১৬ গৰাকীক ৰাজহুৱা প্ৰশাসনত প্ৰধানমন্ত্ৰীৰ উৎকৃষ্টতা বঁটা প্ৰদান
ই-বুক ‘বিকশিত ভাৰত – এমপাৱাৰিং চিটিজেনছ এণ্ড ৰিচিং দ্য লাষ্ট মাইল ভলিউম I আৰু II’ উন্মোচন
“এখনি উন্নত ভাৰতৰ অৰ্থে চৰকাৰী ব্যৱস্থাই সাধাৰণ লোকৰ আকাংক্ষাৰাজিক পৰিপূৰণ কৰিব লাগে”
“পূৰ্বে চৰকাৰে সকলো কৰিব বুলি চিন্তা কৰাৰ বিপৰীতে এতিয়া চৰকাৰে সকলোৰে বাবে কাম কৰিব বুলি বিশ্বাস জন্মিছে”
“চৰকাৰৰ মূলমন্ত্ৰ হৈছে ‘ৰাষ্ট্ৰ প্ৰথম-নাগৰিক প্ৰথম’, আজিৰ চৰকাৰে বঞ্চিতসকলক অগ্ৰাধিকাৰ প্ৰদান কৰিছে”
“আজিৰ আকাংক্ষী নাগৰিকে ব্যৱস্থাসমূহৰ পৰিৱৰ্তন চাবলৈ বেছি সময় অপেক্ষা কৰিবলগীয়া নহয়”
“বিশ্বই ভাৰতৰ সময় আহি পৰিছে বুলি কোৱাৰ সময়ত দেশৰ আমোলাতন্ত্ৰই সময় অপব্যয় কৰা নাই”
“আপোনালোকৰ সকলো সিদ্ধান্তৰ ভিত্তি সদায় জাতীয় স্বাৰ্থ হ’ব লাগে”
“এটা ৰাজনৈতিক দলে কৰদাতাৰ ধন নিজৰ সংগঠনৰ বাবে ব্যৱহাৰ কৰিছে নে ৰাষ্ট্ৰৰ বাবে ব্যৱহাৰ কৰিছে, সেয়া নিৰীক্ষণ কৰাটো আমোলাতন্ত্ৰৰ কৰ্তব্য”
“সুশাসনেই মূল কথা। জনকেন্দ্ৰিক শাসনে সমস্যা সমাধান আৰু উন্নত ফলাফল প্ৰদান কৰে”
“আমি আমাৰ কৰ্তব্যক প্ৰথম অগ্ৰাধিকাৰ প্ৰদান কৰা মাত্ৰেকে স্বাধীনতাৰ শতিকাটোৱেই দেশৰ
প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা প্ৰশাসনত প্ৰধানমন্ত্ৰীৰ উৎকৃষ্টতা বঁটা প্ৰদানৰ লগতে ‘বিকশিত ভাৰত – এমপাৱাৰিং চিটিজেনছ এণ্ড ৰিচিং দ্য লাষ্ট মাইল ভলিউম I আৰু II’ শীৰ্ষক ই-বুক উন্মোচন কৰে।
প্ৰায় ৩ লাখ কোটি টকা অপব্যয়ৰপৰা ৰক্ষা হৈছে, এইসমূহ ধন এতিয়া দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হৈছে।
তেখেতে কয় যে জীৱন-যাপনৰ সহজতা আৰু ব্যৱসায় কৰাত সহজতাৰ বাবে আমি এইসমূহৰ সমাধান বিচাৰিব লাগিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৬ সংখ্যক অসামৰিক সেৱা দিৱস, ২০২৩ উপলক্ষে চিভিল সেৱকসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা প্ৰশাসনত প্ৰধানমন্ত্ৰীৰ উৎকৃষ্টতা বঁটা প্ৰদানৰ লগতে ‘বিকশিত ভাৰত – এমপাৱাৰিং চিটিজেনছ এণ্ড ৰিচিং দ্য লাষ্ট মাইল ভলিউম I আৰু II’ শীৰ্ষক ই-বুক উন্মোচন কৰে।

 

উপস্থিতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰখনে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণৰে এখনি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আগবঢ়াৰ সময়তে এইবাৰৰ অসামৰিক সেৱা দিৱসটি বেছি বিশেষ হৈ পৰিছে। তেওঁ ১৫-২৫ বছৰ পূৰ্বে এই সেৱাত যোগদান কৰা চিভিল সেৱকসকলৰ অৱদানৰ ওপৰত আলোকপাতেৰে অমৃত কালৰ আগন্তুক ২৫ বছৰত ৰাষ্ট্ৰ নিৰ্মাণৰ অৰ্থে অৰিহণা যোগোৱা যুৱ-বিষয়াসকলৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰি কয় যে যুৱ-বিষয়াসকলে এই অমৃত কালত ৰাষ্ট্ৰখনৰ সেৱা কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা। “ৰাষ্ট্ৰখনৰ প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীৰ সপোন পূৰণৰ দায়িত্ব আপোনাসৱৰ কান্ধত ন্যস্ত আছে”। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ সম্ভাৱনা আৰু সাহসৰ প্ৰাচুৰ্য্যৰ কথা আঙুলিয়াই দিয়ে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত ৯ বছৰত কৰা কামৰ ফলশ্ৰুতিত দেশখন টেক অফৰ বাবে সাজু হৈছে। একেটা আমোলাতন্ত্ৰ আৰু একেখিনি কৰ্মচাৰীৰে ভিন্ন ফলাফল লাভ কৰা হৈছে বুলিও তেখেতে কয়। তেখেতে বিশ্ব মঞ্চত দেশৰ ক্ৰমবৰ্ধমান প্ৰফাইলত কৰ্মযোগীসকলৰ ভূমিকাক স্বীকাৰেৰে, ‘সুশাসন’ত আটাইতকৈ দৰিদ্ৰ লোকসকলৰ ক্ৰমবৰ্ধমান আস্থাৰ কথা ব্যক্ত কৰে। ডিজিটেল লেনদেনৰ ক্ষেত্ৰত ভাৰত প্ৰথম স্থান, সাশ্ৰয়ী ম’বাইল ডাটা উপলব্ধ দেশসমূহৰ ভিতৰত অন্যতম আৰু বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ বাতাবৰণ হোৱাৰ ফলশ্ৰুতিত ভাৰত বিশ্বৰ ৫ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। তেখেতে গ্ৰামীণ অৰ্থনীতি, ৰেলৱে, ঘাইপথ, বন্দৰৰ ক্ষমতা বৃদ্ধি আৰু বিমানবন্দৰৰ সংখ্যাৰ বৰ্ধন সন্দৰ্ভত মন্তব্য প্ৰদান কৰে। তেখেতে কয় যে আজিৰ এই বঁটাসমূহে কৰ্মযোগীসকলৰ অৱদান আৰু সেৱাবোধক প্ৰতিফলিত কৰিছে।

যোৱা বৰ্ষৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱা ‘পঞ্চ পণ’ অৰ্থাৎ এখনি বিকশিত ভাৰত বা উন্নত ভাৰতৰ উন্নয়ন সাধন, দাসত্বৰ মানসিকতা পৰিহাৰ, ভাৰতৰ ঐতিহ্যক লৈ গৌৰৱ কৰা, দেশখনৰ ঐক্য আৰু বৈচিত্ৰ্যতাৰ সুদৃঢ়কৰণ আৰু নিজৰ কৰ্তব্যক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদানৰ কথা উল্লেখেৰে এই পাঁচটা সংকল্পৰপৰা নিৰ্গত শক্তিয়ে ৰাষ্ট্ৰখনক বিশ্বৰ প্ৰাপ্য স্থানলৈ লৈ যাব বুলি কয়।

 

এইবাৰৰ অসামৰিক সেৱা দিৱসৰ বিষয়বস্তু বিকশিত ভাৰতৰ ধাৰণা সন্দৰ্ভত ভিত্তি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত ভাৰতৰ ধাৰণাটো আধুনিক আন্তঃগাঁথনিৰ মাজতে সীমাবদ্ধ নহয়। “এখনি বিকশিত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ এয়ে যে ভাৰতৰ চৰকাৰী ব্যৱস্থাই প্ৰতিজন ভাৰতীয়ৰে আকাংক্ষাক প্ৰতিপালন আৰু প্ৰতিজন চৰকাৰী সেৱকে প্ৰতিগৰাকী নাগৰিকক তেওঁলোকৰ সপোন বাস্তৱায়িতকৰণত সহায় কৰে আৰু বিগত বছৰকেইটাত ব্যৱস্থাটোৰ সৈতে জড়িত নেতিবাচকতা ইতিবাচকতালৈ পৰিণত হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

ভাৰতৰ স্বাধীনতাৰ পিছত দশক-দশক ধৰি লাভ কৰা অভিজ্ঞতাৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অন্তিম প্ৰান্তত ডেলিভাৰীৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰে। তেখেতে পূৰ্বৰ চৰকাৰসমূহৰ নীতিৰ ফলাফলৰ উদাহৰণ দি উল্লেখ কৰে যে ৪ কোটিৰো অধিক ভুৱা গেছৰ সংযোগ, ৪ কোটিৰো অধিক ভুৱা ৰেচন কাৰ্ড, ১ কোটি কাল্পনিক মহিলা আৰু শিশুক মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে সহায় আগবঢ়োৱাটো পৰিতাপৰ কথা। সংখ্যালঘু কল্যাণ মন্ত্ৰালয়ে প্ৰায় ৩০ লাখ যুৱক-যুৱতীক ভুৱা বৃত্তি প্ৰদান কৰিছিল আৰু এমজিএনৰেগাৰ অধীনত লাখ-লাখ ভুৱা একাউন্ট সৃষ্টি কৰিছিল। এই ভুৱা হিতাধিকাৰীসকলৰ অজুহাতত দেশখনত এক দুৰ্নীতিময় ব্যৱস্থাৰ সৃষ্টি হৈছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে চৰকাৰী কৰ্মচাৰীসকলক কৃতিত্ব প্ৰদান কৰি কয় যে ব্যৱস্থাটোৰ এতিয়া পৰিৱৰ্তন সাধন হৈছে। প্ৰায় ৩ লাখ কোটি টকা অপব্যয়ৰপৰা ৰক্ষা হৈছে, এইসমূহ ধন এতিয়া দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপেৰে কয় যে সময় সীমিত হ’লে দিশ আৰু কৰ্মশৈলী নিৰ্ণয় কৰাটো অতিশয় জটিল হৈ পৰে। “আজিৰ প্ৰত্যাহ্বান দক্ষতা কেন্দ্ৰিক নহয়, বৰঞ্চ অভাৱসমূহ বিচাৰি উলিওৱা আৰু আঁতৰ কৰাৰ উপায় নিৰ্ণয় কৰাহে”, তেখেতে কয়। তেখেতে আৰু কয় যে একে অভাৱকে দক্ষতালৈ ৰূপান্তৰ কৰা হৈছে আৰু ব্যৱস্থাটোত থকা বাধাসমূহ আঁতৰ কৰা হৈছে। “পূৰ্বে চৰকাৰে সকলো কৰিব বুলি চিন্তা কৰাৰ বিপৰীতে এতিয়া চৰকাৰে সকলোৰে বাবে কাম কৰিব বুলি বিশ্বাস জন্মিছে” বুলি উল্লেখেৰে সকলোৰে সেৱাৰ বাবে সময় আৰু সম্পদৰ সুদক্ষ ব্যৱহাৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। “চৰকাৰৰ মূলমন্ত্ৰ হৈছে ‘ৰাষ্ট্ৰ প্ৰথম-নাগৰিক প্ৰথম’, আজিৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে বঞ্চিতসকলক অগ্ৰাধিকাৰ প্ৰদান কৰা”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য প্ৰদান কৰি চৰকাৰখনে আকাংক্ষিত জিলা আৰু আকাংক্ষিত ব্লকসমূহক স্পৰ্শ কৰাৰ কথা অৱগত কৰে। তেখেতে কয় যে আজিৰ চৰকাৰে সীমান্তৰ গাঁওসমূহক শেষ গাঁও নহয়, প্ৰথম গাঁও হিচাপেহে গণ্য কৰিছে। তেখেতে কয় যে ১০০ শতাংশ চেচুৰেচনৰ বাবে আমাক অধিক কঠোৰ পৰিশ্ৰম আৰু উদ্ভাৱনীমূলক সমাধানৰ প্ৰয়োজন হ’ব। তেখেতে কয় যে জীৱন-যাপনৰ সহজতা আৰু ব্যৱসায় কৰাত সহজতাৰ বাবে আমি এইসমূহৰ সমাধান বিচাৰিব লাগিব।

পিএম গতিশক্তি মাষ্টাৰ প্লেনৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যিকোনো আন্তঃগাঁথনি প্ৰকল্পৰে জড়িত সকলো তথ্য একেটা মঞ্চতে উপলব্ধ হৈছে আৰু তেখেতে সামাজিক খণ্ডত উন্নত পৰিকল্পনা আৰু কাৰ্য্যকৰীকৰণৰ বাবে ইয়াৰ সৰ্বাধিক ব্যৱহাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে আৰু কয় যে নাগৰিকৰ প্ৰয়োজনীয়তা চিনাক্ত কৰা, ভৱিষ্যতে উদ্ভৱ হ’ব পৰা শিক্ষাৰে জড়িত সমস্যাসমূহৰে মোকাবিলা কৰা, বিভাগ, জিলা আৰু ব্লকৰ মাজত যোগাযোগ বৃদ্ধিৰ লগতে ভৱিষ্যতৰ কৌশল প্ৰণয়নতো সহায়ৰ ক্ষেত্ৰত ই বহুখিনি উপযোগী হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালে বৃহৎ সুযোগৰ লগতে অসীম প্ৰত্যাহ্বানো কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশদভাৱে কয় যে আজিৰ আকাংক্ষিত নাগৰিকসকলে ব্যৱস্থাসমূহৰ পৰিৱৰ্তন চাবলৈ বেছি দিন অপেক্ষা কৰিবলৈ ইচ্ছুক নহয় আৰু ইয়াৰ বাবে আমাৰ সম্পূৰ্ণ প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব। ক্ষীপ্ৰ সিদ্ধান্ত গ্ৰহণ আৰু দ্ৰুতগতিত কাৰ্য্যকৰী কৰাটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ ভাৰতৰপৰা বিশ্বৰ আশাও অধিক বৃদ্ধি পাইছে। বিশ্বই ভাৰতৰ সময় আহি পৰিছে বুলি কোৱাৰ সময়ত দেশৰ আমোলাতন্ত্ৰই সময় অপব্যয় কৰা নাই। “দেশে আপোনাসৱৰ ওপৰত যি বিশ্বাস ৰাখিছে, সেই আস্থা অক্ষুণ্ণ ৰাখি কাম কৰক। আপোনালোকৰ সকলো সিদ্ধান্তৰ ভিত্তি সদায় ৰাষ্ট্ৰীয় স্বাৰ্থ হ’ব লাগে”, তেখেতে গুৰুত্ব সহকাৰে কয়।

 

গণতন্ত্ৰত ভিন্ন মতাদৰ্শৰ ৰাজনৈতিক দলৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ষমতাত থকা ৰাজনৈতিক দলে কৰদাতাৰ ধন ৰাষ্ট্ৰখনৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে নে নাই, তাৰ মূল্যায়ন কৰিবলৈ আমোলাতন্ত্ৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, “এটা ৰাজনৈতিক দলে কৰদাতাৰ ধন নিজৰ সংগঠনৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে নে ৰাষ্ট্ৰখনৰ বাবে ব্যৱহাৰ কৰিছে, সেয়া বিশ্লেষণ কৰাটো আমোলাতন্ত্ৰৰ কৰ্তব্য।” আমোলাতন্ত্ৰ ভাৰতৰ তীখাৰ ফ্ৰেম বুলি চৰ্দাৰ পেটেলৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰত্যাশা পূৰণৰ সময় আহি পৰিছে আৰু কৰদাতাৰ ধনৰ লগতে যুৱক-যুৱতীসকলৰ সপোন বাস্তৱায়িতকৰণৰ সময় আহি পৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰী সেৱকসকলক কয় যে জীৱনৰ দুটা পন্থা আছে। প্ৰথমে, কামবোৰ সম্পন্ন কৰা আৰু দ্বিতীয়তে কামবোৰ হ’বলৈ দিয়া। প্ৰথমটো সক্ৰিয় মনোভাৱ আৰু দ্বিতীয়টোৱে নিষ্ক্ৰিয় মনোভাৱ প্ৰতিফলিত কৰে। কামবোৰ সম্পন্ন কৰাত বিশ্বাস থকা লোকসকলে সক্ৰিয়ভাৱে দায়িত্ব গ্ৰহণ কৰে আৰু নিজৰ টীমৰ চালিকা শক্তি হৈ পৰে। “ৰাইজৰ জীৱনৰ পৰিৱৰ্তন সাধনৰ এই অফুৰন্ত ইচ্ছাৰ জৰিয়তে আপুনি এক স্মৰণীয় উত্তৰাধিকাৰ থৈ যাবলৈ সক্ষম হ’ব। আপোনাসৱে নিজৰ বাবে কৰাখিনিৰ পৰিৱৰ্তে জনসাধাৰণৰ জীৱনত সাধন কৰা পৰিৱৰ্তন সম্পৰ্কেহে মূল্যায়ন কৰা হ’ব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰ্মযোগীসকলক এইদৰে কয়। সেয়েহে তেখেতে কয় যে “সুশাসনেই মূল কথা। জনকেন্দ্ৰিক শাসনে সমস্যা সমাধান আৰু উন্নত ফলাফল প্ৰদান কৰে।” তেখেতে সুশাসন আৰু দৃঢ় যুৱ বিষয়াসকলৰ প্ৰচেষ্টাৰ বাবে বহু উন্নয়নৰ ক্ষেত্ৰত আন জিলাতকৈ উন্নত প্ৰদৰ্শন কৰা আকাংক্ষিত জিলাসমূহৰ উদাহৰণ দাঙি ধৰে। জনতাৰ অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰিলে জনসাধাৰণৰ মাজত দায়িত্বৰ মনোভাৱ সৃষ্টি হয় আৰু জনসাধাৰণৰ এই দায়িত্বই অভূতপূৰ্ব ফলাফল নিশ্চিত কৰে বুলিও তেখেতে কয়। স্বচ্ছ ভাৰত, অমৃত সৰোবৰ আৰু জল জীৱন মিছনৰ উদাহৰণেৰে তেখেতে এই কথাৰ উদাহৰণ দাঙি ধৰিলে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰস্তুতিৰ অৱস্থাত থকা জিলা ভিজন@১০০ৰ কথা উল্লেখেৰে কয় যে পঞ্চায়ত পৰ্য্যায়লৈকে এনে দৃষ্টিভংগী যুগুত কৰিব লাগে। পঞ্চায়ত, ব্লক, জিলা আৰু ৰাজ্যত কোন-কোন খণ্ডক কেন্দ্ৰীভূত কৰিব লাগে, বিনিয়োগক প্ৰলুব্ধকৰণ আৰু ৰপ্তানিৰ বাবে গ্ৰহণ কৰিবপৰা সামগ্ৰীৰ চিনাক্তকৰণ, এই সকলোবোৰৰ বাবে এক স্পষ্ট দৃষ্টিভংগী গঢ়ি তুলিব লাগে বুলিও তেখেতে কয়। তেখেতে স্থানীয় সামগ্ৰীৰ প্ৰোৎসাহনৰ বাবে এমএছএমই আৰু আত্মসহায়ক গোটৰ শৃংখলটোক সংযোগত গুৰুত্ব আৰোপেৰে কয়, “আপোনালোক সকলোৰে বাবে স্থানীয় প্ৰতিভাক উৎসাহিতকৰণ, স্থানীয় উদ্যোগীকৰণ আৰু ষ্টাৰ্ট-আপ সংস্কৃতিক প্ৰোৎসাহিত কৰাটো অতিশয় গুৰুত্বপূৰ্ণ।”

 

২০ বছৰৰো অধিক সময় চৰকাৰৰ মুৰব্বী হিচাপে থকা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰী কৰ্মচাৰীসকলৰ সৈতে কাম কৰাৰ সুযোগ লাভত আনন্দ প্ৰকাশ কৰে। তেখেতে সামৰ্থ্য বিকাশত গুৰুত্ব আৰোপেৰে ‘মিছন কৰ্মযোগী’ সকলো চৰকাৰী কৰ্মচাৰীৰ মাজতে এক বৃহৎ অভিযানত পৰিণত হোৱাত সন্তোষ প্ৰকাশ কৰে। তেখেতে সামৰ্থ্য বিকাশ আয়োগে এই অভিযানক পূৰ্ণ শক্তিৰে আগুৱাই লৈ গৈছে বুলি উল্লেখেৰে কয়, “মিছন কৰ্মযোগীৰ লক্ষ্য হৈছে চৰকাৰী কৰ্মচাৰীৰ পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ।” সকলোতে গুণগত প্ৰশিক্ষণ সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰিবলৈ সৃষ্টি কৰা iGOT প্লেটফৰ্মত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰশিক্ষণ আৰু শিক্ষণ কেৱল কেইমাহমানৰ বাবে আনুষ্ঠানিকতা হৈ থাকিব নালাগে। “এতিয়া সকলো নিযুক্তিপ্ৰাপ্তকে ‘কৰ্মযোগী প্ৰাৰম্ভ’ৰ অৰিয়েন্টেচন মডিউলৰ লগতে iGOT প্লেটফৰ্মতো প্ৰশিক্ষণ প্ৰদান কৰা হৈছে”, শ্ৰী মোদীয়ে লগতে কয়।

 

সম্বোধনৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে স্বাধীনতাৰ ১০০ বছৰৰ পাছত ৰাষ্ট্ৰখনৰ সাফল্যৰ মূল্যায়ন হ’লে যুৱ চৰকাৰী কৰ্মচাৰীসকলে ইতিহাসত স্থান দখলৰ সুযোগ লাভ কৰিব। “আপোনাসৱে গৌৰৱেৰে ক’ব পাৰে যে দেশৰ বাবে নতুন ব্যৱস্থা সৃষ্টিৰ লগতে ইয়াৰ উন্নতিৰ ক্ষেত্ৰতো মই ভূমিকা গ্ৰহণ কৰিছিলো। মই নিশ্চিত যে আপোনালোক সকলোৱে ৰাষ্ট্ৰ-নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিব” বুলি কৈ শ্ৰী মোদীয়ে সামৰণি মাৰে।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী পি কে মিশ্ৰ, কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবা আৰু প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ সচিব শ্ৰী ভি শ্ৰীনিবাস উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's pace of economic growth shows that its Viksit Bharat dream is not out of reach

Media Coverage

India's pace of economic growth shows that its Viksit Bharat dream is not out of reach
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs valedictory session of National Departmental Summit on Water
September 02, 2026
This marks the first in a series of Summits envisioned by PM to strengthen spirit of Team India and deepen cooperative federalism
PM stresses adoption of a continuous process of review and follow up to act on actionable and time-bound outcomes
Emphasising Jan Bhagidari, PM calls for promoting Jal Utsav to deepen public awareness on water conservation
PM calls for greater adoption of water-saving technologies and learning from global best practices
PM calls for robust water data governance through effective use of AI
PM suggests structured inter-State Study-visits involving public representatives, officials and farmers on water related issues

Prime Minister Shri Narendra Modi today chaired the valedictory session of the two-day National Departmental Summit on Water, organised by the Ministry of Jal Shakti. The Summit is the first in a series of Departmental Summits envisioned by Prime Minister to strengthen the spirit of Team India, deepen cooperative federalism and foster collective ownership of national priorities through closer collaboration between the Centre and the States. It brought together Ministers and senior officials from States and Union Territories for focused deliberations on various dimensions of India’s water security.

Prime Minister appreciated the intensive two-day deliberations and emphasised that the actionable and time-bound action points emerging from the Summit should be pursued through a continuous process of review and learning. He suggested that the Summit should not remain a one-time exercise and called for a continuous process of review and follow-up.

Prime Minister called for sensitising Urban Local Bodies to the challenges arising from urbanisation, including population growth and future water requirements, and suggested organising similar Chintan Shivirs for Urban Local Bodies. He called for greater adoption of water-saving technologies. He also suggested dedicated exhibitions and workshops, including exposure to global best practices, to enable Indian manufacturers and stakeholders to develop and scale efficient solutions.

Emphasising Jan Bhagidari, Prime Minister suggested promoting “Jal Utsav” to create greater awareness among people. Prime Minister called for making de-silting a regular programme and developing clear criteria and SOPs for de-silting. On dam safety, he stressed rigorous preparedness before every monsoon, adherence to prescribed precautions and creating awareness among school students, including through suitable incorporation in educational curricula.

Prime Minister further called for strengthening knowledge and capacity on water management and governance in universities and higher educational institutions. He suggested structured inter-State study-visits involving public representatives, officials and farmers to facilitate practical learning and replication of successful interventions.

Prime Minister called for robust water data governance, with water-sector data brought together, systematically managed, analysed and effectively utilised. He recommended the use of AI for data collection and analysis through a uniform format. He also stressed anticipatory and integrated planning to address water scarcity through suitable utilisation of treated water for agriculture and industrial purposes.

Drawing upon his experience as Chief Minister of Gujarat, Prime Minister noted that instances of water scarcity could be transformed into opportunities through systematic planning, commitment and deployment of adequate resources and capable officers.

Union Minister for Jal Shakti Shri C. R. Patil highlighted four key outcomes of the summit: accelerated completion of water infrastructure projects; strengthening water conservation as a sustained people’s movement; ensuring long-term sustainability of drinking-water sources; and institutionalising effective operation and maintenance of rural drinking-water schemes.