মহামহিম, ৰাষ্ট্ৰপতি ল’ৰেঞ্চো,

দুয়োখন দেশৰ প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ সকলো বন্ধু,

নমস্কাৰ!

বেন ৱিন্দু!

মই ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এয়া এক ঐতিহাসিক মুহূৰ্ত। ৩৮ বছৰৰ পাছত, এংগোলাৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণলৈ আহিছে। তেওঁৰ এই ভ্ৰমণে, কেৱল ভাৰত-এংগোলাৰ সম্পৰ্কক নতুন দিশ আৰু গতি প্ৰদান কৰাই নহয়, বৰং ভাৰত-আফ্ৰিকাৰ অংশীদাৰিত্বও শক্তিশালী কৰিছে।

 

বন্ধুসকল,

এই বছৰ, ভাৰত আৰু এংগোলাই নিজৰ কূটনৈতিক সম্পৰ্কৰ ৪০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে। কিন্তু আমাৰ সম্পৰ্ক, তাতোকৈও বহু পুৰণি আৰু গভীৰ। যেতিয়া এংগোলাই স্বাধীনতাৰ বাবে যুঁজি আছিল, তেতিয়া ভাৰতেও পূৰ্ণ বিশ্বাস আৰু বন্ধুত্বৰে থিয় দিছিল।

বন্ধুসকল,

আজি, বিভিন্ন ক্ষেত্ৰত আমাৰ ঘনিষ্ঠ সহযোগিতা আছে। ভাৰত, এংগোলাৰ তেল আৰু গেছৰ অন্যতম বৃহৎ ক্ৰেতা। আমি আমাৰ শক্তি অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ। মই ঘোষণা কৰি আনন্দিত হৈছোঁ যে এংগোলাৰ সেনাৰ আধুনিকীকৰণৰ বাবে ২০০ মিলিয়ন ডলাৰৰ ডিফেন্স ক্ৰেডিট লাইনক অনুমোদন দিয়া হৈছে। প্ৰতিৰক্ষা মঞ্চৰ মেৰামতি, অভাৰহ’ল আৰু যোগানৰ ওপৰতো আলোচনা হৈছে। এংগোলাৰ সশস্ত্ৰ সেনাৰ প্ৰশিক্ষণত সহায় কৰিবলৈ আমি সুখী হ’ম।

আমাৰ উন্নয়ন অংশীদাৰিত্বক আগুৱাই লৈ গৈ, আমি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, মহাকাশ প্ৰযুক্তি, আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত এংগোলাৰ সৈতে আমাৰ সামৰ্থ্যসমূহ ভাগ-বতৰা কৰিম। আজি আমি স্বাস্থ্যসেৱা, হীৰা প্ৰক্ৰিয়াকৰণ, সাৰ আৰু জটিল খনিজ পদাৰ্থৰ খণ্ডতো আমাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছোঁ। এংগোলাত যোগ আৰু বলীউডৰ জনপ্ৰিয়তাই আমাৰ সাংস্কৃতিক সম্পৰ্কৰ শক্তিৰ প্ৰতীক। আমাৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ, আমি আমাৰ যুৱক-যুৱতীসকলৰ মাজত যুৱ বিনিময় কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছোঁ।

 

বন্ধুসকল,

আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটত যোগদানৰ এংগোলাৰ সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। আমি এংগোলাক ভাৰতৰ পদক্ষেপ ক'লিচন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ, বিগ কেট এলায়েন্স আৰু গ্ল'বেল বায়'ফুৱেলছ এলায়েন্সতো যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।

বন্ধুসকল,

আমি একমত যে সন্ত্ৰাসবাদ হৈছে মানৱতাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু এংগোলাৰ সমবেদনাৰ বাবে মই তেওঁলোকৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সন্ত্ৰাসবাদী আৰু তেওঁলোকক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত সহায় আগবঢ়োৱাৰ বাবে আমি এংগোলাক ধন্যবাদ জনাইছোঁ।

বন্ধুসকল,

১৪০ কোটি ভাৰতীয়ৰ হৈ, মই এংগোলাক ‘আফ্ৰিকান ইউনিয়ন’ৰ অধ্যক্ষতাৰ বাবে শুভেচ্ছা জনাইছোঁ। আমাৰ বাবে এয়া গৌৰৱৰ কথা যে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত ‘আফ্ৰিকান ইউনিয়ন’য়ে জি-২০ৰ স্থায়ী সদস্যপদ লাভ কৰিলে। ভাৰত আৰু আফ্ৰিকাৰ দেশসমূহে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে একেলগে মাত মাতিছিল। পৰস্পৰে পৰস্পৰক অনুপ্ৰাণিত কৰিছিল। আজি আমি গ্ল’বেল ছাউথৰ স্বাৰ্থ, তেওঁলোকৰ আশা, অপেক্ষা আৰু আকাংক্ষাৰ কণ্ঠ হৈ একেলগে থিয় দিছোঁ।

 

যোৱা এটা দশকত আফ্ৰিকাৰ দেশসমূহৰ সৈতে আমাৰ সহযোগিতাই গতি লাভ কৰিছে৷ আমাৰ পাৰস্পৰিক বাণিজ্য প্ৰায় ১০০ বিলিয়ন ডলাৰ হৈছেগৈ। প্ৰতিৰক্ষা সহযোগিতা আৰু সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি হৈছে। যোৱা মাহত, ভাৰত আৰু আফ্ৰিকাৰ মাজত প্ৰথম নৌসেনাৰ সামুদ্ৰিক অনুশীলন ‘AKYAM’ অনুষ্ঠিত হৈছে। যোৱা ১০ বছৰত আমি আফ্ৰিকাত ১৭টা নতুন দূতাবাস মুকলি কৰিছোঁ। আফ্ৰিকাৰ বাবে ১২ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ ক্ৰেডিট লাইন আবণ্টন দিয়া হৈছে। ইয়াৰ উপৰিও, আফ্ৰিকাৰ দেশসমূহক ৭০০ মিলিয়ন ডলাৰৰ অনুদান সাহায্য প্ৰদান কৰা হৈছে। আফ্ৰিকাৰ ৮খন দেশত বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হৈছে। আফ্ৰিকাৰ ৫খন দেশৰ সৈতে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি সহযোগিতা কৰি আছোঁ। যিকোনো দুৰ্যোগত, আমি আফ্ৰিকাৰ জনসাধাৰণৰ সৈতে, কান্ধত কান্ধ মিলাই, ‘প্ৰথম সঁহাৰিদাতা’ৰ ভূমিকা পালন কৰাৰ সৌভাগ্য লাভ কৰিছোঁ।

ভাৰত আৰু আফ্ৰিকান ইউনিয়ন, আমি প্ৰগতিৰ অংশীদাৰ। আমি গ্ল’বেল ছাউথৰ স্তম্ভ। মই নিশ্চিত যে এংগোলাৰ অধ্যক্ষতাত, ভাৰত-আফ্ৰিকান ইউনিয়নৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিব।

মহামহিম,

আকৌ এবাৰ, মই আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।

বহুত বহুত ধন্যবাদ।

ওব্ৰিগাদু।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vietnam BrahMos deal already signed, Indonesia pact in final stages: Defence Secretary RK Singh

Media Coverage

Vietnam BrahMos deal already signed, Indonesia pact in final stages: Defence Secretary RK Singh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”