শ্ৰদ্ধেয়, প্ৰধানমন্ত্ৰী ফাম মিং চিং,

দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ,

আমাৰ সাংবাদিক বন্ধুসকল,

নমস্কাৰ!

চিন চাও!

মই প্ৰধানমন্ত্ৰী ফাম মিং চিং আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক ভাৰতলৈ উষ্ম আদৰণি জনাইছো।

আৰম্ভণিতে, সকলো ভাৰতীয়ৰ হৈ, সঞ্চালক প্ৰধান ন্যুয়েন ফু চোঙৰ মৃত্যুত মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

তেওঁ ভাৰতৰ এজন ভাল বন্ধু আছিল। আৰু তেওঁৰ নেতৃত্বত ভাৰত আৰু ভিয়েটনামৰ সম্পৰ্কয়ো এক কৌশলগত দিশ লাভ কৰিছিল।

বন্ধুসকল,

যোৱা দশকত, আমাৰ সম্পৰ্কৰ মাত্ৰা বিস্তাৰিত আৰু গভীৰ হৈছে।

যোৱা ১০বছৰত, আমি আমাৰ সম্পৰ্কক এক ব্যাপক কৌশলগত অংশীদাৰীত্বলৈ ৰূপান্তৰিত কৰিছো।

আমাৰ দ্বিপাক্ষিক বাণিজ্য ৮৫ শতাংশতকৈও অধিক বৃদ্ধি হৈছে।

শক্তি, প্ৰযুক্তি আৰু উন্নয়ন বন্ধুত্বৰ ক্ষেত্ৰ পৰস্পৰ সহযোগিতাৰ জৰিয়তে সম্প্ৰসাৰিত হৈছে।

প্ৰতিৰক্ষা আৰু নিৰাপত্তা ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাই নতুন গতি লাভ কৰিছে।

যোৱা দশকত, সংযোগ বৃদ্ধি পাইছে। আৰু আজি আমাৰ মাজত ৫০ খনতকৈও অধিক পোনপটীয়া বিমান আছে।

ইয়াৰ সমান্তৰালকৈ, পৰ্যটন নিৰন্তৰ ভাৱে বৃদ্ধি হৈ আছে, আৰু জনসাধাৰণক ই-ভিছাৰ সুবিধাও দিয়া হৈছে।

'মি চোন'ত প্ৰাচীন মন্দিৰসমূহৰ পুনৰুদ্ধাৰৰ কাম সফলতাৰে সম্পূৰ্ণ হৈছে।

 

বন্ধুসকল,

যোৱা দশকৰ সাফল্যৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ আলোচনাত আমি পাৰস্পৰিক সহযোগিতাৰ সকলো ক্ষেত্ৰৰ বিষয়ে ব্যাপকভাৱে আলোচনা কৰিছো।

আৰু ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ দিশত কেইবাটাও পদক্ষেপ লৈছো।

আমি বিশ্বাস কৰোঁ যে 'বিকশিত ভাৰত ২০৪৭' আৰু ভিয়েটনামৰ 'ভিজন ২০৪৫'ৰ বাবে দুয়োখন দেশৰ উন্নয়নে গতি লাভ কৰিছে।

ইয়াৰ জৰিয়তে পাৰস্পৰিক সহযোগিতাৰ বহুতো নতুন ক্ষেত্ৰ মুকলি হৈছে।

আৰু সেয়েহে, আমাৰ ব্যাপক কৌশলগত অংশীদাৰীত্বক অধিক শক্তিশালী কৰাৰ বাবে, আজি আমি এক নতুন কাৰ্য পৰিকল্পনা গ্ৰহণ কৰিছো।

প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে নতুন পদক্ষেপ লোৱা হৈছে।

'নয়া-চাং'ত নিৰ্মিত আৰ্মি ছফ্টৱেৰ পাৰ্ক আজি উদ্বোধন কৰা হয়।

৩০০ নিযুত ডলাৰৰ ঋণৰ চুক্তিৰ জৰিয়তে ভিয়েটনামৰ সামুদ্ৰিক সুৰক্ষা শক্তিশালী হ’ব।

আমি এইটোও সিদ্ধান্ত লৈছো যে সন্ত্ৰাসবাদ আৰু চাইবাৰ নিৰাপত্তাৰ বিষয়ত সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।

