Launches ‘Viksit Bharat Sankalp Yatra’ to ensure saturation of flagship government schemes
Launches PM Janjati Adivasi Nyaya Maha Abhiyan PM- JANMAN with a budget of around Rs 24,000 crores
Releases 15th instalment amount of about Rs 18,000 crores under PM-KISAN
Dedicates to nation and lays foundation stone for projects worth around Rs 7,200 crores in Jharkhand
Leads Viksit Bharat Sankalp pledge
“Bhagwan Birsa Munda's struggles and sacrifices inspire countless Indians”
“Two historic initiatives - ‘Viksit Bharat Sankalp Yatra’ and ‘PM Janjati Adivasi Nyaya Maha Abhiyan’ are being launched from Jharkhand today”
“Degree of development in India depends on capability to strengthen the four pillars of Amrit Kaal - women power, youth power, agricultural power and power of our poor and middle class”
“Modi has made the deprived his priority”
“I have come to this land of Bhagwan Birsa Munda to repay the debt that I owe to the deprived”
“True secularism comes only when all possibilities of discrimination against any citizen of country are eliminated”
“‘Viksit Bharat Sankalp Yatra’ which will continue till 26th January next year starting today on the Jayanti of Bhagwan Birsa Munda”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাড়খণ্ডৰ খুঁন্তিত ২০২৩ৰ জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰু প্ৰধানমন্ত্ৰী বিশেষভাৱে দুৰ্বল জনজাতি গোট উন্নয়ন অভিযানৰ শুভাৰম্ভ কৰে। তেখেতে পিএম-কিষাণৰ ১৫ সংখ্যক কিস্তিও মুকলি কৰে। শ্ৰী মোদীয়ে ঝাড়খণ্ডৰ ৰেল, পথ, শিক্ষা, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে একাধিক খণ্ডত ৭,২০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই উপলক্ষে আয়োজিত এখনি প্ৰদৰ্শনীও পৰিভ্ৰমণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

 

এই কাৰ্য্যসূচীত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৰ এটি ভিডিঅ' বাৰ্তাও শুনোৱা হয়।

এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত বিকশিত ভাৰত সংকল্প শপতো পাঠ কৰে সমবেতসকলে।

আজি পুৱাৰ ভাগত ভগৱান বিৰছা মুণ্ডাৰ জন্মস্থান উলিহাতু গাঁৱৰ লগতে ৰাঁচীৰ বিৰছা মুণ্ডা সোঁৱৰণী উদ্যান তথা মুক্তি সংগ্ৰামী সংগ্ৰহালয় ভ্ৰমণৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণ আৰম্ভ কৰে। তেখেতে দুবছৰ পূৰ্বে, ঠিক আজিৰ দিনটোতে মুক্তি সংগ্ৰামী সংগ্ৰহালয় উদ্বোধনৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে প্ৰতিগৰাকী নাগৰিকলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ঝাড়খণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেখেতে শুভেচ্ছা জ্ঞাপনৰ লগতে ৰাজ্যখন গঠনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ অৱদান সম্পৰ্কে আলোকপাত কৰে। তেখেতে ৰেল, পথ, শিক্ষা, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি ভিন্ন খণ্ডত আজি উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা উন্নয়নমূলক প্ৰকল্পৰাজিৰ বাবে ঝাড়খণ্ডবাসীক অভিনন্দন জ্ঞাপন কৰে। তেখেতে ঝাড়খণ্ডত এতিয়া ১০০ শতাংশ বিদ্যুৎচালিত ৰেলপথ হৈ উঠাত সন্তোষ প্ৰকাশ কৰে।

জনজাতীয় গৌৰৱৰ বাবে ভগৱান বিৰছা মুণ্ডাৰ প্ৰেৰণাদায়ক সংগ্ৰামৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অগণন জনজাতীয় বীৰৰে ঝাড়খণ্ডৰ সম্পৰ্কৰ কথা উল্লেখ কৰে। তেখেতে উল্লেখ কৰে যে তিলকা মাঝি, সিদ্ধু কানহু, চান্দ ভৈৰৱ, ফুলো ঝানো, নীলাম্বৰ, পীতাম্বৰ, যাত্ৰা তানা ভগত, এলবাৰ্ট এক্কাৰ দৰে একাধিক বীৰে এই ভূমিক গৌৰৱান্বিত কৰিছে। দেশৰ প্ৰতিটো কোণত আদিবাসী যোদ্ধাসকলে স্বাধীনতা সংগ্ৰামত অংশ লৈছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মঙগড় ধামৰ গোবিন্দ গুৰু, মধ্য প্ৰদেশৰ তন্ত্য ভীল, ভীমা নায়ক, ছত্তীশগড়ৰ শ্বহীদ বীৰ নাৰায়ণ সিং, বীৰ গুণ্ডাধুৰ, মণিপুৰৰ ৰাণী গাইডিনলিউ, তেলেংগানাৰ বীৰ ৰামজী গণ্ড, অন্ধ্ৰ প্ৰদেশৰ অল্লুৰী সীতাৰাম ৰাজু, গোণ্ড প্ৰদেশৰ ৰাণী দুৰ্গাৱতীৰ কথা স্মৰণ কৰে। এনে ব্যক্তিসকলৰ গাথাক পূৰ্বে অৱহেলিত হোৱাক লৈ খেদ প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অমৃত মহোৎসৱৰ সময়ত এই বীৰসকলক স্মৰণ কৰা কাৰ্য্যত সন্তুোষ প্ৰকাশ কৰে।

 

ঝাড়খণ্ডৰ সৈতে ব্যক্তিগত সম্পৰ্কত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আয়ুষ্মান যোজনা ঝাড়খণ্ডৰপৰাই আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ঝাড়খণ্ডত দুই ঐতিহাসিক পদক্ষেপৰ শুভাৰম্ভ হৈছে। প্ৰথম বিকশিত ভাৰত সংকল্প যাত্ৰা, যি চৰকাৰৰ পৰিপূৰক লক্ষ্যৰ মাধ্যম হৈ উঠিব আৰু দ্বিতীয়তে, প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান, যিয়ে বিলুপ্তিপ্ৰায় জনজাতিসমূহক সুৰক্ষা প্ৰদানেৰে ইয়াৰ লোকসকলক লালন-পালন কৰিব।

শ্ৰী মোদীয়ে চাৰি ‘বিকশিত ভাৰতৰ অমৃত স্তম্ভ’ বা উন্নত ভাৰতৰ স্তম্ভ যথাঃ নাৰী শক্তি, ভাৰতৰ খাদ্য উৎপাদকসকল, দেশৰ যুৱক-যুৱতীসকল আৰু শেষত ভাৰতৰ নব্য-মধ্যবিত্ত শ্ৰেণী আৰু দৰিদ্ৰ লোকসকলৰ ওপৰত গুৰুত্ব আৰোপৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে। তেখেতে কয় যে আমাৰ এই স্তম্ভসমূহক সুদৃঢ়কৰণৰ সামৰ্থ্যৰ ওপৰত ভাৰতৰ উন্নয়নৰ মাত্ৰা নিৰ্ভৰ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্তমান চৰকাৰখনে বিগত ৯ বছৰে এই চাৰি স্তম্ভ সুদৃঢ়কৰণৰ বাবে যিমানখিনি কষ্ট আৰু কাম কৰিছে, তাত সন্তুষ্টি প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ১৩ কোটিৰো অধিক লোকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা উলিয়াই অনাৰ ক্ষেত্ৰত চৰকাৰখনৰ গুৰুত্বপূৰ্ণ সাফল্যৰাজি সন্দৰ্ভত আলোকপাত কৰে। “২০১৪ত আমাৰ চৰকাৰ ক্ষমতালৈ অহাৰ পৰাই আমাৰ সেৱা কাল আৰম্ভ হৈছিল”, দেশৰ এক বৃহৎ জনসংখ্যা মৌলিক সুবিধাৰাজিৰপৰা বঞ্চিত হোৱাৰ কথা আঙুলিয়াই দি তেখেতে এইদৰে কয়। পূৰ্বৰ চৰকাৰসমূহৰ অসাৱধান পন্থাৰ বাবেই দৰিদ্ৰ জনতাৰ মনৰ সকলো আশা হেৰাই গৈছিল বুলিও তেখেতে কয়। “বৰ্তমানৰ চৰকাৰে সেৱাৰ মনোভাৱেৰে কাম আৰম্ভ কৰিছিল”, তেখেতে এইদৰে উল্লেখেৰে কয় যে দৰিদ্ৰ আৰু বঞ্চিতসকলক তেওঁলোকৰ দুৱাৰদলিতে সুবিধাসমূহ প্ৰদানক চৰকাৰে শীৰ্ষ অগ্ৰাধিকাৰ হিচাপে গণ্য কৰিছিল। তেখেতে চৰকাৰৰ পন্থাক এই ৰূপান্তৰৰ কৃতিত্ব প্ৰদানৰ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ৰ পূৰ্বে গাঁৱসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰিসৰ মাত্ৰ ৪০ শতাংশ হোৱাৰ বিপৰীতে আজি ৰাষ্ট্ৰখনে চেচুৰেচনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ২০১৪ৰ পাছৰ আন-আন কৃতিত্বৰাজি সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৫০-৫৫ শতাংশ গাঁৱৰপৰা আজি প্ৰায় ১০০ শতাংশলৈ বৃদ্ধি পোৱা এলপিজি সংযোগ, ৫৫ শতাংশৰপৰা ১০০ শতাংশ শিশুক জীৱন ৰক্ষাকাৰী ভেকচিন প্ৰদান, স্বাধীনতাৰ পিছৰ দশকত ১৭ শতাংশৰপৰা টেপ যোগে পানীৰ সংযোগ ৭০ শতাংশলৈ বৃদ্ধিৰ বিষয়ে অৱগত কৰে। “মোদীয়ে বঞ্চিতসকলক অগ্ৰাধিকাৰ প্ৰদান কৰিছে”, তেখেতে এইদৰে কয়। দৰিদ্ৰতা আৰু বঞ্চনাৰ ব্যক্তিগত অভিজ্ঞতাৰ বাবে বঞ্চিত জনসাধাৰণৰ প্ৰতি থকা আত্মীয়তা প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোক চৰকাৰৰ বাবে অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। “মই এই ভগৱান বিৰছা মুণ্ডাৰ ভূমিলৈ আহিছো বঞ্চিতসকলৰ ওচৰত থকা ঋণ পৰিশোধ কৰিবলৈ”, তেখেতে কয়।

শ্ৰী মোদীয়ে কয় যে চৰকাৰে দীৰ্ঘদিন ধৰি বাকী থকা বিষয়সমূহত গুৰুত্ব আৰোপ কৰিছে। আন্ধাৰৰ যুগত জীৱন-নিৰ্বাহ কৰা অভিশপ্ত ১৮ হাজাৰ গাঁৱত বিদ্যুৎ সংযোগৰ উদাহৰণ দাঙি ধৰে তেখেতে। লালকিল্লাৰ প্ৰাচীৰৰপৰা কৰা ঘোষণা অনুসৰি, সময় নিৰ্ধাৰিত পদ্ধতিৰে বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে বুলি তেখেতে কয়। শিক্ষা, স্বাস্থ্য আৰু জীৱন-যাপনৰ সহজতাৰ মূল পৰিমাপসমূহ ১১০ খন জিলাত উত্থাপন কৰা হয় বুলি তেখেতে উল্লেখ কৰে। আকাংক্ষী জিলা কাৰ্য্যক্ৰমে এই জিলাসমূহত লক্ষণীয় ৰূপান্তৰ সাধন কৰিলে। এই জিলাসমূহত জনজাতীয় লোক সৰ্বাধিক বুলি তেখেতে অৱগত কৰে। “আকাংক্ষী জিলা কাৰ্য্যসূচীৰ সফলতা আকাংক্ষী ব্লক কাৰ্য্যসূচীৰ জৰিয়তে সম্প্ৰসাৰণ কৰা হৈছে”, তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “দেশৰ যিকোনো নাগৰিকৰ বিৰুদ্ধে বৈষম্যৰ সকলো সম্ভাৱনা নোহোৱা হোৱাই প্ৰকৃত ধৰ্মনিৰপেক্ষতা”, তেখেতে লগতে কয় যে সকলো চৰকাৰী আঁচনিৰ সুবিধাই একে মাত্ৰাত সকলোকে স্পৰ্শ কৰিলেহে সামাজিক ন্যায় সুনিশ্চিত হয়। এয়াই হৈছে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’, যি আজি অৰ্থাৎ ভগৱান বিৰছা মুণ্ডাৰ জয়ন্তীৰপৰা ২৬ জানুৱাৰী পৰ্য্যন্ত অব্যাহত থাকিব। “এই যাত্ৰাত চৰকাৰে মিছন ম’ডত দেশৰ প্ৰতিখন গাঁৱলৈ গৈ প্ৰতিজন দৰিদ্ৰ আৰু বঞ্চিত ব্যক্তিক চৰকাৰী আঁচনিৰ হিতাধিকাৰী কৰি তুলিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৮ৰ গ্ৰাম স্বৰাজ অভিযান হাতত লোৱাৰ কথা স্মৰণ কৰে। এই অভিযানৰ অংশস্বৰূপে, এহেজাৰ চৰকাৰী বিষয়াক গাঁৱসমূহলৈ প্ৰেৰণেৰে সাত প্ৰধান চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হৈছিল আৰু একেদৰে বিকশিত ভাৰত সংকল্প যাত্ৰাও সফল হ’ব বুলি আস্থা প্ৰকাশ কৰে। “মই সেই দিনটোলৈ আগ্ৰহী হৈ উঠিছোঁ, যিদিনা প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ হাতত বিনামূলীয়া ৰেচনৰ বাবে ৰেচন কাৰ্ড, উজ্জ্বলা আঁচনিৰ জৰিয়তে গেছ সংযোগ, ঘৰলৈ বিদ্যুতৰ যোগান, টেপেৰে পানীৰ সংযোগ, আয়ুষ্মান কাৰ্ড আৰু পকী ঘৰ থাকিব”, তেখেতে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিজন কৃষক আৰু শ্ৰমিকে পেঞ্চন আঁচনিত যোগদান কৰা আৰু যুৱক-যুৱতীসকলে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ মুদ্ৰা যোজনাৰ সুবিধা গ্ৰহণৰ কথা বিশদভাৱে কয়। “বিকশিত ভাৰত সংকল্প যাত্ৰা হৈছে ভাৰতৰ দৰিদ্ৰ, বঞ্চিত, মহিলা, যুৱক-যুৱতী আৰু কৃষক ৰাইজৰ বাবে মোদীৰ নিশ্চয়তা”, তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এখনি উন্নত ভাৰতৰ সংকল্পৰ এক গুৰুত্বপূৰ্ণ আধাৰ হৈছে প্ৰধানমন্ত্ৰী জনমান (PM JANMAN) বা প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM Janjati Adivasi Nyaya Maha Abhiyan)। তেখেতে কয় যে অটল জীৰ চৰকাৰেই জনজাতীয় সমাজৰ বাবে এটা সুকীয়া মন্ত্ৰালয় গঠনেৰে সুকীয়া বাজেট আবন্টন দিছিল। তেখেতে জনোৱা মতে, জনজাতীয় কল্যাণৰ বাজেট পূৰ্বৰ তুলনাত ৬ গুণ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী জনমানৰ অধীনত চৰকাৰে জনজাতীয় গোট আৰু আদিম জনজাতিসকলৰ ওচৰলৈ যাব, যাৰ অধিকাংশই এতিয়াও বনাঞ্চলত বসবাস কৰে। তেখেতে উল্লেখ কৰে যে চৰকাৰে দেশৰ ২২ হাজাৰৰো অধিক গাঁৱত বসবাস কৰা লাখ-লাখ লোকৰ ৭৫ এনে জনজাতীয় সমাজ আৰু আদিম জনজাতিক চিনাক্ত কৰিছে। “পূৰ্বৰ চৰকাৰসমূহে সংখ্যাবোৰ সংযোগৰ কাম কৰিছিল, কিন্তু মই সংখ্যাবোৰ নহয়, জীৱনসমূহক সংযোগ কৰিব বিচাৰো। এই লক্ষ্যৰে আজিৰেপৰা আৰম্ভ হৈছে পিএম জনমান”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে অৱগত কৰে যে কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ অভিযানত ২৪ হাজাৰ কোটি টকা ব্যয় কৰিবলৈ মনস্থ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতীয় সমাজখনৰ উন্নয়নৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেখেতে তেওঁক নাৰী-আধাৰিত উন্নয়নৰ প্ৰেৰণাৰ প্ৰতীক হিচাপে অভিহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত বছৰকেইটাত মহিলা নেতৃত্বাধীন উন্নয়ন সুনিশ্চিতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে বৰ্ণনা কৰে। “আমাৰ চৰকাৰে মহিলাসকলৰ বাবে আঁচনি ৰূপায়ণ কৰিছিল তেওঁলোকৰ জীৱনৰ প্ৰতিটো পৰ্য্যায়ৰ কথা মনত ৰাখি”, তেখেতে এইদৰে উল্লেখেৰে কয় যে বেটি বচাও বেটি পঢ়াও, বিদ্যালয়ত ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰ, পিএম আৱাস যোজনা, সৈনিক বিদ্যালয় আৰু প্ৰতিৰক্ষা একাডেমী, আত্মসহায়ক গোটসমূহক অভিলেখ পৰিমাণৰ সাহায্য আৰু নাৰীশক্তি বন্দন অধিনিয়মে জীৱনক ৰূপান্তৰিত কৰিছে। “আজি ভ্ৰাতৃ-দ্বিতীয়া। এই উপলক্ষই দেশখনৰ সকলো ভগ্নীকে এই নিশ্চয়তা প্ৰদান কৰিছে যে আমাৰ চৰকাৰে আমাৰ ভগ্নীসকলৰ উন্নয়নৰ বাটত সৃষ্ট প্ৰতিটো বাধা দূৰ কৰিব। এখনি উন্নত ভাৰত গঢ়াত নাৰী শক্তিৰ অমৃত স্তম্ভই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

