আৰ্য্য সমাজৰ ১৫০ বছৰীয়া জয়ন্তী কেৱল কোনো বিশেষ সম্প্ৰদায় বা পন্থৰ এক উপলক্ষ নহয়— বৰঞ্চ এয়া সমগ্ৰ ৰাষ্ট্ৰৰ বৈদিক পৰিচয়ৰে গভীৰভাৱে সম্পৰ্কীয় এক উদযাপনঃ প্ৰধানমন্ত্ৰী
আৰ্য্য সমাজে নিৰ্ভীকভাৱে ভাৰতীয়ত্বৰ মৰ্মক সমৰ্থন আৰু প্ৰচাৰ কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
স্বামী দয়ানন্দ জী এগৰাকী দূৰদৰ্শী, এজন মহান ব্যক্তি আছিলঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে বহনক্ষম উন্নয়নৰ সন্ধানত এক আগশাৰীৰ বিশ্ব কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। তেওঁ কয় যে যেতিয়াই তেওঁ এনে সমাৱেশৰ মাজলৈ আহে, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰে। এই অনুভূতিৰ কাৰণ তেওঁ স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। উপস্থিত সকলো চিন্তকৰ সৈতে তেওঁৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোনৰ কথা উল্লেখেৰে কয় যে তেওঁলোকে তেওঁক বাৰে-বাৰে তেওঁলোকৰ মাজত থকাৰ সুযোগ দিছে। তেওঁ উল্লেখ কৰে যে যেতিয়াই তেওঁলোকক লগ পায় আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰে, তেতিয়াই তেওঁৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।

শ্ৰী মোদীয়ে কয় যে যোৱা বছৰ গুজৰাটৰ মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ জন্মস্থানত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল, য’ত তেওঁ ভিডিঅ’ বাৰ্তাৰ জৰিয়তে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ ২০০ সংখ্যক জয়ন্তী উদযাপনৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ কয় যে বৈদিক গীত আৰু পবিত্ৰ হাৱন অনুষ্ঠানৰ শক্তি এতিয়াও মাত্ৰ কালিহে সংঘটিত হোৱাৰ দৰে অনুভূত হয়।

 

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পূৰ্বৰ অনুষ্ঠানৰ সময়ত সকলো অংশগ্ৰহণকাৰীয়ে মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ দ্বি-শতবাৰ্ষিকী উদযাপন দুবছৰ ‘বিচাৰ যজ্ঞ’ হিচাপে অব্যাহত ৰখাৰ সংকল্প লৈছিল। এই নিৰৱচ্ছিন্ন বৌদ্ধিক প্ৰসাদ সম্পূৰ্ণ সময়লৈকে অব্যাহত থকাত তেওঁ সুখ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সময়ছোৱাত গ্ৰহণ কৰা প্ৰচেষ্টা আৰু কাৰ্য্যসূচীৰ বিষয়ে তেওঁক নিয়মিতভাৱে অৱগত কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে আজি পুনৰবাৰ আৰ্য্য সমাজৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা বৰ্ষ উদযাপনৰ সময়ত তেওঁ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পালে। তেওঁ স্বামী দয়ানন্দ সৰস্বতী জীৰ চৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰণাম জনায়। আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ বাবে সকলো অংশগ্ৰহণকাৰীলৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। এই উপলক্ষে স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰিবলৈ লাভ কৰা সুযোগক এক সৌভাগ্যৰ কথা বুলিও তেওঁ মন্তব্য কৰে।

