মহামান্য প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ,

দুয়োখন দেশৰ প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ বন্ধুসকল

নমস্কাৰ!

প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ বাবে আজি মুম্বাইত আদৰণি জনাবলৈ পাই মই আনন্দিত হৈছো।

বন্ধুসকল,

প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ নেতৃত্বত ভাৰত-ব্ৰিটেইনৰ সম্পৰ্কই চকুতলগা অগ্ৰগতি লাভ কৰিছে। চলিত বৰ্ষৰ জুলাইত মোৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত আমি ঐতিহাসিক ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চি ই টি এ) সম্পন্ন কৰিছিলো। এই চুক্তিয়ে দুয়োখন দেশৰ মাজত আমদানি ব্যয় হ্ৰাস কৰিব, যুৱক-যুৱতীসকলৰ বাবে নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব, বাণিজ্য বৃদ্ধি কৰিব আৰু আমাৰ উদ্যোগ খণ্ড তথা গ্ৰাহক উভয়কে উপকৃত কৰিব।

 

চুক্তিখন স্বাক্ষৰিত হোৱাৰ মাত্ৰ কেইমাহমানৰ পাছত সৰ্ববৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে আপোনাৰ ভাৰত ভ্ৰমণে ভাৰত-ব্ৰিটেইন অংশীদাৰিত্বক নতুন শক্তি প্ৰদান কৰাৰ লগতে বিস্তৃত দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে।

বন্ধুসকল,

কালি ভাৰত আৰু ব্ৰিটেইনৰ মাজত ব্যৱসায়িক নেতাসকলৰ সৰ্ববৃহৎ সন্মিলন অনুষ্ঠিত হৈছিল। আজি আমি ভাৰত-ব্ৰিটেইন চি ই অ’ ফ’ৰাম আৰু গ্ল’বেল ফিনটেক ফেষ্টিভেলো সম্বোধন কৰিম। এইসমূহে মূল্যৱান অন্তৰ্দৃষ্টি কঢ়িয়াই আনিব আৰু ভাৰত-ব্ৰিটেইনৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে নতুন পথ প্ৰশস্ত কৰিব।

বন্ধুসকল,

ভাৰত আৰু ব্ৰিটেইন স্বাভাৱিক অংশীদাৰ। আমাৰ সম্পৰ্ক গণতন্ত্ৰ, স্বাধীনতা আৰু আইনৰ শাসনৰ অংশীদাৰী মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আজিৰ বিশ্বজনীন অনিশ্চয়তাৰ সময়ত, আমাৰ বৰ্ধিত অংশীদাৰিত্বই গোলকীয় সুস্থিৰতা আৰু অৰ্থনৈতিক প্ৰগতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে থিয় দিছে।

আজিৰ বৈঠকত আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল, পশ্চিম এছিয়াত শান্তি আৰু সুস্থিৰতা আৰু ইউক্ৰেইনত চলি থকা সংঘৰ্ষ সন্দৰ্ভতো আলোচনা কৰিছিলো। ইউক্ৰেইনৰ সংঘৰ্ষ আৰু গাজা সন্দৰ্ভত ভাৰতে আলোচনা আৰু কূটনীতিৰ জৰিয়তে শান্তি পুনৰুদ্ধাৰৰ সকলো প্ৰচেষ্টাক সমৰ্থন কৰে। আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সুৰক্ষা সহযোগিতা বৃদ্ধি কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

বন্ধুসকল,

ভাৰত আৰু ব্ৰিটেইনৰ মাজত প্ৰযুক্তিৰ অংশীদাৰিত্বৰ অপৰিসীম সম্ভাৱনা আছে। আমি ব্ৰিটেইনৰ ঔদ্যোগিক দক্ষতা তথা গৱেষণা আৰু উন্নয়নক ভাৰতৰ প্ৰতিভা আৰু পৰিসৰৰ সৈতে সংযোগ কৰাৰ হকে কাম কৰি আছো।

 

যোৱা বছৰ আমি ভাৰত-ব্ৰিটেইন প্ৰযুক্তি সুৰক্ষা উদ্যম আৰম্ভ কৰিছিলো। এই উদ্যমৰ অধীনত আমি গুৰুত্বপূৰ্ণ আৰু ন ন প্ৰযুক্তিৰ ক্ষেত্ৰত যুটীয়া গৱেষণা আৰু উদ্ভাৱনৰ বাবে এখন শক্তিশালী মঞ্চ তৈয়াৰ কৰিছো। দুয়োখন দেশৰ যুৱক-যুৱতীসকলক এখন উদ্ভাৱন সেতুৰ জৰিয়তে সংযোগ কৰিবলৈ আমি 'সংযোগ আৰু উদ্ভাৱন কেন্দ্ৰ' আৰু 'যুটীয়া কৃত্ৰিম বুদ্ধিমত্তা গৱেষণা কেন্দ্ৰ' স্থাপনকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছো।

আমি গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ওপৰত সহযোগিতাৰ বাবে এটা ইণ্ডাষ্ট্ৰী গিল্ড আৰু এটা যোগান শৃংখলা নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰাৰো সিদ্ধান্ত লৈছো। ইয়াৰ উপগ্ৰহ শিবিৰ আইএছএম ধানবাদত হ’ব।

বহনক্ষম উন্নয়ন লক্ষ্যসমূহৰ প্ৰতি আমাৰ এক অংশীদাৰী দায়বদ্ধতা আছে। এই দিশত আমি ভাৰত-ব্ৰিটেইন অফশ্ব’ৰ ৱিণ্ড টাস্কফ’ৰ্চ গঠনক আদৰণি জনাইছো।

আমি জলবায়ু প্ৰযুক্তি ষ্টাৰ্টআপ পুঁজি প্ৰতিষ্ঠা কৰিছো। ই জলবায়ু, প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত কাম কৰা দুয়োখন দেশৰ উদ্ভাৱক আৰু উদ্যোগীসকলক সহায় আগবঢ়াব।

বন্ধুসকল,

প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ পৰা শিক্ষা আৰু উদ্ভাৱনলৈ, ভাৰত আৰু ব্ৰিটেইনে ইয়াৰ সম্পৰ্কত নতুন মাত্ৰা প্ৰদান কৰিছে।

আজি প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰৰ সৈতে শিক্ষা খণ্ডৰ এতিয়ালৈকে সৰ্ববৃহৎ আৰু আটাইতকৈ প্ৰভাৱশালী প্ৰতিনিধি দল আছে। এয়া অতি আনন্দৰ বিষয় যে ব্ৰিটেইনৰ কেইবাখনো বিশ্ববিদ্যালয়ে এতিয়া ভাৰতত তেওঁলোকৰ চৌহদ স্থাপন কৰি আছে। শেহতীয়াকৈ  ছাউদাম্পটন বিশ্ববিদ্যালয়ৰ গুৰুগ্ৰাম চৌহদটো উদ্বোধন কৰা হৈছিল আৰু শিক্ষাৰ্থীসকলৰ প্ৰথমটো দলে ইতিমধ্যে অধ্যয়ন আৰম্ভ কৰিছে। ইয়াৰ উপৰি জি আই এফ টি চহৰত ব্ৰিটেইনৰ আন তিনিখন বিশ্ববিদ্যালয়ৰ চৌহদ নিৰ্মাণৰ কাম বৰ্তমান চলি আছে।

আমাৰ প্ৰতিৰক্ষা সহযোগিতাও অধিক শক্তিশালী হৈছে। আমি দুয়োখন দেশৰ প্ৰতিৰক্ষা সহ-উৎপাদন আৰু প্ৰতিৰক্ষা উদ্যোগসমূহক সংযোগ কৰাৰ দিশত আগবাঢ়িছো। আমাৰ প্ৰতিৰক্ষা সহযোগিতাক আৰু এখোজ আগুৱাই লৈ আমি সামৰিক প্ৰশিক্ষণত সহযোগিতাৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰিছো, যাৰ অধীনত ভাৰতীয় বায়ু সেনাৰ ফ্লাইং ইনষ্ট্ৰাক্টৰসকলে ব্ৰিটেইনৰ ৰয়েল এয়াৰফ’ৰ্চৰ সৈতে মিলি প্ৰশিক্ষক হিচাপে কাম কৰিব।

 

এইটো এটা বিশেষ কাকতালীয় ঘটনা যে এই বৈঠকখন দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত অনুষ্ঠিত হোৱাৰ সময়ত আমাৰ নৌ জাহাজসমূহে ‘কোংকণ ২০২৫’ শীৰ্ষক যৌথ অনুশীলনত অংশগ্ৰহণ কৰিছে।

বন্ধুসকল,

ব্ৰিটেইনত বাস কৰা ১.৮ মিলিয়ন ভাৰতীয় আমাৰ অংশীদাৰিত্বৰ এক জীৱন্ত সেতু। ব্ৰিটিছ সমাজ আৰু অৰ্থনীতিত তেওঁলোকৰ বহুমূলীয়া অৱদানৰ জৰিয়তে তেওঁলোকে দুয়োখন ৰাষ্ট্ৰৰ মাজত বন্ধুত্ব, সহযোগিতা আৰু প্ৰগতিৰ বান্ধোন শক্তিশালী কৰিছে।

বন্ধুসকল,

ভাৰতৰ গতিশীলতা আৰু ব্ৰিটেইনৰ দক্ষতাই একেলগে এক অনন্য সমন্বয়ৰ সৃষ্টি কৰিছে। আমাৰ অংশীদাৰিত্ব বিশ্বাসযোগ্য আৰু প্ৰতিভা তথা প্ৰযুক্তিৰ দ্বাৰা চালিত। আৰু আজি প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ আৰু মই এই পৰ্যায়ত একেলগে থিয় হোৱাটোৱে দুয়োখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ দিশত একেলগে কাম কৰাৰ আমাৰ অংশীদাৰী প্ৰতিশ্ৰুতিৰ স্পষ্ট পুনৰ নিশ্চিতকৰণকে প্ৰতিফলিত কৰিছে।

মই পুনৰবাৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ আৰু তেওঁৰ প্ৰতিনিধি দলটোক তেওঁলোকৰ ভাৰত ভ্ৰমণৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership