আফ্ৰিকা ভূমিত থকা মোৰ সকলো বন্ধুৰ মাজত উপস্থিত হৈ মই আনন্দিত। 

 

ব্ৰিকছ আউটৰিচ সন্মিলনৰ সময়ত আফ্ৰিকা, এছিয়া আৰু লেটিন আমেৰিকাৰ দেশসমূহৰ সৈতে চিন্তা-ভাবনা ভাগ বতৰা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে মই ৰাষ্ট্ৰপতি ৰামাফোচাক অভিনন্দন জনাইছোঁ।

 

যোৱা দুদিন ধৰি ব্ৰিকছৰ সকলো আলোচনাত আমি দক্ষিণ বিশ্বৰ দেশসমূহৰ অগ্ৰাধিকাৰ আৰু উদ্বেগৰ ওপৰত আলোকপাত কৰিছোঁ।

 

আমি বিশ্বাস কৰোঁ যে ব্ৰিকছৰ ফালৰ পৰা এই বিষয়বোৰক বিশেষ গুৰুত্ব দিয়াটো বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ।

 

আমি ব্ৰিকছ মঞ্চ সম্প্ৰসাৰণৰ সিদ্ধান্তও লৈছোঁ। আমি সকলো অংশীদাৰ দেশক স্বাগতম জনাইছোঁ। 

 

এইটো বৈশ্বিক প্ৰতিষ্ঠানসমূহ আৰু মঞ্চক প্ৰতিনিধিত্বমূলক আৰু অন্তৰ্ভুক্তিকৰণ কৰাৰ আমাৰ প্ৰচেষ্টাৰ দিশত এক পদক্ষেপ।

 

মহামান্য,

 

যেতিয়া আমি "গোলকীয় দক্ষিণ" শব্দটো ব্যৱহাৰ কৰোঁ, তেতিয়া ই কেৱল এটা কূটনৈতিক শব্দ নহয়। 

 

আমাৰ ইতিহাসত, আমি ঐক্যবদ্ধভাৱে ঔপনিৱেশিকতা আৰু বৰ্ণবৈষম্যৰ বিৰোধিতা কৰিছোঁ।

 

আফ্ৰিকাৰ এই ভূমিতেই মহাত্মা গান্ধীয়ে অহিংসা আৰু শান্তিপূৰ্ণ প্ৰতিৰোধৰ দৰে শক্তিশালী চিন্তা-ভাবনা গঢ়ি তুলিছিল, পৰীক্ষা কৰিছিল আৰু সেইবোৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰয়োগ কৰিছিল।

 

তেওঁৰ চিন্তা-ভাবনাবোৰে নেলচন মেণ্ডেলাৰ দৰে মহান নেতাসকলকো অনুপ্ৰাণিত কৰিছিল। 

 

এই শক্তিশালী ঐতিহাসিক ভেটিৰ ওপৰত আধাৰ কৰি আমি আমাৰ আধুনিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিছোঁ। 

 

মহামান্য,

 

ভাৰতে আফ্ৰিকাৰ সৈতে সম্পৰ্কক উচ্চ অগ্ৰাধিকাৰ দিছে। 

 

উচ্চ পৰ্যায়ৰ বৈঠকৰ লগতে আমি আফ্ৰিকাত ১৬টা নতুন দূতাবাসো মুকলি কৰিছোঁ।

 

বৰ্তমান, ভাৰত হৈছে আফ্ৰিকাৰ চতুৰ্থ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আৰু পঞ্চম সৰ্ববৃহৎ বিনিয়োগকাৰী দেশ।

 

চুদান, বুৰুণ্ডি আৰু ৰৱাণ্ডাৰ বিদ্যুৎ প্ৰকল্পই হওঁক বা ইথিওপিয়া আৰু মালাৱীত চেনী প্ৰকল্পই হওঁক।

 

মোজাম্বিক, আইভৰী কোষ্ট আৰু এছৱাতীনিৰ প্ৰযুক্তি উদ্যানেই হওঁক বা তাঞ্জানিয়া আৰু উগাণ্ডাৰ ভাৰতীয় বিশ্ববিদ্যালয়ৰ দ্বাৰা স্থাপিত চৌহদেই হওঁক। 

