মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত ৫৫,৬০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
অৰুণাচল প্ৰদেশত দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন
টাৱাঙলৈ সকলো বতৰৰ উপযোগী পথ সংযোগ চেলা সুৰংগ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা
প্ৰায় ১০,০০০ কোটি টকাৰ উন্নতি আঁচনি শুভাৰম্ভ
ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰী আৰু সামগ্ৰীৰ পৰিবহণৰ সুবিধাৰ বাবে ছাব্ৰুম লেণ্ড বন্দৰ উদ্বোধন
বিল্ডিং বিকশিত অৰুণাচল শীৰ্ষক কফি টেবুল বুক উন্মোচন
“উত্তৰ-পূব ভাৰতৰ ‘অষ্টলক্ষ্মী’”
“আমাৰ চৰকাৰ উত্তৰ-পূবৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ”
আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰে’ল, পথ, স্বাস্থ্য, গৃহ নিৰ্মাণ, শিক্ষা, সীমান্ত আন্তঃগাঁথনি, তথ্য প্ৰযুক্তি, শক্তি, তেল আৰু গেছ আদি খণ্ডক সামৰি লৈছে।
সভাত উপস্থিত থকা লোকসকলৰ সমৰ্থন স্বীকাৰ কৰি তেওঁ কয় , “সময়, মাহ বা বছৰ যিয়েই নহওক কিয়, মোদীয়ে কেৱল দেশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰে৷”

জয় হিন্দ!

জয় হিন্দ!

জয় হিন্দ!

অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ ৰাজ্যপালসকল আৰু মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থসকল, ৰাজ্যকেইখনৰ মন্ত্ৰীসকল, সতীৰ্থ সাংসদসকল, সকলো বিধায়ক, সকলো জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল!

 

সমগ্ৰ দেশতে বিকশিত ৰাজ্য, ‘বিকশিত ৰাজ্যৰপৰা বিকশিত ভাৰত’ৰ এক ৰাষ্ট্ৰীয় উদযাপন পূৰ্ণ গতিৰে অব্যাহত আছে। আজি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ সৈতে এখনি উন্নত উত্তৰ-পূৰ্বাঞ্চলৰ এই উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণৰ সুযোগ পাইছোঁ। আপোনালোক সকলো ইয়ালৈ আহিছে। মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাতো হাজাৰ-হাজাৰ লোক এই কাৰ্য্যসূচীৰে প্ৰযুক্তিৰ জৰিয়তে সংযুক্ত হৈ আছে। এখনি উন্নত উত্তৰ-পূৰ্বাঞ্চলৰ অংগীকাৰ গ্ৰহণৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। অৰুণাচললৈ বহুবাৰ আহিছোঁ যদিও আজি এটা বেলেগ দৃশ্য দেখিছোঁ। মই চকুৰে মণিব পৰালৈকে কেৱল মানুহকেই দেখিছোঁ। ইয়াত গৰিষ্ঠসংখ্যক মাতৃ-ভগ্নীও সমবেত হৈছে, ইয়াত আজি এক আশ্চৰ্য্যজকৰ পৰিবেশে বিৰাজ কৰিছে।

