্ৰত সচেষ্টতা অৱলম্বন কৰিব লাগিব।

নেশ্যনেল এক্সপাৰ্ট গ্ৰুপ অন ভেকচিন এডমিনিষ্ট্ৰেশ্যন ফৰ ক’ভিড-১৯ (NEGVAC)এ ৰাজ্য চৰকাৰ আৰু সকলোবোৰ সংযোগী পক্ষৰ সৈতে আলোচনা মৰ্ম প্ৰতিষেধক মজুতকৰণ, বিতৰণ আৰু প্ৰশাসনৰ বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰি উলিয়াই আৰু এয়া উপস্থাপন কৰে। ৰাজ্যসমূহৰ সৈতে আলোচনা অনুসৰি এই বিশেষজ্ঞ গোটটোৱে প্ৰতিষেধকৰ অগ্ৰাধিকাৰকৰণ আৰু প্ৰতিষেধকৰ বিতৰণ সন্দৰ্ভত সক্ৰিয়তাৰে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি নিৰ্দেশনা প্ৰদান কৰে যে দেশখনৰ ভৌগলিক প্ৰসাৰ আৰু বৈচিত্ৰ্যৰ পৰিপ্ৰেক্ষিতত, প্ৰতিষেধকটো ক্ষীপ্ৰতাৰে লাভ কৰাটো নিশ্চিত কৰিব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বেগেৰে কয় যে ল’জিষ্টিক, ডেলিভাৰী আৰু প্ৰশাসনৰ প্ৰতিটো স্তৰতে কটকটীয়াভাৱে সচেষ্টতা অৱলম্বন কৰিব লাগিব। ইয়াত অৱশ্যেই শীতল ভঁড়াল শৃংখল, বিতৰণ নেটৱৰ্ক, নিৰীক্ষণ ব্যৱস্থাৰ অগ্ৰিম পৰিকল্পনাৰ অন্তৰ্ভুক্তি, অগ্ৰিম মূল্যায়ন আৰু ভেইল, ছিৰিঞ্জৰ দৰে আনুষাংগিক সৰঞ্জামৰ পৰিকল্পনাৰ আৱশ্যকতা আছে।

তেখেতে তদুপৰি এই নিৰ্দেশনাও প্ৰদান কৰে, আমি দেশখনত সফলতাৰে নিৰ্বাচন অনুষ্ঠিত আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ অভিজ্ঞতা আহৰণ কৰিছো। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ঠিক একেদৰেই প্ৰতিষেধক প্ৰদান আৰু প্ৰশাসন ব্যৱস্থা আগবঢ়াই নিব লাগিব। ইয়াত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/জিলা পৰ্যায়ৰ ব্যৱস্থা, নাগৰিক সমিতি সংস্থা, স্বেচ্ছাসেৱক, নাগৰিক আৰু যাৱতীয় সকলোবোৰ ডমেইনৰ বিশেষজ্ঞসকলে জড়িত হ’ব লাগে। সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটা শক্তিশালী আইটি মেৰুদণ্ড থকা উচিত আৰু আমাৰ স্বাস্থ্যসেৱা প্ৰণালীটোত দীৰ্ঘ সময় ধৰি বাহাল থাকিব পৰাকৈ প্ৰণালীটো ডিজাইন কৰা উচিত।

সমগ্ৰ ভাৰতত SARSCoV-2 (ক’ভিড–১৯ ভাইৰাছ) ৰ জেনম সন্দৰ্ভত দুটাকৈ অধ্যয়ন কৰা আইচিএমআৰ আৰু জৈৱ-প্ৰযুক্তি বিভাগ (DBT)এ ভাইৰাছটো জেনেটিকেলি সুস্থিৰ আৰু ভাইৰাছটোৰ কোনো মূল পৰিৱৰ্তন নাই বুলি পৰামৰ্শ প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে সতৰ্কতা অৱলম্বনৰ আহ্বান জনাই বৈঠকখনিৰ সামৰণি মাৰে। তেখেতে মহামাৰীটো প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ কয়। তেখেতে বিশেষকৈ আগন্তুক উৎসৱৰ বতৰত সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা, নিয়মীয়াভাৱে হাত মজা আৰু ছেনিটেশ্যন ইত্যাদিৰ গৰে ক’ভিডৰ যথোচিত আচৰণৰ আহ্বান জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends the Defence Investiture Ceremony 2026 (Phase-1)
June 08, 2026

Prime Minister Shri Narendra Modi today attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel.

The Prime Minister expressed pride in their extraordinary courage, commitment and selfless service to the nation.

The Prime Minister posted on X:

"Attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel. We are proud of their extraordinary courage, commitment and selfless service to the nation."