প্ৰায় ৫,০০০ কোটি টকাৰ সামগ্ৰিক কৃষি উন্নয়ন কাৰ্যসূচী ৰাষ্ট্ৰৰ নামত উৎসৰ্গা
স্বদেশ দৰ্শন আৰু প্ৰসাদ আঁচনিৰ অধীনত ১,৪০০ কোটি টকাৰ অধিক মূল্যৰ পৰ্যটন খণ্ডৰ ৫২ টা প্ৰকল্প উদ্বোধন
শ্ৰীনগৰৰ 'হজৰতবল দৰগাহৰ সংহত উন্নয়ন'ৰ বাবে এটা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা
প্ৰত্যাহ্বান আধাৰিত গন্তব্য উন্নয়ন আঁচনিৰ অধীনত বাছনি কৰা পৰ্যটন থলীসমূহ ঘোষণা কৰে
'দেখো আপনা দেশ পিপলচ চইচ ২০২৪' আৰু 'চলো ইণ্ডিয়া গ্লোবেল প্ৰবাসী অভিযান' আৰম্ভ কৰে
জম্মু-কাশ্মীৰৰ নতুন চৰকাৰী নিযুক্তিৰ বাবে নিযুক্তিপত্ৰ বিতৰণ কৰে
“Modi will not leave any stone unturned to repay this debt of affection. I am doing all this hard work to win your hearts and I believe that I am on the right path”
“Power of development, potential of tourism, capabilities of farmers and leadership of the youth of Jammu and Kashmir will pave the way for Viksit Jammu Kashmir”
“Jammu Kashmir is not just a place, Jammu Kashmir is the head of India. And a head held high is a symbol of development and respect. Therefore, Viksit Jammu and Kashmir is the priority of Viksit Bharat”
“Today, Jammu and Kashmir are breaking all tourism records"
“Jammu and Kashmir is a huge brand in itself”
“Today Jammu and Kashmir is touching new heights of development because Jammu and Kashmir is breathing freely today. This freedom from restrictions has come after the abrogation of Article 370”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত বিকশিত ভাৰত বিকশিত জম্মু-কাশ্মীৰ কাৰ্যসূচীত ভাষণ দিয়ে। তেওঁ প্ৰায় ৫০ কোটি টকা ব্যয়সাপেক্ষ সামগ্ৰিক কৃষি উন্নয়ন কাৰ্যসূচী ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে আৰু স্বদেশ দৰ্শন আৰু প্ৰসাদ আঁচনিৰ অধীনত ১,৪০০ কোটি টকাৰ অধিক মূল্যৰ পৰ্যটন খণ্ডৰ একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত শ্ৰীনগৰৰ 'হজৰতবল দৰগাহৰ সংহত উন্নয়ন' প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীয়ে 'দেখো আপনা দেশ পিপলচ চইচ টুৰিষ্ট ডেষ্টিনেচন পোল' আৰু 'চলো ইণ্ডিয়া গ্লোবেল প্ৰবাসী অভিযান'ৰো শুভাৰম্ভ কৰে। তেওঁ লগতে প্ৰত্যাহ্বান আধাৰিত গন্তব্য উন্নয়ন (চিবিডিডি) আঁচনিৰ অধীনত নিৰ্বাচিত পৰ্যটন থলীসমূহৰ বিষয়েও ঘোষণা কৰে। অনুষ্ঠানত জম্মু-কাশ্মীৰৰ প্ৰায় ১,০০০ নতুন চৰকাৰী নিযুক্তিৰ বাবে নিযুক্তিপত্ৰসমূহো বিতৰণ কৰা হয়। শ্ৰী মোদীয়ে লগতে সফল মহিলা, লাখপতি দিদি, কৃষক, উদ্যোগী আদিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব।

 

