এক লাখতকৈও অধিক এছ এইচ জি সদস্যক বীজ মূলধন সহায় বিতৰণ কৰে
ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩ৰ অংশ হিচাপে ফুড ষ্ট্ৰীট উদ্বোধন
"প্ৰযুক্তি আৰু সোৱাদৰ সংমিশ্ৰণে ভৱিষ্যতৰ অৰ্থনীতিৰ পথ প্ৰশস্ত কৰিব"
"চৰকাৰৰ বিনিয়োগকাৰী-অনুকূল নীতিয়ে খাদ্য খণ্ডক নতুন উচ্চতালৈ লৈ গৈছে"
"ভাৰতে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ প্ৰতিটো ক্ষেত্ৰতে উল্লেখনীয় বিকাশ অৰ্জন কৰিছে"
"খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ভাৰতৰ বিকাশৰ কাহিনীৰ তিনিটা স্তম্ভ হৈছে ক্ষুদ্ৰ কৃষক, ক্ষুদ্ৰ উদ্যোগ আৰু মহিলা"
"এক জিলা এক সামগ্ৰী'ৰ দৰে আঁচনিয়ে ক্ষুদ্ৰ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগসমূহক নতুন পৰিচয় প্ৰদান কৰিছে"
"ভাৰতীয় মহিলাসকলৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ নেতৃত্ব দিয়াৰ স্বাভাৱিক ক্ষমতা আছে"
"ভাৰতৰ খাদ্য বৈচিত্ৰ্য হৈছে গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে এক লাভ"
"ভাৰতৰ বহনক্ষম খাদ্য সংস্কৃতি হাজাৰ হাজাৰ বছৰ ধৰি বিকশিত হৈছে। আমাৰ পূৰ্বপুৰুষসকলে খাদ্যাভ্যাসক আয়ুৰ্বেদৰ সৈতে সম্পৰ্কিত কৰিছিল"
"মিলেট ভাৰতৰ 'চুপাৰফুড বাকেট'ৰ এটা অংশ আৰু চৰকাৰে ইয
আজিৰ পৰিবৰ্তনশীল পৃথিৱীত খাদ্য সুৰক্ষাৰ অন্যতম প্ৰধান প্ৰত্যাহ্বানৰ কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে আৰু ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩ৰ তাৎপৰ্যত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত অনুষ্ঠিত মেগা ফুড অনুষ্ঠান 'ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩'ৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰে। তেওঁ আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ এক লাখতকৈও অধিক এছ এইচ জি সদস্যৰ বাবে বীজ মূলধন সহায় বিতৰণ কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানটোত আয়োজিত প্ৰদৰ্শনীৰ মাজেৰে এপাক মাৰে। এই অনুষ্ঠানটোৰ লক্ষ্য হৈছে ভাৰতক 'বিশ্বৰ খাদ্যৰ বাস্কেট' হিচাপে প্ৰদৰ্শন কৰা আৰু ২০২৩ক আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে উদযাপন কৰা।

 

উপস্থিতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াত প্ৰদৰ্শন কৰা প্ৰযুক্তি আৰু ষ্টাৰ্টআপ পেভিলিয়ন আৰু ফুড ষ্ট্ৰীটক প্ৰশংসা কৰে আৰু কয় যে প্ৰযুক্তি আৰু সোৱাদৰ সংমিশ্ৰণে ভৱিষ্যতৰ অৰ্থনীতিৰ পথ প্ৰশস্ত কৰিব। আজিৰ পৰিবৰ্তনশীল পৃথিৱীত খাদ্য সুৰক্ষাৰ অন্যতম প্ৰধান প্ৰত্যাহ্বানৰ কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে আৰু ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩ৰ তাৎপৰ্যত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ৱৰ্ল্ড ফুড ইণ্ডিয়া হৈছে ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডক 'সূৰ্যোদয় খণ্ড' হিচাপে স্বীকৃতি দিয়াৰ এক বৃহৎ উদাহৰণ। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে বিগত ৯ বছৰত চৰকাৰৰ উদ্যোগ আৰু কৃষকপন্থী নীতিৰ ফলস্বৰূপে এই খণ্ডটোৱে ৫০,০০০ কোটি টকাৰো অধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ আকৰ্ষিত কৰিছে। খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত পি এল আই আঁচনিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই উদ্যোগটোৰ নতুন অংশীদাৰসকলক বৃহৎ সহায় আগবঢ়াইছে। তেওঁ উল্লেখ কৰে যে শস্য চপোৱাৰ পিছত আন্তঃগাঁথনিৰ বাবে কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত হাজাৰ হাজাৰ প্ৰকল্পৰ কাম চলি আছে আৰু ইয়াৰ আনুমানিক বিনিয়োগ ৫০,০০০ কোটি টকাৰ অধিক। আনহাতে মীন পালন আৰু পশুপালন খণ্ডত আন্তঃগাঁথনি প্ৰক্ৰিয়াকৰণৰ বাবেও কেইবা হাজাৰ কোটি বিনিয়োগৰ দ্বাৰা উৎসাহিত কৰা হৈছে। 

