“স্বাধীনতাৰ ১০০বছৰ পৰ্যন্ত আমাৰ যাত্ৰাত আমি এতিয়া আমাৰ কৃষি-কৰ্মক নতুন প্ৰয়োজনীয়তা আৰু নতুন প্ৰত্যাহ্বানৰ হিচাপত আগুৱাই নিব লাগিব”
“আমি আমাৰ কৃষিক ৰসায়ণৰ পৰীক্ষাগাৰৰ পৰা উলিয়াই আনি প্ৰকৃতিৰ পৰীক্ষাগাৰৰে সংযুক্ত কৰিব লাগিব। মই প্ৰকৃতিৰ পৰীক্ষাগাৰৰ কথা কৈছো মানে ই সম্পূৰ্ণ ৰূপেই বি়জ্ঞান ভিত্তিক”
“আমি প্ৰাচীন কৃষি-পদ্ধতিৰ জ্ঞানকে পুনৰাই আওৰালে নহ’ব বৰঞ্চ আধুনিক সময়ৰ জ্ঞানৰে ইয়াক সান দিবও লাগিব। ইয়াৰ বাবে, আমি প্ৰাচীন জ্ঞানক আধুনিক বিজ্ঞানৰ আধাৰত বান্ধিব পৰাকৈ নতুনকৈ গৱেষণা কৰিব লাগিব”
“প্ৰাকৃতিক কৃষিকৰ্মৰে আটাইতকৈ উপকৃত হ’ব লগা সকল হ’ল দেশৰ প্ৰায় ৮০% খেতিয়ক
“ভাৰত আৰু ইয়াৰ খেতিয়কসকলে একবিংশ শতিকাত ‘লাইফ ষ্টাইল ফৰ এনভাৰ্ণমেণ্ট’ অৰ্থাত্ ‘পৰ্যাৱৰণৰ বাবে জীৱনচৰ্যা’ মিছনৰ নেতৃত্ব দিব”
“এই অমৃত মহোত্সৱৰ কালছোৱাত প্ৰতিটো পঞ্চায়তৰ অন্ততঃ এখন গাঁৱক প্ৰাকৃতিক কৃষি-কৰ্মৰে জড়িত কৰাৰ প্ৰয়াস কৰা উচিত হ’ব”
“স্বাধীনতাৰ অমৃত মহোত্সৱত মা ভাৰতীক ৰাসায়নিক সাৰ আৰু কীটনাশকমুক্ত ভূমি হিচাপে গঢ়ি তোলাৰ পণ লও আহক”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থা’ৰে ‘প্ৰাকৃতিক কৃষি সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলন’ত কৃষকসকলক সম্বোধন কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমৃত শ্বাহ, শ্ৰী নৰেন্দ্ৰ সিং টোমৰ, গুজৰাটৰ ৰাজ্যপাল, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ো এই সন্মিলনত উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, “স্বাধীনতাৰ ১০০বছৰ পৰ্যন্ত আমাৰ যাত্ৰাত আমি এতিয়া আমাৰ কৃষি-কৰ্মক নতুন প্ৰয়োজনীয়তা আৰু নতুন প্ৰত্যাহ্বানৰ হিচাপত আগুৱাই নিব লাগিব”। বিগত ৬-৭টা বছৰত বীজৰ পৰা বজাৰলৈ, কৃষক ৰাইজৰ আয় বৃদ্ধিকে ধৰি অন্যান্য দিশসমূহক উন্নত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ভূমি পৰীক্ষণৰ পৰা শতাধিক নতুন বীজৰ উদ্ভাৱনলৈ, ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ পৰা ‘ন্যূনতম সমৰ্থন মূল্য’-এমএছপি-ৰ হাৰ কৃষি-ব্যয়ৰ ডেৰগুণলৈ বদ্ধি কৰা, জলসিঞ্চনৰ পৰা ‘কিষাণ ৰে’ল’ৰ শক্তিশালী নেটৱৰ্ক গঢ়ি তোলালৈ লোৱা পদক্ষেপে কৃষিখণ্ডক এই দিশত আগুৱাই নিয়াত সহায় কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা কৃষক ৰাইজক অভিনন্দনো জনায়।

‘সেউজ বিপ্লৱ’ত ৰাসায়ন আৰু সাৰৰ মহত্বপূৰ্ণ ভূমিকাৰ কথা সাৰোগত কৰিও প্ৰধানমমন্ত্ৰীয়ে সমান্তৰালভাবে ইয়াৰ বিকল্পৰ সন্ধানত মনোনিৱেশ কৰাৰ প্ৰাসংগিকতাতো গুৰুত্ব আৰোপ কৰে। তেওঁ কীটনাশক আৰু আমদানীকৃত সাৰৰ ব্যাপক প্ৰয়োগে কৃষি-ব্যয়ৰ পৰিমান বৃদ্ধিৰ লগতে জন-স্বাস্থ্যৰ প্ৰতিও ভাবুকি আনিছে বুলি সঁকীয়াই দিয়ে। সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ আগতেই বৃহত্ পদক্ষেপ গ্ৰহণৰ বাবে এয়াই উত্কৃষ্ট সময় বুলিও প্ৰধানমন্ত্ৰীয়ে অভিমত ব্যক্ত কৰে। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে কয়, “আমি আমাৰ কৃষিক ৰসায়ণৰ পৰীক্ষাগাৰৰ পৰা উলিয়াই আনি প্ৰকৃতিৰ পৰীক্ষাগাৰৰে সংযুক্ত কৰিব লাগিব। মই প্ৰকৃতিৰ পৰীক্ষাগাৰৰ কথা কৈছো মানে ই সম্পূৰ্ণ ৰূপেই বি়জ্ঞান ভিত্তিক”।

এই প্ৰসংগত বক্তব্য দাঙি ধৰি তেওঁ কয়, “আমি প্ৰাচীন কৃষি-পদ্ধতিৰ জ্ঞানকে পুনৰাই আওৰালে নহ’ব বৰঞ্চ আধুনিক সময়ৰ জ্ঞানৰে ইয়াক সান দিবও লাগিব। ইয়াৰ বাবে, আমি প্ৰাচীন জ্ঞানক আধুনিক বিজ্ঞানৰ আধাৰত  বান্ধিব পৰাকৈ নতুনকৈ গৱেষণা কৰিব লাগিব”।

“প্ৰাকৃতিক কৃষিকৰ্মৰে আটাইতকৈ উপকৃত হ’ব লগা সকল হ’ল দেশৰ প্ৰায় ৮০% খেতিয়ক” বুলিও প্ৰধানমন্ত্ৰীয়ে অভিমত দাঙি ধৰে।

জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ প্ৰসংগ সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰত আৰু ইয়াৰ খেতিয়কসকলে একবিংশ শতিকাত ‘লাইফ ষ্টাইল ফৰ এনভাৰ্ণমেণ্ট’ চমুকে ‘লাইফ’ অৰ্থাত্ ‘পৰ্যাৱৰণৰ বাবে জীৱনচৰ্যা’ মিছনৰ নেতৃত্ব দিব। তেওঁ, “স্বাধীনতাৰ অমৃত মহোত্সৱৰ কালছোৱাত প্ৰতিটো পঞ্চায়তৰ অন্ততঃ এখন গাঁৱক প্ৰাকৃতিক কৃষি-কৰ্মৰে জড়িত কৰাৰ প্ৰয়াস কৰা উচিত হ’ব” বুলি গোঁহাৰি জনোৱাৰ লগতে “অমৃত মহোত্সৱত মা ভাৰতীক ৰাসায়নিক সাৰ আৰু কীটনাশকমুক্ত ভূমি হিচাপে গঢ়ি তোলাৰ পণ লও আহক” বুলিও দেশবাসীৰ প্ৰতি আহ্বান জনায়।

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi