“বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে এই দশকটো হ’ব এক গুৰুত্বপূৰ্ণ দশক”
“দেশৰ সামৰ্থ্যৰ জৰিয়তে ভাৰতৰ সপোন পূৰণৰ বাবে এইটো এটা দশক”
“এই দশকটো হ’ব ভাৰতৰ দ্ৰুত সংযোগ, দ্ৰুত গতিশীলতা আৰু দ্ৰুত সমৃদ্ধিৰ দশক”
“ভাৰত শক্তিশালী গণতন্ত্ৰ হিচাপে বিশ্বাসৰ ৰেঙণি হৈয়ে আছে”
“ভাল অৰ্থনীতিৰ দ্বাৰাহে ভাল ৰাজনীতি হ’ব পাৰে বুলি ভাৰতে প্ৰমাণ কৰিছে”
“মোৰ সমগ্ৰ মনোযোগ দেশৰ উন্নয়নৰ গতি আৰু পৰিসৰ বৃদ্ধিৰ ওপৰত”
“বিগত ১০ বছৰত মানুহে সমাধান দেখিছে, শ্লোগান নহয়”
“পৰৱৰ্তী দশকত ভাৰতে যি উচ্চতাত উপনীত হ’ব সেয়া অভূতপূৰ্ব, কল্পনাতীত হ’ব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰিপাব্লিক সন্মিলন ২০২৪ত ভাষণ আগবঢ়ায়। সন্মিলনৰ বিষয়বস্তু হৈছে ভাৰত: পৰৱৰ্তী দশক।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে এই দশক ভাৰতৰ বুলি কোৱাৰ কথা স্মৰণ কৰাৰ লগতে এই বক্তব্য যে ৰাজনৈতিক নাছিল, সেই কথা আজি বিশ্বই দৃঢ়তাৰে প্ৰতীয়মান কৰিছে বুলি কয়। “বিশ্বই বিশ্বাস কৰে যে এইটো ভাৰতৰ দশক”, বিষয়বস্তু অনুসৰি অহা দশকৰ ভাৰতৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ বাবে ৰিপাব্লিক টিমৰ দৃষ্টিভংগীক প্ৰশংসা কৰি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে চলিত দশকটো বিকশিত ভাৰতৰ সংকল্প পূৰণৰ মাধ্যমত পৰিণত হ’ব।

 

স্বাধীন ভাৰতৰ বাবে বৰ্তমানৰ দশকৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা তেওঁৰ প্ৰশংসাৰ কথা স্মৰণ কৰি কয়, “এয়াই সময়, সঠিক সময়।” তেওঁ এই দশকটো এক সক্ষম আৰু উন্নত ভাৰতৰ ভেটি সুদৃঢ় কৰাৰ আৰু এসময়ত অসম্ভৱ বুলি গণ্য কৰা জনসাধাৰণৰ ইচ্ছা পূৰণৰ সময় বুলি আলোকপাত কৰে। “দেশৰ সামৰ্থ্যৰ জৰিয়তে ভাৰতৰ সপোন পূৰণৰ বাবে এইটো এটা দশক”, তেওঁ দৃঢ়তাৰে কয়। তেওঁ উল্লেখ কৰে যে অহা দশকৰ পূৰ্বে ৰাইজে ভাৰতক তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হোৱা প্ৰত্যক্ষ কৰিব আৰু সকলোৰে বাবে পকী ঘৰ, শৌচাগাৰ, গেছ, বিদ্যুৎ, পানী, ইণ্টাৰনেট আদি মৌলিক প্ৰয়োজনীয় সামগ্ৰীসমূহ উপলব্ধ কৰা হ’ব। তেওঁ সজোৰে কয় যে বৰ্তমানৰ দশকটো এক্সপ্ৰেছৱে, তীব্ৰবেগী ৰে’ল, আৰু আভ্যন্তৰীণ জলপথ নেটৱৰ্কৰ আন্তঃগাঁথনিগত উন্নয়নৰ অন্তৰ্গত হ’ব আৰু ভাৰতে প্ৰথমখন বুলেট ট্ৰেইন, সম্পূৰ্ণৰূপে কাৰ্যক্ষম সমৰ্পিত মালবাহী কৰিডৰ লাভ কৰিব আৰু ভাৰতৰ বৃহৎ চহৰসমূহে নমো বা মেট্ৰ’ ৰে’লৰ জৰিয়তে সংযোগ লাভ কৰিব। “এই দশকটো ভাৰতৰ দ্ৰুত সংযোগ, গতিশীলতা আৰু সমৃদ্ধিৰ বাবে উৎসৰ্গিত হ’ব”, তেওঁ লগতে কয়।

