মহামহিম প্ৰধানমন্ত্ৰী ইছিবা,

দুয়োখন দেশৰ প্ৰতিনিধি,

সংবাদ মাধ্যমৰ বন্ধুসকল,

 

নমস্কাৰ!

 

পোন-প্ৰথমে প্ৰধানমন্ত্ৰী ইছিবাক তেখেতৰ ভাল লগা কথা আৰু উষ্ম আদৰণিৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

 

আজি আমাৰ আলোচনা উৎপাদনশীল আৰু উদ্দেশ্যপ্ৰণোদিত উভয়েই আছিল। আমি দুয়ো ঐক্যমতত উপনীত হওঁ যে দুই প্ৰধান অৰ্থনীতি আৰু স্পন্দনশীল গণতন্ত্ৰ হিচাপে আমাৰ অংশীদাৰিত্ব কেৱল আমাৰ দুয়োখন দেশৰ বাবেই নহয়, বৰঞ্চ বিশ্ব শান্তি আৰু সুস্থিৰতাৰ বাবেও অতিশয় গুৰুত্বপূৰ্ণ।

 

শক্তিশালী গণতন্ত্ৰসমূহ এখনি উন্নত বিশ্ব গঢ় দিয়াৰ স্বাভাৱিক অংশীদাৰ।

 

বন্ধুসকল,

 

আজি আমি আমাৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্বৰ এক নতুন আৰু সোণালী অধ্যায়ৰ বাবে এটি শক্তিশালী ভেটি স্থাপন কৰিছোঁ। আমি আগন্তুক দশকৰ বাবে ৰোডমেপ নিৰ্ধাৰণ কৰিছোঁ। আমাৰ দৃষ্টিভংগীয়ে বিনিয়োগ, উদ্ভাৱন, অৰ্থনৈতিক সুৰক্ষা, পৰিবেশ, প্ৰযুক্তি, স্বাস্থ্য, গতিশীলতা, জনসাধাৰণৰ মাজৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। আমি আগন্তুক দহ বছৰত ভাৰতত জাপানৰ ১০ ট্ৰিলিয়ন য়েন বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। দুয়োখন দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্ট-আপক সংযোগ কৰাৰ ক্ষেত্ৰতো আমি বিশেষ গুৰুত্ব প্ৰদান কৰিম।

 

ভাৰত-জাপান বিজনেছ ফৰামতো মই জাপানৰ কোম্পানীসমূহক "মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড" আহ্বান জনাওঁ।

 

বন্ধুসকল,

 

আমাৰ যৌথ ঋণ ব্যৱস্থা শক্তিৰ বাবে এক বৃহৎ জয়। ইয়াৰ পৰা দেখা যায় যে আমাৰ সেউজ অংশীদাৰিত্ব আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ দৰেই শক্তিশালী। এই দিশত আমি বহনক্ষম ইন্ধন পদক্ষেপ আৰু বেটাৰী যোগান শৃংখল অংশীদাৰিত্বও আৰম্ভ কৰিছোঁ।

 

আমি অৰ্থনৈতিক সুৰক্ষা সহযোগিতাৰ পদক্ষেপ আৰম্ভ কৰিছোঁ। ইয়াৰ অধীনত আমি গুৰুত্বপূৰ্ণ আৰু কৌশলগত ক্ষেত্ৰত এক ব্যাপক দৃষ্টিভংগীৰে আগবাঢ়ি যাম।

 

উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা আমাৰ উভয়ৰে বাবে অগ্ৰাধিকাৰৰ বিষয়। এনে প্ৰেক্ষাপটত ডিজিটেল অংশীদাৰিত্ব ২.০ আৰু এআই সহযোগিতাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৰ্ধপৰিবাহী আৰু আপুৰুগীয়া খনিজ পদাৰ্থ আমাৰ এজেণ্ডাৰ শীৰ্ষত থাকিব।

 

বন্ধুসকল,

 

আমি বিশ্বাস কৰোঁ যে জাপানী প্ৰযুক্তি আৰু ভাৰতীয় প্ৰতিভা এক নিখুঁত সংমিশ্ৰণ। আমি এফালে তীব্ৰবেগী ৰেলৰ কাম কৰি থকাৰ সময়তে আনফালে পৰৱৰ্তী প্ৰজন্মৰ গতিশীলতা অংশীদাৰিত্বৰ অধীনত বন্দৰ, বিমান পৰিবহণ আৰু জাহাজ নিৰ্মাণৰ দৰে ক্ষেত্ৰতো দ্ৰুত অগ্ৰগতি লাভ কৰিছোঁ।

 

চন্দ্ৰযান-৫ অভিযানত সহযোগিতাৰ বাবে ইছৰো আৰু জাক্সাৰ (JAXA) মাজত সম্পাদিত চুক্তিক আমি আদৰণি জনাইছোঁ। আমাৰ সক্ৰিয় অংশগ্ৰহণ কাৰ্য্য মানৱতাৰ অগ্ৰগতিৰ প্ৰতীক হ’ব।

 

বন্ধুসকল,

 

মানৱ সম্পদৰ বিনিময় কাৰ্য্য পৰিকল্পনাৰ অধীনত অহা পাঁচ বছৰত দুয়োপক্ষই ভিন্ন ক্ষেত্ৰত ৫ লাখ লোকৰ আদান-প্ৰদানক উৎসাহিত কৰিব। ৫০ হাজাৰ দক্ষ ভাৰতীয়ই জাপানৰ অৰ্থনীতিত সক্ৰিয়ভাৱে অৰিহণা যোগাব।

 

ভাৰত আৰু জাপানৰ অংশীদাৰিত্ব কেৱল দিল্লী আৰু টকিঅ’তে সীমাবদ্ধ নাথাকিব। ভাৰতৰ ৰাজ্য আৰু জাপানৰ প্ৰিফেকচাৰৰ মাজত প্ৰতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে আমাৰ সংযোগ গভীৰ হ’ব। ইয়াৰ ফলত বাণিজ্য, পৰ্যটন, শিক্ষা আৰু সাংস্কৃতিক আদান-প্ৰদানৰ বাবে নতুন দুৱাৰ মুকলি হ’ব।

 

বন্ধুসকল,

 

ভাৰত আৰু জাপান মুক্ত, মুকলি, শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ।

 

সন্ত্ৰাসবাদ আৰু চাইবাৰ সুৰক্ষাৰ প্ৰতি আমাৰ উমৈহতীয়া উদ্বেগ আছে। প্ৰতিৰক্ষা আৰু সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰতো আমাৰ উমৈহতীয়া স্বাৰ্থ আছে। আমি যৌথভাৱে প্ৰতিৰক্ষা উদ্যোগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আমাৰ সহযোগিতাক অধিক গভীৰকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।

 

বন্ধুসকল,

 

ভাৰত আৰু জাপানৰ অংশীদাৰিত্ব পাৰস্পৰিক আস্থাৰে বদ্ধমূল, যিয়ে আমাৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰাজিকে প্ৰতিফলিত কৰে আৰু এয়া আমাৰ উমৈহতীয়া প্ৰমূল্যবোধ তথা বিশ্বাসৰ দ্বাৰা গঢ় লৈ উঠিছে।

 

আমি একেলগে আমাৰ সমাজসমূহ আৰু বিশ্বৰ বাবে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ এক উমৈহতীয়া সপোন কঢ়িয়াই লৈ ফুৰিছোঁ।

 

মহামহিম,

 

আকৌ এবাৰ আপোনালোকৰ বন্ধুত্বৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু পৰৱৰ্তী বাৰ্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰিবলৈ আপোনালোকক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ।

 

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride