অসম আৰক্ষীৰ দ্বাৰা ডিজাইন কৰা 'অসম কপ' মোবাইল এপ্লিকেচন মুকলি
"গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজা ঐতিহ্য আৰু পৰিচয় আছে"
গণতন্ত্ৰৰ স্তম্ভ হিচাপে ভাৰতীয়সকলৰ সীমাহীন আকাংক্ষা পূৰণৰ ক্ষেত্ৰত ন্যায়পালিকাৰ এক শক্তিশালী আৰু সংবেদনশীল ভূমিকা আছে
"আমি হাজাৰ হাজাৰ পুৰণি আইন বাতিল কৰিছো, অনুপালন হ্ৰাস কৰিছো"
"চৰকাৰেই হওঁক বা ন্যায়পালিকাই হওঁক, প্ৰতিটো অনুষ্ঠানৰ ভুমিকা আৰু ইয়াৰ সাংবিধানিক দায়বদ্ধতা সাধাৰণ নাগৰিকৰ জীৱন ধাৰণৰ সুচলতাৰ সৈতে অভিন্নভাৱে সম্পৰ্কিত।"
"দেশত ন্যায় প্ৰদান ব্যৱস্থাৰ আধুনিকীকৰণৰ বাবে প্ৰযুক্তিৰ সীমাহীন সুযোগ আছে"
"আমি AI ৰ জৰিয়তে সাধাৰণ নাগৰিকৰ বাবে ন্যায়ৰ সুচলতা উন্নত কৰাৰ প্ৰচেষ্টা বৃদ্ধিৰ চেষ্টা কৰা উচিত"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন উপলক্ষে আয়োজন কৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অসম আৰক্ষীৰ দ্বাৰা ডিজাইন কৰা এটা মোবাইল এপ্লিকেচন 'Assam Cop' মুকলি কৰে। এই এপ্পটোৱে ক্ৰাইম এণ্ড ক্ৰিমিনেল নেটৱৰ্ক ট্ৰেকিং চিষ্টেম (CCTNS) আৰু VAHAN ৰাষ্ট্ৰীয় পঞ্জীৰ ডাটাবেচৰ যোগেদি অভিযুক্ত আৰু বাহনৰ অনুসন্ধানত সহায় কৰিব।

 

আজিৰ সভাত উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনৰ অংশ হোৱাৰ সুযোগ লাভ কৰি আনন্দ প্ৰকাশ কৰে। যি সময়ত দেশে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছে, সেই সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়েও নিজৰ অস্তিত্বৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া অভিজ্ঞতা সাঁচি ৰখাৰ সময়, লগতে নতুন লক্ষ্য পূৰণৰ বাবে উত্তৰদায়ী আৰু দায়বদ্ধতাৰে পৰৱৰ্তী পদক্ষেপ লোৱাৰ সময়। "গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিজস্ব ঐতিহ্য আৰু পৰিচয় আছে" বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ পৰিসৰ বৃহৎ, য'ত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডো অন্তৰ্ভুক্ত হৈ আছে। ২০১৩ চনলৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰক্ষেত্ৰত সাতখন ৰাজ্য অন্তৰ্ভুক্ত হৈ আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ সৈতে জড়িত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ ইতিহাস আৰু গণতান্ত্ৰিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমৰ, বিশেষকৈ আইনী সমুদায়ক অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে আজি বাবাচাহেবৰ জয়ন্তীৰ গুৰুত্বৰ কথা উল্লেখ কৰি ড০ আম্বেদাকাৰলৈ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে। তেওঁ কয় যে সমতা আৰু সংহতিৰ সাংবিধানিক মূল্যবোধেই আধুনিক ভাৰতৰ ভেটি।

 

প্ৰধানমন্ত্ৰীয়ে বিগত স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা ভাৰতৰ অভিলাষী সমাজ সম্পৰ্কে প্ৰদান কৰা তেওঁৰ ভাষণৰ ব্যাখ্যাৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে একবিংশ শতিকাত ভাৰতীয় নাগৰিকৰ আশা-আকাংক্ষা সীমাহীন আৰু গণতন্ত্ৰৰ স্তম্ভ হিচাপে এই আকাংক্ষাসমূহ পূৰণৰ ক্ষেত্ৰত ন্যায়পালিকাৰ এক শক্তিশালী আৰু সংবেদনশীল ভূমিকা আছে। সংবিধানে আমাক এক শক্তিশালী, জীৱন্ত আৰু আধুনিক আইনী ব্যৱস্থা প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে। আইনসভা, ন্যায়পালিকা আৰু কাৰ্যনিৰ্বাহকৰ সন্মিলিত দায়িত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পুৰণি আইন ৰদ কৰাৰো উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে "আমি হাজাৰ হাজাৰ পুৰণি আইন বাতিল কৰিছো, অনুপালন হ্ৰাস কৰিছো।" তেওঁ লগতে কয় যে প্ৰায় ২০০০ এনে পুৰণি আইন আৰু ৪০ হাজাৰতকৈও অধিক অনুপালন বন্ধ কৰা হৈছে। ইয়াৰ ফলত নিৰপৰাধীকৰণ ব্যৱস্থাৰ মাধ্যমেৰে আদালতত গোচৰৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

 

প্ৰধানমন্ত্ৰীয়ে আজি গুৰুত্বসহকাৰে কয়, "চৰকাৰেই হওঁক বা ন্যায়পালিকাই হওঁক, প্ৰতিটো অনুষ্ঠানৰ ভুমিকা আৰু ইয়াৰ সাংবিধানিক দায়বদ্ধতা সাধাৰণ নাগৰিকৰ জীৱন ধাৰণৰ সুচলতাৰ সৈতে অভিন্নভাৱে সম্পৰ্কিত।" জীৱন ধাৰণৰ সুচলতা আহৰণ কৰা বা লাভ কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে এক শক্তিশালী উপাদান হিচাপে আত্মপ্ৰকাশ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰযুক্তিৰ প্ৰতিটো সাম্ভাৱ্য ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰি আহিছে। হিতাধিকাৰীলৈ প্ৰত্যক্ষ ধন প্ৰেৰণ বা ডিবিটি, আধাৰ আৰু ডিজিটেল ইণ্ডিয়া মিছনৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো আঁচনি দৰিদ্ৰ জনতাৰ অধিকাৰ নিশ্চিত কৰাৰ মাধ্যম হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে পিএম স্বামীত্ব আঁচনিৰ কথা উল্লেখ কৰি কয় যে দেশৰ আইনী ব্যৱস্থাৰ বাবে বৃহৎ বোজা হৈ পৰা সম্পত্তিৰ অধিকাৰৰ বিষয়টোৰ সৈতে মোকাবিলা কৰি ভাৰতে আজিৰ তাৰিখত এক শক্তিশালী স্থিতিত থাকিবলৈ সক্ষম হৈছে। তেওঁ উনুকিয়াই দি কয় যে এই সময়ত আনকি বিশ্বৰ বহু উন্নত ৰাষ্ট্ৰসমূহেও অস্পষ্ট সম্পত্তিৰ অধিকাৰৰ বিষয়টোৰ সৈতে সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। তেওঁ লগতে ভাষণ প্ৰসঙ্গত কয় যে ইতিমধ্যে দেশৰ ১ লাখতকৈও অধিক গাওঁৰ ড্ৰোন মেপিং সম্পন্ন হোৱাৰ উপৰি লক্ষ লক্ষ নাগৰিকক সম্পত্তি কাৰ্ড বিতৰণৰ কামো ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ ফলত সম্পত্তি সম্পৰ্কীয় বিবাদৰ ঘটনা হ্ৰাস পাব আৰু নাগৰিকসকলৰ জীৱন সুচল আৰু শান্তিপূৰ্ণ হ'ব। 

 

প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসঙ্গত কয় যে দেশত ন্যায় প্ৰদান ব্যৱস্থাৰ আধুনিকীকৰণৰ বাবে প্ৰযুক্তিৰ অজস্ৰ সুযোগ আছে। প্ৰধানমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ ই-কমিটিৰ কাম-কাজৰ প্ৰশংসা কৰে আৰু এই বছৰৰ বাজেটত কৰা ঘোষণা অনুসৰি ই-আদালত অভিযানৰ তৃতীয় পৰ্যায়ৰ বিষয়েও তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ দক্ষতা আনিবলৈ ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা বাব AI ব্যৱহাৰ কৰাৰ বিশ্বব্যাপী প্ৰচেষ্টাৰ কথাও কয়। "আমি এআইৰ জৰিয়তে সাধাৰণ নাগৰিকৰ ন্যায়ৰ সহজতা উন্নত কৰাৰ প্ৰচেষ্টাও বৃদ্ধি কৰাৰ চেষ্টা কৰা উচিত" - প্ৰধানমন্ত্ৰীয়ে কয়।