বৰ্তমান সময়ত বিশ্বৰ অনিশ্চয়তা আৰু অস্থিৰতাৰ কথা কওঁতে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ চৰকাৰসমূহে বিৰোধিতাৰ ঢৌৰ সন্মুখীন হোৱাৰ লগে লগে বৰ্তমানৰ মুহূৰ্তটো তীব্ৰতা আৰু বিস্তাৰৰ ক্ষেত্ৰত আটাইতকৈ অস্থিৰ বুলি বিশেষজ্ঞসকলৰ মতামতৰ কথা উল্লেখ কৰে। “এই সকলোবোৰৰ মাজত ভাৰত এখন শক্তিশালী গণতন্ত্ৰ হিচাপে বিশাসৰ ৰেঙণি হৈ আছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয়, “ভাল অৰ্থনীতিৰে ভাল ৰাজনীতি কৰিব পৰা যায় বুলি ভাৰতে প্ৰমাণ কৰিছে।”

ভাৰতৰ কাম-কাজৰ প্ৰতি বিশ্বজুৰি কৌতুহল লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “এইটো হোৱাৰ মুলতে আমি দেশৰ প্ৰয়োজনীয়তাৰ লগতে সপোন পূৰণ কৰিলোঁ, আমি সৱলীকৰণৰ কাম কৰাৰ সমান্তৰালভাৱে সমৃদ্ধিৰ ওপৰত গুৰুত্ব দিলোঁ।” তেওঁ আৰু এটা উদাহৰণ দাঙি ধৰে, সেয়া হৈছে ব্যক্তিগত আয়কৰৰ লগতে কৰ্পৰেট কৰ হ্ৰাস কৰা। তদুপৰি তেওঁ কয় যে আধুনিক আন্তঃগাঁথনিত অভিলেখ বিনিয়োগ কৰি বিনামূলীয়া চিকিৎসা আৰু বিনামূলীয়া ৰেচনৰ লগতে কোটি কোটি পকী ঘৰ নিৰ্মাণ কৰা হৈছে। যদি উদ্যোগৰ বাবে পিএলআই আঁচনি আছে তেন্তে কৃষকৰ বাবেও বীমা আৰু আয় সৃষ্টিৰ উপায়ো আছে। প্ৰযুক্তি আৰু উদ্ভাৱনত বিনিয়োগৰ লগে লগে যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়।

 

