দেশৰ বৈজ্ঞানিক সমাজৰ প্ৰচেষ্টাৰ বেলিকা কোনো সম্পদৰ অভাৱ নহয় বুলি বিশ্বাস থাকিব লাগেঃ প্ৰধানমন্ত্ৰী
গৱেষণা বাতাবৰণৰ বাধাসমূহ চিনাক্তকৰণ আৰু আঁতৰোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
বৈশ্বিক সমস্যাৰ স্থানীয় সমাধানত গুৰুত্ব আৰোপৰ আহ্বান
প্ৰধানমন্ত্ৰীয়ে গৱেষণা আৰু উন্নয়নৰে জড়িত তথ্যসমূহ সহজে অনুসৰণৰ বাবে এক ডেচব’ৰ্ড প্ৰস্তুতৰ পৰামৰ্শ আগবঢ়ায়
গৱেষণা আৰু উদ্ভাৱনৰ বাবে সম্পদৰ ব্যৱহাৰৰ বৈজ্ঞানিক নিৰীক্ষণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
গৱেষণা চালুকীয়া পৰ্য্যায়ত থকা বিশ্ববিদ্যালয়সমূহক মেন্টৰশ্বিপ ম’ডত শীৰ্ষ স্তৰীয় প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহৰ সৈতে সংযুক্তকৰণেৰে হাব আৰু স্পক ম’ডত এটা কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰা হ’ব
গৱেষকসকলক ইজ অৱ ডুইং ৰিচাৰ্চৰ দিশত নমনীয় আৰু স্বচ্ছ পুঁজি ব্যৱস্থাৰে সবলীকৰণ কৰা হ’ব
এএনআৰএফে নিৰ্বাচিত অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত মিছন ম’ডত সমাধান-কেন্দ্ৰিক গৱেষণা কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰিব
বিকশিত ভাৰত-২০৪৭ৰ লক্ষ্যৰে সংগতি ৰাখি তথা গৱেষণা আৰু উন্নয়ন (R&D) সংস্থাসমূহে অভিযোজনা কৰা বৈশ্বিক উত্তম পদ্ধতিসমূহ অনুসৰণৰ অৰ্থে এএনআৰএফ কৌশল

আজি আগবেলা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত তেখেতৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বাতাবৰণ সম্পৰ্কে আলোচনা তথা গৱেষণা আৰু উন্নয়ন কাৰ্য্যক্ৰমৰ পুনৰ নিৰ্মাণত গুৰুত্ব আৰোপ কৰা হয়।

 

ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠকৰ জৰিয়তে এক নতুন আৰম্ভণি হৈছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ গৱেষণা বাতাবৰণৰ বাধাসমূহ চিনাক্তকৰণেৰে সেইসমূহ আঁতৰোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে গুৰুত্বপূৰ্ণ লক্ষ্য নিৰ্ধাৰণ, সেইসমূহ বাস্তৱায়িতকৰণত মনোনিৱেশ আৰু যুগান্তকাৰী গৱেষণা সম্পাদনৰ কথা ব্যক্ত কৰে। তেখেতে কয় যে গৱেষণাই বৰ্তমানৰ সমস্যাসমূহৰ নতুন সমাধান বিচাৰি উলিওৱাত গুৰুত্ব আৰোপ কৰিব লাগে। তেখেতে আৰু কয় যে সমস্যাসমূহ বৈশ্বিক প্ৰকৃতিৰ হ’ব পাৰে, কিন্তু ইয়াৰ সমাধান ভাৰতীয় প্ৰয়োজন অনুসৰি যুগুত কৰিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানসমূহৰ উন্নীতকৰণ আৰু মানকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰে। তেখেতে ডমেইন বিশেষজ্ঞসকলৰ বিশেষজ্ঞতাৰ ভিত্তিত এখন তালিকা প্ৰস্তুতৰ পৰামৰ্শ আগবঢ়ায়। দেশত অব্যাহত গৱেষণা আৰু উন্নয়নেৰে জড়িত তথ্য সহজে অনুসৰণ কৰিব পৰাকৈ এক ডেচব’ৰ্ড যুগুতৰ কথাও তেখেতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে গৱেষণা আৰু উদ্ভাৱনৰ বাবে সম্পদৰ ব্যৱহাৰৰ বৈজ্ঞানিক নিৰীক্ষণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। এয়া এক অভিলাষী আৰম্ভণি বুলি উল্লেখেৰে তেখেতে কয় যে দেশৰ বৈজ্ঞানিক সমাজৰ বিশ্বাস থাকিব লাগে যে তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে কোনো সম্পদৰ অভাৱ নহয়। অটল টিংকাৰিং লেবৰ ইতিবাচক প্ৰভাৱৰ বিষয়ে আলোচনাৰে প্ৰধানমন্ত্ৰীয়ে এই লেবসমূহৰ গ্ৰেডিং কৰিব পৰা যাব বুলি পৰামৰ্শ দিয়ে। পৰিবেশ পৰিৱৰ্তনৰ নতুন সমাধান সূত্ৰ বিচাৰি উলিওৱা, ইভিৰ বাবে বেটাৰী উপাদান, লেবত উৎপাদিত হীৰা আদি ভিন্ন ক্ষেত্ৰত গৱেষণাৰ বিষয়েও আলোচনা কৰে।