 

"চৰকাৰৰ বিনিয়োগকাৰী-অনুকূল নীতিয়ে খাদ্য খণ্ডক নতুন উচ্চতালৈ লৈ গৈছে", শ্ৰী মোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে বিগত ৯ বছৰত ভাৰতৰ কৃষিজাত ৰপ্তানিত সংসাধিত খাদ্যৰ অংশ ১৩ শতাংশৰ পৰা ২৩ শতাংশলৈ বৃদ্ধি পাইছে, যাৰ ফলত সংসাধিত খাদ্যৰ ৰপ্তানি ১৫০ শতাংশ বৃদ্ধি পাইছে। "আজি ভাৰত কৃষিজাত সামগ্ৰীৰ সামগ্ৰিক ৰপ্তানি মূল্য ৫০,০০০ নিযুত আমেৰিকান ডলাৰৰ অধিক ৰপ্তানি মূল্যৰ সৈতে সপ্তম স্থানত আছে", প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ উল্লেখ কৰে যে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগত এনে কোনো খণ্ড নাই য'ত ভাৰতে অভূতপূৰ্ব বিকাশ প্ৰদৰ্শন কৰা নাই আৰু কয় যে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ সৈতে জড়িত প্ৰতিটো কোম্পানী আৰু ষ্টাৰ্ট-আপৰ বাবে ই এক সোণালী সুযোগ। 

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগত দ্ৰুত আৰু গতিশীল বিকাশৰ আঁৰত চৰকাৰৰ নিৰন্তৰ আৰু সমৰ্পিত প্ৰচেষ্টাক কৃতিত্ব দিয়ে। তেওঁ ভাৰতত প্ৰথমবাৰৰ বাবে কৃষি-ৰপ্তানি নীতি প্ৰস্তুত কৰা, দেশজুৰি লজিষ্টিক আৰু আন্তঃগাঁথনিৰ বিকাশ, জিলা এখনক বিশ্ববজাৰৰ সৈতে সংযোগ কৰা ১০০ তকৈও অধিক জিলা পৰ্যায়ৰ কেন্দ্ৰ সৃষ্টি, মেগা ফুড পাৰ্কৰ সংখ্যা ২ৰ পৰা ২০ তকৈ অধিক বৃদ্ধি আৰু ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ ক্ষমতা ১২ লাখ মেট্ৰিক টনৰ পৰা ২০০ লাখ মেট্ৰিক টনতকৈ ওপৰলৈ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে। যিটো যোৱা ৯ বছৰত ১৫ গুণ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা ৰপ্তানি কৰা কৃষিজাত সামগ্ৰীৰ উদাহৰণ দাঙি ধৰে আৰু হিমাচল প্ৰদেশৰ পৰা ক'লা নহৰু, জম্মু-কাশ্মীৰৰ ড্ৰেগন ফল, মধ্যপ্ৰদেশৰ চয়া গাখীৰ পাউডাৰ, লাডাখৰ পৰা কাৰ্কিতচু আপেল, পঞ্জাৱৰ কেভেণ্ডিছ কল, জম্মুৰ পৰা গুচ্চি কাঠফুলা আৰু কৰ্ণাটকৰ পৰা প্ৰাকৃতিক মৌৰ কথা উল্লেখ কৰে।

 