শ্ৰী মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাই কেন্দ্ৰীয় চৰকাৰখনৰ এখনি উন্নত ভাৰতৰ যাত্ৰাত প্ৰতিজন ব্যক্তিৰ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ অংগীকাৰক প্ৰতিফলিত কৰিছে। তেখেতে কয় যে এই আঁচনিৰ জৰিয়তে বিশ্বকৰ্মা বন্ধুসকলক আধুনিক প্ৰশিক্ষণ আৰু আহিলা প্ৰদান কৰা হ’ব। “এই আঁচনিখনৰ বাবে ১৩ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব”, তেখেতে অৱগত কৰে।

আজি মুকলি কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৫ সংখ্যক কিস্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে এতিয়ালৈকে কৃষকৰ একাউন্টলৈ ২,৭৫,০০০ কোটিৰো অধিক টকা হস্তান্তৰ কৰা হৈছে। লগতে গো-পালক আৰু মাছমৰীয়াসকলৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড, পশুধনৰ বিনামূলীয়া টিকাকৰণৰ বাবে ১৫ হাজাৰ কোটি টকাৰ চৰকাৰী ব্যয়, মীন পালনক প্ৰেৰণা যোগাবলৈ মৎস্য সম্পদ আঁচনিৰ অধীনত আৰ্থিক সাহায্য, দেশত ১০ হাজাৰ নতুন কৃষক উৎপাদক সন্থা গঠনৰ কথাও উল্লেখ কৰে যাৰ ফলত বজাৰ অধিক সুলভ হৈ পৰাত কৃষকৰ ব্যয় হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৩ক আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হিচাপে উদযাপন আৰু শ্ৰী অন্নক বিদেশৰ বজাৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে।

ঝাড়খণ্ডত নক্সালবাদী হিংসা হ্ৰাসৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নক কৃতিত্ব প্ৰদান কৰে। ৰাজ্যখনে শীঘ্ৰেই প্ৰতিষ্ঠাৰ ২৫ বছৰ সম্পূৰ্ণ কৰিব বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঝাড়খণ্ডক ২৫ খন আঁচনিৰ চেচুৰেচনৰ লক্ষ্যৰ দিশত কাম কৰিবলৈ আহ্বান জনায়। তেখেতে কয় যে ইয়াৰদ্বাৰা ৰাজ্যখনৰ উন্নয়নে নতুন গতি লাভৰ লগতে জীৱন-যাপনৰ সহজতা বৃদ্ধি পাব। “শিক্ষাৰ প্ৰসাৰ আৰু যুৱক-যুৱতীসকলক সুযোগ প্ৰদানৰ বাবে চৰকাৰ দায়বদ্ধ”, শ্ৰী মোদীয়ে আধুনিক ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত আলোকপাতেৰে কয় এই নতুন শিক্ষা নীতিয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মাতৃভাষাতে চিকিৎসা আৰু অভিযান্ত্ৰিক বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়নৰ সুযোগ প্ৰশস্ত কৰিছে। তেখেতে অৱগত কৰে যে যোৱা ৯ বছৰত সমগ্ৰ দেশতে ৩০০ ৰোধিক বিশ্ববিদ্যালয় আৰু ৫৫০০ নতুন মহাবিদ্যালয় স্থাপন কৰা হৈছে। ডিজিটেল ইণ্ডিয়া অভিযান আৰু এক লাখৰো অধিক ষ্টাৰ্ট-আপৰে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম বাতাবৰণ হিচাপে পৰিগণিত হোৱাৰ কথাও তেখেতে উল্লেখ কৰে। ৰাঁচীৰ আইআইএম কেম্পাছ আৰু ধনবাদৰ আইআইটি-আইএছএমত নতুন হোষ্টেল উদ্বোধনৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশেৰে কয় যে অমৃত কালৰ চাৰি অমৃত স্তম্ভ অৰ্থাৎ ভাৰতৰ নাৰী শক্তি, যুৱ শক্তি, কৃষি শক্তি আৰু আমাৰ দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীৰ শক্তিয়ে ভাৰতক নতুন শিখৰত আৰোহণ কৰাব আৰু ভাৰতক এখনি উন্নত ভাৰত কৰি তুলিব।

এই অনুষ্ঠানত ঝাড়খণ্ডৰ ৰাজ্যপাল শ্ৰী চি.পি. ৰাধাকৃষ্ণন, ঝাড়খণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত সোৰেন আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাকে প্ৰমুখ্য কৰি আন-আন গণ্যমান্য লোকসকল উপস্থিত থাকে।

পটভূমি

বিকশিত ভাৰত সংকল্প যাত্ৰা

চৰকাৰী ধ্বজাবাহী আঁচনিসমূহৰ সুবিধাৰাজিয়ে যাতে সকলো লক্ষ্য হিতাধিকাৰীকে সময়সীমাবদ্ধভাৱে স্পৰ্শ কৰে, তাৰ বাবে এই আঁচনিসমূহৰ চেচুৰেচনৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীয়ে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। আঁচনিসমূহৰ পৰিপূৰ্ণতাৰ এই লক্ষ্যত উপনীত হোৱাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰম্ভ কৰে।

এই যাত্ৰাৰ মূল কথা হৈছে জনতাৰ কাষ চপা, সজাগতা সৃষ্টি আৰু অনাময় ব্যৱস্থা, অত্যাৱশ্যকীয় বিত্তীয় সেৱা, বিদ্যুৎ সংযোগ, এলপিজি চিলিণ্ডাৰৰ সুবিধা, দৰিদ্ৰ লোকৰ বাবে বাসস্থান, খাদ্য সুৰক্ষা, উপযুক্ত পুষ্টি, নিৰ্ভৰযোগ্য স্বাস্থ্যসেৱা আদি কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদান কৰা , বিশুদ্ধ খোৱাপানী আদি লাভ নিশ্চিত কৰা।

‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ শুভাৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঝাড়খণ্ডৰ খুঁন্তিত আইইচি (IEC-Information, Education আৰু Communication) ভেনসমূহৰ ফ্লেগ-অফ কৰে। এই ভেনসমূহে আজিৰেপৰা ২০২৪ৰ ২৫ জানুৱাৰীলৈকে প্ৰচাৰ অব্যাহত ৰাখিব আৰু গৰিষ্ঠসংখ্যক জনজাতীয় লোক থকা জিলাসমূহৰপৰা আৰম্ভ হৈ দেশৰ সকলো জিলাকে সামৰি ল’ব।

 