পুলৱামাৰ এগৰাকী মৌপালক নাজিম নাজিৰে চৰকাৰৰ আঁচনিসমূহৰ পৰা লাভ গ্ৰহণ কৰি নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ যাত্ৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ আগত বৰ্ণনা কৰে, য'ত তেওঁ ৫০ শতাংশ ৰাজসাহায্যত মৌপালনৰ বাবে ২৫ টা বাকচ ক্ৰয় কৰিছিল। এই সমগ্ৰ যাত্ৰাটোত তেওঁৰ অৰ্থনৈতিক বিকাশৰ ওপৰতো আলোকপাত কৰে, য'ত তেওঁ প্ৰধানমন্ত্ৰীৰ নিযুক্তি উৎপাদন কাৰ্যসূচীৰ অধীনত ৫ লাখ টকা লাভ কৰি মৌপালনৰ ব্যৱসায় ক্ৰমান্বয়ে ২০০ টা বাকচলৈ সম্প্ৰসাৰিত হৈছিল। ইয়াৰ ফলত শ্ৰীযুত নাজিৰে নিজৰ বাবে এটা ব্ৰেণ্ড নিৰ্মাণ কৰাৰ লগতে এটা ৱেবছাইট সৃষ্টি কৰে, যিয়ে সমগ্ৰ দেশত প্ৰায় ৫,০০০ কিলোগ্ৰাম মূল্যৰ হাজাৰ হাজাৰ ফৰমাইচৰ সৃষ্টি কৰে, তেওঁৰ এই ব্যৱসায় প্ৰায় ২,০০০ মৌপালন বাকচলৈ সম্প্ৰসাৰণ কৰাৰ লগতে অঞ্চলটোৰ প্ৰায় ১০০ জন যুৱকক নিয়োজিত কৰিবলৈ সক্ষম হৈছে। তেওঁ প্ৰধানমন্ত্ৰীক ২০২৩ চনত এফপিঅ' লাভ কৰাৰ বিষয়েও অৱগত কৰে, যিয়ে তেওঁক কেৱল তেওঁৰ ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰীক ডিজিটেল ইণ্ডিয়া উদ্যম আৰম্ভ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে যিয়ে দেশৰ ফিনটেক প্ৰেক্ষাপটলৈ পৰিবৰ্তন আনিছে। প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰত এক মধুৰ বিপ্লৱৰ পথ প্ৰশস্ত কৰাৰ বাবে শ্ৰীনাজিমৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু তেওঁৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ব্যৱসায় প্ৰতিষ্ঠাৰ বাবে চৰকাৰৰ পৰা প্ৰাৰম্ভিক সাহায্য পোৱাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কৰা অনুসন্ধানৰ পিছত শ্ৰীনাজিমে কয় যে যদিও প্ৰাৰম্ভিক অৱস্থাত তেওঁ অসুবিধাৰ সন্মুখীন হৈছিল, কিন্তু কৃষি বিভাগ আগবাঢ়ি আহি তেওঁৰ উদ্দেশ্যক সমৰ্থন কৰিছিল। মৌপালনৰ ব্যৱসায় যথেষ্ট নতুন খণ্ড বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ লাভালাভৰ বিষয়ে উল্লেখ কৰি কয় যে মৌমাখিবোৰে একপ্ৰকাৰ খেতিয়কৰ দৰেই কাম কৰে যাৰ ফলত ইয়াক শস্যৰ বাবে লাভজনক কৰি তোলা হয়। শ্ৰীযুত নাজিমে কয় যে ভূমি মালিকসকলে কোনো খৰচ নকৰাকৈ মৌপালনৰ বাবে ভূমি আগবঢ়াবলৈ সাজু কিয়নো প্ৰক্ৰিয়াটো কৃষকসকলৰ বাবেও লাভজনক। প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাজিমক হিন্দুকুশ পৰ্বতমালাৰ চাৰিওফালে মধ্য এছিয়াত উৎপাদিত মৌৰ ওপৰত গৱেষণা কৰিবলৈ পৰামৰ্শ দিয়ে আৰু লগতে বাকচৰ চাৰিওফালে নিৰ্দিষ্ট ফুল ৰুই মৌৰ বাবে এক নতুন সোৱাদ প্ৰস্তুত কৰাৰ দিশত মনোনিৱেশ দিবলৈ পৰামৰ্শ দিয়ে, কিয়নো ই হৈছে এক বিশেষ বজাৰ। তেওঁ উত্তৰাখণ্ডতো একে ধৰণৰ সফল প্ৰয়াসৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে উচ্চ চাহিদাৰ বাবে একচেতিয়া মৌৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪০০ টকাৰ পৰা ১,০০০ টকালৈ বৃদ্ধি হোৱাত আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে চিন্তা আৰু দৃষ্টিভংগীৰ স্পষ্টতা থকা নাজিমে তেওঁৰ ব্যৱসায় চলোৱাৰ ক্ষেত্ৰত দেখুওৱা সাহসৰ প্ৰশংসা কৰে আৰু তেওঁৰ পিতৃ-মাতৃকো অভিনন্দন জনায়। তেওঁ কয় যে শ্ৰীযুত নাজিমে ভাৰতৰ যুৱসকলৰ বাবেও অনুপ্ৰেৰণা হৈ পৰিছে। 

 

শ্ৰীনগৰৰ আহতেশ্বাম মজিদ ভাট এগৰাকী বেকাৰী উদ্যোগী, যিয়ে খাদ্য প্ৰযুক্তি দক্ষতা বিকাশ কাৰ্যসূচীৰ জৰিয়তে বেকাৰী উদ্যোগত নতুন উদ্ভাৱন আনিছিল। মহিলা দক্ষতা বিকাশৰ বাবে চৰকাৰী পলিটেকনিকৰ ইনকিউবেচন কেন্দ্ৰই তেওঁক সহযোগ কৰিছিল। চৰকাৰী ‘ছিংগল উইনডো’ ব্যৱস্থাই তেওঁৰ লগতে তেওঁৰ দলক বিভিন্ন বিভাগৰ পৰা সকলো আপত্তিহীন প্ৰমাণপত্ৰ পোৱাত সহায় কৰিছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁক কয় যে বিগত ১০ বছৰত চৰকাৰে কোটি কোটি যুৱক-যুৱতীক তেওঁলোকৰ ষ্টাৰ্টআপৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সকলোধৰণৰ সমৰ্থন আগবঢ়াই আহিছে। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন জিলাৰ বন্ধুবৰ্গক তেওঁৰ উদ্যোগী উদ্যমত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰশংসা কৰে। "জম্মু-কাশ্মীৰৰ এই কন্যাসকলে সমগ্ৰ দেশৰ যুৱপ্ৰজন্মৰ বাবে নতুন অনুপ্ৰেৰণাদায়ক উদাহৰণ সৃষ্টি কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ দুখীয়া কন্যাসকলৰ যত্ন লোৱাৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰে।

গান্দেৰবালৰ হামিদা বানো দুগ্ধ ব্যৱসায়ৰ সৈতে জড়িত। তেওঁ প্ৰধানমন্ত্ৰীক কয় যে তেওঁ ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ (এনআৰএলএম) পৰা লাভান্বিত হৈছে আৰু দুগ্ধজাত সামগ্ৰীৰ বাবে এটা প্ৰসংস্কৰণ গোট খুলিছে। তেওঁ আন মহিলাকো নিযুক্তি প্ৰদান কৰিছে। তেওঁ লগতে প্ৰধানমন্ত্ৰীক সামগ্ৰীৰ মান পৰীক্ষা, পেকেজিং আৰু বিপণনৰ বিষয়েও অৱগত কৰে। তেওঁৰ দুগ্ধজাত সামগ্ৰীবোৰ সংৰক্ষকবিহীন আৰু তেওঁ প্ৰধানমন্ত্ৰীক তেওঁৰ সামগ্ৰীসমূহৰ বিপণনৰ বিস্তৃত উপায় সন্দৰ্ভত অৱগত কৰে। ব্যৱসায়িক দক্ষতাৰ লগতে পুষ্টিৰ কাম চলাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰশংসা কৰে। ইয়াৰ লগতে গুণগত মানৰ যত্ন লোৱা আৰু পৰিৱেশ-অনুকূল উপায়েৰে ব্যৱসায় কৰাৰ বাবেও শ্ৰী মোদীয়ে তেওঁক প্ৰশংসা কৰে।

 

সমবেত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৃথিৱীত স্বৰ্গত উপস্থিত হোৱাৰ অনুভূতিক শব্দত প্ৰকাশ কৰিব নোৱাৰি। "প্ৰকৃতি, বায়ু, উপত্যকা, পৰিবেশ আৰু কাশ্মীৰী ভাই-ভনীসকলৰ মৰম আৰু মৰমৰ এই অতুলনীয় ৰূপ", তেওঁ মন্তব্য কৰে। তেওঁ অনুষ্ঠানস্থলীৰ বাহিৰত নাগৰিকসকলৰ উপস্থিতি আৰু ভিডিঅ' লিংকৰ জৰিয়তে অনুষ্ঠানটোৰ সৈতে সংযুক্ত ২৮৫ টা খণ্ডৰ ১ লাখৰো অধিক লোকৰ উপস্থিতিৰ কথাও প্ৰকাশ কৰে। নতুন জম্মু-কাশ্মীৰক কেইবা দশক ধৰি অপেক্ষা কৰি থকা জম্মু-কাশ্মীৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে এই জম্মু-কাশ্মীৰৰ বাবে ত্যাগ কৰিছিল।" তেওঁ কয় যে নতুন জম্মু-কাশ্মীৰ ভৱিষ্যতৰ দৃষ্টিত জিলিকি আছে আৰু সকলো বাধা আঁতৰ কৰাৰ ইয়াৰ সংকল্প আছে। "জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ হাঁহি থকা মুখবোৰলৈ চাই দেশৰ ১৪০ কোটি নাগৰিকে শান্তি অনুভৱ কৰে", প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ মৰমৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "মোদীয়ে এই স্নেহৰ ঋণ পৰিশোধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। মই আপোনাৰ হৃদয় জয় কৰিবলৈ এই কঠোৰ পৰিশ্ৰম কৰি আছো আৰু মই বিশ্বাস কৰোঁ যে মই সঠিক পথেৰে আগবাঢ়িছো। মই আপোনাৰ হৃদয় জয় কৰিবলৈ মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। এয়া হৈছে মোদীৰ গেৰাণ্টি আৰু আপোনালোক সকলোৱে জানে যে মোদীৰ গেৰাণ্টিৰ অৰ্থ হৈছে গেৰাণ্টি পূৰণৰ গেৰাণ্টি"

তেওঁ শেহতীয়া জম্মু ভ্ৰমণৰ কথা স্মৰণ কৰে, য'ত তেওঁ ৩২,০০০ কোটি টকাৰ আন্তঃগাঁথনি আৰু শিক্ষা প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰী মোডীয়ে আজি বিতৰণ কৰা নিযুক্তি পত্ৰৰ লগতে পৰ্যটন উন্নয়ন আৰু কৃষি সম্পৰ্কীয় আজিৰ প্ৰকল্পসমূহৰ কথাও উল্লেখ কৰে। "উন্নয়নৰ শক্তি, পৰ্যটনৰ সম্ভাৱনা, কৃষকৰ সামৰ্থ্য আৰু জম্মু-কাশ্মীৰৰ যুৱপ্ৰজন্মৰ নেতৃত্বই বিকশিত জম্মু-কাশ্মীৰৰ পথ প্ৰশস্ত কৰিব", প্ৰধানমন্ত্ৰীয়ে কয়। "জম্মু-কাশ্মীৰ কেৱল এখন ঠায়েই নহয়, ই হৈছে ভাৰতৰ শিৰোমণি। এই শীৰ্ষস্থান অক্ষুণ্ণ ৰখাটো হৈছে বিকাশ আৰু সন্মানৰ প্ৰতীক। সেয়েহে বিকশিত জম্মু-কাশ্মীৰ হৈছে বিকশিত ভাৰতৰ অগ্ৰাধিকাৰ", প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰত দেশত কাৰ্যকৰী হৈ থকা আইনসমূহ কাৰ্যকৰী নোহোৱা সময়ৰ কথা স্মৰণ কৰে আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে উল্লেখ কৰে। ভাগ্য পৰিৱৰ্তনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীনগৰ আৰু জম্মু-কাশ্মীৰৰ পৰা আজি সমগ্ৰ দেশৰ বাবে আঁচনি শুভাৰম্ভ কৰা হৈছে। সেয়েহে ভাৰতৰ ৫০ খনতকৈও অধিক স্থানৰ লোকসকলে এই অনুষ্ঠানত যোগদান কৰিছে। তেওঁ স্বদেশ দৰ্শন আঁচনিৰ অধীনত আজি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা ছটা প্ৰকল্পৰ লগতে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ আৰম্ভণিৰ কথা উল্লেখ কৰে। তেওঁ জানিবলৈ দিয়ে যে শ্ৰীনগৰকে ধৰি দেশৰ বিভিন্ন চহৰৰ বাবে প্ৰায় ৩০ টা প্ৰকল্প আৰম্ভ কৰা হৈছে। আনহাতে প্ৰসাদ আঁচনিৰ অধীনত ৩টা প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আন ১৪ টা প্ৰকল্প আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে জনসাধাৰণৰ সুবিধাৰ বাবে পবিত্ৰ হজৰতবল দৰগাহত চলি থকা উন্নয়নমূলক কামবোৰো সম্পন্ন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে 'দেখো আপনা দেশ পিপলচ চইচ' অভিযানৰ বিষয়ে অৱগত কৰে, য'ত অহা দুবছৰত চৰকাৰে ৪০ টা স্থানক পৰ্যটনস্থলী হিচাপে বিকশাই তোলাৰ বাবে নিৰ্বাচিত কৰিছে। এই অভিযানৰ অধীনত চৰকাৰে জনমতৰ ওপৰত আধাৰিত সবাতোকৈ পছন্দৰ পৰ্যটনস্থলী বিকশাই তুলিব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ প্ৰবাসী ভাৰতীয়সকলক ভাৰতলৈ অহাৰ বাবে উৎসাহিত কৰিবলৈ 'চলো ইণ্ডিয়া' অভিযানৰ কথাও উল্লেখ কৰে। আজিৰ উন্নয়নমূলক কাম-কাজৰ বাবে জম্মু-কাশ্মীৰৰ নাগৰিকসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ই অঞ্চলটোৰ পৰ্যটন উদ্যোগৰ বিকাশ আৰু নতুন নিয়োগৰ সুযোগ সৃষ্টিত সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয়, "যেতিয়া উদ্দেশ্য মহৎ হয় আৰু প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সংকল্প থাকে, তেতিয়া ফলাফল নিশ্চিত।" তেওঁ জম্মু-কাশ্মীৰত জি-২০ সন্মিলনৰ সফল আয়োজনৰ কথাও উল্লেখ কৰে।

পৰ্যটনৰ পৰিবৰ্তনশীল বিকাশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, "এটা সময় আছিল যেতিয়া মানুহে প্ৰশ্ন কৰিছিল যে পৰ্যটনৰ বাবে জম্মু-কাশ্মীৰ কোনে ভ্ৰমণ কৰিব। আজি জম্মু-কাশ্মীৰে পৰ্যটনৰ সকলো অভিলেখ ভংগ কৰিছে।" তেওঁ লগতে কয় যে, "কেৱল ২০২৩ চনতেই জম্মু-কাশ্মীৰে পূৰ্বৰ অভিলেখ অতিক্ৰম কৰি ২ কোটিতকৈও অধিক পৰ্যটকক আদৰণি জনাইছিল। যোৱা ১০ বছৰত অমৰনাথ যাত্ৰাত সৰ্বাধিকসংখ্যক তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু বৈষ্ণো দেৱীলৈও তীৰ্থযাত্ৰীৰ সংখ্যা পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে।" বিদেশী পৰ্যটকৰ আগমন বৃদ্ধি আৰু তাৰকা তথা আন্তঃৰাষ্ট্ৰীয় অতিথিসকলৰ প্ৰতি বৰ্ধিত আকৰ্ষণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এতিয়া আনকি বিশিষ্ট তাৰকা আৰু বিদেশী অতিথিসকলেও ভিডিঅ' আৰু ৰিল অন্বেষণ আৰু সৃষ্টি কৰিবলৈ জম্মু-কাশ্মীৰৰ উপত্যকাসমূহ ভ্ৰমণ কৰে।"

কৃষিখণ্ডৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কেশৰ, আপেল, শুকান ফল আৰু চেৰীকে ধৰি জম্মু-কাশ্মীৰৰ কৃষিজাত সামগ্ৰীৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু অঞ্চলটোক এক গুৰুত্বপূৰ্ণ কৃষি কেন্দ্ৰ হিচাপে চিহ্নিত কৰে। তেওঁ কয় যে ৫,০০০ কোটি টকাৰ কৃষি উন্নয়ন কাৰ্যসূচীৰ জৰিয়তে অহা ৫ বছৰত জম্মু-কাশ্মীৰৰ কৃষি খণ্ডত অভূতপূৰ্ব বিকাশ সম্ভৱ হ’ব, বিশেষকৈ উদ্যানশস্য আৰু পশুধন বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। "এই পদক্ষেপে বিশেষকৈ উদ্যানশস্য আৰু পশুপালনৰ ক্ষেত্ৰত হাজাৰ হাজাৰ নতুন সুযোগ সৃষ্টি কৰিব " তেওঁ কয়।

ইয়াৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত জম্মু-কাশ্মীৰৰ কৃষকসকলৰ নামত প্ৰায় ৩,০০০ কোটি টকাৰ পোনপটীয়া হস্তান্তৰ কৰাৰ কথাও উল্লেখ কৰে। ফলমূল আৰু পাচলিৰ মজুত ক্ষমতা বৃদ্ধি কৰাৰ লগতে সেইবোৰ দীৰ্ঘম্যাদী সংৰক্ষণ নিশ্চিত কৰিবলৈ জম্মু-কাশ্মীৰত মজুতকৰণৰ সুবিধা বৃদ্ধি কৰাৰ বাবে গুৰুত্বপূৰ্ণ বিনিয়োগ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে 'বিশ্বৰ সৰ্ববৃহৎ ৱেৰহাউচিং আঁচনি'ৰ আৰম্ভণিৰ ভিতৰত সমগ্ৰ জম্মু-কাশ্মীৰত অসংখ্য গুদাম নিৰ্মাণ অন্যতম।

জম্মু-কাশ্মীৰত উন্নয়নৰ দ্ৰুত গতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দুখন এইমছৰ কথা উল্লেখ কৰে। জম্মুৰ এইমছ ইতিমধ্যে উদ্বোধন কৰা হৈছে আৰু কাশ্মীৰত এইমছৰ নিৰ্মাণৰ কাম চলি আছে। তেওঁ অঞ্চলটোত ৭খন নতুন চিকিৎসা মহাবিদ্যালয়, ২খন কৰ্কট চিকিৎসালয় আৰু আইআইটি আৰু আইআইএমৰ দৰে প্ৰতিষ্ঠানৰ বিষয়ে কথা পাতে। তেওঁ কয় যে জম্মু-কাশ্মীৰত দুখন বন্দে ভাৰত ৰেল চলি আছে আৰু শ্ৰীনগৰৰ পৰা ছাংগলদানলৈ আৰু ছাংগালদানৰ পৰা বাৰামুলালৈ ৰেল সেৱা আৰম্ভ হৈছে। যোগাযোগৰ এই সম্প্ৰসাৰণে অৰ্থনৈতিক কাৰ্যকলাপত অৰিহণা যোগাইছে। জম্মু-শ্ৰীনগৰক স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ নতুন প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "অনাগত সময়ত জম্মু-কাশ্মীৰৰ সফলতাৰ কাহিনী সমগ্ৰ বিশ্বৰ বাবে উদাহৰণ হৈ পৰিব।"

 

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন কি বাত কাৰ্যসূচীত অঞ্চলটোৰ হস্তশিল্প আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা উল্লেখ কৰি পদুম ফুলৰ সৈতে জম্মু কাশ্মীৰৰ সম্পৰ্কৰ কথা উল্লেখ কৰে।

 

প্ৰতিটো ক্ষেত্ৰতে জম্মু-কাশ্মীৰৰ যুৱপ্ৰজন্মৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দক্ষতা বিকাশৰ পৰা ক্ৰীড়ালৈকে নতুন সুযোগ সৃষ্টি কৰা হৈছে আৰু জম্মু-কাশ্মীৰৰ প্ৰতিখন জিলাতে আধুনিক ক্ৰীড়া সুবিধাৰ গঢ়ি তোলা হৈছে। তেওঁ ১৭ খন জিলা আৰু জম্মু-কাশ্মীৰত নিৰ্মাণ কৰা বহুমুখী ইনড'ৰ স্পৰ্টছ হলৰ উদাহৰণ দাঙি ধৰে, য'ত বহুতো ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। "জম্মু-কাশ্মীৰ বৰ্তমান দেশৰ শীতকালীন ক্ৰীড়া ৰাজধানী হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ অনুষ্ঠিত খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়াত প্ৰায় ১,০০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছল", প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

