মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত ৫৫,৬০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
অৰুণাচল প্ৰদেশত দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন
টাৱাঙলৈ সকলো বতৰৰ উপযোগী পথ সংযোগ চেলা সুৰংগ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা
প্ৰায় ১০,০০০ কোটি টকাৰ উন্নতি আঁচনি শুভাৰম্ভ
ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰী আৰু সামগ্ৰীৰ পৰিবহণৰ সুবিধাৰ বাবে ছাব্ৰুম লেণ্ড বন্দৰ উদ্বোধন
বিল্ডিং বিকশিত অৰুণাচল শীৰ্ষক কফি টেবুল বুক উন্মোচন
“উত্তৰ-পূব ভাৰতৰ ‘অষ্টলক্ষ্মী’”
“আমাৰ চৰকাৰ উত্তৰ-পূবৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ”
আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰে’ল, পথ, স্বাস্থ্য, গৃহ নিৰ্মাণ, শিক্ষা, সীমান্ত আন্তঃগাঁথনি, তথ্য প্ৰযুক্তি, শক্তি, তেল আৰু গেছ আদি খণ্ডক সামৰি লৈছে।
সভাত উপস্থিত থকা লোকসকলৰ সমৰ্থন স্বীকাৰ কৰি তেওঁ কয় , “সময়, মাহ বা বছৰ যিয়েই নহওক কিয়, মোদীয়ে কেৱল দেশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰে৷”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত বিকশিত ভাৰত বিকশিত উত্তৰ-পূব কাৰ্যসূচীত ভাষণ আগবঢ়ায়৷ শ্ৰী মোদীয়ে মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত প্ৰায় ৫৫,৬০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। তদুপৰি তেওঁ চেলা সুৰংগ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে প্ৰায় ১০ হাজাৰ কোটি টকাৰ উন্নতি আঁচনি মুকলি কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰে’ল, পথ, স্বাস্থ্য, গৃহ নিৰ্মাণ, শিক্ষা, সীমান্ত আন্তঃগাঁথনি, তথ্য প্ৰযুক্তি, শক্তি, তেল আৰু গেছ আদি খণ্ডক সামৰি লৈছে।

 

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিকশিত ৰাজ্যৰ পৰা চলি থকা ৰাষ্ট্ৰীয় উৎসৱ বিকশিত ভাৰতৰ কথা উল্লেখ কৰে। তেওঁ উত্তৰ-পূবৰ জনসাধাৰণৰ মাজত বিকশিত উত্তৰ-পূবৰ প্ৰতি থকা নতুন উৎসাহক স্বীকাৰ কৰে। তেওঁ এই পদক্ষেপত নাৰী শক্তিৰ সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ‘অষ্টলক্ষ্মী’ৰ দৃষ্টিভংগী পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই অঞ্চলটোক দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে পৰ্যটন, ব্যৱসায়িক আৰু সাংস্কৃতিক সম্পৰ্কৰ এক শক্তিশালী যোগসূত্ৰ বুলি অভিহিত কৰে। আজিৰ ৫৫,০০০ কোটি টকীয়া প্ৰকল্পৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে অৰুণাচল প্ৰদেশৰ ৩৫,০০০ পৰিয়ালে পকী ঘৰ, অৰুণাচল আৰু ত্ৰিপুৰাৰ হাজাৰ হাজাৰ পৰিয়ালৰ বাবে পাইপ পানী সংযোগ আৰু অঞ্চলটোৰ বহু ৰাজ্যৰ বাবে সংযোগ সম্পৰ্কীয় প্ৰকল্প লাভ কৰিছে। তেওঁ লগতে এই শিক্ষা, পথ, ৰে’লৱে, আন্তঃগাঁথনি, চিকিৎসালয় আৰু পৰ্যটন প্ৰকল্পসমূহ বিকশিত উত্তৰ-পূবৰ নিশ্চয়তা লৈ আহিছে বুলিও কয়। তেওঁ লগতে কয় যে যোৱা ৫ বছৰত পুঁজিৰ আবণ্টন পূৰ্বৰ তুলনাত চাৰিগুণ বৃদ্ধি পাইছে৷

