প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে আজি লিমাছলত চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে মত-বিনিময় কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন, প্ৰতিৰক্ষা, লজিষ্টিক, সামুদ্ৰিক, জাহাজ, প্ৰযুক্তি, উদ্ভাৱন, ডিজিটেল প্ৰযুক্তি, এআই, আইটি সেৱা, পৰ্যটন আৰু ম’বিলিটি আদি একাধিক খণ্ডক প্ৰতিনিধিত্ব কৰে।

 

বিগত ১১ বছৰত সাধন হোৱা ভাৰতৰ দ্ৰুত অৰ্থনৈতিক ৰূপান্তৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সাধন, নীতিৰ পূৰ্বানুমান, সুস্থিৰ ৰাজনীতি আৰু ইজ অৱ ডুয়িং বিজনেছে চালিত কৰা ভাৰত বিশ্বৰ অতিশয় দ্ৰুত-বৰ্ধমান বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। উদ্ভাৱন, ডিজিটেল বিপ্লৱ, ষ্টাৰ্ট-আপ আৰু ভৱিষ্যতৰ আন্তঃগাঁথনি উন্নয়নত প্ৰদান কৰা অগ্ৰাধিকাৰত গুৰুত্ব আৰোপেৰে তেখেতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি ভাৰত কেইবছৰমানৰ ভিতৰতে তৃতীয় সৰ্ববৃহৎ হ’বলৈ সুস্থিৰ অৱস্থাত আছে বুলি কয়। তেখেতে কয় যে ভাৰতৰ অসামৰিক বিমান পৰিবহণ, বন্দৰ, জাহাজ নিৰ্মাণ, ডিজিটেল পেমেন্ট আৰু সেউজ উন্নয়ন খণ্ডৰ অবিৰত বৃদ্ধিয়ে চাইপ্ৰাছৰ কোম্পানীসমূহৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব স্থাপনৰ অসংখ্য সুযোগ মুকলি কৰিছে। তেখেতে আৰু ভাৰতৰ দক্ষ প্ৰতিভা আৰু ষ্টাৰ্ট-আপ বাতাবৰণৰ শক্তিত আলোকপাত কৰে আৰু উৎপাদন, এআই, কোৱান্টাম, অৰ্ধপৰিবাহী আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থসমূহক ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা যোগোৱা নতুন আৰু উদীয়মান ক্ষেত্ৰ হিচাপে অভিহিত কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চাইপ্ৰাছ ভাৰতৰ বাবে বিশেষকৈ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ খণ্ডত এক উল্লেখযোগ্য অৰ্থনৈতিক অংশীদাৰ আৰু তেখেতে ভাৰতীয় অৰ্থনীতিত নতুন বিনিয়োগৰ বাবে চাইপ্ৰাছৰ ব্যাপক আগ্ৰহক আদৰণি জনায়। বিত্তীয় সেৱা খণ্ডত ব্যৱসায়িক সংযোগৰ সম্ভাৱনাত আলোকপাতেৰে দুয়োগৰাকী নেতাই এনএছই ইন্টাৰনেচনেল এক্সচেঞ্জ গিফ্ট চিটি, গুজৰাট আৰু চাইপ্ৰাছ ষ্টক এক্সচেঞ্জৰ মাজত বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কাৰ্য্যক আদৰণি জনায়। এনআইপিএল (এনপিচিআই ইন্টাৰনেচনেল পেমেন্টছ লিমিটেড) আৰু ইউৰোবেংক চাইপ্ৰাছ দুয়োখন দেশৰ মাজত সীমান্ত অতিক্ৰমি পেমেন্টৰ বাবে ইউপিআই প্ৰৱৰ্তনৰ ক্ষেত্ৰত এক বুজাবুজিত উপনীত হয়, যিয়ে পৰ্যটক আৰু ব্যৱসায়ীসকলক উপকৃত কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত–গ্ৰীচ–চাইপ্ৰাছ (IGC) ব্যৱসায় আৰু বিনিয়োগ পৰিষদৰ গঠন কাৰ্য্যকো আদৰণি জনায়, যিয়ে জাহাজ, লজিষ্টিক, নবীকৰণযোগ্য শক্তি, অসামৰিক বিমান পৰিবহণ আৰু ডিজিটেল সেৱাৰ দৰে খণ্ডত ত্ৰিপাক্ষিক সহযোগিতা প্ৰশস্ত কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে একাধিক ভাৰতীয় কোম্পানীয়ে চাইপ্ৰাছক ইউৰোপৰ প্ৰৱেশদ্বাৰ আৰু আইটি সেৱা, বিত্তীয় ব্যৱস্থাপনা আৰু পৰ্যটনৰ কেন্দ্ৰ হিচাপে গ্ৰহণ কৰা কাৰ্য্যক আদৰণি জনায়।

 

অহা বছৰ ইউৰোপিয়ান ইউনিয়ন পৰিষদৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণৰ বাবে চাইপ্ৰাছে প্ৰস্তুতি চলোৱাৰ সময়তে দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বক অধিক সুদৃঢ়কৰণৰ অংগীকাৰৰ কথা দোহাৰে। তেওঁলোকে বছৰৰ শেষৰ ফালে ভাৰত-ইউৰোপিয়ান ইউনিয়ন মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ বাবে আশা প্ৰকাশেৰে এই চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰতো এক বৃহৎ গতি প্ৰদান কৰিব বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বিজনেছ ৰাউণ্ডটেবুলৰ ব্যৱহাৰিক পৰামৰ্শই বাণিজ্য, উদ্ভাৱন আৰু কৌশলগত খণ্ডত দীৰ্ঘম্যাদী সহযোগিতা নিশ্চিতকৰণেৰে এক গাঁথনিগত অৰ্থনৈতিক ৰোডমেপৰ ভিত্তি গঠন কৰিব।

সহভাজিত আকাংক্ষা আৰু ভৱিষ্যতকেন্দ্ৰিক দৃষ্টিভংগীৰে ভাৰত আৰু চাইপ্ৰাছ এক গতিশীল আৰু পাৰস্পৰিকভাৱে লাভজনক অৰ্থনৈতিক সহযোগিতাৰ নতুন যুগৰ বাবে সাজু হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future