 

 

"জম্মু-কাশ্মীৰে আজি মুক্তভাৱে উশাহ ল’বলৈ সক্ষম হৈছে আৰু সেয়েহে নতুন শিখৰ স্পৰ্শ কৰিছে"। ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত যুৱসকলৰ প্ৰতিভা আৰু সমান অধিকাৰ আৰু সকলোৱে সমান সুযোগৰ সন্মান লাভ কৰিছে। তেওঁ পাকিস্তানৰ পৰা অহা শৰণাৰ্থী, বাল্মীকি সম্প্ৰদায় আৰু অনাময় কৰ্মীসকলে ভোটদানৰ অধিকাৰ লাভ কৰা, অনুসূচীত জাতি, পদ্দাৰী জনজাতিৰ বাবে বিধানসভাত আসন সংৰক্ষণ আৰু পদ্দাৰী জনজাতি, পাহাৰী জাতিগোষ্ঠী, গদ্দা ব্ৰাহ্মণ আৰু কলি সম্প্ৰদায়ক অনুসূচীত জনজাতিত অন্তৰ্ভুক্ত কৰাৰ বিষয়েও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে জম্মু-কাশ্মীৰৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে পঞ্চায়ত, পৌৰসভা আৰু পৌৰ নিগমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ চৰকাৰী অধিকাৰৰ পৰা বঞ্চিত কৰিছে। "আজি প্ৰতিটো শ্ৰেণীক তেওঁলোকৰ অধিকাৰ ঘূৰাই দিয়া হৈছে", প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

 

 

জে এণ্ড কে বেংকৰ পৰিবৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানমন্ত্ৰীয়ে অতীতৰ অৰ্থব্যৱস্থাৰ কথা স্মৰণ কৰি ইয়াক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিৰ ভুক্তভোগী বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে বেংকৰ স্থিতি পুনৰুদ্ধাৰৰ বাবে সংস্কাৰৰ তালিকা তৈয়াৰ কৰে। তেওঁ বেংকক ১,০০০ কোটি টকাৰ সাহায্য আৰু ভুৱা নিযুক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে। দুৰ্নীতিবিৰোধী ব্যুৰোৱে এতিয়াও এনে ধৰণৰ হাজাৰ হাজাৰ নিযুক্তিৰ তদন্ত কৰি আছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে যোৱা ৫ বছৰত স্বচ্ছ নিযুক্তিৰ ওপৰত আলোকপাত কৰা হৈছে। ইয়াৰ ফলস্বৰূপে জে এণ্ড কে বেংকৰ লাভৰ পৰিমাণ ১,৭০০ কোটি টকাত উপনীত হৈছে আৰু ব্যৱসায় ৫ বছৰ আগৰ ১.২৫ লাখ কোটি টকাৰ পৰা ২.২৫ লাখ কোটি টকালৈ বৃদ্ধি হৈছে। জমাৰ মূল্যও ৮০,০০০ কোটি টকাৰ পৰা ১.২৫ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। ৫ বছৰ পূৰ্বে ১১ শতাংশ অতিক্ৰম কৰা এনপিএ ৫ শতাংশৰ তললৈ নামিছে। বেংকৰ অংশ ৫ বছৰ আগৰ ১২ টকাৰ পৰা ১২ গুণ বৃদ্ধি হৈ প্ৰায় ১৪০ টকালৈ বৃদ্ধি পাইছে।"যেতিয়া এখন সৎ চৰকাৰ থাকে আৰু উদ্দেশ্য জনসাধাৰণৰ কল্যাণৰ হকে হয়, তেতিয়া প্ৰতিটো সমস্যাৰ পৰা জনসাধাৰণক উলিয়াই আনিব পাৰি", প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

 

স্বাধীনতাৰ পিছত জম্মু-কাশ্মীৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ সৰ্ববৃহৎ ভুক্তভোগী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক আশ্বাস দিয়ে যে জম্মু-কাশ্মীৰৰ বাবে উন্নয়নমূলক অভিযান কোনো মূল্যতে বন্ধ নহ'ব আৰু আগন্তুক ৫ বছৰত অঞ্চলটোৱে অধিক দ্ৰুতগতিত বিকাশ লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ ৰমজান মাহত সমগ্ৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ ভাষণ সামৰণি মাৰে। "এইটো মোৰ ইচ্ছা যে সকলোৱে ৰমজান মাহৰ পৰা শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰাপ্ত কৰিব লাগে। কাইলৈ মহাশিৱৰাত্ৰি, মই সকলোকে এই পবিত্ৰ উৎসৱৰ শুভেচ্ছা জনাইছো", প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণৰ সামৰণি মাৰে। 

অনুষ্ঠানত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা আৰু কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং উপস্থিত আছিল।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Exclusive: Just two friends in a car, says Putin on viral carpool with PM Modi

Media Coverage

Exclusive: Just two friends in a car, says Putin on viral carpool with PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: State Visit of the President of the Russian Federation to India
December 05, 2025

MoUs and Agreements.

Migration and Mobility:

Agreement between the Government of the Republic of India and the Government of the Russian Federation on Temporary Labour Activity of Citizens of one State in the Territory of the other State

Agreement between the Government of the Republic of India and the Government of the Russian Federation on Cooperation in Combating Irregular Migration

Health and Food safety:

Agreement between the Ministry of Health and Family Welfare of the Republic of India and the Ministry of Health of the Russian Federation on the cooperation in the field of healthcare, medical education and science

Agreement between the Food Safety and Standards Authority of India of the Ministry of Health and Family Welfare of the Republic of India and the Federal Service for Surveillance on Consumer Rights Protection and Human Well-being (Russian Federation) in the field of food safety

Maritime Cooperation and Polar waters:

Memorandum of Understanding between the Ministry of Ports, Shipping and Waterways of the Government of the Republic of India and the Ministry of Transport of the Russian Federation on the Training of Specialists for Ships Operating in Polar Waters

Memorandum of Understanding between the Ministry of Ports, Shipping and Waterways of the Republic of India and the Maritime Board of the Russian Federation

Fertilizers:

Memorandum of Understanding between M/s. JSC UralChem and M/s. Rashtriya Chemicals and Fertilizers Limited and National Fertilizers Limited and Indian Potash Limited

Customs and commerce:

Protocol between the Central Board of Indirect taxes and Customs of the Government of the Republic of India and the Federal Customs Service (Russian Federation) for cooperation in exchange of Pre-arrival information in respect of goods and vehicles moved between the Republic of India and the Russian federation

Bilateral Agreement between Department of Posts, Ministry of Communications of the Republic of India between and JSC «Russian Post»

Academic collaboration:

Memorandum of Understanding on scientific and academic collaboration between Defence Institute of Advanced Technology, Pune and Federal State Autonomous Educational Institution of Higher Education "National Tomsk State University”, Tomsk

Agreement regarding cooperation between University of Mumbai, Lomonosov Moscow State University and Joint-Stock Company Management Company of Russian Direct Investment Fund

Media Collaboration:

Memorandum of Understanding for Cooperation and Collaboration on Broadcasting between Prasar Bharati, India and Joint Stock Company Gazprom-media Holding, Russian Federation.

Memorandum of Understanding for Cooperation and Collaboration on Broadcasting between Prasar Bharati, India and National Media Group, Russia

Memorandum of Understanding for Cooperation and Collaboration on Broadcasting between Prasar Bharati, India and the BIG ASIA Media Group

Addendum to Memorandum of Understanding for cooperation and collaboration on broadcasting between Prasar Bharati, India, and ANO "TV-Novosti”

Memorandum of Understanding between "TV BRICS” Joint-stock company and "Prasar Bharati (PB)”

Announcements

Programme for the Development of Strategic Areas of India - Russia Economic Cooperation till 2030

The Russian side has decided to adopt the Framework Agreement to join the International Big Cat Alliance (IBCA).

Agreement for the exhibition "India. Fabric of Time” between the National Crafts Museum &Hastkala Academy (New Delhi, India) and the Tsaritsyno State Historical, Architectural, Art and Landscape Museum-Reserve (Moscow, Russia)

Grant of 30 days e-Tourist Visa on gratis basis to Russian nationals on reciprocal basis

Grant of Group Tourist Visa on gratis basis to Russian nationals