প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ কথা মনত ৰাখি কেন্দ্ৰীয় চৰকাৰে চলোৱা বিশেষ অভিযান মিছন পাম তেলৰ সন্দৰ্ভত আলোকপাত কৰি এই অভিযানৰ অধীনত প্ৰথমটো তেল মিল আজি উদ্বোধন কৰা হৈছে বুলি অৱগত কৰে। কৃষকসকলে পাম তেল খেতিৰ কাম হাতত লোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় “মিছন পাম তেলক ভাৰতক ভোজ্য তেল খণ্ডত আত্মনিৰ্ভৰ কৰি তুলিব আৰু কৃষকৰ আয় বৃদ্ধি কৰিব।”

প্ৰধানমন্ত্ৰীয়ে দৃঢতাৰে কয়  “ইয়াত চলি থকা উন্নয়নমূলক কাম-কাজত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে মোদীৰ গেৰাণ্টিৰ অৰ্থ প্ৰত্যক্ষ কৰিব পাৰে।” তেওঁ ২০১৯ চনত চেলা সুৰংগ আৰু ডনি প’লো বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ কথা উল্লেখ কৰে যিবোৰ ইতিমধ্যে উদ্বোধন কৰা হৈছে। সভাত  উপস্থিত থকা লোকসকলৰ সমৰ্থন স্বীকাৰ কৰি তেওঁ কয় , “সময়, মাহ বা বছৰ যিয়েই নহওক কিয়, মোদীয়ে কেৱল দেশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰে৷”

 

উত্তৰ-পূবৰ ঔদ্যোগিক উন্নয়নৰ বাবে শেহতীয়াকৈ কেবিনেটে অনুমোদন জনোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ কৰ্মশৈলীৰ ওপৰত আলোকপাত কৰে কাৰণ আঁচনিখন এদিনৰ ভিতৰতে অধিসূচনা আৰু নিৰ্দেশনা জাৰি কৰা হয়। তেওঁ বিগত ১০ বছৰত আধুনিক আন্তঃগাঁথনিৰ প্ৰতি উদ্গনি, প্ৰায় এক ডজন শান্তি চুক্তি ৰূপায়ণ আৰু সীমান্ত বিবাদৰ সমাধানৰ কথা উল্লেখ কৰে। পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত উদ্যোগৰ সম্প্ৰসাৰণৰ কথা কয়। “১০,০০০ কোটি টকাৰ উন্নতি আঁচনিয়ে বিনিয়োগ আৰু চাকৰিৰ নতুন সম্ভাৱনা কঢ়িয়াই আনিব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। তেওঁ অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে ষ্টাৰ্টআপ, নতুন প্ৰযুক্তি, হোমষ্টে আৰু পৰ্যটন সম্পৰ্কীয় সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলৰ জীৱন-যাপন সহজ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কালি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰাৰ কথা উল্লেখ কৰে। লগতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীকে ধৰি সমগ্ৰ দলটোক নাগৰিকসকলৰ বাবে নলযোগে পানীৰ সংযোগ প্ৰদান কৰাৰ বাবে কৰা উল্লেখযোগ্য কামৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে অৰুণাচল আৰু উত্তৰ-পূবে কেইবাটাও উন্নয়নৰ পৰিমাপত আগবাঢ়ি থকাত আনন্দ প্ৰকাশ কৰি কয়, “উন্নয়নৰ কাম-কাজে সূৰ্য্যৰ প্ৰথম ৰশ্মিৰ দৰে অৰুণাচল আৰু উত্তৰ-পূৰ্বাঞ্চলক সামৰি লৈছে৷” ৰাজ্যৰ ৪৫,০০০ পৰিয়ালৰ বাবে খোৱাপানী যোগান প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানৰ কথা তেওঁ উল্লেখ কৰে। অমৃত সৰোৱৰ অভিযানৰ অধীনত নিৰ্মাণ কৰা একাধিক সৰোবৰ আৰু আত্মসহায়ক গোটৰ সহায়ত গাঁৱে-ভূঞে লাখপতি দিদী গঢ় দিয়াৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। “আমি দেশত ৩ কোটি লাখপতি দিদী গঢ় দিয়াৰ লক্ষ্য লৈছো আৰু ইয়াৰ দ্বাৰা উত্তৰ-পূবৰ মহিলাসকলো উপকৃত হ’ব”, তেওঁ লগতে কয়।

 

সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বৰ অৱহেলাক সমালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে। চেলা সুৰংগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ দৃষ্টিভংগীৰেই নহয়, দেশৰ প্ৰয়োজন অনুসৰি কাম কৰাৰ শৈলী পুনৰ দোঁহাৰে৷ প্ৰধানমন্ত্ৰীয়ে সেনা জোৱানসকলক প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ পৰৱৰ্তী কাৰ্যকালত এই অভিযান্ত্ৰিক আশ্চৰ্য্যৰে তেওঁলোকক লগ কৰিবলৈ আহিব। এই সুৰংগটোৱে সকলো বতৰৰ উপযোগী পথ সংযোগ প্ৰদান কৰাৰ লগতে টাৱাংবাসীৰ বাবে যাতায়তৰ সুবিধাও উন্নত হ’ব৷ অঞ্চলটোত বহু সুৰংগৰ কাম চলি আছে বুলি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে।

তেওঁ লগতে কয় যে পূৰ্বৰ পন্থাৰ দৰে নহয়, তেওঁ সদায় সীমান্তৰ গাঁওসমূহক ‘প্ৰথম গাঁও’ বুলি গণ্য কৰি আহিছে আৰু প্ৰাণৱন্ত গাওঁ কাৰ্যসূচী এই চিন্তাধাৰাৰে স্বীকৃতি। আজি প্ৰায় ১২৫ খন গাঁৱৰ পথ প্ৰকল্প আৰম্ভ কৰাৰ লগতে ১৫০খন গাঁৱত পৰ্যটন সম্পৰ্কীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়।

অতি দুৰ্বল আৰু অতি পিছপৰা জনজাতিৰ সমস্যা পিএম-জনমন আঁচনিৰ অধীনত সমাধান কৰা হৈছে। আজি এনে জনগোষ্ঠীৰ বাবে মণিপুৰৰ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে আলোকপাত কৰে যে সংযোগ আৰু বিদ্যুতৰ সৈতে জড়িত উন্নয়নমূলক কামে জীৱনত সহজ আৰু ব্যৱসায় কৰাত সহজ কৰি তোলে। স্বাধীনতাৰ পিছৰ পৰা ২০১৪ চনলৈকে সংযোগ বৃদ্ধিৰ বাবে কৰা কামৰ সৈতে ২০১৪ চনৰ পিছৰ কামৰ মাজত তুলনা কৰি প্ৰধানমন্ত্ৰীয়ে সাত দশকত ১০,০০০ কিলোমিটাৰ পথ নিৰ্মাণৰ তুলনাত যোৱা ১০ বছৰত ৬,০০০ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ আৰু ২০০০ কিলোমিটাৰ ৰে’লপথ স্থাপনৰ বিষয়ে অৱগত কৰে। শক্তি খণ্ডত প্ৰধানমন্ত্ৰীয়ে আজি অৰুণাচল প্ৰদেশৰ দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্প আৰু ত্ৰিপুৰাত সৌৰশক্তি প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে।  উত্তৰ-পূবত সৰ্বোচ্চ দলং আৰু সৰ্বোচ্চ মথাউৰি ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি তেওঁ কয় , “দিবাং বান্ধ ভাৰতৰ সৰ্বোচ্চ বান্ধ হ’ব৷”

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশ, অসম, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণকে ধৰি আজিৰ কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন ভাৰতীয় তেওঁৰ পৰিয়াল। প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক আশ্বাস দিয়ে যে পকী ঘৰ, বিনামূলীয়া ৰেচন, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ, শৌচাগাৰ, গেছ সংযোগ, বিনামূলীয়া চিকিৎসা আৰু ইণ্টাৰনেট সংযোগ আদিৰ দৰে মৌলিক প্ৰয়োজনীয় সামগ্ৰীসমূহ পূৰণ নোহোৱালৈকে তেওঁ ক্ষান্ত নহয়৷ ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে “আপোনালোকৰ সপোন মোৰ সংকল্প” বুলি উল্লেখ কৰি আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ অনুৰোধত ৰাইজে মোবাইলৰ টৰ্চ জ্বলাই উন্নয়নৰ উৎসৱ উদযাপন কৰে। “এই দৃশ্যই দেশবাসীক শক্তি প্ৰদান কৰিব”, এই মন্তব্যৰে তেওঁ ভাষণ সামৰে।

 

এই উপলক্ষে অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল (অৱসৰপ্ৰাপ্ত) লেফটেনেণ্ট জেনেৰেল কৈৱাল্যা ত্ৰিবিক্ৰম পৰ্নাইক আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পটভূমিঃ