“আৰ্য্য সমাজৰ ১৫০ বছৰীয়া জয়ন্তী কেৱল কোনো বিশেষ সম্প্ৰদায় বা পন্থৰ এক উপলক্ষ নহয়— বৰঞ্চ এয়া সমগ্ৰ ৰাষ্ট্ৰৰ বৈদিক পৰিচয়ৰে গভীৰভাৱে সম্পৰ্কীয় এক উদযাপন”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ মন্তব্য কৰে যে এয়া ভাৰতীয় দাৰ্শনিক পৰম্পৰাৰ সৈতে জড়িত, যিয়ে গংগাৰ প্ৰবাহৰ দৰেই আত্মশুদ্ধিৰ শক্তিৰ অধিকাৰী। শ্ৰী মোদীয়ে কয় যে এই অনুষ্ঠান আৰ্য্য সমাজে ধাৰাবাহিকভাৱে সাধন কৰা সমাজ সংস্কাৰৰ মহান উত্তৰাধিকাৰেৰে বদ্ধমূল। তেওঁ উল্লেখ কৰে যে এই আন্দোলনে অসংখ্য স্বাধীনতা সংগ্ৰামীক মতাদৰ্শগত শক্তি প্ৰদান কৰিছিল। আৰ্য্য সমাজৰ পৰা প্ৰেৰণা লাভ কৰি স্বাধীনতা সংগ্ৰামৰ বাবে সম্পূৰ্ণৰূপে নিজকে উৎসৰ্গা কৰা বিপ্লৱীসকলৰ ভিতৰত লালা লাজপত ৰায় আৰু শ্বহীদ ৰামপ্ৰসাদ বিছমিল অন্যতম আছিল। প্ৰধানমন্ত্ৰীয়ে খেদ প্ৰকাশেৰে কয় যে ৰাজনৈতিক কাৰণত, স্বাধীনতা আন্দোলনত আৰ্য্য সমাজে উল্লেখযোগ্য ভূমিকা পালন কৰা সত্বেও প্ৰাপ্য স্বীকৃতি লাভ নকৰিছিল।  

 

আৰম্ভণিৰে পৰাই আৰ্য্য সমাজ অটল দেশপ্ৰেমিকসকলৰ অনুষ্ঠান হৈ আহিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয়, “আৰ্য্য সমাজে নিৰ্ভীকভাৱে ভাৰতীয়ত্বৰ মৰ্মক সমৰ্থন আৰু প্ৰচাৰ কৰি আহিছে।” তেওঁ মন্তব্য কৰে যে সেয়া ভাৰতবিৰোধী মতাদৰ্শই হওঁক, বিদেশী মতবাদ জাপি দিয়াৰ প্ৰয়াসেই হওঁক, বিভাজনকাৰী মানসিকতাই হওঁক বা সাংস্কৃতিক বাতাবৰণক প্ৰদূষিতকৰণৰ প্ৰচেষ্টাই হওঁক, আৰ্য্য সমাজ সদায় সেইসমূহক প্ৰত্যাহ্বান জনাবলৈ থিয় দিছে। প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশেৰে কয় যে আৰ্য্য সমাজে ১৫০ বছৰ সম্পূৰ্ণৰ লগে-লগে সমাজ আৰু ৰাষ্ট্ৰ উভয়ে দয়ানন্দ সৰস্বতী জীৰ মহান আদৰ্শক গাম্ভীৰ্য্যপূৰ্ণ আৰু অৰ্থপূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি জনাইছে।

ধৰ্মীয় জাগৰণৰ জৰিয়তে ইতিহাসৰ গতিপথক নতুন দিশ প্ৰদান কৰা স্বামী শ্ৰদ্ধানন্দৰ দৰে আৰ্য্য সমাজৰ একাধিক পণ্ডিতলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এনে মহান আত্মাসমূহৰ শক্তি আৰু আশীৰ্বাদ এই ঐতিহাসিক মুহূৰ্তত অনুভূত হৈছে। তেওঁ মঞ্চৰ পৰাই এনে অগণিত আত্মাক প্ৰণাম জনাই তেওঁলোকৰ স্মৃতিক সন্মান জনায়।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত বহু দিশত অনন্য— ইয়াৰ ভূমি, ইয়াৰ সভ্যতা আৰু ইয়াৰ বৈদিক পৰম্পৰা যুগ-যুগ ধৰি চিৰন্তন হৈয়েই আছে। তেওঁ কয় যে যেতিয়াই নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হয় আৰু সময়ে নতুন প্ৰশ্ন উত্থাপন কৰে, তেতিয়াই উত্তৰ লৈ কোনোবা এগৰাকী মহান ব্যক্তিত্বৰ উন্মেষ ঘটে। তেওঁ লক্ষ্য কৰে যে কোনোবা ঋষি, দৰ্শক বা পণ্ডিত সদায় সমাজৰ পথ প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহে। স্বামী দয়ানন্দ সৰস্বতী জী এনে পৰম্পৰাৰ তেনে এজন মহৰ্ষি আছিল বুলি তেওঁ কয়। শ্ৰী মোদীয়ে কয় যে স্বামী দয়ানন্দ জীৰ জন্ম হৈছিল ঔপনিৱেশিক বশৱৰ্তী কালত, যেতিয়া শতিকাজুৰি দাসত্বই ৰাষ্ট্ৰ আৰু সমাজখনক ভেঙুচালি কৰিছিল। তেওঁ লক্ষ্য কৰে যে চিন্তা আৰু প্ৰতিফলনৰ ঠাইত অন্ধবিশ্বাস আৰু সামাজিক দুষ্টতাই ঠাই লৈছিল তথা ঔপনিৱেশিক শাসনক ন্যায্যতা প্ৰদান কৰিবলৈ ব্ৰিটিছে ভাৰতীয় পৰম্পৰা আৰু বিশ্বাসক হেয়জ্ঞান কৰিছিল। এনে পৰিস্থিতিত সমাজে নতুন, মৌলিক ধাৰণা প্ৰকাশ কৰাৰ সাহস হেৰুৱাই পেলাইছিল। এই কঠিন সময়তে এজন যুৱক তপস্বীৰ উত্থান ঘটিছিল, তেওঁ হিমালয়ৰ দুৰ্গম আৰু প্ৰতিকূল ভূখণ্ডত গভীৰ আধ্যাত্মিক অনুশীলন কৰিছিল, কঠোৰ তপস্যাৰ জৰিয়তে নিজকে পৰীক্ষা কৰিছিল। উভতি অহাৰ লগে-লগে তেওঁ হীনমন্যতাত আবদ্ধ ভাৰতীয় সমাজখনক জগাই তুলিছিল। যি সময়ত সমগ্ৰ ব্ৰিটিছ প্ৰতিষ্ঠান ভাৰতীয় পৰিচয়ক তুচ্ছজ্ঞান কৰাত ব্যস্ত আছিল, সামাজিক আদৰ্শ আৰু নৈতিকতাৰ অৱনতিক আধুনিকীকৰণ হিচাপে উপস্থাপন কৰা হৈছিল, সেই সময়তে এইগৰাকী আত্মবিশ্বাসী ঋষিয়ে তেওঁৰ সমাজখনক আহ্বান জনাইছিল— “বেদলৈ ঘূৰি আহক!” প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীক ঔপনিৱেশিক শাসনৰ যুগত দমন হোৱা ৰাষ্ট্ৰীয় চেতনাক পুনৰ জাগ্ৰত কৰা এজন উল্লেখযোগ্য ব্যক্তি বুলি অভিহিত কৰে।

 

শ্ৰী মোদীয়ে কয় যে স্বামী দয়ানন্দ সৰস্বতী জীয়ে হৃদয়ংগম কৰিছিল যে ভাৰতৰ উন্নতিৰ বাবে ঔপনিৱেশিক শাসনৰ শিকলি ছিঙি পেলোৱা কাৰ্য্যই যথেষ্ট নহয়—বৰঞ্চ ভাৰতেও নিজৰ সমাজখনক বান্ধি ৰখা শিকলি ছিঙিব লাগিব। তেওঁ কয় যে স্বামী দয়ানন্দ জীয়ে জাতিভিত্তিক বৈষম্য আৰু অস্পৃশ্যতাক বিৰোধ কৰিছিল। তেওঁ নিৰক্ষৰতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল আৰু বেদ-শাস্ত্ৰৰ ব্যাখ্যা বিকৃত তথা ভেজাল কৰাসকলক প্ৰত্যাহ্বান জনাইছিল। তেওঁ বিদেশী আখ্যানৰ মুখামুখি হৈছিল আৰু শাস্ত্ৰৰ্থৰ পৰম্পৰাগত প্ৰথাৰ জৰিয়তে সত্যক ৰক্ষা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীক এজন দূৰদৰ্শী ঋষি বুলি অভিহিত কৰে যিয়ে ব্যক্তিগত আৰু সমাজ উভয়ৰে উন্নয়নত নাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি নাৰীক ঘৰতে আৱদ্ধ কৰি ৰখা মানসিকতাক প্ৰত্যাহ্বান জনাইছিল। তেওঁৰ প্ৰেৰণাত আৰ্য্য সমাজৰ বিদ্যালয়সমূহে স্ত্ৰী শিক্ষা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল আৰু জলন্ধৰত আৰম্ভ হোৱা ছোৱালী বিদ্যালয়খন অতি সোনকালেই এখন পূৰ্ণাংগ মহিলা মহাবিদ্যালয়লৈ ৰূপান্তৰিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে এনে আৰ্য্য সমাজৰ অনুষ্ঠানত শিক্ষা লাভ কৰা লাখ-লাখ কন্যাই এতিয়া ৰাষ্ট্ৰৰ ভেটি সুদৃঢ় কৰি তুলিছে।

মঞ্চত দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাৰ উপস্থিতিৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে মাত্ৰ দুদিন পূৰ্বে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে ৰাফেল যুদ্ধ বিমানেৰে উৰা মাৰিছিল, স্কোৱাড্ৰন নেতা শিৱাংগী সিঙৰ সৈতে তেওঁ এই কাৰ্য্য সম্পন্ন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ভাৰতৰ কন্যাই যুদ্ধ বিমান উৰুৱাইছে। আধুনিক কৃষিকাৰ্য্যত “ড্ৰোন দিদি” হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ গৌৰৱেৰে উল্লেখ কৰে যে ভাৰতত এতিয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক মহিলা ষ্টেম (STEM) স্নাতক আছে। তেওঁ উল্লেখ কৰে যে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মহিলাসকলে নেতৃত্বৰ ভূমিকা ক্ৰমান্বয়ে গ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ প্ৰধান গৱেষণা প্ৰতিষ্ঠানসমূহৰ মহিলা বিজ্ঞানীসকলে মংগলযান, চন্দ্ৰযান আৰু গগনযান আদি মহাকাশ অভিযানত মূল ভূমিকা পালন কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে এনে ৰূপান্তৰ সাধনেৰে দেশখন সঠিক পথত আগবাঢ়িছে আৰু স্বামী দয়ানন্দ জীৰ সপোন পূৰণৰ সংকল্প গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁক প্ৰায়ে স্বামী দয়ানন্দ জীৰ এক বিশেষ চিন্তাই ভবাই তোলে। যি চিন্তাক তেৱোঁ সঘনাই আনৰ আগত ব্যক্ত কৰে। স্বামী জীয়ে কৈছিল, “যিজন ব্যক্তিয়ে কম খৰচ কৰে আৰু সৰ্বাধিক অৱদান আগবঢ়ায়, তেওঁ সঁচাকৈয়ে পৰিপক্ক।” তেওঁ মন্তব্য কৰে যে এই কেইটামান শব্দত ইমানেই গভীৰ জ্ঞান আছে যে হয়তো ইয়াৰ ব্যাখ্যা কৰিবলৈ সম্পূৰ্ণ কিতাপ লিখিব পৰা যাব। এটা ধাৰণাৰ প্ৰকৃত শক্তি কেৱল তাৰ অৰ্থতেই নহয়, ই কিমান দিন অব্যাহত থাকে আৰু কিমান জীৱনক ৰূপান্তৰিতে কৰে, তাৰ মাজতেই নিহিত হৈ আছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে যেতিয়া আমি এই মাপকাঠিত মহৰ্ষি দয়ানন্দ জীৰ চিন্তাধাৰাৰ মূল্যায়ন কৰোঁ আৰু আৰ্য্য সমাজৰ নিষ্ঠাবান অনুগামীসকলক পৰ্য্যবেক্ষণ কৰোঁ, তেতিয়া স্পষ্ট হৈ পৰে যে তেওঁৰ ধাৰণাসমূহ সময়ৰ লগে-লগে অধিক উজ্জ্বল হৈ পৰিছে।

 

স্বামী দয়ানন্দ সৰস্বতী জীয়ে তেওঁৰ জীৱনকালতে পৰোপকাৰিণী সভা প্ৰতিষ্ঠা কৰিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বামীজীয়ে ৰোপণ কৰা বীজটো গুৰুকুল কাংগ্ৰী, গুৰুকুল কুৰুক্ষেত্ৰ, ডিএভি আৰু আন-আন শিক্ষা কেন্দ্ৰকে ধৰি বহু ডাল থকা বিশাল বৃক্ষত পৰিণত হৈছে, যিসমূহে নিজ-নিজ ক্ষেত্ৰত অধ্যৱসায়ীভাৱে কাম কৰি আছে। তেওঁ কয় যে যেতিয়াই ৰাষ্ট্ৰখন সংকটৰ সন্মুখীন হৈছিল, তেতিয়াই আৰ্য্য সমাজৰ সদস্যসকলে নিস্বাৰ্থভাৱে নাগৰিকৰ সেৱাত নিজকে উৎসৰ্গা কৰিছে। শ্ৰী মোদীয়ে আৰু উল্লেখ কৰে যে বিভাজনৰ ভয়াবহতাৰ সময়ত সকলো হেৰুৱাই ভাৰতত উপস্থিত হোৱা শৰণাৰ্থীসকলক সহায়, পুনৰ্বাসন আৰু শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আৰ্য্য সমাজে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল— এই অৱদান ইতিহাসত লিপিবদ্ধ হৈ আছে। তেওঁ লগতে কয় যে আজিও প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত ভুক্তভোগীক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আৰ্য্য সমাজ আগৰণুৱা হৈ আছে।

গুৰুকুল পৰম্পৰাক ৰক্ষা কৰা কাৰ্য্য আৰ্য্য সমাজৰ একাধিক অৱদানৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদান বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতে এসময়ত নিজৰ গুৰুকুলৰ শক্তিৰ বাবে জ্ঞান আৰু বিজ্ঞানৰ শিখৰত থিয় দিছিল। ঔপনিৱেশিক শাসনৰ সময়ত এই ব্যৱস্থাৰ ওপৰত ইচ্ছাকৃতভাৱে আক্ৰমণ চলোৱা হৈছিল, যাৰ ফলত জ্ঞানৰ ধ্বংস, মূল্যবোধৰ খহনীয়া, নতুন প্ৰজন্ম দুৰ্বল হৈ পৰিছিল। ধ্বংসপ্ৰাপ্ত গুৰুকুল পৰম্পৰাক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছিল আৰ্য্য সমাজ। কেৱল পৰম্পৰা ৰক্ষা কৰাই নহয়, আধুনিক শিক্ষাক একত্ৰিত কৰি সময়ৰ লগে-লগে ইয়াক পৰিশোধন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে এতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে শিক্ষাক মূল্যবোধ আৰু চৰিত্ৰ গঠনৰ সৈতে পুনৰ সংযোগ কৰিছে, ভাৰতৰ পবিত্ৰ জ্ঞান পৰম্পৰা ৰক্ষা কৰাৰ বাবে তেওঁ আৰ্য্য সমাজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

“কৃণ্বন্ত বিশ্ব আৰ্য্যম” অৰ্থাৎ “সমগ্ৰ জগতক উন্নত কৰি উদাৰ চিন্তাৰ দিশত পৰিচালিত কৰোঁ আহক” বৈদিক শ্লোকটোৰ উদ্ধৃতি দাঙি ধৰি শ্ৰী মোদীয়ে লক্ষ্য কৰে যে স্বামী দয়ানন্দ জীয়ে এই শ্লোকটো আৰ্য্য সমাজৰ পথ-প্ৰদৰ্শক মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদটোৱেই এতিয়া ভাৰতৰ উন্নয়ন যাত্ৰাৰ মূল মন্ত্ৰ হিচাপে কাম কৰিছে— ভাৰতৰ প্ৰগতিয়ে বিশ্ব কল্যাণত অৰিহণা যোগায় আৰু ইয়াৰ সমৃদ্ধিয়ে মানৱতাৰ সেৱা কৰে। তেওঁ উল্লেখ কৰে যে ভাৰত বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত এক আগশাৰীৰ বিশ্বব্যাপী কণ্ঠত পৰিণত হৈছে। স্বামীজীৰ বেদলৈ ঘূৰি অহাৰ আহ্বানৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এতিয়া বিশ্ব মঞ্চত বৈদিক আদৰ্শ আৰু জীৱনশৈলীৰ পোষকতা কৰিছে। তেওঁ বিশ্বব্যাপী সমৰ্থন লাভ কৰা “মিছন লাইফ”-ৰ কথা উল্লেখ কৰে। “এক সূৰ্য্য, এক বিশ্ব, এক গ্ৰীড”-ৰ দৃষ্টিভংগীৰ জৰিয়তে ভাৰতে স্বচ্ছ শক্তিক বিশ্বব্যাপী আন্দোলনলৈ ৰূপান্তৰিত কৰিছে। তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ জৰিয়তে যোগাসনে ১৯০ খনৰো অধিক দেশত স্থান পাইছে, যোগাত্মক জীৱনশৈলী আৰু পৰিবেশ সচেতনতাক প্ৰসাৰিত কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে বৰ্তমান বিশ্বব্যাপী আগ্ৰহ লাভ কৰা “মিছন লাইফ”-ৰ দৰে বিশ্বব্যাপী পদক্ষেপসমূহ দীৰ্ঘদিন ধৰি আৰ্য্য সমাজৰ সদস্যসকলৰ অনুশাসিত জীৱনৰ অবিচ্ছেদ্য অংগ হৈ আহিছে। তেওঁ সৰল জীৱন-যাপনৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা, সেৱামুখী মূল্যবোধ, পৰম্পৰাগত ভাৰতীয় সাজ-পোছাকৰ প্ৰতি অগ্ৰাধিকাৰ, পৰিবেশৰ প্ৰতি চিন্তা, ভাৰতীয় সংস্কৃতিৰ প্ৰসাৰৰ প্ৰতি আগ্ৰহৰ মনোভাৱক প্ৰশংসা কৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে “সর্বে ভবন্তু সুখিনঃ”-ৰ আদৰ্শেৰে বিশ্ব কল্যাণক আগুৱাই নিয়াৰ লগতে বিশ্বৰ ভ্ৰাতৃ হিচাপে নিজৰ ভূমিকা সুদৃঢ়কৰণৰ লগে-লগে আৰ্য্য সমাজৰ প্ৰতিজন সদস্যই স্বাভাৱিকতে এই অভিযানৰ সৈতে সংপৃক্ত হৈ পৰিছে। তেওঁলোকৰ অৱদানক তেওঁ আন্তৰিকতাৰে প্ৰশংসা কৰে আৰু শলাগ লয়।

স্বামী দয়ানন্দ সৰস্বতী জীয়ে প্ৰজ্জ্বলন কৰা চাকিগছিয়ে বিগত ১৫০ বছৰ ধৰি আৰ্য্য সমাজৰ জৰিয়তে সমাজখনক পথ প্ৰদৰ্শন কৰি আহিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে স্বামীজীয়ে আমাৰ সকলোৰে মাজত এক গভীৰ দায়িত্ববোধৰ সৃষ্টি কৰিছিল। তেওঁ আৰ্য্য সমাজৰ পৰা লাভ কৰা মৰম আৰু সমৰ্থনক স্বীকাৰ কৰে।

শ্ৰী মোদীয়ে কয় যে আৰ্য্য সমাজে ইতিমধ্যে ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰচেষ্টাত অপৰিসীম অৰিহণা যোগাইছে যদিও দেশৰ বৰ্তমানৰ কিছুমান অগ্ৰাধিকাৰৰ কথা দোহাৰিব বিচাৰিছে। তেওঁ স্বদেশী অভিযানৰ কথা উল্লেখেৰে ইয়াৰ সৈতে আৰ্য্য সমাজৰ ঐতিহাসিক সম্পৰ্কক লক্ষ্য কৰে। ৰাষ্ট্ৰখনে পুনৰবাৰ থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ দায়িত্ব আকোৱালি লোৱাৰ লগে-লগে আৰু ভকেল ফৰ লোকেল হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানত আৰ্য্য সমাজৰ ভূমিকা অধিক তাৎপৰ্য্যপূৰ্ণ হৈ পৰিছে।

ভাৰতৰ প্ৰাচীন পাণ্ডুলিপিসমূহ ডিজিটাইজিং আৰু সংৰক্ষণৰ লক্ষ্যৰে সদ্য আৰম্ভ হোৱা জ্ঞান ভাৰতম অভিযানৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই জ্ঞানৰ বিশাল ভঁৰালটোক তেতিয়াহে প্ৰকৃততে সুৰক্ষিত কৰিব পৰা যাব, যেতিয়া নৱ প্ৰজন্মই ইয়াৰ সৈতে সংযোগ স্থাপন কৰিব আৰু ইয়াৰ তাৎপৰ্য্য বুজিব। শ্ৰী মোদীয়ে আৰ্য্য সমাজক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে বিগত ১৫০ বছৰ ধৰি আৰ্য্য সমাজ ভাৰতৰ পবিত্ৰ প্ৰাচীন গ্ৰন্থসমূহ আৱিষ্কাৰ আৰু সংৰক্ষণৰ কামত নিয়োজিত হৈ আহিছে। এই শাস্ত্ৰসমূহৰ মৌলিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আৰ্য্য সমাজৰ সদস্যসকলৰ বহু প্ৰজন্মৰ প্ৰচেষ্টাক তেওঁ স্বীকাৰ কৰে। জ্ঞান ভাৰতম মিছনে এতিয়া এই প্ৰচেষ্টাক ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ উন্নীত কৰিব বুলি উল্লেখ কৰি আৰ্য্য সমাজক ইয়াক নিজৰ অভিযান বুলি গণ্য কৰিবলৈ আহ্বান জনায়। তেওঁ তেওঁলোকৰ গুৰুকুল আৰু প্ৰতিষ্ঠানৰ জৰিয়তে পাণ্ডুলিপি অধ্যয়ন আৰু গৱেষণাত যুৱক-যুৱতীসকলক জড়িত কৰিবলৈ উৎসাহিত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে লগতে কয় যে মহৰ্ষি দয়ানন্দ জীৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে তেওঁ যজ্ঞত ব্যৱহৃত শস্যৰ কথা ক’ব খুজিছে। তেওঁ যজ্ঞত পৰম্পৰাগতভাৱে ব্যৱহৃত শস্য “শ্ৰী অন্ন”-ৰ পবিত্ৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ভাৰতৰ প্ৰাচীন পৰম্পৰা শ্ৰী অন্নক প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এই শস্যসমূহৰ এটা মূল বৈশিষ্ট্য হ’ল ইয়াৰ খেতি প্ৰাকৃতিকভাৱে কৰা হয়। তেওঁ কয় যে প্ৰাকৃতিক কৃষি এসময়ত ভাৰতৰ অৰ্থনীতিৰ এক প্ৰধান স্তম্ভ আছিল আৰু বিশ্বই পুনৰবাৰ ইয়াৰ গুৰুত্ব স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আৰ্য্য সমাজক প্ৰাকৃতিক কৃষিৰ অৰ্থনৈতিক আৰু আধ্যাত্মিক দুয়োটা মাত্ৰাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়।