ইফালে, বৈকল্পিক বিবাদ নিষ্পত্তি প্ৰণালীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বহুল চৰ্চিত স্থানীয় পৰম্পৰাগত বৈকল্পিক বিবাদ নিষ্পত্তি প্ৰণালীৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰিও তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰা প্ৰকাশিত পৰম্পৰাগত আইন সম্বন্ধীয় ৬ খন কিতাপৰ কথাও প্ৰশংসাৰে উল্লেখ কৰে। তেওঁ এই পৰম্পৰাবোৰ আইন বিদ্যালয়বোৰত শিকোৱা উচিত বুলি উল্লেখ কৰি ইয়াৰ ব্যৱহাৰৰ অনুৰোধ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ন্যায়ৰ সুচলতাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে দেশৰ আইন সম্পৰ্কে নাগৰিকসকলৰ মাজত সঠিক জ্ঞান আৰু বুজাবুজি, কিয়নো ই দেশ আৰু ইয়াৰ ব্যৱস্থাসমূহৰ ওপৰত নাগৰিকৰ বিশ্বাস বৃদ্ধি কৰে। শ্ৰী মোদীয়ে সকলো আইনৰ অধিক সুলভ তথা সৰল সংস্কৰণ সৃষ্টিৰ প্ৰচেষ্টাৰ বিষয়েও আজিৰ সভাত অৱগত কৰে। তেওঁ কয়, “সৰল ভাষাত আইনৰ খচৰা প্ৰস্তুত কৰাৰ প্ৰয়াস কৰি থকা হৈছে আৰু এই পদ্ধতি আমাৰ দেশৰ আদালতৰ বাবে যথেষ্ট সহায়ক বিবেচিত হ'ব।" প্ৰধানমন্ত্ৰীয়ে BHASHINI (ভাষিনী) পৰ্টেলৰ কথাও উল্লেখ কৰে। উল্লেখ্য যে এই প’ৰ্টেলৰ উদ্দেশ্য হৈছে প্ৰতিজন নাগৰিকক তেওঁলোকৰ নিজ ভাষাত ইণ্টাৰনেট ব্যৱহাৰ কৰাত সহায় কৰা। তেওঁ লগতে কয় যে আদালতসমূহো ইয়াৰ পৰা লাভান্বিত হয়।

 

বছৰ বছৰ ধৰি সামান্য অপৰাধৰ বাবে কাৰাগাৰত বন্দী হৈ থকা দৰিদ্ৰ আৰু নিৰ্ধনী সকলৰ প্ৰতি চৰকাৰ আৰু ন্যায়পালিকাক সংবেদনশীল হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ আনকি আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত যিসকল লোকক নিজৰ পৰিয়ালে গ্ৰহণ কৰিবলৈ সাজু নহয় তেওঁলোকৰ প্ৰতিও লক্ষ্য সদয় হোৱাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বছৰৰ বাজেটত এনে বন্দীসকলৰ বাবে আৰ্থিক সাহায্যৰ ব্যৱস্থা ৰখা হৈছে, য'ত তেওঁলোকক মুক্তি দিয়াত সহায় কৰিবলৈ কেন্দ্ৰই ৰাজ্যখনক আৰ্থিক সাহায্য প্ৰদান কৰিব। 

 

"ধৰ্মক সুৰক্ষা দিয়া সকলক ধৰ্মই সুৰক্ষা দিয়ে", প্ৰধানমন্ত্ৰীয়ে এটা শ্লোকৰ উদ্ধৃতি দি কয় যে এটা প্ৰতিষ্ঠান হিচাপে এইটো আমাৰ 'ধৰ্ম' আৰু দায়িত্ব যে ৰাষ্ট্ৰৰ প্ৰতি সৰ্বাধিক কাম হৈ আছে। প্ৰধানমন্ত্ৰীয়ে এই বিশ্বাসেই দেশক 'বিকশিত ভাৰত'ৰ কাঙ্খিত লক্ষ্যলৈ লৈ যাব বুলি উল্লেখ কৰে।

আজিৰ এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়া, অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৃষীকেশ ৰয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাও উপস্থিত থাকে।

পটভূমি

উল্লেখ্য যে গৌহাটি উচ্চ ন্যায়ালয় স্থাপিত হৈছিল ১৯৪৮ চনত আৰু ই মাৰ্চ, ২০১৩ লৈকে উত্তৰ-পূৱৰ সাতখন ৰাজ্য ক্ৰমে অসম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ বাবে উমৈহতীয়া আদালত হিচাপে কাম কৰিছিল। অৱশ্যে ইয়াৰ পিছত মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ বাবে পৃথক উচ্চ ন্যায়ালয় সৃষ্টি কৰা হয়। গৌহাটি উচ্চ ন্যায়ালয়ে এতিয়া অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ আইনী পৰিসৰৰ সামৰি লয়। ইয়াৰ মুখ্য বিচাৰপীঠ আছে গুৱাহাটীত। তদুপৰি ক’হিমা (নাগালেণ্ড), আইজল (মিজোৰাম) আৰু ইটানগৰ (অৰুণাচল প্ৰদেশ)ত আছে তিনিখনকৈ স্থায়ী বিচাৰপীঠ।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Job postings in India remain 84% above pre-pandemic levels: Report

Media Coverage

Job postings in India remain 84% above pre-pandemic levels: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasising on the triumph of truth
March 12, 2026

The Prime Minister Shri Narendra Modi, paid homage to all the great personalities who participated in the Dandi March, which began on this very day in 1930.

The Prime Minister shared a Sanskrit Subhashitam emphasising on the triumph of truth:

“सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः।

येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्॥”

The Subhashitam conveys that, truth always prevails and falsehood is ultimately destroyed. Therefore, one should follow the path on which the Sages attained bliss and realised the supreme truth.

The Prime Minister wrote on X;

“सन् 1930 में आज ही के दिन दांडी मार्च की शुरुआत हुई थी। इसमें शामिल सभी विभूतियों का श्रद्धापूर्वक स्मरण!

सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः।

येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्॥”