প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰতৰ দৃষ্টিভংগী বিকশিত ৰাজ্যৰ জৰিয়তে বাস্তৱায়িত হ’ব পাৰে; প্ৰতিখন ৰাজ্য আৰু জিলাই ২০৪৭ চনৰ বাবে এক দৃষ্টিভংগী গঢ় দিব লাগে যাতে বিকশিত ভাৰত@২০৪৭ বাস্তৱায়িত হয়
বিনিয়োগ আকৰ্ষণৰ বাবে ‘বিনিয়োগ-অনুকূল চনদ’ প্ৰস্তুত কৰিবলৈ নিটি আয়োগক নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ
জলসম্পদৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত ৰিভাৰ গ্ৰীড সৃষ্টিৰ বাবে উৎসাহিত কৰে প্ৰধানমন্ত্ৰীয়ে
ৰাজ্যসমূহক ভৱিষ্যতে জনসংখ্যাৰ বয়স বৃদ্ধিৰ সমস্যাসমূহ সমাধানৰ বাবে জনগাঁথনিগত ব্যৱস্থাপনা পৰিকল্পনা আৰম্ভ কৰিবলৈ উৎসাহিত কৰে প্ৰধানমন্ত্ৰীয়ে
যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ বাবে সাজু কৰি তুলিবলৈ দক্ষতা আৰু প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
আমি শূন্য দৰিদ্ৰতাক এক বিকশিত ভাৰতৰ বাবে অগ্ৰাধিকাৰ হিচাপে লক্ষ্য কৰি ল’ব লাগিব : প্ৰধানমন্ত্ৰী
বৈঠকৰ সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে দিয়া পৰামৰ্শসমূহ অধ্যয়ন কৰিবলৈ নিটি আয়োগক নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ
সভাত অংশগ্ৰহণ ২০ খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ
Meeting was attended by 20 States and 6 UTs

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি পুৱা নিটি আয়োগৰ নৱম গৱৰ্ণিং কাউন্সিলৰ বৈঠক অনুষ্ঠিত হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত সভাখন অনুষ্ঠিত হয়। ইয়াত ২০খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী/উপৰাজ্যপালসকলে অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত@২০৪৭ৰ দৃষ্টিভংগীত বাস্তবায়িত কৰাৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰৰ সহযোগিতা আৰু সামূহিক প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিগত দহ বছৰত অবিৰত বিকাশ লাভ কৰিছে। ২০১৪ চনত বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ দশম স্থানত থকা ভাৰতীয় অৰ্থনীতি ২০২৪ চনৰ ভিতৰত পঞ্চম বৃহত্তম অৰ্থনীতিলৈ উন্নীত হৈছে। তেওঁ লগতে কয় যে এতিয়া চৰকাৰ আৰু সকলো নাগৰিকৰ সামূহিক লক্ষ্য হৈছে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হোৱা।

 

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আমাৰ দেশে ইতিমধ্যে বিগত দহ বছৰত সামাজিক আৰু অৰ্থনৈতিক আন্তঃগাঁথনি শক্তিশালী কৰি বহুখিনি অগ্ৰগতি লাভ কৰিছে। প্ৰধানকৈ আমদানি প্ৰধান দেশৰ পৰা ভাৰতে এতিয়া বিশ্ব বহু দেশলৈ বিভিন্ন সামগ্ৰী ৰপ্তানি কৰে। প্ৰতিৰক্ষা, মহাকাশ, ষ্টাৰ্ট-আপ, ক্ৰীড়া আদি বিস্তৃত খণ্ডত দেশখনে বিশ্ব মঞ্চত নিজৰ নাম উজলাই তুলিছে। তেওঁ ১৪০ কোটি নাগৰিকৰ আত্মবিশ্বাস আৰু উৎসাহৰ শলাগ লয়, যিটো আমাৰ দেশৰ প্ৰগতিৰ চালিকা শক্তি।

