"দৰিদ্ৰ লোকসকলৰ সবলীকৰণ আৰু জীৱনক সহজ কৰি তোলাৰ বাবে স্বাস্থ্য সুবিধাসমূহৰ আধুনিকীকৰণ আৰু ইয়াৰ উপলব্ধতা গুৰুত্বপূৰ্ণ"
"গুজৰাটত মোৰ অভিজ্ঞতাই সমগ্ৰ দেশৰ দৰিদ্ৰ লোকসকলক সেৱা আগবঢ়োৱাত সহায় কৰিছে"
"আমাৰ ওচৰত বাপুৰ দৰে মহান ব্যক্তিৰ অনুপ্ৰেৰণা আছে যিয়ে সেৱাক দেশৰ শক্তিলৈ ৰূপান্তৰিত কৰিছিল"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱসাৰীত এ.এম.নায়ক হেল্থকেয়াৰ কমপ্লেক্স আৰু নিৰালী মাল্টি স্পেচিয়েলিটি হস্পিটেল উদ্বোধন কৰে। তেওঁ খাৰেল শিক্ষা কমপ্লেক্সটোও ভাৰ্চুৱেলী উদ্বোধন কৰে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলৰ সৈতে আন ভালেমান গণ্য-মান্য লোক উপস্থিত আছিল।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি নৱসাৰীয়ে বহুতো প্ৰকল্প লাভ কৰিছে যিয়ে অঞ্চলটোৰ লোকসকলৰ জীৱন ধাৰণ সহজ কৰি তোলাত সহায় কৰি তুলিব। তেওঁ নিৰালী ট্ৰাষ্ট আৰু শ্ৰী এ এম নায়কৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে যিয়ে ব্যক্তিগত ট্ৰেজেডীক সুযোগলৈ ৰূপান্তৰিত কৰিছে যাতে আন কোনো পৰিয়ালে এনে পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগে। প্ৰধানমন্ত্ৰী মোদীয়ে আধুনিক স্বাস্থ্য কমপ্লেক্স আৰু মাল্টি স্পেচিয়েলিটি চিকিৎসালয়ৰ বাবে নৱসাৰীৰ লোকসকলক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰ লোকসকলৰ সবলীকৰণ আৰু জীৱন সহজতৰ কৰাৰ বাবে স্বাস্থ্য সুবিধাসমূহৰ আধুনিকীকৰণ আৰু ইয়াৰ উপলব্ধতা গুৰুত্বপূৰ্ণ। তেওঁ আৰু কয়, "আমি দেশৰ স্বাস্থ্য খণ্ডৰ উন্নতিৰ বাবে যোৱা ৮ বছৰত এক সামগ্ৰিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ"। তেওঁ আৰু কয় যে চিকিৎসাৰ সুবিধাসমূহৰ আধুনিকীকৰণৰ লগতে পুষ্টি আৰু পৰিষ্কাৰ জীৱনশৈলী উন্নত কৰাৰ প্ৰচেষ্টা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্য ৰাখিছোঁ আৰু ৰোগৰ ক্ষেত্ৰত ব্যয় হ্ৰাস কৰাটো হৈছে আমাৰ লক্ষ্য।" তেওঁ গুজৰাটৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱা সম্বন্ধীয় সূচকৰ উন্নতিৰ কথা উল্লেখ কৰে যিহেতু গুজৰাটে নীতি আয়োগৰ বহনক্ষম উন্নয়ন লক্ষ্য সূচকাংকত শীৰ্ষস্থান দখল কৰিছে।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দিনবোৰৰ কথা স্মৰণ কৰে যেতিয়া তেওঁ স্বাস্থ্যৱান গুজৰাট, উজ্জ্বল গুজৰাট, মুখ্যমন্ত্ৰী অমৃতম যোজনাৰ দৰে আঁচনি আৰম্ভ কৰিছিল। তেওঁ কয় যে এই অভিজ্ঞতাই সমগ্ৰ দেশৰ দৰিদ্ৰ লোকসকলক সেৱা আগবঢ়োৱাত সহায় কৰিছে। তেওঁ কয় যে আয়ুষ্মান ভাৰতৰ অধীনত গুজৰাটত ৪১ লাখ ৰোগীয়ে বিনামূলীয়া চিকিৎসাৰ সুবিধা গ্ৰহণ কৰিছে, ইয়াৰে বহুতো মহিলা, বঞ্চিত আৰু জনজাতীয় লোক। আঁচনিখনে ৰোগীসকলৰ ৭ হাজাৰ কোটিৰো অধিক টকা ৰাহি কৰিছে। গুজৰাটে ৭.৫ হাজাৰতকৈও অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ আৰু ৬০০ 'দীনদয়াল ঔষধালয়' লাভ কৰিছে। গুজৰাটৰ চৰকাৰী চিকিৎসালয়সমূহ কৰ্কট ৰোগৰ দৰে ৰোগৰ উন্নত চিকিৎসাৰ সৈতে মোকাবিলা কৰিবলৈ সুসজ্জিত। ভাৱনগৰ, জামনগৰ, ৰাজকোট আদিৰ দৰে বহুতো চহৰত কৰ্কট ৰোগৰ চিকিৎসাৰ সুবিধা উপলব্ধ হৈছে। বৃক্ক ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যখনত আন্তঃগাঁথনিৰ একেই সম্প্ৰসাৰণ দেখিবলৈ পোৱা গৈছে।

প্ৰধানমন্ত্ৰীয়ে মহিলা আৰু শিশুসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ মাপকাঠিৰ উন্নতিৰ কথাও উল্লেখ কৰে। তেওঁ প্ৰতিষ্ঠানগত প্ৰসৱৰ বাবে চিৰঞ্জীৱী যোজনাৰ কথা উল্লেখ কৰে, যাৰ ফলত ১৪ লাখ মাতৃ উপকৃত হৈছে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে গুজৰাটৰ চিৰঞ্জীৱী আৰু খিখিলাহাট আঁচনিসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত মিছন ইন্দ্ৰধনুষ আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনালৈ সম্প্ৰসাৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত চিকিৎসা শিক্ষা উন্নত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়েও অৱগত কৰে। তেওঁ কয়,  ৰাজকোটত এইমছ আহি আছে, ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩০ খন হৈছে আৰু এমবিবিএছৰ আসন ১১০০ ৰ পৰা ৫৭০০লৈ বৃদ্ধি পাইছে আৰু স্নাতকোত্তৰ আসন মাত্ৰ ৮০০ৰ পৰা ২০০০ লৈকে বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ জনসাধাৰণৰ সেৱাৰ মনোভাৱক অভিবাদন জনাই নিজৰ ভাষণ শেষ কৰে। তেওঁ কয়, "গুজৰাটৰ জনসাধাৰণৰ বাবে স্বাস্থ্য আৰু সেৱা হৈছে জীৱনৰ লক্ষ্য। আমাৰ ওচৰত বাপুৰ দৰে মহান ব্যক্তিৰ অনুপ্ৰেৰণা আছে যিয়ে সেৱাক দেশৰ শক্তিলৈ ৰূপান্তৰ কৰিছিল। গুজৰাটৰ এই উদ্যম আজিও শক্তিৰে পৰিপূৰ্ণ। ইয়াত আটাইতকৈ সফল ব্যক্তিজনো কিছুমান সেৱাৰ কামৰ সৈতে জড়িত। প্ৰধানমন্ত্ৰীয়ে সামৰণিত কয় যে, গুজৰাটৰ সেৱাৰ মনোভাব ইয়াৰ সামৰ্থ্য বৃদ্ধিৰ সৈতে একেলগে বৃদ্ধি পাব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win