বৈঠকত পৰিচালনা সমিতিয়ে গৱেষণা চালুকীয়া পৰ্য্যায়ত থকা বিশ্ববিদ্যালয়সমূহক শীৰ্ষ স্তৰীয় প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহৰ সৈতে মেন্টৰশ্বিপ ম’ডত সংযুক্তকৰণেৰে হাব আৰু স্পক ম’ডত এটি কাৰ্য্যক্ৰম শুভাৰম্ভৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পৰিচালনা সমিতিয়ে এএনআৰএফৰ কৌশলগত হস্তক্ষেপৰ কেইবাটাও ক্ষেত্ৰতো আলোচনা কৰে। এইসমূহ হৈছে ভাৰতৰ মূল খণ্ডসমূহত বৈশ্বিক স্থান নিৰ্ধাৰণ, ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰে গৱেষণা আৰু উন্নয়নক (R&D) সংযুক্তকৰণ, সৰ্বাংগীন বিকাশক প্ৰোৎসাহিতকৰণ, সামৰ্থ্য বিকাশ, বৈজ্ঞানিক অগ্ৰগতি আৰু উদ্ভাৱন বাতাবৰণক আগুৱাই নিয়াৰ লগতে শৈক্ষিক গৱেষণাৰ মাজৰ ব্যৱধান দূৰ কৰা আৰু উদ্যোগ-সংলগ্ন ‘ট্ৰেন্সলেচনেল’ গৱেষণাৰ জৰিয়তে ঔদ্যোগিক প্ৰয়োগ।

 

এএনআৰএফে বৈদ্যুতিক বাহন (EV) ম’বিলিটি, উন্নত সামগ্ৰী, সৌৰ কোষ, স্মাৰ্ট আন্তঃগাঁথনি, স্বাস্থ্য আৰু চিকিৎসা প্ৰযুক্তি, বহনক্ষম কৃষি আৰু ফটোনিক্সৰ দৰে নিৰ্বাচিত অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত মিছন ম’ডত সমাধান-কেন্দ্ৰিক গৱেষণা কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰিব। পৰিচালনা সমিতিয়ে লক্ষ্য কৰে যে এই প্ৰচেষ্টাসমূহে আমাৰ আত্মনিৰ্ভৰ ভাৰতৰ দিশে যাত্ৰাত এটি প্ৰভাৱশালী পৰিপূৰকৰ ভূমিকা পালন কৰিব।

উদ্যোগটোৰ সক্ৰিয় অংশগ্ৰহণেৰে ‘ট্ৰেন্সলেচনেল’ গৱেষণাত গুৰুত্ব আৰোপৰ লগতে পৰিচালনা সমিতিয়ে জ্ঞানৰ অগ্ৰগতিৰ বাবে মৌলিক গৱেষণাক প্ৰোৎসাহিতকৰণতো গুৰুত্ব আৰোপ কৰে। ইয়াত হিউমেনিটি আৰু সমাজ বিজ্ঞানৰ আন্তঃশাখা গৱেষণাক সহায় কৰিবলৈ চেন্টাৰ অৱ এক্সেলেন্স স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও এই কথাত ঐক্যমতত উপনীত হোৱা যায় যে ইজ অৱ ডুইং ৰিচাৰ্চৰ দিশত আমাৰ গৱেষকসকলক নমনীয় আৰু স্বচ্ছ পুঁজিৰ ব্যৱস্থাৰে সবলীকৰণৰ প্ৰয়োজনীয়তা আছে।

