“২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল যিকোনো বাধাৰ উৰ্ধ্বত”
“স্বাধীনতাৰ সময়ত উদ্ভৱ হোৱা জোৱাৰে জনসাধাৰণৰ মাজত আবেগ আৰু একত্ৰিত হোৱাৰ অনুভূতিয়ে বহু বাধা আঁতৰ কৰিছিল”
“চন্দ্ৰযান-৩ৰ সফলতাই প্ৰতিজন নাগৰিকৰ মাজত গৌৰৱ আৰু আত্মবিশ্বাসৰ অনুভূতি জগাই তোলে আৰু প্ৰতিটো খণ্ডতে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে”
“আজি প্ৰতিজন ভাৰতীয় আত্মবিশ্বাসেৰে ভৰি পৰিছে”
“জন ধন বেংক একাউণ্ট হৈ পৰিল দুখীয়াৰ মাজত থকা মানসিক বাধা ভাঙি তেওঁলোকৰ গৌৰৱ আৰু আত্মসন্মান পুনৰ সজীৱ কৰাৰ মাধ্যম”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিন্দুস্তান টাইমছ লিডাৰ্ছশ্বিপ ছামিট, ২০২৩ত ভাষণ আগবঢ়ায়।
তেওঁ কয়, ‘দুৰ্ভাগ্যজনকভাৱে সেয়া নহ’ল। আমাৰ দেশ আশা কৰা ধৰণে বিকশিত হোৱা নাছিল।” তেওঁ আঙুলিয়াই দিয়ে যে মানসিক বাধা বহু সমস্যাৰ ভিতৰত অন্যতম, আনহাতে স্বাধীন ভাৰতে সন্মুখীন হোৱা কিছুমান সমস্যা বাস্তৱিক, আন কিছুমান অনুভৱ কৰিব পৰা আৰু বাকীবোৰ অতিৰঞ্জিত।
তেওঁ লগতে কয় যে আজি ভাৰতে জি-২০শীৰ্ষ সন্মিলনৰ দৰে বৈশ্বিক অনুষ্ঠানত নিজৰ পতাকা উচ্চতম স্থানত উৰি আছে আৰু প্ৰতিটো বাধা অতিক্ৰম কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ চমকপ্ৰদ প্ৰদৰ্শনৰ ওপৰতো আলোকপাত কৰি এই সাফল্যৰ বাবে মানসিকতাৰ পৰিৱৰ্তনক কৃতিত্ব দিয়ে।
তেওঁ কয় যে ১৩ কোটি লোকে সফলতাৰে দৰিদ্ৰতাৰ বাধা ভাঙি দেশৰ নব্য মধ্যবিত্ত শ্ৰেণীৰ অংশ হৈ পৰিছে।
তেওঁ আজি সাধাৰণ নাগৰিকে শক্তিশালী আৰু উৎসাহিত অনুভৱ কৰা বুলি আলোকপাত কৰি চৰকাৰৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ কৃতিত্ব দিয়ে। “অতীতক অখ্যাত নায়কসকল এতিয়া দেশৰ নায়ক”, তেওঁ লগতে কয়।
তেওঁ কয় যে দশক দশক ধৰি গৃহীত নোহোৱাকৈ থকা বিধেয়কখন কেতিয়াবা গৃহীত হ’ব বুলি ভৱা নহৈছিল, কিন্তু এতিয়া ই বাস্তৱত পৰিণত হৈছে।
“ভাৰতে অভিলেখসংখ্যক কেলেংকাৰীৰ পৰা অভিলেখ পৰিমাণ ৰপ্তানিলৈ যাত্ৰা কৰিছে”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিন্দুস্তান টাইমছ লিডাৰ্ছশ্বিপ ছামিট, ২০২৩ত ভাষণ আগবঢ়ায়।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে হিন্দুস্থান টাইমছ গ্ৰুপে তেওঁক হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট, ২০২৩লৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে এই লিডাৰশ্বিপ ছামিটৰ বিষয়বস্তুৰ সৈতে ভাৰতৰ আগুৱাই যোৱাৰ বাৰ্তা হিন্দুস্থান টাইমছ গ্ৰুপে সদায় কেনেদৰে প্ৰেৰণ কৰিছে সেই বিষয়ে আলোকপাত কৰে। ২০১৪ চনত বৰ্তমানৰ চৰকাৰখন ক্ষমতালৈ অহাৰ সময়ত এই সন্মিলনৰ বিষয়বস্তু ‘ভাৰতক পুনৰ গঢ় দিয়া’ৰ কথা স্মৰণ কৰি তেওঁ কয় যে গোটটোৱে পশ্চাদদৃষ্টি লাভ কৰিছিল যে এই উল্লেখযোগ্য পৰিৱৰ্তন আহি আছে আৰু ভাৰতক পুনৰ গঢ় দিয়া হ’ব। তেওঁ লগতে স্মৰণ কৰে যে যেতিয়া ২০১৯ চনত আৰু অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰি বৰ্তমানৰ চৰকাৰখন পুনৰ কাৰ্যকৰী কৰা হৈছিল তেতিয়া ‘এক উন্নত ভৱিষ্যতৰ বাবে কথোপকথন’ শীৰ্ষক বিষয়বস্তুটো দিয়া হৈছিল। এতিয়া ২০২৩ চনত যেতিয়া সাধাৰণ নির্বাচনৰ সময় সমাগত হৈছে, তেতিয়া শ্রী মোদীয়ে সন্মিলনৰ বিষয়বস্তু ‘বাধা অতিক্ৰম’ আৰু আগন্তুক সাধাৰণ নির্বাচনত বর্তমান চৰকাৰে সকলো অভিলেখ ভংগ কৰি বিজয়ী হৈ ওলাই আহিব বুলি প্রকাশ কৰা অন্তর্নিহিত বার্তাক আলোকপাত কৰে৷ “২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল যিকোনো বাধাৰ  ঊৰ্ধ্বত হ’ব”, শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ ‘ভাৰতক পুনৰ গঢ় দিয়া’ৰ পৰা ‘বাধাৰ ঊৰ্ধ্বত’লৈ যোৱা যাত্ৰাই দেশৰ আগন্তুক উজ্জ্বল ভৱিষ্যতৰ ভেটি স্থাপন কৰিছে। দীৰ্ঘদিন ধৰি ভাৰতে সন্মুখীন হোৱা একাধিক বাধাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই ভেটিৰ ওপৰতেই এখন উন্নত, ভব্য আৰু চহকী ভাৰত গঢ় লৈ উঠিব। তেওঁ উল্লেখ কৰে যে দীৰ্ঘদিনীয়া দাসত্ব আৰু আক্ৰমণে দেশখনক বহু আৱেষ্টনীত বান্ধি ৰাখিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনক স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে জনসাধাৰণৰ মাজত থকা আবেগ আৰু একত্ৰিত  অনুভূতিৰ লগতে সেই সময়ছোৱাত যি জোৱাৰ উদ্ভৱ হৈছিল, সেই জোৱাৰে এনে বহু বাধা অতিক্ৰম কৰিছিল। তেওঁ কয় যে স্বাধীনতাৰ পাছতো একে গতিবেগ অব্যাহত থাকিব বুলি আশা কৰা হৈছিল। তেওঁ কয়, ‘দুৰ্ভাগ্যজনকভাৱে সেয়া নহ’ল। আমাৰ দেশ আশা কৰা ধৰণে বিকশিত হোৱা নাছিল।” তেওঁ আঙুলিয়াই দিয়ে যে মানসিক বাধা বহু সমস্যাৰ ভিতৰত অন্যতম, আনহাতে স্বাধীন ভাৰতে সন্মুখীন হোৱা কিছুমান সমস্যা বাস্তৱিক, আন কিছুমান অনুভৱ কৰিব পৰা আৰু বাকীবোৰ অতিৰঞ্জিত।