 

ভাৰতে সদায় আফ্ৰিকাৰ দেশসমূহত দক্ষতা বৃদ্ধি আৰু আন্তঃগাঁথনি উন্নয়নক অগ্ৰাধিকাৰ দি আহিছে। 

 

এজেণ্ডা ২০৬৩ৰ অধীনত, ভৱিষ্যতে বিশ্বৰ শক্তি কেন্দ্ৰত পৰিণত হোৱাৰ বাবে আফ্ৰিকাৰ উন্নয়নৰ যাত্ৰাত ভাৰত হৈছে এক নিৰ্ভৰযোগ্য আৰু ঘনিষ্ঠ অংশীদাৰ।

 

আফ্ৰিকাত ডিজিটেল সমস্যা সমাধান কৰিবলৈ, আমি টেলি-শিক্ষা আৰু টেলি-মেডিচিনৰ ক্ষেত্ৰত পোন্ধৰ হাজাৰৰো অধিক বৃত্তি প্ৰদান কৰিছোঁ। 

 

আমি নাইজেৰিয়া, ইথিওপিয়া আৰু তাঞ্জানিয়াত প্ৰতিৰক্ষা একাডেমী আৰু মহাবিদ্যালয় স্থাপন কৰিছোঁ।

 

আমি বটচৱানা, নামিবিয়া, উগাণ্ডা, লেচোথো, জাম্বিয়া, মৰিচাছ, চেচেলছ আৰু তাঞ্জানিয়াত প্ৰশিক্ষণৰ বাবে দল মোতায়েন কৰিছোঁ। 

 

মহিলাসহ প্ৰায় ৪৪০০ ভাৰতীয় শান্তিৰক্ষীয়ে আফ্ৰিকাত শান্তি আৰু শৃংখলা বজাই ৰখাত অৰিহণা যোগাইছে। 

 

আমি সন্ত্ৰাসবাদ আৰু জলদস্যুৰ বিৰুদ্ধে যুঁজত আফ্ৰিকাৰ দেশসমূহৰ সৈতে একেলগে কাম কৰি আছোঁ। 

 

কোভিড মহামাৰীৰ প্ৰত্যাহ্বানপূৰ্ণ সময়ত, আমি কেইবাখনো দেশলৈ খাদ্য সামগ্ৰী আৰু ভেকছিন যোগান ধৰিছিলোঁ। 

 

এতিয়া, আমি আফ্ৰিকাৰ ৰাষ্ট্ৰসমূহৰ সৈতে কোভিড আৰু অন্যান্য ভেকছিন প্ৰস্তুতৰ বাবে যুটীয়াভাৱে কাম কৰি আছো।

 

মোজাম্বিক আৰু মালাৱীত ঘূৰ্ণীবতাহেই হওঁক বা মাদাগাস্কাৰত বানপানীয়েই হওঁক, ভাৰতে সদায় আফ্ৰিকাৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিয়ে।

 

মহামান্য,

 

লেটিন আমেৰিকাৰ পৰা মধ্য এছিয়ালৈ; 

 

পশ্চিম এছিয়াৰ পৰা দক্ষিণ-পূব এছিয়ালৈ; 

 

ভাৰত-প্ৰশান্ত মহাসাগৰৰ পৰা ভাৰত-আটলান্টিক মহাসাগৰলৈ; 

 

ভাৰতে সকলো দেশক এক বিশ্ব পৰিয়ালৰ অংশ হিচাপে চাই আহিছে। 

 

"বসুধৈৱ কুটুম্বকম" অৰ্থাৎ সমগ্ৰ বিশ্ব এটা পৰিয়াল-হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ জীৱন শৈলীৰ আধাৰ হৈ আহিছে। 

 

ই আমাৰ জি-২০ সভাপতিত্বৰ মূলমন্ত্ৰ। 

 

দক্ষিণ বিশ্বৰ উদ্বেগক মূলসুঁতিত চামিল কৰাৰ বাবে আমি তিনিখন আফ্ৰিকাৰ দেশ আৰু কেইবাখনো উন্নয়নশীল ৰাষ্ট্ৰক অতিথি দেশ হিচাপে আমন্ত্ৰণ জনাইছো।