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে আমাৰ দৃষ্টিভংগী হৈছে – অষ্ট লক্ষ্মী। এয়া আমাৰ উত্তৰ পূৰ্বাঞ্চল, দক্ষিণ এছিয়া আৰু পূব এছিয়াৰ সৈতে ভাৰতৰ বাণিজ্য, পৰ্যটন আৰু আন-আন সম্পৰ্কৰ এক শক্তিশালী মাধ্যম হ’বলৈ আগবাঢ়িছে। আজিও ইয়াত একেলগে৫৫ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে বা আধাৰশিলা স্থাপন কৰা হৈছে। আজি অৰুণাচল প্ৰদেশৰ৩৫ হাজাৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰিছে স্থায়ী গৃহ। অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ হাজাৰ-হাজাৰ পৰিয়ালে লাভ কৰিছে টেপৰ পানীৰ সংযোগ। উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন ৰাজ্যত যোগাযোগ ব্যৱস্থা সম্পৰ্কীয় একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। বিদ্যুৎ, পানী, পথ, ৰেলৱে, বিদ্যালয়, চিকিৎসালয়, পৰ্যটন আদি খণ্ডত অগণন আন্তঃগাঁথনি উন্নয়নেউত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যলৈ উন্নয়নৰ নিশ্চয়তা প্ৰশস্ত কৰিছে। যোৱা ৫ বছৰত আমি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত যিমান বিনিয়োগ কৰিছোঁ, সেয়া কংগ্ৰেছ বা পূৰ্বৰ চৰকাৰে কৰাতকৈ প্ৰায় ৪ গুণ বেছি। অৰ্থাৎ, আমি ৫ বছৰত যি কাম কৰিলোঁ, ৫ বছৰত বিনিয়োগ কৰা ধনৰ পৰিমাণ, একে কাম কৰিবলৈ কংগ্ৰেছক ২০ বছৰ লাগিলহেঁতেন। আপোনালোকে ২০ বছৰ অপেক্ষা কৰিবলগীয়া হ’লহেঁতেন।আমি ২০ বছৰ অপেক্ষা কৰা উচিত হ’ব নে? এনে উন্নয়ন সোনকালে হ’ব লাগে নে নালাগে কওঁকচোন?

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ কথা মনত ৰাখি আমাৰ চৰকাৰে বিশেষভাৱে আৰম্ভ কৰিছিল মিছন পাম অইল। আজি এই অভিযানৰ অধীনত প্ৰথমটো তেল মিল উদ্বোধন কৰা হৈছে। এই অভিযানে ভাৰতক মিঠা তেলৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাই নহয়, বৰঞ্চ ই ইয়াৰ কৃষকৰ আয়ো বৃদ্ধি কৰিব। আৰু, উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকলক কৃতজ্ঞতা জনাব খুজিছোঁ কিয়নো পাম মিছন আৰম্ভৰ পিছত আমাৰ কৃষক ভাই-ভনীসকল আগবাঢ়ি আহিছে, যি কাৰ্য্য এটি উজ্জ্বল ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ উঠিব।

বন্ধুসকল,

 

আপোনালোক সকলোৱে মোদীৰ নিশ্চয়তাৰ কথা শুনি আছে।কিন্তু মোদীৰ নিশ্চয়তাৰ অৰ্থ কি?অৰুণাচললৈ আহিলে এয়া দেখা যাব।ইমান দূৰতোআপোনালোকে প্ৰত্যক্ষ কৰিব।সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে দেখিছে যে মোদীয়ে কেনেদৰে কাম কৰি আছে? এতিয়া চাওঁক, ২০১৯ত ইয়াৰপৰাই মই ছেলা টানেলৰ আধাৰশিলা স্থাপন কৰিছিলোঁ।আপোনালোকৰ মনত পৰিছেনে? ২০১৯ত। আৰু, আজি ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। ইয়াকেকয় নিশ্চয়তা।চাওঁক, ২০১৯ত মই নিজেই ডনি-প'ল' বিমানবন্দৰৰো আধাৰশিলা স্থাপন কৰিছিলোঁ। আজি এই বিমানবন্দৰে উৎকৃষ্ট সেৱা আগবঢ়াইছে নে নাই? বহুতেই ভাবে যে মোদীয়ে নিৰ্বাচনৰ বাবে কৰিছে। কওঁকচোন... মই নিৰ্বাচনৰ বাবে কৰোঁ নে আপোনালোকৰ বাবে কৰোঁ?মই অৰুণাচলৰ বাবেহে কৰিছোঁ নে নাই? যি সময়েই নহওঁক কিয়, বছৰ যিয়েই নহওঁক কিয়, যি মাহেই নহওঁক, মোৰ কাম কেৱল দেশবাসীৰ বাবে, ৰাইজৰ বাবে, আপোনালোক সকলোৰে বাবে। আৰু মোদীৰ এনে নিশ্চয়তা পূৰণ হোৱা মাত্ৰেকে উত্তৰ-পূর্বাঞ্চলৰ প্ৰতিটো প্ৰান্ততে ইয়াৰ অনুৰণন ঘটিছে, ইয়াৰ পাহাৰতো প্ৰতিধ্বনিত গৈছে, নদীৰ ঢৌতো ই গুঞ্জৰিত হৈছে।ইয়াক আমি আৰু এটা মাত শুনিবলৈ পাইছোঁ।দেশজুৰিও শুনা গৈছে এই কথাটো - এইবাৰ ৪০০ পাৰ!এইবাৰ ৪০০ পাৰ! এনডিএ চৰকাৰ-৪০০ পাৰ! এনডিএ চৰকাৰ-৪০০ পাৰ! এনডিএ চৰকাৰ-৪০০ পাৰ! এইবাৰ৪০০ পাৰ! আমি সমস্ত শক্তিৰে কওঁআহকচোন, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কথা দেশবাসীক শুনাওঁ আহক– এইবাৰ মোদী চৰকাৰ! এইবাৰ মোদী চৰকাৰ!

বন্ধুসকল,

মাত্ৰ দুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশক প্ৰোৎসাহনৰ বাবে ‘উন্নতি’ আঁচনিত অনুমোদন জনাইছে। এই আঁচনিখন সম্পৰ্কীয় এখনি চুটি ছবি আপোনালোকে দেখিছে। আমাৰ চৰকাৰৰ কৰ্মপন্থা চাওঁকচোন...এদিনতে জাননী জাৰিৰেইয়াৰ গাইডলাইন প্ৰদান কৰা হৈছে। আৰু, আজি মই আপোনালোকৰ সন্মুখত আপোনাসৱক আহ্বান জনাইছোঁ যে আপোনালোকে ‘উন্নতি’আঁচনিৰসা-সুবিধাৰাজিগ্ৰহণ কৰক।এই সকলোবোৰ ৪০-৪৫ ঘন্টাত সম্পন্ন হৈছে। ১০ বছৰত আমি এই অঞ্চলত আধুনিক আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ কৰিলোঁ। প্ৰায় এক ডজন শান্তি চুক্তি স্বাক্ষৰিত হ’ল। বহু সীমা বিবাদ আমি সমাধান কৰিলোঁ। এতিয়া উন্নয়নৰ পৰৱৰ্তী পদক্ষেপ হ’ল উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগৰ সম্প্ৰসাৰণ। ১০ হাজাৰ কোটি টকা মূল্যৰ ‘উন্নতি’আঁচনিয়ে উত্তৰ-পূৰ্বাঞ্চললৈ বিনিয়োগ আৰু নিয়োগৰ নতুন সম্ভাৱনা কঢ়িয়াই আনিব। ইয়াৰ লগে-লগে চৰকাৰে উৎপাদন আৰু সেৱাৰ সৈতে জড়িত নতুন উদ্যোগৰ বাবে নতুন খণ্ড স্থাপনত সহায় কৰিব। মই এইবাৰ ষ্টাৰ্ট-আপ, নতুন প্ৰযুক্তি, হ’ম ষ্টে, পৰ্যটন আদি ভিন্ন ক্ষেত্ৰত আমাৰ ওচৰলৈ আহিব বিচৰা যুৱক-যুৱতীসকলক সম্পূৰ্ণ সহায়ৰ নিশ্চয়তা প্ৰদান কৰিছোঁ। উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ যুৱক-যুৱতীসকলক নতুনকৈ কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা এই আঁচনিৰ বাবে মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলৰ জীৱন-যাত্ৰা সহজ কৰি তোলা আৰু তেওঁলোকক নতুন সুযোগ প্ৰদানত বিজেপি চৰকাৰে অগ্ৰাধিকাৰ দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ভগ্নীসকলক সহায় কৰিবলৈ কালি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত আমাৰ চৰকাৰে গেছ চিলিণ্ডাৰৰ মূল্য আৰু ১০০ টকা হ্ৰাস কৰিলে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীতেটেপৰ পানী যোগানৰ কামো অতিশয় সফলভাৱে আগবাঢ়িছেআৰু সেয়েহে মুখ্যমন্ত্ৰীসকল আৰু তেওঁলোকৰ সমগ্ৰ টীমসমূহক অভিনন্দন জনাইছোঁ। আৰু দেখিছোঁ, আজিআমাৰ অৰুণাচলে বহু উন্নয়নমূলক কামত সমগ্ৰ দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে। আজি যেনেকৈ সূৰ্য্যৰ কিৰণ ইয়াত প্ৰথমে পৰে, ঠিক তেনেকৈয়ে উন্নয়নো ইয়াত প্ৰথমে হ’বলৈ আৰম্ভ কৰিছে।

আজি অৰুণাচলৰ ৪৫ হাজাৰ গৃহস্থীক খোৱাপানী যোগানৰ প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে। ইয়াত অমৃত সৰোবৰ অভিযানৰ অধীনতো বহু পুখুৰীখন্দোৱা হৈছে। আমাৰ চৰকাৰেও গাঁৱৰ ভগ্নীসকলক একো-একোগৰাকী লাখপতি দিদি কৰি তুলিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰিছে। ইয়াৰ অধীনত আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ-হাজাৰ ভগ্নী হৈ পৰিছে একো-একোগৰাকী লাখপতি দিদি। এতিয়া আমাৰ লক্ষ্য দেশৰ ৩ কোটি ভগ্নীক লাখপতি দিদি কৰি তোলা। ইয়াৰদ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা, ভগ্নী আৰু কন্যাসকলৰো যথেষ্ট উপকাৰ হ’ব।

 

বন্ধুসকল,

বিজেপি চৰকাৰৰ এনে প্ৰচেষ্টাৰাজিৰবিপৰীতে কংগ্ৰেছ আৰু ইণ্ডি-এলায়েন্সে কি কৰি আছে, সেয়া আপোনালোকে ভালদৰেই জানে। যি সময়ত তেওঁলোকে আমাৰ সীমান্তত আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিছিল, সেই সময়ত কংগ্ৰেছ চৰকাৰসমূহ কেলেংকাৰিত ব্যস্ত আছিল। কংগ্ৰেছে আমাৰ সীমান্ত আৰু আমাৰ সীমান্তৰ গাঁওসমূহক অনুন্নত কৰি ৰাখি দেশৰ নিৰাপত্তাৰে আপোচ কৰিছিল। নিজৰ সেনাবাহিনীক দুৰ্বল আৰু নিজৰ জনসাধাৰণক সুবিধা তথা সমৃদ্ধিৰপৰা বঞ্চিতকৰণেৰে কংগ্ৰেছে দেশখনক পিছুৱাই নিছিল। এয়াই তেওঁলোকৰ নীতি, এয়াই তেওঁলোকৰ পথ।

বন্ধুসকল,

পূৰ্বতেই ছেলা টানেল নিৰ্মাণ কৰিবপৰা গ’লহেঁতেন।কিন্তু, কংগ্ৰেছৰ চিন্তা আৰু অগ্ৰাধিকাৰ আছিল বেলেগ। তেওঁলোকে ভাবিছিল যে ইয়াৰপৰা সংসদত ১-২ খন আসন আছে। সেয়ে,ইমান কাম কিয় কৰিব?ইমান টকা কিয় বিনিয়োগ কৰিব?কিন্তু, মোদীয়ে সংসদৰ আসন গণনাৰে কাম নকৰে, দেশৰ প্ৰয়োজনীয়তাক মনত ৰাখিহে কাম কৰে। কেন্দ্ৰত শক্তিশালী চৰকাৰ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদানৰ কথা দোহাই দেশৰ যুৱক-যুৱতীসকলক ক’ব খুজিছোঁ তেওঁলোকে ১৩ হাজাৰ ফুট উচ্চতাত থকা এই সুৰংগটো চাবলৈ আহিব লাগে। ইয়াত কাম কেনেকৈ চলি আছে, সেয়া তেওঁলোকে চাব লাগে।এই বিশাল সুৰংগটো ১৩ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে। আৰু, ছেলাৰ ভাই-ভনীসকলক ক'ব বিচাৰিছোঁ, আজি বতৰৰ বাবে মই তাত উপস্থিত হ'ব পৰা নাই। কিন্তু, মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, মোৰ তৃতীয়টো কাৰ্য্যকালত মই নিশ্চিতভাৱে তাত উপস্থিত হ’মগৈ আৰু আপোনালোকক লগ পাম। টাৱাঙৰ আমাৰ মানুহে এই সুৰংগৰ জৰিয়তে সকলো বতৰতে যাতায়াত কৰিব পাৰিব। স্থানীয় লোকসকলৰ বাবে অহা-যোৱা আৰু যাতায়াতৰ ব্যৱস্থা সহজ হৈ পৰিব। ইয়াৰদ্বাৰা অৰুণাচলৰ পৰ্যটনৰ সম্প্ৰসাৰণ ঘটিব। আজি এই সমগ্ৰ অঞ্চলটোত এনে বহু সুৰংগৰ কাম দ্ৰুত গতিত অব্যাহত আছে।

বন্ধুসকল,

আনকি কংগ্ৰেছে সীমান্তৱৰ্তী গাঁওসমূহকো আওকাণ কৰি দেশৰ শেষ গাঁও বুলি অভিহিতকৰণেৰেএই গাঁওসমূহৰ যত্ন ল’বলৈ এৰি দিছিল। আমি এনে গাঁওসমূহক শেষ গাঁও বুলি গণ্য কৰা নাছিলোঁ, মোৰ বাবে এইসমূহহৈ পৰে দেশৰ প্ৰথমখন গাঁওআৰু আমি ইয়াক প্ৰথম গাঁও বুলি গণ্যকৰণেৰে ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰেম আৰম্ভ কৰিছিলোঁ। আজি প্ৰায় ১২৫ খন সীমান্তৱৰ্তী গাঁৱৰ বাবে পথ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। আৰু, ১৫০ খনৰো অধিক গাঁৱত নিয়োগ সম্পৰ্কীয় আৰু পৰ্যটন সম্পৰ্কীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। প্ৰথমবাৰৰ বাবে আমি অতি পিছপৰা জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে পিএম জনমান যোজনা আৰম্ভ কৰিছোঁ। আজি মণিপুৰৰ এনে লোকসকলৰ বসতিস্থলত অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হৈছে। ত্ৰিপুৰাত চাবৰুম স্থলবন্দৰআৰম্ভ হোৱাৰ লগে-লগে উত্তৰ-পূর্বাঞ্চলে নতুন ট্ৰেনজিট পথ লাভ কৰিব আৰু বাণিজ্য সহজ হৈ পৰিব।

 

বন্ধুসকল,

যোগাযোগ ব্যৱস্থা আৰু বিদ্যুতে আমাৰ জীৱন যাত্ৰা সহজ কৰি তোলে। এটাপৰিসংখ্যা আপোনালোকে মন কৰিব, স্বাধীনতাৰপৰা ২০১৪লৈকে উত্তৰ-পূৰ্বাঞ্চলত ১০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছিল, অৰ্থাৎ ৭ দশকত। আনহাতে, যোৱা ১০ বছৰতে ৬ হাজাৰ কিলোমিটাৰৰো অধিক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। ৭ দশকত যিমান কাম কৰা হৈছিল, সিমান কাম আমি এটা দশকতে কৰিছোঁ। ২০১৪ৰ পিছত উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় ২ হাজাৰ কিলোমিটাৰ নতুন ৰেলপথ স্থাপন কৰা হৈছে। শক্তি খণ্ডতো অভূতপূৰ্বভাৱে কাম কৰা হৈছে। আজি অৰুণাচলৰ দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্প আৰু ত্ৰিপুৰাৰ সৌৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। দেশৰ সৰ্বোচ্চ ডেম হৈ উঠিব দিবাং বান্ধ। অৰ্থাৎ, ভাৰতৰ সৰ্ববৃহৎ দলংখনৰ দৰে উত্তৰ-পূর্বাঞ্চলতসৰ্ববৃহৎবান্ধো স্থাপন হ’ব।

বন্ধুসকল,

এখনি উন্নত ভাৰত গঢ়িবলৈ মোদীয়ে দিনে-নিশাই যুৱ প্ৰজন্মৰ এটি উন্নত ভৱিষ্যতৰ বাবে কাম কৰি আছে। আজি মই এদিনতে অৰুণাচল প্ৰদেশ, অসম, পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশ, এই চাৰিখন ৰাজ্যৰ কাৰ্য্যসূচীতঅংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ। আনহাতে, কংগ্ৰেছৰ ইণ্ডি মিত্ৰজোঁটৰ বংশবাদী নেতাসকলে মোদীৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিছে। আৰু আজিকালি মানুহে প্ৰশ্ন কৰিছে মোদীৰ পৰিয়াল কোন? মোদীৰ পৰিয়াল কোন? মোদীৰ পৰিয়াল কোন? মোদীৰ পৰিয়াল কোন? অৰুণাচলৰ পাহাৰত বসবাস কৰা প্ৰতিটো পৰিয়ালে কৈছে - আমিয়েই মোদীৰ পৰিয়াল। এই পৰিয়ালবাদীসকলে কেৱল নিজৰ পৰিয়ালৰ লাভহে দেখে। গতিকে য'ত ভোট নাই তাত তেওঁলোকে গুৰুত্ব নিদিয়ে। দেশত বহু দশক ধৰি বংশবাদী চৰকাৰ আছিল, সেইবাবেই উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ হোৱা নাছিল। সংসদত উত্তৰ-পূৰ্বাঞ্চলৰ সদস্য তাকৰ, গতিকে কংগ্ৰেছৰ ইণ্ডি মিত্ৰজোঁটে আপোনালোকৰ চিন্তা নকৰে, আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা নকৰে। তেওঁলোক নিজৰ সন্তানক লৈহে চিন্তিত, নিজৰ সন্তানক প্ৰতিষ্ঠাকৰণতহে ব্যস্ত।আপোনালোকৰ সন্তান বিচলিত হ’লেও তেওঁলোকে একো গুৰুত্ব নিদিয়ে। আপোনালোকৰ সন্তানৰ অৱস্থাৰ প্ৰতি তেওঁলোকে কেতিয়াও গুৰুত্ব দিয়া নাই আৰু কেতিয়াও গুৰুত্ব নিদিয়েও। কিন্তু, মোদীৰ বাবে প্ৰতিজন ব্যক্তি, প্ৰতিটো পৰিয়াল, এই সকলোবোৰ মোৰ পৰিয়াল। আপোনালোকেপকী ঘৰ, বিনামূলীয়া ৰেচন, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ যোগান, শৌচাগাৰ, গেছৰ সংযোগ, বিনামূলীয়া চিকিৎসা আৰু ইন্টাৰনেট সংযোগ আদি সুবিধা নোপোৱালৈকে মোদীয়ে শান্তিৰে জিৰণি ল’ব নোৱাৰে। আজি তেওঁলোকে মোদীৰ পৰিয়ালক লৈ প্ৰশ্ন উত্থাপনৰ সময়তেমোৰ অৰুণাচলৰ ভাই-ভনীসকলে কৈছে,দেশে কৈছে, ইয়াৰ উত্তৰ দিছে, প্ৰতিটো পৰিয়ালে কৈছে - আমি মোদীৰ পৰিয়াল! প্ৰতিটো পৰিয়ালে কৈছে – আমি মোদীৰ পৰিয়াল! মই মোদীৰ পৰিয়াল!

মোৰ পৰিয়ালৰ সদস্যসকল,

আপোনালোকৰ সপোন যিয়েই নহওঁক কিয়, আপোনালোকৰ এই সপোন পূৰণেই হৈছে মোদীৰ সংকল্প। আমাক আশীৰ্বাদ দিবলৈ আপোনাসৱ ইয়ালৈ আহিছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নমূলক কাম-কাজৰ বাবে আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। আৰু এই উন্নয়ন মহোৎসৱৰ আনন্দৰ মাজত মোৰ সন্মুখত ইয়াত উপস্থিত থকা সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে নিজ-নিজ ম’বাইল ফোনটো উলিয়াই যেন। আৰু, ম’বাইলৰ ফ্লাচ লাইট অন কৰি দিয়ে যেন।ছেলা টানেল উদ্বোধনৰ আনন্দ উদযাপন কৰিবলৈকে মই এই আহ্বান জনাইছোঁ। চাৰিওফালে চাওঁকচোন...বাহঃ! কেনে অপূৰ্ব দৃশ্য। এয়া দেশক শক্তি যোগোৱাৰ ক্ষণ, দেশক শক্তি প্ৰদানৰ দৃশ্য। সকলোৱে ম’বাইল উলিয়াই টৰ্চটো অন কৰিব, এয়া উন্নয়নৰ উদযাপনৰ ক্ষণ। উত্তৰ-পূর্বাঞ্চলৰ ভাই-ভনীসকল য’তেই বহি আছে, তাতেই মই তেওঁলোককো ম’বাইল উলিয়াই টৰ্চটো অন কৰিবলৈ কওঁ।আমি সমস্বৰে কওঁচোন আহক-

ভাৰত মাতাকী জয়।

ভাৰত মাতাকী জয়।

ভাৰত মাতাকী জয়।

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GIFT City scales new heights as India's 1st international finance and IT hub

Media Coverage

GIFT City scales new heights as India's 1st international finance and IT hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares address by Shri Amit Shah in Lok Sabha on India’s decisive fight against Naxalism
March 30, 2026

The Prime Minister, Shri Narendra Modi shared the outstanding speech delivered by Union Home Minister Shri Amit Shah ji, noting that it was filled with important facts, historical context, and a detailed account of the Government’s efforts over the past decade. Shri Modi highlighted that for decades, the retrograde Maoist ideology had an adverse impact on the development of several regions, with Left Wing Extremism severely affecting the future of countless youngsters.

He further underlined that over the last ten years, the Government has worked towards uprooting this menace, while simultaneously ensuring that the benefits of development reach areas affected by Naxalism. The Prime Minister reaffirmed that the Government will continue to focus on strengthening good governance and ensuring peace and prosperity for all.

The Prime Minister posted on X:

“This is an outstanding speech by the Home Minister, Shri Amit Shah Ji, filled with important facts, historical context and the efforts of our Government in the last decade.

For decades, the retrograde Maoist ideology had an adverse impact on the development of several regions. Left Wing Extremism has ruined the future of countless youngsters.

In the last decade, our Government has worked towards uprooting this menace and at the same time ensuring the fruits of development reach areas affected by Naxalism. We will keep focusing on furthering good governance and ensuring peace and prosperity for all.”