প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে ২০১৪ চনৰ পিছত ভাৰতে এই বাধাসমূহ নেওচি আগুৱাই যাবলৈ নিৰন্তৰ কঠোৰ পৰিশ্ৰম কৰি আহিছে। আমি বহু বাধা অতিক্ৰম কৰিছো আৰু এতিয়া আমি বাধাৰ ঊৰ্ধ্বত আগুৱাই যোৱাৰ কথা কৈছো। ‘আজি ভাৰত চন্দ্ৰৰ সেই অংশত উপনীত হৈছে য’ত আগতে কোনো দেশে অৱতৰণ কৰা নাছিল। আজি প্ৰতিটো বাধা নেওচি ডিজিটেল লেনদেনত শীৰ্ষত উপনীত হৈছে ভাৰত। ই মোবাইল উৎপাদনত আগবাঢ়ি আছে, ষ্টাৰ্টআপৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ ৩খন দেশৰ ভিতৰত শক্তিশালীভাৱে থিয় দিছে আৰু দক্ষ লোকৰ এটা পুল গঢ়ি তুলিছে”, তেওঁ কয়। তেওঁ লগতে কয় যে আজি ভাৰতে জি-২০শীৰ্ষ সন্মিলনৰ দৰে বৈশ্বিক অনুষ্ঠানত নিজৰ পতাকা উচ্চতম স্থানত উৰি আছে আৰু প্ৰতিটো বাধা অতিক্ৰম কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লেখক তথা ৰাজনীতিবিদ আল্লামা ইকবালৰ গজল ‘সীতাৰন কে আগে জাহান আৰু ভি হায়’ৰ এটা শাৰী আওৰাই কয় যে ভাৰত এতিয়াই থমকি ৰোৱা নাই।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে মনোভাৱ আৰু মানসিকতাই দেশৰ আটাইতকৈ ডাঙৰ বাধা, যিয়ে বিগত চৰকাৰসমূহৰ আকস্মিক দৃষ্টিভংগীক লৈ সমালোচনা আৰু উপহাস কৰিছিল। সময়োপযোগীতা, দুৰ্নীতি আৰু নিম্নমানৰ চৰকাৰী প্ৰচেষ্টাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুমান ঘটনাই সমগ্ৰ দেশখনক মানসিক বাধা অতিক্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে। মহাত্মা গান্ধীয়ে আৰম্ভ কৰা দাণ্ডি যাত্ৰাই দেশবাসীক কেনেদৰে অনুপ্ৰাণিত কৰিছিল আৰু ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামৰ শিখা জ্বলাই দিছিল সেই কথাও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সজোৰে কয় যে চন্দ্ৰযান-৩ৰ সফলতাই প্ৰতিজন নাগৰিকৰ মাজত গৌৰৱ আৰু আত্মবিশ্বাসৰ অনুভূতি জগাই তোলে আৰু প্ৰতিটো খণ্ডতে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। “আজি প্ৰতিজন ভাৰতীয় আত্মবিশ্বাসেৰে ভৰি পৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নিজেই লালকিল্লাৰ পৰাই স্বচ্ছতা, শৌচাগাৰ আৰু অনাময় স্বচ্ছতাৰ বিষয়সমূহ কেনেদৰে উত্থাপন কৰিছিল, যাৰ ফলত মানসিকতাৰ পৰিৱৰ্তন ঘটিছিল, সেই কথা তেওঁ স্মৰণ কৰে। “স্বচ্ছতা এতিয়া এক জন আন্দোলনত পৰিণত হৈছে”, শ্ৰী মোদীয়ে লগতে কয়। তেওঁ লগতে কয় যে বিগত ১০ বছৰত খাদীৰ বিক্ৰী তিনিগুণ বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জন ধন বেংক একাউণ্টসমূহ দুখীয়াৰ মাজত থকা মানসিক বাধাসমূহ অতিক্ৰম কৰি তেওঁলোকৰ গৌৰৱ আৰু আত্মসন্মান পুনৰ সজীৱ কৰাৰ মাধ্যমত পৰিণত হ’ল। বেংক একাউণ্ট কেৱল ধনী লোকৰ বাবে বিবেচনা কৰা নেতিবাচক মানসিকতাৰ কথা উল্লেখ কৰি জন ধন যোজনাই কেনেদৰে বেংকক দুখীয়াৰ দুৱাৰমুখলৈ আনি বেংকক অধিক সুলভ কৰি তুলিলে সেই বিষয়ে অৱগত কৰে। তেওঁ ৰূপে কাৰ্ডৰ ব্যাপক ব্যৱহাৰ দৰিদ্ৰসকলৰ বাবে সৱলীকৰণৰ উৎস হৈ পৰাৰ কথাও আঙুলিয়ায়। “যিসকলে শীতাতপ নিয়ন্ত্ৰিত কোঠাত বহি সংখ্যা আৰু আখ্যানৰ দ্বাৰা পৰিচালিত হয় তেওঁলোকে দুখীয়াৰ মানসিক সবলীকৰণৰ কথা কেতিয়াও বুজিব নোৱাৰে”, প্ৰধানমন্ত্ৰীয়ে কয়। ভাৰতৰ সীমাৰ উৰ্ধ্বত মানসিকতাৰ পৰিবৰ্তনৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ কাৰ্যকলাপৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰাৰ ভাৰতৰ ক্ৰমবৰ্ধমান ক্ষমতা, জলবায়ু কাৰ্য্যৰ সংকল্পৰ নেতৃত্ব দিয়া আৰু নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বে আকাংক্ষিত ফলাফল লাভ কৰাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ চমকপ্ৰদ প্ৰদৰ্শনৰ ওপৰতো আলোকপাত কৰি এই সাফল্যৰ বাবে মানসিকতাৰ পৰিৱৰ্তনক কৃতিত্ব দিয়ে।

প্ৰধানমন্ত্ৰীয়ে ‘ভাৰতত সামৰ্থ্য আৰু সম্পদৰ অভাৱ নাই'' বুলি কয়। দৰিদ্ৰতাৰ প্ৰকৃত বাধাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াৰ বিৰুদ্ধে শ্লোগানেৰে নহয়, বৰঞ্চ সমাধান, নীতি আৰু উদ্দেশ্যেৰে যুঁজিব পাৰি। তেওঁ বিগত চৰকাৰসমূহৰ চিন্তাধাৰাৰ বাবে দুখ প্ৰকাশ কৰে যিয়ে দৰিদ্ৰ লোকসকলক সামাজিক বা অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ অসক্ষম কৰিছিল। দৰিদ্ৰ লোকসকলে মৌলিক সুবিধাৰ ৰূপত সহায় সহযোগিতাৰে দৰিদ্ৰতা দূৰ কৰিবলৈ সক্ষম বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰ লোকক সৱলীকৰণ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ আটাইতকৈ প্ৰধান অগ্ৰাধিকাৰ হৈ আহিছে। “চৰকাৰে কেৱল জীৱন পৰিবৰ্তন কৰাই নহয় দৰিদ্ৰ লোকক দৰিদ্ৰতা দূৰ কৰাত সহায় কৰিছে” বুলি উল্লেখ কৰি তেওঁ কয় যে কেৱল যোৱা ৫ বছৰত ১৩ কোটিতকৈ অধিক লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। তেওঁ কয় যে ১৩ কোটি লোকে সফলতাৰে দৰিদ্ৰতাৰ বাধা ভাঙি দেশৰ নব্য মধ্যবিত্ত শ্ৰেণীৰ অংশ হৈ পৰিছে।

 

স্বজন-তোষণৰ বাধাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ক্ৰীড়াই হওক, বিজ্ঞানেই হওক, ৰাজনীতিয়েই হওক বা পদ্ম বঁটাই হওক, সাধাৰণ মানুহ বুলিয়েই নহয় সফল হোৱাটোহে গুৰুত্বপূৰ্ণ। তেওঁ আজি সাধাৰণ নাগৰিকে শক্তিশালী আৰু উৎসাহিত অনুভৱ কৰা বুলি আলোকপাত কৰি চৰকাৰৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ কৃতিত্ব দিয়ে। “অতীতক অখ্যাত নায়কসকল এতিয়া দেশৰ নায়ক”, তেওঁ লগতে কয়।

দেশত আধুনিক আন্তঃগাঁথনিৰ বাধা মোকাবিলা কৰা ভাৰতৰ কথা উল্লেক কৰি প্ৰধানমন্ত্ৰীয়ে চলিত বিশ্বৰ সৰ্ববৃহৎ আন্তঃগাঁথনি অভিযানৰ ওপৰত আলোকপাত কৰে। আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ গতি আৰু পৰিসৰক উজ্জ্বল কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৩-১৪ চনত ১২ কিলোমিটাৰৰ পৰা ২০২২-২৩ চনত ৩০ কিলোমিটাৰলৈ ঘাইপথ নিৰ্মাণ বৃদ্ধিৰ কথা উল্লেখ কৰে, ২০১৪ চনত ৫খন চহৰৰ পৰা ২০২৩ চনত ২০খন চহৰলৈ মেট্ৰ’ সংযোগ সম্প্ৰসাৰণ,  ২০১৪ চনত ৭০ৰ পৰা আজি প্ৰায় ১৫০টালৈ বিমানবন্দৰৰ সংখ্যা বৃদ্ধি, ২০১৪ চনত ৩৮০খন চিকিৎসা মহাবিদ্যালয় আজি ৭০০ৰো অধিক হৈছে, ২০২৩ চনত গাঁও পঞ্চায়ত সংযোগ কৰিবলৈ অপটিকেল ফাইবাৰৰ ৩৫০ কিলোমিটাৰৰ পৰা ৬ লাখ কিলোমিটাৰলৈ সম্প্ৰসাৰণ কৰা, ৪ লাখ কিলোমিটাৰ পথ নিৰ্মাণ, ফলত ২০১৪ চনত ৫৫ শতাংশৰ পৰা প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত ৯৯ শতাংশ গাঁও সংযোগ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে স্বাধীনতাৰ পিছত মাত্ৰ ২০,০০০ কিলোমিটাৰ ৰে’লপথ বিদ্যুৎ সংযোগ কৰা হৈছিল, আনহাতে যোৱা ১০ বছৰত প্ৰায় ৪০,০০০ কিলোমিটাৰ ৰে’লপথৰ বিদ্যুৎ সংযোগ কৰা হৈছে. ‘এয়াই হৈছে আজিৰ ভাৰতৰ বিকাশৰ গতি আৰু পৰিসৰ। ই ভাৰতৰ সফলতাৰ চিন”, তেওঁ লগতে কয়।

তেওঁ কয় যে বিগত কেইবছৰমানৰ পৰা ভাৰতে বহু বাধা অতিক্ৰম কৰিছে। আমাৰ নীতি নিৰ্ধাৰক আৰু ৰাজনৈতিক বিশেষজ্ঞসকলৰ মত আছিল যে ভাল অৰ্থনীতি ভাল ৰাজনীতি হ’ব নোৱাৰে। বহু চৰকাৰেও ইয়াক সত্য বুলি মানি লৈছিল যাৰ বাবে আমাৰ দেশখনে দুয়োটা দিশেতে ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু, আমি ভাল অৰ্থনীতি আৰু ভাল ৰাজনীতি একেলগে আনিলোঁ। ভাৰতৰ অৰ্থনৈতিক নীতিয়ে দেশত প্ৰগতিৰ নতুন বাট মুকলি কৰিলে। তেওঁ কয় যে বেংকিং সংকট, জিএছটি ৰূপায়ণ আৰু ক’ভিড মহামাৰী মোকাবিলা কৰাৰ বাবে প্ৰয়োজন হোৱা সময়ত জনসাধাৰণৰ বাবে দীৰ্ঘম্যাদী সুবিধা প্ৰদান কৰা নীতি বাছনি কৰা হৈছিল।

 

প্ৰধানমন্ত্ৰীয়ে সদ্যগৃহীত নাৰী শক্তি বন্দন অধিনিয়মক অনুভূত বাধাৰ আন এক উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ কয় যে দশক দশক ধৰি গৃহীত নোহোৱাকৈ থকা বিধেয়কখন কেতিয়াবা গৃহীত হ’ব বুলি ভৱা নহৈছিল, কিন্তু এতিয়া ই বাস্তৱত পৰিণত হৈছে।

ৰাজনৈতিক লাভালাভৰ বাবে পূৰ্বৰ চৰকাৰসমূহে কেইবাটাও সমস্যাক অতিৰঞ্জিত কৰিছিল বুলিও তেওঁ কয়। তেওঁ জম্মু-কাশ্মীৰৰ ৩৭০ অনুচ্ছেদক তেনে এটা উদাহৰণ হিচাপে উল্লেখ কৰি কয় যে ইয়াৰ পূৰ্বে সকলোকে বিশ্বাস কৰাবলৈ মানসিক চাপৰ সৃষ্টি হৈছিল যে ইয়াক বাতিল কৰিব নোৱাৰি। তেওঁ লগতে কয় যে ইয়াৰ বাতিলৰ ফলত প্ৰগতি আৰু শান্তিৰ পথ প্ৰশস্ত হৈছে। ‘লাল চ’কৰ ছবিয়ে দেখুৱাইছে যে জম্মু-কাশ্মীৰ কেনেদৰে সলনি হৈছে। আজি কেন্দ্ৰীয় শাসিত অঞ্চলত সন্ত্ৰাসবাদৰ অৱসান ঘটিছে আৰু পৰ্যটন ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। আমি জম্মু-কাশ্মীৰক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ”।

সংবাদ মাধ্যমৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিৰ প্ৰতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ব্ৰেকিং নিউজৰ প্ৰাসংগিকতা আৰু ২০১৪ চনৰ পৰা ইয়াৰ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে।২০১৩ চনৰ ভিতৰত ভাৰতৰ জিডিপি বিকাশৰ হাৰ ৰেটিং এজেন্সীসমূহে নিম্নগামী পুনৰীক্ষণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে বৰ্তমান ইয়াৰ হুবহু বিপৰীত ঘটনা ঘটিছে, য’ত ভাৰতৰ বিকাশৰ পূৰ্বাভাস উৰ্ধমুখী সংস্কাৰ পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ২০১৩ চনৰ ভিতৰত বেংকসমূহৰ ভংগুৰ অৱস্থাৰ কথা তুলনা কৰি কয় যে ২০২৩ চনত ভাৰতীয় বেংকসমূহে এতিয়ালৈকে সৰ্বোত্তম লাভ অৰ্জন কৰিছে। তেওঁ ২০১৩ চনত চপাৰ কেলেংকাৰীৰ কথা উল্লেখ কৰি ইয়াৰ বিপৰীতে ২০১৩-১৪ চনৰ পিছত ভাৰতৰ অভিলেখ সৃষ্টিকাৰী প্ৰতিৰক্ষা ৰপ্তানি বিশগুণ বৃদ্ধি পাইছে বুলি কয়। “ভাৰতে অভিলেখসংখ্যক কেলেংকাৰীৰ পৰা অভিলেখ পৰিমাণ ৰপ্তানিলৈ যাত্ৰা কৰিছে”, তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৩ চনত মধ্যবিত্ত শ্ৰেণীক কঠোৰ অৰ্থনৈতিক পৰিস্থিতিয়ে ক্ষতিগ্ৰস্ত কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকাশনসমূহে প্ৰকাশ কৰা নেতিবাচক শিৰোনামসমূহ উল্লেখ কৰে। কিন্তু আজি প্ৰধানমন্ত্ৰীয়ে কয় যে মধ্যবিত্ত শ্ৰেণীয়ে ভাৰতৰ উন্নয়ন যাত্ৰাত দ্ৰুত গতিত আগবাঢ়িছে। সেয়া লাগিলে ষ্টাৰ্টআপেই হওক, ক্ৰীড়াই হওক, মহাকাশেই হওক বা প্ৰযুক্তিয়েই হওক। তেওঁ কয় যে ২০২৩ চনত ৭.৫ কোটিতকৈ অধিক লোকে আয়কৰ দাখিল কৰিছে, যিটো ২০১৩-১৪ চনত ৪ কোটিৰ তুলনাত অধিক। তেওঁ কয় যে কৰ তথ্যৰ সৈতে জড়িত এক অধ্যয়নত দেখা গৈছে যে ২০১৪ চনত ৪.৫ লাখ টকাৰ কম গড় আয় ২০২৩ চনত ১৩ লাখ টকালৈ বৃদ্ধি পাইছে আৰু ফলত লাখ লাখ লোক নিম্ন আয়ৰ গোটৰ পৰা উচ্চ আয়ৰ গোটলৈ গতি কৰিছে। ৰাষ্ট্রীয় দৈনিক কাকতত প্রকাশিত এক অর্থনৈতিক প্রতিবেদনৰ এক আমোদজনক তথ্যৰ উদ্ধৃতি দি প্রধানমন্ত্রীয়ে জনায় যে যদি ৫.৫ লাখ টকাৰ পৰা ২৫ লাখ টকাৰ দৰমহা ব্রেকেটত উপাৰ্জন কৰাসকলৰ মুঠ আয় যোগ কৰা হয়, তেন্তে এই সংখ্যা আছিল প্রায় ৩.২৫ লাখ কোটি টকা৷ ২০১১-১২ চনৰ পৰা ২০২১ চনৰ ভিতৰত ১৪.৫ লাখ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো ৫ গুণ বৃদ্ধি। তেওঁ স্পষ্ট কৰি দিয়ে যে এই পৰিসংখ্যা কেৱল দৰমহা পোৱা আয়ৰ বিশ্লেষণৰ ভিত্তিতহে কৰা হৈছে আৰু আন কোনো উৎসৰ ভিত্তিত নহয়।

