প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১০ ছেপ্টেম্বৰত নতুন দিল্লীত জি-২০ সন্মিলনৰ সময়ত জাৰ্মানীৰ চেঞ্চেলৰ শ্ৰীযুত অ’লাফ স্ক’লজক সাক্ষাৎ কৰে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত ভ্ৰমণৰ পিছত এইবছৰ চেন্সেলৰ গৰাকীৰ এইটো দ্বিতীয় ভাৰত ভ্ৰমণ আছিল।

জি-২০ অধ্যক্ষতাৰ সফলতাৰ বাবে চেঞ্চেলৰ স্ক’লজে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়। ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত জাৰ্মানীয়ে আগবঢ়োৱা সমৰ্থনৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। বিভিন্ন জি-২০ বৈঠক আৰু অনুষ্ঠানত জাৰ্মানীৰ অংশগ্ৰহণ হৈছে উচ্চ পৰ্যায়ৰ।

দুয়োগৰাকী নেতাই তেওঁলোকৰ দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নেতাদ্বয়ে প্ৰতিৰক্ষা, সেউজ আৰু বহনক্ষম উন্নয়ন, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, দক্ষ কৰ্মচাৰীসকলৰ গতিশীলতা আৰু শিক্ষাৰ দৰে ক্ষেত্ৰত সহযোগিতা আৰু গভীৰ কৰাৰ উপায়সমূহক লৈ আলোচনা কৰে।

নেতাসকলে পাৰস্পৰিক স্বাৰ্থ সংশ্লিষ্ট আঞ্চলিক আৰু গোলকীয় বিষয়সমূহতো মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে আন্তঃচৰকাৰী আয়োগৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে চেঞ্চেলৰ স্ক’লজেক অহা বছৰ ভাৰতলৈ আমন্ত্ৰণ জনায়।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”