পিএম পিভিটিজি অভিযান

এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে এটি নতুন পদক্ষেপ - ‘প্ৰধানমন্ত্ৰী বিশেষভাৱে দুৰ্বল জনজাতি গোট (PM PVTG) উন্নয়ন অভিযান’ৰো শুভাৰম্ভ কৰে। ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ২৮ লাখ জনসংখ্যাৰ ২২,৫৪৪ খন গাঁৱত (২২০ জিলা) ৭৫ পিভিটিজি আছে।

এই জনজাতিসকল প্ৰত্যন্ত আৰু দুৰ্গম স্থানত বসবাস কৰে, প্ৰায়ে বনাঞ্চলত থাকে আৰু সেয়েহে প্ৰায় ২৪,০০০ কোটি টকাৰ বাজেটেৰে পিভিটিজি পৰিয়ালসমূহলৈ পথ আৰু টেলিকম সংযোগ, বিদ্যুৎ, সুৰক্ষিত গৃহ, বিশুদ্ধ খোৱাপানী আৰু অনাময়, শিক্ষা, স্বাস্থ্য আৰু পুষ্টি তথা বহনক্ষম জীৱিকাৰ সুযোগৰ উন্নত সুবিধা প্ৰদান কৰা হ’ব।

তদুপৰি, পিএমজেএৱাই, ছিকল চেল ডিজেজ নিৰ্মূলকৰণ, টিবি নিৰ্মূলকৰণ, ১০০% টিকাকৰণ, পিএম সুৰক্ষিত মাতৃত্ব যোজনা, পিএম মাতৃ বন্দনা যোজনা, পিএম পোষণ, পিএম জন ধন যোজনা আদিৰ বাবে চেচুৰেচন নিশ্চিত কৰা হ’ব।

পিএম-কিষাণৰ ১৫ সংখ্যক কিস্তি আৰু আন-আন উন্নয়নমূলক পদক্ষেপ

কৃষকসকলৰ কল্যাণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ আন এক উদাহৰণ প্ৰদৰ্শন কৰা এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN)ৰ অধীনত প্ৰায় ১৮,০০০ কোটি টকাৰ ১৫ সংখ্যক কিস্তিৰ পৰিমাণ ৮ কোটিৰো অধিক হিতাধিকাৰীলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে মুকলি কৰা হয়। আঁচনিখনৰ অধীনত এই পৰ্য্যন্ত  ১৪টা কিস্তিত ২.৬২ লাখ কোটি টকাৰো অধিক ধন কৃষকৰ বেংক একাউন্টলৈ হস্তান্তৰ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ৰে'ল, পথ, শিক্ষা, কয়লা, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে একাধিক খণ্ডত প্ৰায় ৭২০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উপৰি আন কেবাটাও প্ৰকল্প উদ্বোধন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা প্ৰকল্পৰাজিৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথ ১৩৩-ৰ মহাগামা - হংসদিহা শাখাৰ ৫২ কিলোমিটাৰ অংশৰ চাৰি লেন; ৰাষ্ট্ৰীয় ঘাইপথ ১১৪ (এ)-ৰ বাচুকীনাথৰ ৪৫ কিলোমিটাৰ অংশৰ চাৰি লেন-দেওঘৰ শাখা; কেডিএইচ-পূৰ্ণদিহ কয়লা সঞ্চালন প্ৰকল্প; আইআইআইটি ৰাঁচীৰ নতুন শৈক্ষিক আৰু প্ৰশাসনিক ভৱন।

উদ্বোধন কৰা আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে আইআইএম ৰাঁচীৰ নতুন চৌহদ; আইআইটি আইএছএম ধানবাদৰ নতুন ছত্ৰাবাস; বোকাৰোত পেট্ৰ'লিয়াম অইল আৰু লুব্ৰিকেন্ট (POL) ডিপো; কেবাটাও ৰেল প্ৰকল্প যেনেঃ দ্বৈতকৰণ সম্পূৰ্ণ হোৱা হাতিয়া-পাক্ৰা শাখা, তালগাৰিয়া-বোকাৰো শাখা আৰু জৰংদিহ-পাত্ৰাতু শাখা। লগতে, ঝাড়খণ্ডত ১০০% ৰেল বৈদ্যুতীকৰণৰ সাফল্যও প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”