ভাৰতৰ দ্ৰুত নগৰীকৰণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কৃষক, ষ্টাৰ্ট-আপ আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে অনাবিষ্কৃত সুযোগ সৃষ্টি কৰা পেকেটযুক্ত খাদ্যৰ বৰ্ধিত চাহিদাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। শ্ৰী মোদীয়ে এই সম্ভাৱনাসমূহৰ সম্পূৰ্ণ ব্যৱহাৰৰ বাবে উচ্চাভিলাষী পৰিকল্পনাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে খাদ্য সংসাধন খণ্ডত ভাৰতৰ বিকাশৰ কাহিনীৰ তিনিটা মুখ্য স্তম্ভৰ কথা উল্লেখ কৰে- ক্ষুদ্ৰ কৃষক, ক্ষুদ্ৰ উদ্যোগ আৰু মহিলা। তেওঁ ক্ষুদ্ৰ কৃষকসকলৰ অংশগ্ৰহণ আৰু লাভ বৃদ্ধিৰ মঞ্চ হিচাপে কৃষক উৎপাদন সংস্থা বা এফ পি অ'ৰ কাৰ্যকৰী ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে। "আমি ভাৰতত ১০ হাজাৰ নতুন এফ পি অ' গঠন কৰি আছো, যাৰ ভিতৰত ৭ হাজাৰ ইতিমধ্যে গঠন কৰা হৈছে", তেওঁ জানিবলৈ দিয়ে। তেওঁ কৃষকসকলৰ বাবে বৰ্ধিত বজাৰ প্ৰৱেশাধিকাৰ আৰু প্ৰক্ৰিয়াকৰণ সুবিধাৰ উপলব্ধতাৰ কথা উল্লেখ কৰে আৰু লগতে কয় যে ক্ষুদ্ৰ উদ্যোগসমূহৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগত প্ৰায় ২ লাখ ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ দিহা কৰা হৈছে। "এক জিলা এক সামগ্ৰী' - অ' ডি অ' পিৰ দৰে আঁচনিয়েও ক্ষুদ্ৰ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগসমূহক এক নতুন পৰিচয় প্ৰদান কৰিছে", তেওঁ লগতে কয়।

ভাৰতত মহিলা নেতৃত্বাধীন উন্নয়নৰ পথত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৰ্থনীতিলৈ মহিলাৰ বৰ্ধিত অৱদানৰ ওপৰত আলোকপাত কৰে যাৰ দ্বাৰা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগো লাভান্বিত হৈছে। তেওঁ জানিবলৈ দিয়ে যে ভাৰতত আজি আত্মসহায়ক গোটৰ সৈতে ৯ কোটিৰো অধিক মহিলা জড়িত হৈ আছে। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতত খাদ্য বিজ্ঞানত মহিলাসকলে আগভাগ লৈ আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত খাদ্যৰ বিভিন্নতা আৰু খাদ্য বৈচিত্ৰ্য ভাৰতীয় মহিলাসকলৰ দক্ষতা আৰু জ্ঞানৰ ফল। তেওঁ কয় যে মহিলাসকলে তেওঁলোকৰ ঘৰৰ পৰা আচাৰ, পাপৰ, চিপচ, মোৰাব্বা আদিৰ দৰে বহুতো সামগ্ৰীৰ বজাৰ চলাই আহিছে। "ভাৰতীয় মহিলাসকলৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ নেতৃত্ব দিয়াৰ স্বাভাৱিক ক্ষমতা আছে", শ্ৰী মোদীয়ে এনেদৰে মন্তব্য কৰি কয় যে কুটিৰ উদ্যোগ আৰু আত্মসহায়ক গোটসমূহক মহিলাসকলৰ বাবে প্ৰতিটো স্তৰত প্ৰচাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে আজিৰ অনুষ্ঠানত ১ লাখতকৈও অধিক মহিলাক কেইবা কোটি টকাৰ বীজ মূলধন বিতৰণ কৰাৰ কথা উল্লেখ কৰে। 

 

"ভাৰতত সাংস্কৃতিক বৈচিত্ৰ্য যিমান আছে সিমানেই খাদ্য বৈচিত্ৰ্যও আছে। ভাৰতৰ খাদ্য বৈচিত্ৰ্য বিশ্বৰ প্ৰতিজন বিনিয়োগকাৰীৰ বাবে এক লাভ", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। ভাৰতৰ প্ৰতি কৌতূহল বৃদ্ধি হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ খাদ্য পৰম্পৰাৰ পৰা বিশ্বৰ খাদ্য উদ্যোগে বহুতো কথা শিকিবলগীয়া আছে। তেওঁ কয় যে ভাৰতৰ বহনক্ষম খাদ্য সংস্কৃতি ইয়াৰ বিকাশ যাত্ৰাৰ হাজাৰ হাজাৰ বছৰৰ ফলাফল। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ বহনক্ষম খাদ্য সংস্কৃতিৰ বিৱৰ্তনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ পূৰ্বপুৰুষসকলে খাদ্যাভ্যাসক আয়ুৰ্বেদৰ সৈতে সম্পৰ্কিত কৰিছে। "আয়ুৰ্বেদত, ইয়াক 'ৰীতা-ভুক' অৰ্থাৎ ঋতু অনুসৰি খোৱা, 'মিত ভুক' অৰ্থাৎ সন্তুলিত আহাৰ আৰু 'হিট ভুক' অৰ্থাৎ স্বাস্থ্যকৰ খাদ্য বুলি কোৱা হয়, এইবোৰ ভাৰতৰ বৈজ্ঞানিক জ্ঞানৰ গুৰুত্বপূৰ্ণ অংশ", তেওঁ ব্যাখ্যা কৰে। তেওঁ লগতে খাদ্য শস্য, বিশেষকৈ ভাৰতৰ মচলাৰ ব্যৱসায়ৰ বিশ্বৰ ওপৰত দীৰ্ঘস্থায়ী প্ৰভাৱৰ কথাও উল্লেখ কৰে। বিশ্ব খাদ্য সুৰক্ষাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বহনক্ষম আৰু স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ প্ৰাচীন জ্ঞান বুজি পোৱা আৰু কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে বিশ্বই ২০২৩ বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে উদযাপন কৰাৰ কথা উল্লেখ কৰে। "মিলেট হৈছে ভাৰতৰ 'চুপাৰফুড বাকেট'ৰ এটা অংশ আৰু চৰকাৰে ইয়াক শ্ৰী আন্না হিচাপে চিনাক্ত কৰিছে", শ্ৰী মোদীয়ে কয়। বহু শতাব্দী ধৰি বেছিভাগ সভ্যতাত মিলেটক যথেষ্ট অগ্ৰাধিকাৰ দিয়াৰ কৰা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই যোৱা কেইটামান দশকত ভাৰতকে ধৰি বহুতো দেশত খাদ্যাভ্যাসৰ পৰা বাহিৰলৈ আহিছে, যাৰ ফলত বিশ্ব স্বাস্থ্য, বহনক্ষম কৃষিৰ লগতে বহনক্ষম অৰ্থনীতিৰ ব্যাপক ক্ষতি হৈছে। "ভাৰতৰ উদ্যোগত বিশ্বত মিলেট সম্পৰ্কীয় এক সজাগতা অভিযান আৰম্ভ হৈছে", প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰভাৱৰ দৰে ই বিশ্বৰ প্ৰতিটো কোণত মিলেট উপনীত হোৱাৰ বিশ্বাস ব্যক্ত কৰে। তেওঁ শেহতীয়া জি-২০ সন্মিলনৰ সময়ত ভাৰত ভ্ৰমণলৈ অহা বিশিষ্ট ব্যক্তিসকলৰ বাবে মিলেটৰ পৰা প্ৰস্তুত কৰা ব্যঞ্জনৰ লগতে বজাৰত মিলেটৰ পৰা প্ৰস্তুত কৰা সংসাধিত খাদ্য সামগ্ৰীৰ উপলব্ধতাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলক শ্ৰী আন্নাৰ অংশ বৃদ্ধিৰ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আৰু উদ্যোগ আৰু কৃষকসকলৰ সুবিধাৰ বাবে এক সামূহিক ৰোডমেপ প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

শ্ৰী মোদীয়ে কয় যে জি-২০ গোটে দিল্লী ঘোষণাপত্ৰত বহনক্ষম কৃষি, খাদ্য সুৰক্ষা আৰু পুষ্টি সুৰক্ষাত গুৰুত্ব আৰোপ কৰিছে আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ সৈতে জড়িত সকলো অংশীদাৰৰ ভূমিকাৰ ওপৰত আলোকপাত কৰিছে। তেওঁ খাদ্য বিতৰণ কাৰ্যসূচীক এক বৈচিত্ৰ্যময় খাদ্য বাস্কেটৰ দিশত আগুৱাই নিয়াত আৰু অৱশেষত শস্য চপোৱাৰ পিছত হোৱা লোকচান হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰযুক্তিৰ ব্যৱহাৰ কৰি অপচয় হ্ৰাস কৰাতো জোৰ দিয়ে। তেওঁ অপচয় হ্ৰাস কৰাৰ বাবে সহজতে নষ্ট হোৱা সামগ্ৰীৰ সংসাধন বৃদ্ধি কৰিবলৈ আহ্বান জনায়, যাৰ দ্বাৰা কৃষকসকল লাভান্বিত হ’ব আৰু দামৰ তাৰতম্য প্ৰতিৰোধ হ’ব। সামৰণিত প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ স্বাৰ্থ আৰু গ্ৰাহকৰ সন্তুষ্টিৰ মাজত ভাৰসাম্য বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ এই বিশ্বাস ব্যক্ত কৰে যে ইয়াত লোৱা সিদ্ধান্তই বিশ্বৰ বাবে এক বহনক্ষম আৰু খাদ্য-সুৰক্ষিত ভৱিষ্যতৰ ভেটি স্থাপন কৰিব।

 

অনুষ্ঠানত কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰী পশুপতি কুমাৰ পাৰস, কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, কেন্দ্ৰীয় পশুপালন, দুগ্ধ আৰু মীনপালন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পুৰুষোত্তম ৰূপালা আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল উপস্থিত আছিল।

পৃষ্ঠভূমি

আত্মসহায়ক গোটসমূহক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এক লাখতকৈও অধিক এছ এইচ জি সদস্যৰ বাবে বীজ মূলধন সাহায্য বিতৰণ কৰে। এই সহায়তাই উন্নত পেকেজিং আৰু উন্নত মানৰ জৰিয়তে বজাৰত আত্মসহায়ক গোটবোৰক অধিক দাম লাভ কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩ৰ অংশ হিচাপে ফুড ষ্ট্ৰীটো উদ্বোধন কৰে। ইয়াত আঞ্চলিক ৰন্ধন প্ৰণালী আৰু ৰাজকীয় ৰন্ধন ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব, য'ত ২০০ ৰো অধিক ৰান্ধনীয়ে অংশগ্ৰহণ কৰিব আৰু পৰম্পৰাগত ভাৰতীয় ৰন্ধন প্ৰণালী উপস্থাপন কৰিব, যিয়ে এক অনন্য ৰন্ধন অভিজ্ঞতা প্ৰদান কৰিব।

এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ভাৰতক 'বিশ্বৰ খাদ্য বাস্কেট' হিচাপে প্ৰদৰ্শন কৰা আৰু ২০২৩ বৰ্ষক আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ হিচাপে উদযাপন কৰা৷  ই চৰকাৰী সংস্থা, উদ্যোগ পেছাদাৰী, কৃষক, উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক আলোচনাত মিলিত হ'বলৈ, সহযোগিতা স্থাপন কৰিবলৈ আৰু কৃষি-খাদ্য খণ্ডত বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ এক নেটৱৰ্কিং আৰু ব্যৱসায়িক মঞ্চ প্ৰদান কৰিব৷ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ বৈঠকবোৰে বিনিয়োগ আৰু ব্যৱসায় সূচল কৰাত গুৰুত্ব দিব।

 

ভাৰতীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ উদ্ভাৱন আৰু শক্তি প্ৰদৰ্শন কৰিবলৈ বিভিন্ন পেভিলিয়ন স্থাপন কৰা হ'ব। অনুষ্ঠানটোত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বিভিন্ন দিশত গুৰুত্ব আৰোপ কৰি ৪৮ খন অধিৱেশন অনুষ্ঠিত হ'ব, য'ত যন্ত্ৰ-পাতি আৰু প্ৰযুক্তিবিদ্যাত বিত্তীয় সবলীকৰণ, মান নিৰূপণ আৰু উদ্ভাৱনত গুৰুত্ব আৰোপ কৰা হ'ব।

অনুষ্ঠানটোত প্ৰধান প্ৰধান খাদ্য প্ৰক্ৰিয়াকৰণ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসহ ৮০ খনতকৈও অধিক দেশৰ অংশগ্ৰহণকাৰীসকলক আতিথ্য দিয়াৰ বাবে সাজু হৈছে। ইয়াত ৮০ খনতকৈও অধিক দেশৰ ১,২০০ ৰো অধিক বিদেশী ক্ৰেতাৰ সৈতে ৰিভাৰ্ছ বায়াৰ ছেলাৰ মীট অনুষ্ঠিত হ'ব। নেডাৰলেণ্ডে অংশীদাৰ দেশ হিচাপে কাম কৰাৰ বিপৰীতে জাপান হ'ব অনুষ্ঠানটোৰ অন্যতম কেন্দ্ৰবিন্দু।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”