 

ভাৰতে আফ্ৰিকান ইউনিয়নৰ বাবে জি-২০ত স্থায়ী সদস্যপদৰ প্ৰস্তাৱো দিছে।

 

মহামান্য,

 

মই বিশ্বাস কৰোঁ যে ব্ৰিকছ আৰু বৰ্তমানৰ সকলো বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰই এক বহুমুখী বিশ্বক শক্তিশালী কৰিবলৈ সহযোগিতা কৰিব পাৰে। 

আমি বিশ্বমানৰ প্ৰতিষ্ঠানসমূহক আৰু দায়িত্বসীল আৰু প্ৰাসংগিক কৰি তুলিবলৈ  সংস্কাৰ সাধন কৰিব পাৰোঁ। 

 

সন্ত্ৰাসবাদৰ মোকাবিলা কৰা, পাৰিপাৰ্শ্বিক সুৰক্ষা, জলবায়ু সংক্ৰান্তীয় কৰ্মকাণ্ড, চাইবাৰ সুৰক্ষা, খাদ্য আৰু স্বাস্থ্য সুৰক্ষা, শক্তি সুৰক্ষা আৰু যোগান শৃংখলাত স্থিতাৱস্থা বজাই ৰখাটো আমাৰ উমৈহতীয়া স্বাৰ্থ। এইক্ষেত্ৰত সহযোগিতাৰ যথেষ্ট সম্ভাৱনা আছে।

 

আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ দৰে আমাৰ আন্তঃৰাষ্ট্ৰীয় পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ মই আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো; এক সূৰ্য, এক পৃথিৱী, এক গ্ৰিড; দুৰ্যোগ মোকাবিলা আন্তঃগাঁথনি ক্ষেত্ৰৰ বাবে সহযোগিতা; এক পৃথিৱী এক স্বাস্থ্য; বিগ কেট এলায়েন্স; আৰু পৰম্পৰাগত ঔষধৰ বাবে বিশ্বমানৰ কেন্দ্ৰ।

 

মই আপোনাসৱক ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সৈতে জড়িত হবলৈ আৰু আপোনাসৱৰ নিজ নিজ বিকাশৰ বাবে ইয়াক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছোঁ। 

 

আমি আমাৰ অভিজ্ঞতা আৰু সামৰ্থ্য আপোনালোক সকলোৰে সৈতে ভাগ বতৰা কৰি সুখী হৈছোঁ।

 

মই নিশ্চিত যে আমাৰ যুটীয়া প্ৰচেষ্টাই আমাক একেলগে সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ এক নতুন আত্মবিশ্বাস প্ৰদান কৰিব।

 

এই সুযোগ প্ৰদানৰ বাবে আকৌ এবাৰ মই আপোনালোক সকলোকে, বিশেষকৈ ৰাষ্ট্ৰপতি ৰামাফোছালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ILO: 100 crore covered under social security

Media Coverage

ILO: 100 crore covered under social security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam underlining the importance of dedication and determined effort in accomplishing every goal
July 17, 2026
Prime Minister expresses happiness on the launch of India's first hydrogen train

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam underlining the importance of dedication and determined effort in accomplishing every goal:

"प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति।

सर्वारम्भेण तत् कार्यं सिंहादेकं प्रचक्षते।।"

The Prime Minister also said that the dream of India receiving its first hydrogen train has become a reality, marking a significant milestone in the nation's efforts to build a clean, green and future-ready transport system. He congratulated everyone associated with this remarkable achievement.

The Prime Minister posted on X:

आज भारत को पहली हाइड्रोजन ट्रेन मिलने का सपना साकार होने जा रहा है। यह आत्मनिर्भर भारत और सतत विकास की दिशा में एक बहुत बड़ा दिन है। मैं इससे जुड़े सभी लोगों को बहुत बधाई देता हूं।

प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति।

सर्वारम्भेण तत् कार्यं सिंहादेकं प्रचक्षते।।