পৰিচালনা সমিতিয়ে লগতে নিৰ্দেশনা প্ৰদান কৰে যে এএনআৰএফৰ কৌশলসমূহ বিকশিত ভাৰত-২০৪৭ৰ লক্ষ্যৰাজিৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব লাগে আৰু ইয়াৰ কাৰ্য্যকৰীকৰণৰ বেলিকা সমগ্ৰ বিশ্বৰ গৱেষণা আৰু উন্নয়ন সংস্থাসমূহে অভিযোজনা কৰা বৈশ্বিক উত্তম পদ্ধতিসমূহ অনুসৰণ কৰিব লাগে।

 

এই বৈঠকত পৰিচালনা সমিতিৰ উপাধ্যক্ষ তথা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, সদস্য সচিব তথা ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা, নিটি আয়োগৰ সচিব (বিজ্ঞান) আৰু বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, জৈৱ-প্ৰযুক্তি বিভাগ, বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগ তথা উচ্চ শিক্ষা বিভাগৰ সচিবে অংশগ্ৰহণ কৰে। ইয়াৰ আন-আন বিশিষ্ট অংশগ্ৰহণকাৰীসকল হৈছেঃ অধ্যাপক মঞ্জুল ভাৰ্গৱ (প্ৰিন্সটন বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ), ডঃ ৰমেশ টি ৱাধৱানী (চিম্ফনী টেকন'লজি গ্ৰুপ, আমেৰিকা যুক্তৰাষ্ট্ৰ), অধ্যাপক সুব্ৰ সুৰেশ (ব্ৰাউন বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ), ডঃ ৰঘুবেন্দ্ৰ তনৱাৰ (ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট'ৰিকেল ৰিচাৰ্চ), অধ্যাপক জয়ৰাম এন. চেংগালুৰ (টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেন্টেল ৰিচাৰ্চ) আৰু অধ্যাপক জি ৰংগৰাজন (ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান)।

 

অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাস সম্পৰ্কে

অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাস (ANRF) গঠনৰ উদ্দেশ্য হৈছে সমগ্ৰ ভাৰতৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান তথা গৱেষণা আৰু উন্নয়ন (R&D) পৰীক্ষাগাৰত গৱেষণা আৰু উন্নয়নক প্ৰোৎসাহিতকৰণ তথা গৱেষণা আৰু উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তোলা। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰামৰ্শ অনুসৰি দেশৰ বৈজ্ঞানিক গৱেষণাক এক উচ্চ-পৰ্য্যায়ৰ কৌশলগত দিশ প্ৰদানৰ অৰ্থে এএনআৰএফে এক সৰ্বোচ্চ সংস্থা হিচাপে কাম কৰে। এএনআৰএফে উদ্যোগ, শৈক্ষিক মহল তথা চৰকাৰী বিভাগ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা গঢ়ি তোলে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rajasthan's tiger population rises to 149, Ranthambore houses nearly 50% of them

Media Coverage

Rajasthan's tiger population rises to 149, Ranthambore houses nearly 50% of them
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Global Tiger Day, reaffirms commitment to tiger conservation
July 29, 2026

The Prime Minister, Shri Narendra Modi, has extended greetings to all wildlife enthusiasts on Global Tiger Day.

The Prime Minister said that the people of India are proud that the country is home to almost 70 per cent of the global tiger population.

He noted that India’s tiger conservation efforts are inspired by the country’s centuries-old culture of living in harmony with nature and powered by the collective will of its people.

Shri Modi reaffirmed the commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.

Shri Modi also lauded the efforts and dedication of forest personnel, scientists and conservationists for their key role in tiger protection. The Prime Minister added that India remains committed to empowering local communities and reducing human-wildlife conflict.

In a thread posts on X, Shri Modi said;

“Greetings to all wildlife enthusiasts on Global Tiger Day. The people of India are proud of the fact that we are home to almost 70% of the global tiger population. India’s tiger conservation efforts are inspired by our centuries-old culture of living in harmony with nature and powered by the collective will of our people. We also reaffirm our commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.”

“The efforts and dedication of our forest personnel, scientists and conservationists have also played a key role in tiger protection. In that spirit, India remains committed to empowering local communities and reducing human-wildlife conflict.”