প্ৰধানমন্ত্ৰীয়ে কয় যে এইটো পৰিৱৰ্তনৰ দশক যিয়ে বিভিন্ন খণ্ডত বহু সুযোগ কঢ়িয়াই আনে। তেওঁ ৰাজ্যসমূহক এই সুযোগসমূহ ব্যৱহাৰ কৰি নীতি নিৰ্ধাৰণ আৰু নীতি নিৰ্ধাৰণ আৰু নিষ্পাদনৰ উদ্ভাৱনীমূলক পদ্ধতিৰ জৰিয়তে উন্নয়নৰ বাবে অনুকূল শাসন কাৰ্যসূচী আৰম্ভ কৰিবলৈ উৎসাহিত কৰে।

তেওঁ কয় যে বিকশিত ভাৰতৰ দৃষ্টিভংগী বিকশিত ৰাজ্যৰ জৰিয়তে বাস্তৱায়িত হ’ব পাৰে আৰু বিকশিত ভাৰতৰ আকাংক্ষা তৃণমূল পৰ্যায়ত অৰ্থাৎ প্ৰতিখন জিলা, ব্লক আৰু গাঁৱলৈকে উপনীত হ’ব লাগে। ইয়াৰ বাবে প্ৰতিখন ৰাজ্য আৰু জিলাই ২০৪৭ চনৰ বাবে এক দৃষ্টিভংগী সৃষ্টি কৰিব লাগে যাতে বিকশিত ভাৰত@ ২০৪৭ বাস্তৱায়িত হয়।

প্ৰধানমন্ত্ৰীয়ে নিটি আয়োগে ধাৰ্য কৰা আকাংক্ষিত জিলা কাৰ্যসূচীৰ শলাগ লয়। তেওঁ লক্ষ্য কৰে যে ইয়াৰ সফলতাৰ চাবিকাঠি হৈছে এই মাপকাঠিসমূহৰ নিৰন্তৰ আৰু অনলাইন নিৰীক্ষণ, যাৰ ফলত জিলাসমূহৰ মাজত বিভিন্ন চৰকাৰী আঁচনিত তেওঁলোকৰ প্ৰদৰ্শন উন্নত কৰাৰ বাবে সুস্থ প্ৰতিযোগিতাৰ সৃষ্টি হয়।

প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ বাবে সাজু কৰি তুলিবলৈ দক্ষতা আৰু প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে কাৰণ বিশ্বই দক্ষ মানৱ সম্পদৰ বাবে ভাৰতৰ প্ৰতি অনুকূল দৃষ্টিৰে চাইছে।

তেওঁ ৰাজ্যসমূহক বিনিয়োগকাৰীৰ অনুকূল পৰিৱেশ প্ৰদান কৰিবলৈ উৎসাহিত কৰে। তেওঁ নিটি আয়োগক এনে পৰিমাপসমূহৰ ‘বিনিয়োগঅনুকূল চনদ’ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে য’ত বিনিয়োগ আকৰ্ষণৰ বাবে স্থাপন কৰিবলগীয়া নীতি, কাৰ্যসূচী আৰু প্ৰক্ৰিয়াসমূহ অন্তৰ্ভুক্ত হ’ব। বিনিয়োগ আকৰ্ষণৰ বাবে তেওঁলোকৰ মাজত সুস্থ প্ৰতিযোগিতা প্ৰসাৰিত কৰিবলৈ এই পৰিমাপসমূহৰ কৃতিত্বৰ ওপৰত ৰাজ্যসমূহক নিৰীক্ষণ কৰা হ’ব পাৰে। তেওঁ কেৱল উদ্গনিৰ পৰিৱৰ্তে বিনিয়োগ আকৰ্ষণৰ বাবে আইন-শৃংখলা, সুশাসন আৰু আন্তঃগাঁথনিৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে জলসম্পদৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত ৰিভাৰ গ্ৰীড সৃষ্টিৰ বাবে উৎসাহিত কৰে।

আমি শূন্য দৰিদ্ৰতাক লক্ষ্য কৰি এটা বিকশিত ভাৰতৰ বাবে অগ্ৰাধিকাৰ হিচাপে ল’ব লাগিব বুলি তেওঁ পৰামৰ্শ আগবঢ়ায়। তেওঁ দৃঢ়তাৰে কয় যে আমি কেৱল কাৰ্যসূচী ঘোষণা কৰিয়েই নহয়, ব্যক্তিগত ভিত্তিত দৰিদ্ৰতাক মোকাবিলা কৰাটো প্ৰয়োজন। ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা দৰিদ্ৰতা নিৰ্মূল হ’ব আৰু আমাৰ দেশত পৰিৱৰ্তনশীল প্ৰভাৱ পৰিব।

প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজ্যকে কৃষিক্ষেত্ৰত উৎপাদনশীলতা আৰু বৈচিত্ৰ্য বৃদ্ধিৰ লগতে কৃষকসকলক বজাৰ সংযোগ প্ৰদান কৰিবলৈ উৎসাহিত কৰে। তেওঁ প্ৰাকৃতিক কৃষি পদ্ধতি গ্ৰহণ কৰাটোত গুৰুত্ব আৰোপ কৰে, যিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰে, কম খৰচৰ বাবে কৃষকসকলৰ উন্নত আৰু ক্ষীপ্ৰ লাভ অহাটো নিশ্চিত কৰিব পাৰে আৰু লগতে উৎপাদিত সামগ্ৰীসমূহৰ বাবে বিশ্বজুৰি বজাৰ প্ৰদান কৰিব পাৰে।

 

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক ভৱিষ্যতে জনসংখ্যা বৃদ্ধিৰ সমস্যাসমূহৰ সমাধানৰ বাবে জনগাঁথনিগত ব্যৱস্থাপনা পৰিকল্পনা আৰম্ভ কৰিবলৈ উৎসাহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক সকলো স্তৰৰ চৰকাৰী বিষয়াৰ সামৰ্থ্য বিকাশৰ কাম গ্ৰহণ কৰিবলৈ কয় আৰু একে কামৰ বাবে সামৰ্থ্য বিকাশ আয়োগৰ সৈতে সহযোগিতা কৰিবলৈ তেওঁলোকক উৎসাহিত কৰে।

মুখ্যমন্ত্ৰী/উপ-ৰাজ্যপালসকলে বিকশিত ভাৰত@২০৪৭ৰ দৃষ্টিভংগীৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায় আৰু লগতে তেওঁলোকৰ ৰাজ্যসমূহত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও আলোচনা কৰে। আলোচনাত স্থান পোৱা বিষয়সমূহৰ ভিতৰত মূল পৰামৰ্শ আৰু উত্তম পদ্ধতি হৈছে কৃষি, শিক্ষা আৰু দক্ষতা বিকাশ, ঔদ্যোগীকৰণ, খোৱাপানী, অনুসৰণ হ্ৰাস কৰা, শাসন ব্যৱস্থা, ডিজিটেলাইজেচন, মহিলা সবলীকৰণ, চাইবাৰ সুৰক্ষা ইত্যাদি উল্লেখযোগ্য।

বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে দিয়া পৰামৰ্শসমূহ অধ্যয়ন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নিটি আয়োগক নিৰ্দেশ দিয়ে।

বৈঠকত অংশগ্ৰহণ কৰি তেওঁলোকৰ মতামত আৰু অভিজ্ঞতা শ্বেয়াৰ কৰাৰ বাবে সকলো মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে সমবায় যুক্তৰাষ্ট্ৰৰ শক্তিৰে বিকশিত ভাৰত@২০৪৭ৰ দৃষ্টিভংগী পূৰণৰ পথত ভাৰত আগবাঢ়িছে বুলি আস্থা প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting determination, perseverance, and continuous effort in overcoming life's challenges
August 13, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the power of determination, perseverance, and courage in overcoming life's challenges and turning adverse circumstances into favorable ones.

The Prime Minister wrote on X;

"दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।

न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥"

A person who possesses the determination, perseverance and courage to turn adverse circumstances into favorable ones is never defeated by the challenges of life. Instead, through continuous effort and unwavering resolve, he moves forward and ultimately achieves success.