প্ৰধানমন্ত্ৰীয়ে বৰ্ধিত মধ্যবিত্ত শ্ৰেণী আৰু দৰিদ্ৰতা হ্ৰাসক এই বিশাল অৰ্থনৈতিক চক্ৰৰ দুটা প্ৰধান কাৰকৰ আধাৰ হিচাপে ধৰি লৈছে। তেওঁ কয় যে দৰিদ্ৰতাৰ পৰা ওলাই অহাসকলে, নব্য মধ্যবিত্ত শ্ৰেণীয়ে দেশৰ খৰচ বৃদ্ধিক গতি প্ৰদান কৰিছে। এই চাহিদা পূৰণৰ দায়িত্ব লৈ মধ্যবিত্ত শ্ৰেণীয়ে আয় বৃদ্ধি কৰিছে, অৰ্থাৎ হ্ৰাস পোৱা দৰিদ্ৰতাৰ হাৰ মধ্যবিত্ত শ্ৰেণীকো উপকৃত কৰিছে। তেওঁ কয় যে এইসকল লোকৰ আকাংক্ষা আৰু ইচ্ছাই আমাৰ দেশৰ উন্নয়নত শক্তি প্ৰদান কৰিছে। তেওঁলোকৰ শক্তিয়ে আজি ভাৰতক বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তুলিছে। তেওঁ নিশ্চিত কৰে যে ভাৰতে অতি সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে অমৃত কালত ভাৰতে ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্য পূৰণৰ বাবে কাম কৰি গৈছে। তেওঁ আস্থা প্ৰকাশ কৰে যে ভাৰতে প্ৰতিটো বাধা সফলতাৰে অতিক্ৰম কৰিব। “আজি দৰিদ্ৰতম ব্যক্তিৰ পৰা বিশ্বৰ ধনী ব্যক্তিলৈকে সকলোৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে এয়া ভাৰতৰ সময়”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে প্ৰতিজন ভাৰতীয়ৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আত্মবিশ্বাস। “ইয়াৰ শক্তিৰে আমি যিকোনো বাধা অতিক্ৰম কৰিব পাৰো”, তেওঁ কয়। ২০৪৭ চনত অনুষ্ঠিত হ’বলগীয়া হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিটৰ বিষয়বস্তু হ’ব – উন্নত দেশ, ইয়াৰ পৰৱৰ্তী লক্ষ্য কি?

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Praises Farmers For Taking India's Rich Mango Heritage To Global Markets

Media Coverage

PM Modi Praises Farmers For Taking India's Rich Mango Heritage To Global Markets
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hold talks with Myanmar President U Min Aung Hlaing
June 01, 2026

The Prime Minister, Shri Narendra Modi, today held productive talks with the President of Myanmar, U Min Aung Hlaing.

The Prime Minister noted that India is honoured that President U Min Aung Hlaing chose India for his first foreign visit as President. He also expressed happiness that the President began his programme in India from Bodh Gaya with the blessings of Lord Buddha.

During the talks, the two leaders reviewed the full range of India-Myanmar relations and discussed ways to further strengthen bilateral cooperation.

The discussions covered avenues to deepen cooperation in trade, rare earths, healthcare, connectivity, heritage restoration and capacity building. The two sides also agreed to work closely in areas such as maritime security, cyber security and other sectors of mutual interest.

The Prime Minister underlined that Myanmar is vital to India’s ‘Neighbourhood First’, ‘Act East’ and Indo-Pacific policies, reaffirming the importance India attaches to its relations with Myanmar.

The Prime Minister wrote on X;

“Had a productive meeting with President U Min Aung Hlaing of Myanmar. We in India are honoured that he has chosen India for his first foreign visit as President. Equally gladdening is the fact that he began the visit from Bodh Gaya, with the blessings of Lord Buddha. We reviewed the full range of India-Myanmar relations. Myanmar is vital to India’s policies of ‘Neighbourhood First’, ‘Act East’ and Indo-Pacific.”

“Our talks covered ways to deepen cooperation in trade, rare earths, healthcare, connectivity, heritage restoration and capacity building. We also agreed to work closely in areas such as maritime security, cyber security and more.”