 

জল সংৰক্ষণৰ বিষয়টোলৈ আঙুলিয়াই প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশে জল জীৱন অভিযানৰ জৰিয়তে প্ৰতিখন গাঁৱলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে কাম কৰি আছে। তেওঁ ইয়াক বিশ্বৰ অন্যতম অনন্য অভিযান বুলি অভিহিত কৰে। অৱশ্যে ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৰ্য্যাপ্ত পৰিমাণৰ পানী সংৰক্ষণ কৰিলেহে পানী যোগান ব্যৱস্থা ফলপ্ৰসূ হ’ব বুলি তেওঁ সকীয়াই দিয়ে। ইয়াৰ বাবে চৰকাৰে ড্ৰিপ ইৰিগেচনক প্ৰসাৰিত কৰি ৬০ হাজাৰৰো অধিক অমৃত সৰোবৰ খন্দাৰ কাম হাতত লৈছে। প্ৰধানমন্ত্ৰীয়ে সমাজক চৰকাৰৰ সমান্তৰালকৈ এই প্ৰচেষ্টাসমূহক সক্ৰিয়ভাৱে সমৰ্থন কৰিবলৈ আহ্বান জনায়।  

প্ৰতিখন গাঁৱতে পুখুৰী, হ্ৰদ, নাদৰ পৰম্পৰাগত উপলব্ধতাৰ কথা উল্লেখেৰে কয় যে এইসমূহ সময়ৰ লগে-লগে অৱহেলিত হৈ শুকাই গৈছে। শ্ৰী মোদীয়ে এই প্ৰাকৃতিক সম্পদসমূহ সুৰক্ষিত কৰাৰ বাবে নিৰন্তৰ জনসচেতনতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে “এক পেড় মা কে নাম” অভিযানৰ সফলতাৰ ওপৰতো আলোকপাত কৰি কয় যে ই এক হ্ৰস্বম্যাদী পদক্ষেপ নহয়, বৰঞ্চ বনানীকৰণৰ বাবে এক স্থায়ী আন্দোলন। তেওঁ আৰ্য্য সমাজৰ সদস্যসকলক এই অভিযানৰ সৈতে যিমান পাৰি সিমান লোকক সংযোগ কৰিবলৈ উৎসাহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে বৈদিক শ্লোকৰ উদ্ধৃতি দি কয়, “সংগচ্চধ্বম সম্বদধ্বম সম ভো মননসী জনতম”, যিয়ে আমাক একেলগে অগ্ৰসৰ হ’বলৈ, একেলগে কথা পাতিবলৈ আৰু ইজনে সিজনৰ মনটো বুজিবলৈ শিকায়। যিয়ে ইজনে-সিজনৰ চিন্তাৰ প্ৰতি পাৰস্পৰিক সন্মানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে এই বৈদিক আমন্ত্ৰণক ৰাষ্ট্ৰীয় আহ্বান হিচাপেও চাব লাগিব। শ্ৰী মোদীয়ে সকলোকে ৰাষ্ট্ৰৰ সংকল্পক নিজৰ বুলি গ্ৰহণ কৰিবলৈ আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ মনোভাৱেৰে সামূহিক প্ৰচেষ্টাক আগুৱাই নিবলৈ আহ্বান জনায়। বিগত ১৫০ বছৰ ধৰি আৰ্য্য সমাজে এই মনোভাৱক ধাৰাবাহিকভাৱে মূৰ্ত কৰি ৰখা বুলি মন্তব্য কৰি ইয়াক অবিৰতভাৱে শক্তিশালী কৰাৰ আহ্বান জনায়। মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ চিন্তাধাৰাই মানৱ কল্যাণৰ পথ আলোকিত কৰি থাকিব বুলি আস্থা প্ৰকাশেৰে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে। আৰ্য্য সমাজৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে তেওঁ পুনৰবাৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

এই কাৰ্য্যসূচীত গুজৰাট আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত, দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

আন্তঃৰাষ্ট্ৰীয় আৰ্য্য সন্মিলন, ২০২৫- হৈছে মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ ২০০ বছৰীয়া জয়ন্তী আৰু আৰ্য্য সমাজৰ সমাজ সেৱাৰ ১৫০ বছৰীয়া সেৱাৰ স্মৃতিত আয়োজিত জ্ঞান জ্যোতি মহোৎসৱৰ এক মূল অংশ।

এই সন্মিলনত সমগ্ৰ ভাৰত আৰু বিদেশৰ আৰ্য্য সমাজৰ শাখাসমূহৰ প্ৰতিনিধিসকল একত্ৰিত হয়। এনে অংশগ্ৰহণ কাৰ্য্যই মহৰ্ষি দয়ানন্দৰ সংস্কাৰবাদী আদৰ্শৰ সৰ্বজনীন প্ৰাসংগিকতা আৰু সংস্থাটোৰ বিশ্বব্যাপী প্ৰসাৰকে প্ৰতিফলিত কৰে। ইয়াৰ উপৰিও ইয়াত “১৫০ সোণালী বছৰ সেৱা” শীৰ্ষক প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। ইয়াত শিক্ষা, সমাজ সংস্কাৰ আৰু আধ্যাত্মিক উত্থানৰ ক্ষেত্ৰত আৰ্য্য সমাজৰ অৱদানৰ জৰিয়তে পৰিৱৰ্তনশীল যাত্ৰাক প্ৰদৰ্শন কৰা হয়।

এই সন্মিলনৰ লক্ষ্য হৈছে মহৰ্ষি দয়ানন্দ সৰস্বতীৰ সংস্কাৰবাদী আৰু শৈক্ষিক উত্তৰাধিকাৰক সন্মান জনোৱা, শিক্ষা, সমাজ সংস্কাৰ, ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আৰ্য্য সমাজৰ সেৱাৰ ১৫০ বছৰ উদযাপন কৰা। একেদৰে বৈদিক নীতি আৰু স্বাধীন মূল্যবোধৰ প্ৰতি বিশ্বব্যাপী সজাগতা সৃষ্টি কৰাই হৈছে এই সন্মিলনৰ উদ্দেশ্য।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates successful candidates of Civil Services Examination, 2025
March 06, 2026

The Prime Minister, Shri Narendra Modi has congratulated all those who have successfully cleared the Civil Services Examination, 2025. He said that their dedication, perseverance and hard work have enabled them to achieve this significant milestone.

The Prime Minister noted that clearing the Civil Services Examination marks the beginning of an important journey of public service. He wished the successful candidates the very best as they embark on the path of serving the nation and fulfilling the aspirations of the people.

The Prime Minister also conveyed his message to those who may not have secured the desired outcome in the examination. He acknowledged that such moments can be difficult, but emphasised that this is only one step in a larger journey.

Highlighting that many opportunities lie ahead, both in future examinations and in the many avenues through in which individuals can contribute to the nation, the Prime Minister extended his best wishes to them for the road ahead.

The Prime Minister wrote on X;

“Congratulations to all those who have successfully cleared the Civil Services Examination, 2025. Their dedication, perseverance and hard work have led to this significant milestone.

Wishing them the very best as they embark on a journey of serving the nation and fulfilling the aspirations of the people.”

“To those who may not have secured the desired outcome in the Civil Services Examination, I understand that such moments can be difficult. However, this is only one step in a larger journey. Many opportunities lie ahead, both in future examinations and in the many avenues through which you can contribute to our nation. My best wishes for the road ahead.”