আমি সন্মত হৈছো যে পাৰস্পৰিক বাণিজ্যৰ সম্ভাৱনাত উপনীত হবলৈ আছিয়ান-ভাৰত সামগ্ৰীৰ বাণিজ্য চুক্তিৰ পৰ্যালোচনা অতি সোনকালে সম্পূৰ্ণ কৰিব লাগে।

ডিজিটেল পৰিশোধ সংযোগৰ বাবে আমাৰ কেন্দ্ৰীয় বেংকসমূহৰ মাজত এক চুক্তি তৈয়াৰ কৰা হৈছে।

 

আমি সেউজ অৰ্থনীতি আৰু নতুন উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লৈছো।

শক্তি আৰু বন্দৰ বিকাশত পৰস্পৰৰ সামৰ্থ্য পাৰস্পৰিক লাভালাভৰ বাবে ব্যৱহাৰ কৰা হ'ব।

দুয়োখন দেশৰ ব্যক্তিগত খণ্ড, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ষ্টাৰ্ট-আপসমূহক পৰস্পৰৰ সৈতে সংযোগ কৰাৰ বাবেও কাম কৰা হ'ব।

কৃষি আৰু মীন পালন দুয়োখন দেশৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ অংশ।

এই খণ্ডসমূহ মানুহৰ জীৱিকা আৰু খাদ্য সুৰক্ষাৰ সৈতে সম্পৰ্কিত।

আমি এই ক্ষেত্ৰসমূহত জাৰ্মপ্লাজম বিনিময় আৰু যৌথ গৱেষণাৰ প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছো।

আমাৰ অংশীদাৰী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে, ভাৰতে বিশ্ব ঐতিহ্যক্ষেত্ৰ "মি সোন"ৰ "ব্লক এফ"ৰ মন্দিৰসমূহ সংৰক্ষণত সহযোগিতা আগবঢ়াব।

আমি সকলোৱে জানো, বৌদ্ধ ধৰ্ম হৈছে আমাৰ অংশীদাৰী ঐতিহ্য যি দুয়োখন দেশৰ লোকক আধ্যাত্মিক পৰ্যায়ত সংযুক্ত কৰিছে।

আমি ভিয়েটনামৰ লোকসকলক ভাৰতৰ বৌদ্ধ অঞ্চললৈ আমন্ত্ৰণ জনাইছো।

আৰু আমি বিচাৰো যে ভিয়েটনামৰ যুৱকসকলে নালন্দা বিশ্ববিদ্যালয়ৰ সুবিধা লওক।

 

বন্ধুসকল,

আমাৰ এক্ট ইষ্ট পলিচী আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীত, ভিয়েটনাম হৈছে আমাৰ মূল্যৱান অংশীদাৰ।

প্ৰশান্ত মহাসাগৰ সম্পৰ্কে আমাৰ দৃষ্টিভংগীত এক সুসমন্বয় আছে।

আমি বিৱৰ্তনক সমৰ্থন কৰো, সম্প্ৰসাৰণবাদক নহয়।

আমি এক মুক্ত, মুক্ত, নিয়ম-আধাৰিত আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে আমাৰ সহযোগিতা অব্যাহত ৰাখিম।

আমি ভিয়েট নামৰ চিডিআৰআইত যোগদানৰ সিদ্ধান্তক স্বাগতম জনাইছো।

বন্ধুসকল,

আকৌ এবাৰ মই প্ৰধানমন্ত্ৰী ফাম মিন চিংক স্বাগতম জনাইছো।

আপোনাৰ ভ্ৰমণে আমাৰ সম্পৰ্কত এটা নতুন আৰু সোণালী অধ্যায় যোগ কৰিছে।

বহুত ধন্যবাদ।

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Make nutrition a true 'Jan Andolan': Union Minister Annpurna Devi

Media Coverage

Make nutrition a true 'Jan Andolan': Union Minister Annpurna Devi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”