উত্তৰ-পূবৰ প্ৰগতি আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক সুদৃঢ়কৰণেৰে ইটানগৰত 'বিকশিত ভাৰত, বিকশিত উত্তৰ-পূৰ্বাঞ্চল' কাৰ্য্যসূচীত মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ ৰেল, পথ, স্বাস্থ্য, গৃহ, শিক্ষা, সীমান্ত আন্তঃগাঁথনি, আইটি, শক্তি, তেল আৰু গেছৰ দৰে খণ্ডসমূহৰ সৈতে সম্পৰ্কীয় কেইবাটাও উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰা হয়৷

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক নতুন ঔদ্যোগিক উন্নয়ন আঁচনি ‘উন্নতি’ (UNNATI- Uttar Poorva Transformative Industrialization Scheme)ৰ শুভাৰম্ভ কৰে৷ এই আঁচনিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বাতাবৰণক সুদৃঢ়, নতুন বিনিয়োগক প্ৰলুব্ধ, নতুন উৎপাদন আৰু সেৱা ইউনিট স্থাপনত সহায় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কৰ্ম-সংস্থাপনৰ ক্ষেত্ৰত উদ্গনি যোগাব। এই আঁচনিখনৰ মূল্য ১০,০০০ কোটি টকা। ভাৰত চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যকেই সামৰি এই আঁচনি ৰূপায়ণ কৰা হ’ব। আঁচনিখনে মূলধনী বিনিয়োগ, সুতৰ সাহায্য আৰু অনুমোদিত ইউনিটসমূহৰ সৈতে উৎপাদন আৰু সেৱা সংযুক্ত ইনচেনটিভৰ বাবে উদ্দীপনা যোগাব। যোগ্য ইউনিটৰ সহজ আৰু স্বচ্ছ পঞ্জীয়নৰ বাবেও এটা পৰ্টেল আৰম্ভ কৰা হৈছে। ‘উন্নতি’য়ে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অনুঘটক হিচাপে ক্ৰিয়া কৰিব আৰু অৰ্থনৈতিক বিকাশ তথা উন্নয়নত সহায় কৰিব।

প্ৰায় ৮২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছেলা টানেল প্ৰকল্পটো হৈছে এক কাৰিকৰী আশ্চৰ্য্য। ইয়াৰ জৰিয়তে অৰুণাচল প্ৰদেশলৈ বালিপৰা-চাৰিদুৱাৰ- টাৱাং পথৰ ছেলা পাছৰ টাৱাঙলৈকে সকলো বতৰৰে উপযোগী যোগাযোগ ব্যৱস্থা প্ৰশস্ত হ’ব। ইয়াক নতুন অষ্ট্ৰিয়ান টানেলিং পদ্ধতিৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত উচ্চতম মানদণ্ডৰ সুৰক্ষা বৈশিষ্ট্যৰে সমৃদ্ধ কৰা হৈছে। এই প্ৰকল্পই অঞ্চলটোত দ্ৰুত আৰু অধিক কাৰ্য্যক্ষম পৰিবহণ ব্যৱস্থা প্ৰশস্তই নহয়, বৰঞ্চ দেশৰ বাবে ইয়াৰ কৌশলগত গুৰুত্বও আছে। ২০১৯ৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়েই এই ছেলা টানেলৰ আধাৰশিলা স্থাপন কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশত ৪১ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাত দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ৩১,৮৭৫ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই বান্ধটো হ’ব দেশৰ সৰ্বোচ্চ বান্ধ৷ ইয়াৰদ্বাৰা শক্তি উৎপাদন হ’ব, বানপানীৰ নিয়ন্ত্ৰণত সহায় হ’ব আৰু অঞ্চলটোত কৰ্ম-সংস্থাপনৰ সুযোগ সৃষ্টি আৰু আৰ্থ-সামাজিক উন্নয়নৰ সূচনা হ’ব।

আধাৰশিলা স্থাপন কৰা আন গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত ‘প্ৰাণৱন্ত গাঁও কাৰ্যসূচী’ৰ অধীনত কেইবাটাও পথ, পৰিবেশ আৰু পৰ্যটন প্ৰকল্প; ৫০খন বিদ্যালয়ক সোণালী জয়ন্তী বিদ্যালয়লৈ উন্নীত কৰা যি সমূহত অত্যাধুনিক আন্তঃগাঁথনিৰ সুবিধাৰ জৰিয়তে সামগ্ৰিক শিক্ষা প্ৰদান কৰা হ’ব; ডনি-প'ল' বিমানবন্দৰৰপৰা নাহৰলগুন ৰে’লৱে ষ্টেচনলৈ দ্বৈত পথলৈ উন্নীতকৰণ আদি।

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ কেইবাটাও পথ প্ৰকল্পকে ধৰি ভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ জল জীৱন মিছনৰ প্ৰায় ১,১০০টা প্ৰকল্প, ইউনিভাৰ্চেল ছাৰ্ভিচ অবলিগেচন ফাণ্ড (USOF)ৰ অধীনত ১৭০টা টেলিকম টাৱাৰ যিয়ে ৩০০খনৰো অধিক গাঁওক উপকৃত কৰিব আদি। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত (নগৰীয়া আৰু গ্ৰাম্য উভয়ে) ৪৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ৩৫ হাজাৰৰো অধিক গৃহ হিতাধিকাৰীসকলক অৰ্পণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে মণিপুৰত ৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে নীলাকুঠিত ইউনিটি মল স্থাপন; মন্ত্ৰীপুখুৰীত মণিপুৰ আইটি এছইজেদৰ প্ৰচেছিং জ’নৰ আন্তঃগাঁথনিৰ উন্নয়ন; মনোৰোগৰ উন্নত চিকিৎসাৰ বাবে লম্পঝেলপাটত ৬০খন বিচনাযুক্ত ৰাজ্যিক চিকিৎসালয় নিৰ্মাণ আৰু ইম্ফল পশ্চিম জিলাৰ মণিপুৰ কাৰিকৰী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন। প্ৰধানমন্ত্ৰীয়ে আন-আন প্ৰকল্পৰ লগতে মণিপুৰত ভিন্ন পথ প্ৰকল্প আৰু কেইবাখনো পানী যোগান আঁচনি উদ্বোধন কৰে৷

প্ৰধানমন্ত্ৰীয়ে নাগাস্থলত ১,৭০০ কোটিৰো অধিক টকা মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে একাধিক পথ প্ৰকল্প; চুমৌকেডিমাত ইউনিটি মল স্থাপন আৰু ডিমাপুৰৰ নগৰজানত ১৩২ কেভি উপ-কেন্দ্ৰৰ ক্ষমতা ৰূপান্তৰৰ উন্নীতকৰণৰ কাম। প্ৰধানমন্ত্ৰীয়ে চেণ্ডাং চেডেলৰপৰা নোক্লকলৈ ( প্ৰথম পৰ্য্যায়) পথ উন্নীতকৰণৰ প্ৰকল্প আৰু কহিমা-জেছামি ৰোডকে ধৰি আন কেইবাটাও পথ প্ৰকল্প উদ্বোধন কৰে৷

প্ৰধানমন্ত্ৰীয়ে মেঘালয়ত ২৯০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে তুৰাত আইটি পাৰ্ক স্থাপন আৰু নিউ শ্বিলং টাউনশ্বিপত নতুন ফ’ৰলেনযুক্ত পথ নিৰ্মাণ আৰু বৰ্তমানৰ দ্বৈত  পথযুক্ত পথটো ফ’ৰলেনলৈ উন্নীতকৰণৰ কাম। প্ৰধানমন্ত্ৰীয়ে আপাৰ শ্বিলঙত কৃষকৰ হোষ্টেল-তথা-প্ৰশিক্ষণ কেন্দ্ৰও উদ্বোধন কৰে৷

প্ৰধানমন্ত্ৰীয়ে ছিকিমত ৪৫০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে ৰংপো ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়ন আৰু কেইবাটাও পথ প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ থাৰ্পু আৰু দৰমদিন সংযোগী নতুন পথটোও উদ্বোধন কৰে৷

প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাত ৮,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ভিতৰত আছে আগৰতলা পশ্চিম বাইপাছৰ নিৰ্মাণ আৰু ৰাজ্যজুৰি একাধিক পথ প্ৰকল্প নিৰ্মাণ; ভাৰতীয় তেল নিগমৰ চেকেৰকোটত নিৰ্মাণ হ’বলগীয়া নতুন ডিপো আৰু ড্ৰাগছ আসক্ত ব্যক্তিৰ বাবে সংহত পুনৰ্বাসন কেন্দ্ৰ নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ভিন্ন পথ প্ৰকল্পও উদ্বোধন কৰে৷ ১.৪৬ লাখ গ্ৰামীণ কাৰ্য্যক্ষম ঘৰুৱা টেপ সংযোগৰ বাবে প্ৰকল্প আৰু প্ৰায় ২৩০ কোটি টকা ব্যয় সাপেক্ষে স্থাপিত দক্ষিণ ত্ৰিপুৰা জিলাৰ চাব্ৰুমত স্থল বন্দৰ উদ্বোধন কৰে৷

ভাৰত আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চাব্ৰুম স্থল বন্দৰ স্থাপন কৰা হৈছে। স্থল বন্দৰটো যাত্ৰী টাৰ্মিনেল ভৱন, কাৰ্গো প্ৰশাসনিক ভৱন, গুদাম, অগ্নিনিৰ্বাপক বাহিনীৰ ভৱন, বিদ্যুৎ উপ-কেন্দ্ৰ, পাম্প হাউচ আদিৰ দৰে সুবিধাৰে সমৃদ্ধ। ইয়াৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰী আৰু সামগ্ৰীৰ যাতায়াত আৰু পৰিবহণত সুবিধা হ’ব। ২০২১ৰ মাৰ্চত প্ৰধানমন্ত্ৰীয়েই এই বন্দৰৰ আধাৰশিলা স্থাপন কৰিছিল।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chronic therapies power 11% growth in Indian pharma market in May

Media Coverage

Chronic therapies power 11% growth in Indian pharma market in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
World Leaders Congratulate Prime Minister Shri Narendra Modi on Becoming India’s Longest-Serving Elected Prime Minister
June 09, 2026

Prime Minister Shri Narendra Modi received warm congratulations from world leaders on the eve of his becoming the longest-serving elected Prime Minister of India. World leaders from across the globe paid tribute to Prime Minister’s transformative governance, his advocacy for the Global South, and his vision of an inclusive and economically dynamic India.

H.E. Anura Kumara Disanayaka, the President of Sri Lanka, in a letter dated 8 June 2026 addressed to the Prime Minister, conveyed the warm congratulations of the Government and people of Sri Lanka to him, stating: “This milestone is a testament not only to your years in office, but also to the trust and confidence that the people of the world’s largest democracy have repeatedly placed in your leadership.” The President also highlighted India’s remarkable economic and social transformation and noted that Prime Minister Modi’s vision has inspired many beyond India’s borders, including Sri Lanka. Prime Minister Modi visited Sri Lanka from 4–6 April 2025, his fourth visit to the island nation, during which he was conferred the Mitra Vibhushana, Sri Lanka’s highest civilian honour accorded to a foreign dignitary. The visit reaffirmed India’s Neighbourhood First policy, with Sri Lanka among the closest beneficiaries of India’s steadfast partnership, including India’s pivotal support during Sri Lanka’s economic difficulties in 2022.

H.E. James Marape, the Prime Minister of Papua New Guinea, in a personal video message, described Prime Minister Modi as “a role model and an example of leadership”. He also stated - “Lifting over 200 million people out of poverty to good life today is an amazing feat.” Prime Minister Marape expressed Papua New Guinea’s warm friendship and its desire to further consolidate bilateral ties. Prime Minister Modi’s historic visit to Papua New Guinea in May 2023, the first-ever by an Indian Prime Minister, for the Third Forum for India–Pacific Islands Cooperation (FIPIC-III) Summit was a landmark moment in India’s engagement with the Pacific Island nations. The visit underscored India’s role as a committed partner of the Global South.

H.E. Kamla Persad-Bissessar, the Prime Minister of Trinidad and Tobago, congratulated Prime Minister Modi on this occassion, noting that “under the leadership of Prime Minister Modi, India has evolved as a leading voice on global matters.” She highlighted Prime Minister Modi’s journey from humble beginnings to leading a nation of 1.4 billion people across three terms, and underscored India’s significant achievements in foreign policy, economic growth, infrastructure, and socio-economic development. Prime Minister Modi paid a landmark visit to Trinidad and Tobago from 3–4 July 2025, the first bilateral visit by an Indian Prime Minister in 26 years, coinciding with the 180th anniversary of the arrival of Indian immigrants to Trinidad and Tobago.