বংশবাদী ৰাজনীতিৰ ফলত ভাৰতৰ উন্নয়নৰ বাবে দশক দশক ধৰি অপচয় হোৱা সময়ৰ বাবে আক্ষেপ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত গঢ়াৰ বাবে হেৰুওৱা সময়খিনি উদ্ধাৰৰ বাবে অভূতপূৰ্ব পৰিসৰ আৰু গতিৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। আজি ভাৰতৰ সকলো ক্ষেত্ৰতে চলি থকা উন্নয়নমূলক কামৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে দেশৰ উন্নয়নৰ গতি আৰু পৰিসৰ বৃদ্ধিৰ ওপৰত তেওঁৰ মনোযোগ অব্যাহত আছে। বিগত ৭৫ দিনত দেশত সংঘটিত হোৱা উন্নয়নৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৯ লাখ কোটি টকাৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনীৰ কথা উল্লেখ কৰে, যিটো পৰিসংখ্যা ১১০ বিলিয়ন মাৰ্কিন ডলাৰতকৈও অধিক। তেওঁ কয় যে বিগত ৭৫ দিনত আধুনিক আন্তঃগাঁথনিৰ দিশত কৰা বিনিয়োগ বিশ্বৰ বহু দেশৰ বাৰ্ষিক বাজেটতকৈ অধিক। বিগত ৭৫ দিনত প্ৰধানমন্ত্ৰীয়ে জনাইছে যে ৭খন নতুন এইমছ, ৩খন আই আই এম, ১০খন আই আই টি, ৫খন এনআইটি, ৩খন আই আই আই টি, ২খন আই চি আৰ আৰু ১০খন কেন্দ্ৰীয় প্ৰতিষ্ঠান, ৪খন মেডিকেল আৰু নাৰ্চিং কলেজ আৰু ৬টা ৰাষ্ট্ৰীয় গৱেষণাগাৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰা হৈছে। মহাকাশ আন্তঃগাঁথনি খণ্ডত ১৮০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হৈছে, ৫৪টা শক্তি প্ৰকল্প উদ্বোধন কৰা হৈছে বা আধাৰশিলা স্থাপন কৰা হৈছে আৰু কাকৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ২টা নতুন ৰিয়েক্টৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হৈছে। কল্পকামত স্বদেশী ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰৰ কোৰ লোডিং আৰম্ভ কৰা হয়, তেলেংগানাত ১৬০০ মেগাৱাট শক্তিৰ তাপ শক্তি কেন্দ্ৰ উদ্বোধন কৰা হয়, ঝাৰখণ্ডত ১৩০০ মেগাৱাটৰ তাপ শক্তি কেন্দ্ৰ উদ্বোধন কৰা হয়, ১৬০০ মেগাৱাটৰ তাপ শক্তি কেন্দ্ৰ, ৩০০ মেগাৱাট শক্তিৰ এটা তাপ শক্তি কেন্দ্ৰৰ ৰ আধাৰশিলা স্থাপন, উত্তৰপ্ৰদেশৰ সৌৰ শক্তি কেন্দ্ৰৰ আৰু মেগা পুনৰ নবীকৰণযোগ্য পাৰ্ক, হিমাচলৰ জলবিদ্যুৎ প্ৰকল্প, দেশৰ প্ৰথমখন সেউজ হাইড্ৰজেন ইন্ধন কোষ জাহাজ তামিলনাডুত মুকলি, উত্তৰপ্ৰদেশৰ মীৰাট-সিংভৱলী ট্ৰান্সমিছন লাইন আৰু কৰ্ণাটকৰ কোপ্পালৰ বতাহ শক্তি মণ্ডলৰ পৰা ট্ৰান্সমিছন লাইন উদ্বোধন কৰা হৈছে। তেওঁ লগতে কয় যে যোৱা ৭৫ দিনত ভাৰতৰ আটাইতকৈ দীঘল কেবল ভিত্তিক দলংখন উদ্বোধন কৰা হৈছে। লাক্ষাদ্বীপলৈকে সাগৰৰ তলেৰে অপটিকেল কেবলৰ কাম উদ্বোধন কৰা হৈছে। দেশৰ ৫০০ৰো অধিক ৰে’ল ষ্টেচন আধুনিকীকৰণৰ কাম আৰম্ভ হৈছে। ৩৩খন নতুন ৰে’ল শুভাৰম্ভ কৰাৰ লগতে ১৫০০ৰো অধিক পথ, অভাৰব্ৰীজ আৰু আণ্ডাৰপাছৰ প্ৰকল্প উদ্বোধন কৰা হৈছে। দেশৰ ৪খন চহৰত ৭টা মেট্ৰ’ সম্পৰ্কীয় প্ৰকল্প উদ্বোধন কৰাৰ লগতে আৰু কলকাতাই দেশৰ প্ৰথমখন পানীৰ তলেৰে চলা মেট্ৰ’ ৰে’লৰ উপহাৰ লাভ কৰিছে। ১০,০০০ কোটি টকাৰ ৩০টা বন্দৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা উদ্বোধন কৰা হৈছে। কৃষকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ আঁচনিৰ আৰম্ভণি কৰা হৈছে। ১৮ হাজাৰ সমবায়ৰ কম্পিউটাৰাইজেচন সম্পূৰ্ণ হোৱাৰ লগতে কৃষকৰ বেংক একাউণ্টলৈ ২১ হাজাৰ কোটিৰো অধিক টকা হস্তান্তৰ কৰাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

শাসন ব্যৱস্থাৰ গতিৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে বাজেটত প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ মুফ্ট বিজলী যোজনা ঘোষণা কৰাৰ পিছত মাত্ৰ ৪ সপ্তাহতে অনুমোদন জনোৱাৰ লগতে কাম আৰম্ভ হৈছে। তেওঁ কয় যে নাগৰিকে এই মাত্ৰা আৰু গতি নিজ চকুৰে প্ৰত্যক্ষ কৰি আছে।

 

প্ৰধানমন্ত্ৰীয়ে আগন্তুক ২৫ বছৰৰ ৰোডমেপৰ কথাও কয়। তেওঁ কয় যে প্ৰতিটো ছেকেণ্ড গণনা হোৱাৰ দৰে নিৰ্বাচনী পৰিৱেশৰ মাজতো উন্নয়নৰ কাম অব্যাহত আছে। “বিগত ১০ বছৰত মানুহে শ্লোগানৰ পৰিৱৰ্তে সমাধানৰ সাক্ষী হৈছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। খাদ্য সুৰক্ষা, সাৰ উদ্যোগ পুনৰুজ্জীৱিত কৰা, বিদ্যুতীকৰণ আৰু সীমান্তৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দৰে পদক্ষেপ, পকী ঘৰ নিশ্চিত কৰাৰ পৰা আৰম্ভ কৰি ৩৭০নং অনুচ্ছেদ বাতিল কৰালৈকে এই সকলোবোৰ চৰকাৰে একেলগে সকলো অগ্ৰাধিকাৰৰ ওপৰত কাম কৰা বুলি  প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে বিগত ১০ বছৰত প্ৰশ্নৰ প্ৰকৃতিৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰে। শেহতীয়া প্ৰযুক্তিৰ বাবে অপেক্ষাৰ পৰা আৰম্ভ কৰি ডিজিটেল পেমেণ্টৰ নেতৃত্বলৈকে, নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপৰ প্ৰশ্নলৈকে, মুদ্ৰাস্ফীতিৰ দিনৰ পৰা বিশ্বৰ অস্থিৰতাৰ ব্যতিক্ৰম হোৱালৈকে জাতীয় অৰ্থনীতিৰ প্ৰতি থকা নিৰাশাবাদী প্ৰশ্নবোৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ আশা আৰু আগ্ৰহী অপেক্ষাত পৰিণত হৈছে। তদুপৰি জম্মু-কাশ্মীৰৰ অৰ্থনীতিৰ কেলেংকাৰী, সংস্কাৰ, ৩৭০নং অনুচ্ছেদ আৰু অগ্ৰগতিৰ বিষয়ে আশাহীনৰ পৰা আশাবাদীলৈ প্ৰশ্নৰ সলনি হোৱাৰ কথাও উল্লেখ কৰে। আজি পুৱা শ্ৰীনগৰ ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ ৰূপান্তৰিত ছবিৰ বিষয়ে দৰ্শকক অৱগত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে দায়বদ্ধতাৰে পিছ পৰি থকাসকলক চৰকাৰে গুৰুত্ব দিয়াৰ বিষয়ে বিশদভাৱে কয়। তেওঁ আকাংক্ষিত জিলাৰ উদাহৰণ দি কয় যে চৰকাৰে নিজৰ দুৰ্ভাগ্যৰ সৈতে ৰৈ যোৱা এই জিলাসমূহৰ লোকসকলৰ দৃষ্টিভংগী আৰু ভাগ্য সলনি কৰিলে। একেধৰণৰ পন্থাই সীমান্তৰ গাঁও আৰু দিব্যাংগসকলৰ ধাৰণা সলনি কৰিলে। তেওঁ সাংকেতিক ভাষাৰ মানসম্পন্ন কৰি তোলাৰ বিষয়ে অৱগত কৰি কয় যে এখন সক্ৰিয় চৰকাৰে শিপাই থকা দৃষ্টিভংগী আৰু চিন্তাধাৰাৰে কাম কৰে। অৱহেলিত আৰু বঞ্চিত জনগোষ্ঠীসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে যাযাবৰী আৰু অৰ্ধ যাযাবৰী জনসংখ্যা, ৰাজপথৰ বিক্ৰেতা আৰু বিশ্বকৰ্মাসকলৰ বাবেও পদক্ষেপৰ কথা উল্লেখ কৰে।

সাফল্যৰ যাত্ৰাত কঠোৰ পৰিশ্ৰম, দৃষ্টিভংগী আৰু সংকল্পৰ ভূমিকা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “ভাৰতেও এই যাত্ৰাত দ্ৰুত গতিত আগবাঢ়িছে। অহা দশকত ভাৰতে যি উচ্চতাত উপনীত হ’ব সেয়া অভূতপূৰ্ব আৰু কল্পনাৰো অতীত। এয়াও মোদীৰ গেৰাণ্টি”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Semiconductor Mission 2.0 to boost domestic chip manufacturing

Media Coverage

India Semiconductor Mission 2.0 to boost domestic chip manufacturing
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi receives a telephone call from the Prime Minister of Mauritius
February 09, 2026
The two leaders review progress in bilateral cooperation since their last meeting in Varanasi in September 2025.
They reaffirm their shared commitment to further advancing the India-Mauritius Enhanced Strategic Partnership.
PM Modi reiterates India’s continued support for Mauritius’ development priorities.
Both leaders agree to work closely towards peace and stability in the Indian Ocean Region.
PM Modi conveys that he looks forward to welcoming him in Delhi for the AI Impact Summit next week.

Prime Minister Shri Narendra Modi received a telephone call today from the Prime Minister of the Republic of Mauritius, H.E. Dr. Navinchandra Ramgoolam..

The two leaders reviewed progress in the wide-ranging bilateral cooperation since their last meeting in Varanasi in September 2025 with an emphasis on development partnership, capacity building and people-to-people exchanges.

They reaffirmed their shared commitment to further advancing the Enhanced Strategic Partnership between India and Mauritius for the benefit of the two peoples.

Prime Minister Modi reiterated India’s continued support for Mauritius’ development priorities in line with Vision MAHASAGAR, India’s Neighbourhood First policy and shared commitment to the Global South.

Both leaders agreed to continue working closely to achieve the shared objectives of peace and stability in the Indian Ocean Region.

Prime Minister Modi conveyed that he looked forward to welcoming him in Delhi for the AI Impact Summit next week.