Launches multiple technology initiatives - Digital Supreme Court Reports, Digital Courts 2.0 and new website of Supreme Court
“The Supreme Court has strengthened India's vibrant democracy”
“India's economic policies today will form the basis of tomorrow's bright India”
“The laws being made in India today will further strengthen the bright India of tomorrow”
“Ease of justice is the right of every Indian citizen and the Supreme Court of India, its medium”
“I compliment the Chief Justice for his efforts to improve ease of justice in the country”
“Rs 7000 crore disbursed after 2014 for the physical infrastructure of courts in the country”
“Rs 800 crore approved last week for the expansion of the Supreme Court Building Complex”
“A strong judicial system is the main foundation of a Viksit Bharat”
“E-Courts Mission Project’s third phase will have four times more funds than the second phase”
“The government is actively working on modernizing laws to align with the present situation and best practices”
“The transition from old laws to new ones should be seamless”
“Padma Honour for Justice Fatima Beevi is a matter of pride for us”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৮ জানুৱাৰীত দিল্লীস্থ উচ্চতম ন্যায়ালয়ৰ প্ৰেক্ষাগৃহত ‘ভাৰতৰ উচ্চতম ন্যায়ালয়’ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ লগতে তেওঁ এলানি নাগৰিক কেন্দ্ৰিক তথ্য আৰু প্ৰযুক্তিৰ প্ৰচেষ্টাও আৰম্ভ কৰে, যাৰ ভিতৰত আছে ‘ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন’ (ডিজি এছচিআৰ), ‘ডিজিটেল আদালত ২.০’ আৰু উচ্চতম ন্যায়ালয়ৰ এটা নতুন ৱে’বছাইট।

সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে অভিনন্দন জ্ঞাপন কৰে আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে আজি ৭৫ সংখ্যক বৰ্ষৰ আৰম্ভণি উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিবলৈ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ইফালে, দুদিন পূৰ্বে ভাৰতৰ সংবিধানেও ৭৫ সংখ্যক বৰ্ষত প্ৰৱেশ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় সংবিধান প্ৰণেতাসকলে স্বাধীনতা, সমতা আৰু ন্যায় আধাৰিত এখন মুক্ত ভাৰতৰ সপোন দেখিছিল আৰু উচ্চতম ন্যায়ালয়ে এই নীতিসমূহ সংৰক্ষণ কৰাৰ বাবে নিৰন্তৰ চেষ্টা কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে "মত প্ৰকাশৰ স্বাধীনতাই হওক, বা ব্যক্তিগত স্বাধীনতা কিম্বা সামাজিক ন্যায়েই হওক, উচ্চতম ন্যায়ালয়ে ভাৰতৰ উজ্জীৱিত গণতন্ত্ৰক শক্তিশালী কৰি আহিছে।" দেশৰ সামাজিক-ৰাজনৈতিক পৰিৱেশক এক নতুন দিশ দেখুওৱা ‘ব্যক্তিৰ অধিকাৰ’ আৰু ‘বাক স্বাধীনতা’ সন্দৰ্ভত প্ৰদান কৰা নিদৰ্শনমূলক ৰায়ৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰৰ প্ৰতিটো শাখাৰ বাবে পৰৱৰ্তী ২৫ বছৰৰ লক্ষ্যৰ মাপকাঠি পুনৰ দোহাৰে আৰু কয় যে আজিৰ অৰ্থনৈতিক নীতিয়ে ভৱিষ্যতৰ উজ্জীৱিত ভাৰতখনৰ আধাৰ হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আজি নিৰ্ধাৰণ কৰা আইনসমূহে ভাৰতৰ উজ্জ্বল ভৱিষ্যত শক্তিশালী কৰিব"।

বিশ্বৰ ভূ-ৰাজনীতিৰ পৰিৱৰ্তনশীল দৃশ্যপটৰ মাজতে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ হৈছে আৰু ইয়াৰ আস্থা নিৰন্তৰ বৃদ্ধি পাই আহিছে। তেওঁ আমাৰ পথত অহা সকলো সুযোগক মূলধন কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে আৰু দেশৰ শীৰ্ষ প্ৰথমিকতা হিচাপে জীৱন ধাৰণৰ স্বাচ্ছন্দ্য, ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য, ভ্ৰমণ, যোগাযোগ আৰু ন্যায়ৰ স্বাচ্ছন্দ্যৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উপদেশ দি কয়, "ন্যায়ৰ স্বাচ্ছন্দ্য হৈছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ অধিকাৰ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয় হৈছে  ইয়াৰ মাধ্যম"।

 

দেশৰ সমগ্ৰ ন্যায় ব্যৱস্থা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা পৰিচালিত আৰু নিৰ্দেশিত হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ক দূৰণিবটীয়া অঞ্চলমূহৰ বাবেও উপলব্ধ কৰোৱাৰ দিশত চৰকাৰে প্ৰদান কৰা প্ৰাথমিকতা আৰু ‘ই-আদালত মিছন’ প্ৰকল্পৰ তৃতীয় পৰ্যায়ক গ্ৰহণযোগ্যতা প্ৰদানৰ কথা উল্লেখ কৰে। তেওঁ জনাই যে তৃতীয় পৰ্যায়ৰ বাবে পুঁজিৰ আৱণ্টন দ্বিতীয় পৰ্যায়তকৈ চাৰিগুণে অধিক কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰে যে দেশৰ সকলো আদালতৰ ‘ডিজিটাইজেশ্যন’ৰ প্ৰক্ৰিয়া ভাৰতৰ মুখ্য ন্যায়াধীশে নিজেই নিৰীক্ষণ কৰি আছে আৰু এই প্ৰচেষ্টাৰ বাবে তেওঁক অভিনন্দন জনায়।

আদালতৰ ভৌতিক আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পিছত এই উদ্দেশ্যৰ বাবে ইতিমধ্যে ৭০০০ কোটিতকৈয়ো অধিক টকা বিতৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ ভৱনটোৰ সমস্যাৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উচ্চতম ন্যায়ালয়ৰ ভৱন চৌহদ সম্প্ৰসাৰণৰ বাবে যোৱা সপ্তাহত ৮০০ কোটি টকা অনুমোদন কৰাৰ বিষয়ে সমবেত সকলক অৱগত কৰে।

আজি আৰম্ভ কৰা উচ্চতম ন্যায়ালয়ৰ ‘ডিজিটেল পদক্ষেপ’সমূহৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ‘ডিজিটেল ফৰ্মেট’ত সিদ্ধান্তসমূহৰ উপলব্ধতা আৰু স্থানীয় ভাষাত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ অনুবাদ প্ৰকল্পৰ আৰম্ভণি কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেওঁ দেশৰ আন আদালতসমূহতো একে ধৰণৰ ব্যৱস্থা কৰা হ’ব বুলি আশা ব্যক্ত কৰে।

 

আজিৰ অনুষ্ঠানটো ন্যায়ৰ স্বাচ্ছন্দ্য প্ৰদানৰ ক্ষেত্ৰত প্ৰযুক্তি সহায়ক হোৱাৰ সঠিক উদাহৰণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘এআই’-ৰ সহায়ত তেওঁৰ ভাষণ ততমুহূৰ্ততে ইংৰাজীলৈ অনুবাদ কৰা হৈছে আৰু ‘ভাষিনী এপ’-ৰ জৰিয়তেও ইয়াক শুনিব পৰা গৈছে। তেওঁ কয় যে আৰম্ভণিতে কেতবোৰ সমস্যা উদ্ভৱ হ'ব পাৰে যদিও ই প্ৰযুক্তিৰ ব্যৱহাৰৰ দিগন্তখনকো সম্প্ৰসাৰিত কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে সাধাৰণ লোকসকলৰ জীৱন সহজ কৰি তুলিবলৈ আনকি আমাৰ আদালতসমূহতো একে ধৰণৰ প্ৰযুক্তি ৰূপায়ণ কৰিব পাৰি। জনসাধাৰণে ভালকৈ বুজিব পৰাকৈ সহজ-সৰল ভাষাত আইনৰ খচৰাসমূহ যুগুতোৱাৰ বাবে পৰামৰ্শ দিয়াৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে আদালতৰ ৰায় আৰু আদেশৰ খচৰা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো একে ধৰণৰ দৃষ্টিভংগী গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়।

 

আমাৰ আইনী পৰিকাঠামোত ভাৰতীয় মূল্যবোধ আৰু আধুনিকতাৰ পৰশ থকাৰ প্ৰয়োজনীয়তা দোহাৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ আইনসমূহে ভাৰতীয় নীতি আৰু সমসাময়িক পৰিস্থিতি দুয়োটা পদ্ধতিকে প্ৰতিফলিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, "আমাৰ আইন-কানুনত ভাৰতীয় মূল্যবোধ আৰু আধুনিকতাৰ সমন্বয় সমানেই অপৰিহাৰ্য।" প্ৰধানমন্ত্ৰী মোদীয়ে লগতে মন্তব্য কৰে, "সাম্প্ৰতিক প্ৰেক্ষাপট আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলন পদ্ধতিৰ সৈতে সংগতি ৰাখি চৰকাৰে আইনৰ আধুনিকীকৰণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে।"

 

প্ৰধানমন্ত্ৰী মোদীয়ে পুৰণি ঔপনিৱেশিক অপৰাধ নিয়ন্ত্ৰণ আইনসমূহ বিলুপ্ত কৰা আৰু ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা’, ‘ভাৰতীয় ন্যায় সংহিতা’ আৰু ‘ভাৰতীয় সাক্ষ্য অধিনিয়ম’ৰ দৰে নতুন আইনসমূহ প্ৰৱৰ্তনৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয়, "এই পৰিৱৰ্তনসমূহৰ জৰিয়তে আমাৰ আইনী, আৰক্ষী আৰু অনুসন্ধান ব্যৱস্থাই এক নতুন যুগত প্ৰৱেশ কৰিছে। শতিকা পুৰণি আইনৰ পৰা নতুন আইনলৈ পৰিৱৰ্তনৰ তাৎপৰ্যত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয়, "পুৰণি আইনৰ পৰা নতুন আইনলৈ হোৱা সংক্ৰমণ মসৃণ গতিৰে হ'ব লাগিব, যিটো অপৰিহাৰ্য।" এই সন্দৰ্ভত তেওঁ চৰকাৰী বিষয়াসকলৰ বাবে প্ৰশিক্ষণ আৰু সামৰ্থ্য বৰ্দ্ধনৰ প্ৰচেষ্টা আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উচ্চতম ন্যায়ালয়ক সকলো অংশীদাৰৰ বাবে সামৰ্থ্য বৰ্দ্ধন প্ৰক্ৰিয়াত জড়িত হ'বলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে বিকশিত ভাৰতৰ আধাৰশিলা হিচাপে এক শক্তিশালী ন্যায় ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ ‘জন বিশ্বাস বিধেয়ক’ প্ৰণয়নক সঠিক দিশত এক উচিত পদক্ষেপ বুলি উল্লেখ কৰি এক নিৰ্ভৰযোগ্য আইনী পৰিকাঠামো সৃষ্টিৰ লগতে ন্যায়পালিকাৰ পৰা অপ্ৰয়োজনীয় চাপ দূৰ কৰি অমীমাংসিত গোচৰৰ সংখ্যা হ্ৰাস কৰাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই অহাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যস্থতাৰ জৰিয়তে বিবাদ নিষ্পত্তিৰ বৈকল্পিক ব্যৱস্থা প্ৰৱৰ্তনৰ কথাও উল্লেখ কৰে, যি গোচৰৰ বোজা হ্ৰাস কৰাত, বিশেষকৈ অধীনস্থ ন্যায়পালিকাক অৰিহণা যোগাইছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ গঢ়ি তোলাৰ বাবে ভাৰতে গ্ৰহণ কৰা দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সকলো নাগৰিকৰ সামূহিক দায়বদ্ধতাৰ কথা দোহাৰে। তেওঁ পৰৱৰ্তী ২৫টা বছৰত দেশৰ ভৱিষ্যত গঢ়ি তোলাত উচ্চতম ন্যায়ালয়ে পালন কৰিব পৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে আৰু প্ৰতিষ্ঠানটোৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ বাবে পুনৰবাৰ অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে এম ফাতিমা বীৱিক মৰণোত্তৰ ভাৱে ‘পদ্মভূষণ’ প্ৰদান কৰাৰ কথা উল্লেখ কৰে আৰু এই সুযোগ পোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে।

 

অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ ড০ ডি ওৱাই চন্দ্ৰচূড়, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ভাৰতৰ ‘এটৰ্নী জেনেৰেল’ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাই, ‘উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যন’-ৰ সভাপতি শ্ৰী আৰ ভেংকটৰমণী, ড০ অদিশ চি আগৰৱাল আৰু ‘ভাৰতীয় বাৰ কাউন্সিল’-ৰ অধ্যক্ষ শ্ৰী মনন কুমাৰ মিশ্ৰ উপস্থিত আছিল।   

 

পৃষ্ঠভূমি

উচ্চতম ন্যায়ালয়ৰ পঁয়সত্তৰ বছৰীয়া সমাৰোহৰ শুভাৰম্ভ ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে নাগৰিক কেন্দ্ৰিক তথ্য আৰু প্ৰযুক্তিৰ প্ৰচেষ্টা আৰম্ভ কৰে যাৰ ভিতৰত আছে ‘ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন’ (ডিজি এছচিআৰ), ‘ডিজিটেল আদালত ২.০’ আৰু উচ্চতম ন্যায়ালয়ৰ নতুন ৱে’বছাইট।

 

‘ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন’(এছচিআৰ)সমূহে দেশৰ নাগৰিকসকলৰ বাবে বিনামূলীয়াকৈ আৰু ইলেক্ট্ৰনিক বিন্যাসত উচ্চতম ন্যায়ালয়ৰ ৰায় উপলব্ধ কৰিব। ‘ডিজিটেল এছচিআৰ’ৰ মুখ্য বিশেষত্বসমূহ হ'ল  ১৯৫০ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদনৰ সম্পূৰ্ণ ৫১৯টা খণ্ড, ৩৬,৩০৮টা গোচৰ সামৰি, ‘ডিজিটেল ফৰ্মেট’, ‘বুকমাৰ্ক’, ‘ব্যৱহাৰকাৰী-অনুকূল আৰু মুক্ত প্ৰৱেশানুকূলতা’ৰ সৈতে উপলব্ধ হ'ব।

‘ডিজিটেল আদালত ২.০’ আবেদন হৈছে ‘ই-আদালত প্ৰকল্প’ৰ অধীনত ইলেক্ট্ৰনিক ৰূপত জিলা আদালতৰ ন্যায়াধীশসকলৰ বাবে আদালতৰ তথ্যপাতি উপলব্ধ কৰাৰ এক শেহতীয়া পদক্ষেপ। ইয়াৰ সৈতে ‘কৃত্ৰিম বুদ্ধিমত্তা’ (এআই) ব্যৱহাৰ কৰি তত্কালীন ভাবে বক্তৃতাৰ অনুলিখনৰে পাঠ লিপিবদ্ধ কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ নতুন ৱে’বছাইটটোও মুকলি কৰে। নতুন ৱে’বছাইটটো ইংৰাজী আৰু হিন্দীত দ্বিভাষিক বিন্যাসত হ'ব আৰু ইয়াক ‘ব্যৱহাৰকাৰী-অনুকূল আন্তঃপৃষ্ঠ’ৰ সৈতে পুনৰাই যুগুতাই উলিওৱা হৈছে।

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
July auto retail sales hit record high on rising rural demand

Media Coverage

July auto retail sales hit record high on rising rural demand
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to address the 57th Convocation Ceremony of IIT Delhi on 8th August
August 07, 2026
PM to present Institute's Highest Honours to Meritorious Students
PM to inaugurate Param Pragya, an AI-powered high-performance supercomputing facility established at Sonipat Campus of IIT Delhi

Prime Minister Shri Narendra Modi will participate in the 57th Convocation Ceremony of the Indian Institute of Technology (IIT) Delhi as the Chief Guest on 8 August 2026 at 11 AM. He will address over 3000 graduating students including 587 Ph.D. scholars who will be conferred their degrees during the ceremony.

Recognizing outstanding academic excellence, Prime Minister will present the Institute's most prestigious honours, including the President's Gold Medal, Director's Gold Medal, Shankar Dayal Sharma Gold Medal, and Perfect Ten Gold Medals to the meritorious students.

Further emphasising India's commitment to advancing cutting-edge research and artificial intelligence, Prime Minister will inaugurate Param Pragya, an AI-powered high-performance supercomputing facility established at the Sonipat Campus of IIT Delhi. The state-of-the-art facility is expected to significantly enhance the institute's capabilities in AI, data science, advanced computing, and interdisciplinary research.