মহামহিম, ৰাষ্ট্ৰপতি আৰু মোৰ ভাতৃ প্ৰবোৱো ছুবিয়াতো,

দুয়োখন দেশৰ প্ৰতিনিধি,

সংবাদ মাধ্যমৰ সকলো বন্ধু,

নমস্কাৰ!

ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত, ইণ্ডোনেছিয়া আমাৰ মুখ্য অতিথি দেশ আছিল। আৰু এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে যেতিয়া আমি গণতন্ত্ৰৰ ৭৫ বছৰ উদযাপন কৰি আছোঁ, সেই সময়ত ইণ্ডোনেছিয়া আকৌ এবাৰ, এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হৈছে। এই উপলক্ষে, মই ৰাষ্ট্ৰপতি প্ৰবোৱোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।

 

বন্ধুসকল,

২০১৮ চনত মোৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত, আমি আমাৰ অংশীদাৰিত্বক এক বিস্তৃত কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছিলোঁ। আজি ৰাষ্ট্ৰপতি প্ৰবোৱোৰ সৈতে পাৰস্পৰিক সহযোগিতাৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃত আলোচনা হয়। প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে, আমি সিদ্ধান্ত লৈছোঁ যে প্ৰতিৰক্ষা উৎপাদন আৰু যোগান শৃংখলত একেলগে কাম কৰা হ’ব।

আমি সামুদ্ৰিক সুৰক্ষা, চাইবাৰ নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী আৰু উগ্ৰবাদমুক্তকৰণৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছোঁ। আজি সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা বুজাবুজিৰ জৰিয়তে অপৰাধ প্ৰতিৰোধ, অনুসন্ধান আৰু উদ্ধাৰ, সক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ সহযোগিতা আৰু শক্তিশালী হ’ব। যোৱা কেইবছৰমানৰ পৰা, আমাৰ দ্বিপাক্ষিক বাণিজ্য দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু যোৱা বছৰ ই ৩০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে।

ইয়াক আৰু অধিক বৃদ্ধি কৰিবলৈ আমি বজাৰত প্ৰৱেশ আৰু বাণিজ্যিক টোপোলাক বৈচিত্ৰ্যময় কৰাৰ কথা কৈছোঁ। ব্যক্তিগত খণ্ডও আমাৰ এই প্ৰচেষ্টাৰ সমান অংশীদাৰ। আজিৰ চিইঅ’ ফ’ৰামৰ বৈঠক আৰু ব্যক্তিগত খণ্ডত হোৱা চুক্তিসমূহক, আমি আদৰণি জনাইছোঁ। আমি ফিনটেক, কৃত্ৰিম বুদ্ধিমত্তা, ইণ্টাৰনেট অৱ থিংছ আৰু ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰে ক্ষেত্ৰত আমাৰ পাৰস্পৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছোঁ।

স্বাস্থ্য আৰু খাদ্য সুৰক্ষাৰ খণ্ডত ভাৰতে নিজৰ অনুভৱ, যেনে মধ্যাহ্ন ভোজন আঁচনি আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অভিজ্ঞতা ইণ্ডোনেছিয়াৰ সৈতে ভাগ-বতৰা কৰি আছে। আমি সিদ্ধান্ত লৈছোঁ যে আমি শক্তি, জটিল খনিজ, বিজ্ঞান আৰু প্ৰযুক্তি, মহাকাশ আৰু STEM শিক্ষাৰ ক্ষেত্ৰতো একেলগে কাম কৰা হ’ব। দুয়োখন দেশৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মাজত যৌথ অনুশীলন অনুষ্ঠিত কৰা হ’ব।

 

বন্ধুসকল,

ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক হাজাৰ বছৰ পুৰণি। ৰামায়ণ আৰু মহাভাৰতৰ পৰা অনুপ্ৰাণিত কাহিনী, আৰু ‘বালি যাত্ৰা’, আমাৰ মানুহৰ মাজত চলি থকা সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্কৰ জীৱন্ত সাক্ষ্য। মই সুখী যে ইণ্ডোনেছিয়াত বড়োবুদুৰ বৌদ্ধ মন্দিৰৰ পিছত এতিয়া আমি প্ৰম্বানন হিন্দু মন্দিৰ সংৰক্ষণৰ ক্ষেত্ৰতো অৰিহণা যোগাম।

লগতে, ২০২৫ বৰ্ষক ভাৰত-আছিয়ান পৰ্যটন বৰ্ষ হিচাপে পালন কৰা হ'ব। ইয়াৰ দ্বাৰা ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত সাংস্কৃতিক আদান-প্ৰদান আৰু পৰ্যটনৰো প্ৰসাৰ ঘটিব।

বন্ধুসকল,

আছিয়ান আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ইণ্ডোনেছিয়া আমাৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। আমি উভয়ে এই সমগ্ৰ অঞ্চলত শান্তি, নিৰাপত্তা, সমৃদ্ধি আৰু নিয়মভিত্তিক শৃংখলা বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমি এই কথাত একমত যে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি নেভিগেচনৰ স্বাধীনতা নিশ্চিত কৰিব লাগিব।

আমাৰ এক্ট ইষ্ট পলিচিত আছিয়ানৰ ঐক্য আৰু কেন্দ্ৰীয়তাক গুৰুত্ব দিয়া হৈছে। জি-২০, আছিয়ান, ইণ্ডিয়ান অ’চেন ৰিম এছ’চিয়েশ্যনৰ দৰে মঞ্চত আমি একেলগে কাম কৰি আহিছোঁ।

আৰু এতিয়া আমি ইণ্ডোনেছিয়াৰ ব্ৰিকছৰ সদস্যপদকো আদৰণি জনাইছোঁ। এই সকলোবোৰ মঞ্চতে, আমি গ্ল’বেল ছাউথৰ দেশসমূহৰ স্বাৰ্থ আৰু অগ্ৰাধিকাৰৰ ওপৰত সহযোগিতা আৰু সমন্বয়ৰে কাম কৰিম।

 

 

মহামহিম,

গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে কাইলৈ আপোনাৰ ভাৰত ভ্ৰমণ আমাৰ বাবে গৌৰৱৰ বিষয়। এই সমাৰোহত প্ৰথমবাৰৰ বাবে ইণ্ডোনেছিয়াৰ মাৰ্চিং কণ্টিজেণ্টক চাবলৈ আমি সকলো উৎসুক। মই আকৌ এবাৰ আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour