১৩ খণ্ডত পিএলআয়ে চৰকাৰখনৰ অংগীকাৰক প্ৰদৰ্শিত কৰিছেঃ প্ৰধানমন্ত্ৰী
পিএলআয়ে খণ্ডটোৰ সৈতে জড়িত সমগ্ৰ বাতাবৰণটোকে উপকৃত কৰিছেঃ প্ৰধানমন্ত্ৰী
মেনুফেক্সাৰিঙক উদ্দীপনা যোগাবলৈ দ্ৰুতি আৰু মাত্ৰা বৃদ্ধি কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী
মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ডঃ প্ৰধানমন্ত্ৰী
সমগ্ৰ বিশ্বখনতে ভাৰত এটা বৃহৎ ব্ৰেণ্ড হৈ পৰিছে, সদ্যোলব্ধ বিশ্বাস আদায় কৰিবলৈ কৌশল প্ৰস্তুত কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰোৎসাহন বিভাগ আৰু নিটি আয়োগে অনুষ্ঠিত কৰা প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনি সম্পৰ্কীয় এখনি ৱেবিনাৰ সম্বোধন কৰে।

এই বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বাণিজ্য আৰু উদ্যোগক উদ্দীপনা যোগাবলৈ গ্ৰহণ কৰা পদক্ষেপৰাজি সন্দৰ্ভত ব্যক্ত কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ৬-৭ বছৰত, ভিন্ন পৰ্যায়ত মেক ইন ইণ্ডিয়াক উৎসাহিত কৰিবলৈ বহু সফলপূৰ্ণ প্ৰচেষ্টা গ্ৰহণ কৰা যায়। তেখেতে মেনুফেক্সাৰিঙক উদ্দীপনা যোগাবলৈ বৃহৎ জাঁপ, দ্ৰুতি আৰু মাত্ৰা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে সমগ্ৰ বিশ্বখনৰে উদাহৰণ দাঙি ধৰি মেনুফেক্সাৰিং ক্ষমতা বৃদ্ধিৰদ্বাৰা সংশ্লিষ্ট দেশসমূহে কিদৰে দেশখনৰ উন্নয়নক ত্বৰান্বিত কৰিছে সেই কথা কয়। তেখেতে কয়, মেনুফেক্সাৰিং ক্ষমতা বৃদ্ধিয়ে সমানুপাতিকভাৱে দেশখনৰ নিয়োগ সৃষ্টিৰো বৰ্ধন ঘটাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰখনৰ ভাৱনা স্পষ্ট – ন্যূনতম চৰকাৰ, সৰ্বাধিক প্ৰশাসন আৰু শূন্য প্ৰভাৱ (Effect), শূন্য ক্ষতি (Defect) ৰ প্ৰত্যাশা। তেখেতে কয়, উদ্যোগটোক প্ৰোৎসাহিত কৰিবলৈ ইজ অৱ ডুয়িং বিজনেছ, সন্মতিৰ বোজা লাঘৱ, লজিষ্টিক ব্যয় হ্ৰাস কৰিবলৈ মাল্টিমডেল আন্তঃগাঁথনি সৃষ্টি, জিলা পৰ্যায়ৰ ৰপ্তানি কেন্দ্ৰ নিৰ্মাণৰ দৰে চৰকাৰখনে প্ৰতিটো স্তৰতে কাম কৰি আছে। তেখেতে কয়, চৰকাৰখনে বিশ্বাস কৰে যে সকলোতে চৰকাৰৰ হস্তক্ষেপে সমাধানকৈ অধিক সমস্যাৰহে সৃষ্টি কৰে। সেয়েহে, স্ব-নিয়ন্ত্ৰণ (Self-Regulation), স্ব-প্ৰত্যায়ন (Self-Attesting), স্ব-প্ৰমাণপত্ৰদান (Self-Certification) ত গুৰুত্ব প্ৰদান কৰা হৈছে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতীয় কোম্পানীসমূহে ভাৰততে মেনুফেক্সাৰিং সম্পন্ন কৰাটো আৱশ্যকীয়, ই বৈশ্বিকভাৱে প্ৰতিযোগী হৈ উঠাটো প্ৰয়োজনীয় আৰু তদুপৰি, আমাৰ উৎপাদন ব্যয়, পণ্য, মানদণ্ড আৰু সক্ষমতাৰ অৰ্থে বৈশ্বিক স্বীকৃতি গঢ়াৰ প্ৰয়োজনীয়তা অতীব। “আমি আমাৰ মূল সক্ষমতাৰে সম্পৰ্কীয় খণ্ডসমূহত উন্নত প্ৰযুক্তি আৰু সৰ্বাধিক বিনিয়োগক আকৰ্ষিত কৰিব খুজিছো”, তেখেতে কয়।

পূৰ্বৰ আঁচনিসমূহ আৰু বৰ্তমানৰ চৰকাৰখনৰ আঁচনিসমূহৰ মাজৰ পাৰ্থক্য উল্লেখ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পূৰ্বে, অপেন এণ্ডেড ইনপুট নিৰ্ভৰ ৰাজসাহাৰ্য্যত ঔদ্যোগিক ইনছেনটিভ ব্যৱহাৰ কৰা হৈছিল, এতিয়া এটা প্ৰতিযোগিতামূলক প্ৰক্ৰিয়াৰ জৰিয়তে এইসমূহক লক্ষ্য নিৰ্ধাৰিত আৰু প্ৰদৰ্শন ভিত্তিক কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, প্ৰথমবাৰৰ বাবে প্ৰডাকশ্যন লিংকড ইনছেনটিভৰ অধীনলৈ ১৩ টা খণ্ড অনা হৈছে। এই খণ্ডটোৰে জড়িত সমগ্ৰ বাতাবৰণটোকে পিএলআয়ে উপকৃত কৰিছে। অ’টো আৰু ফাৰ্মাত পিএলআইৰ জৰিয়তে, অ’টো পাৰ্টছ, মেডিকেল সা-সৰঞ্জাম আৰু মেডিচিনৰ কেঁচা মালৰে বিদেশৰে সম্পৰ্কীয় নিৰ্ভৰতা বহু পৰিমাণে কমি যাব। তেখেতে লগতে কয় যে এডভান্সড চেল বেটাৰী, ছ’লাৰ পিভি মডিউল আৰু স্পেচিয়েলিটি ষ্টীলৰ সহায়ত দেশখনৰ শক্তি খণ্ডটোক আধুনিক কৰি তোলা হ’ব। সমান্তৰালভাৱে, টেক্সটাইল আৰু খাদ্য সংসাধন খণ্ড দুটাৰ বাবে পিএলআয়ে সমগ্ৰ কৃষি খণ্ডটোকে উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, গৌৰৱৰ কথা এয়ে যে ভাৰতৰ প্ৰস্তাৱৰ পাছতেই, ৰাষ্ট্ৰ সংঘই ২০২৩ বছৰটো আন্তঃৰাষ্ট্ৰীয় বাজৰা (Millets) বৰ্ষ হিচাপে ঘোষণা কৰে। তেখেতে কয়, ৭০ ৰোধিক ৰাষ্ট্ৰই ভাৰতৰ প্ৰস্তাৱক সমৰ্থন জনাইছে আৰু ৰাষ্ট্ৰসংঘ সাধাৰণ পৰিষদত ইয়াক সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে। তেখেতে কয়, এয়া আমাৰ কৃষকসকলৰ বাবেও এটা বৃহৎ সুযোগ। তেখেতে জনসাধাৰণক অসুস্থ হোৱাৰপৰা সুৰক্ষিত কৰিবলৈ বাজৰা বা মোটা শস্যৰ পুষ্টিজনিত সম্ভাৱনীয়তা সম্পৰ্কে ২০২৩ ত এটা বিশ্বজোৰা অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনায়। তেখেতে কয় যে ৰাষ্ট্ৰসংঘই ২০২৩ ক আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত ঘৰত আৰু বিদেশত বাজৰাৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাব আৰু ই আমাৰ কৃষকসকলক অতিশয় লাভান্বিত কৰিব। তেখেতে তদুপৰি কৃষি আৰু খাদ্য সংসাধন খণ্ড দুটাক এই সুযোগৰ পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই বৰ্ষৰ বাজেটত, পিএলআই আঁচনিখনৰে সম্পৰ্কীয় আঁচনিসমূহৰ বাবে প্ৰায় ২ লাখ কোটি টকাৰ ব্যৱস্থা ৰখা হৈছে। উৎপাদনৰ গড়ে ৫% ইনছেনটিভ হিচাপে প্ৰদান কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে অহা পাঁচ বছৰত পিএলআই আঁচনিসমূহৰ বাবে ভাৰতত $৫২০ বিলিয়ন মূল্যৰ উৎপাদন হ’ব। লগতে এই সম্ভাৱনাও কৰা হৈছে যে পিএলআই আঁচনি গঢ়ি তোলা খণ্ডসমূহত মানৱ সম্পদ দুগুণলৈ বৃদ্ধি প্ৰত্যক্ষ কৰা হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পিএলআই সম্পৰ্কীয় ঘোষণাসমূহ দ্ৰুতগতিৰে ৰূপায়ণ কৰা হৈছে। তেখেতে কয়, আইটি হাৰ্ডৱেৰ আৰু টেলিকম ইকুইপমেন্ট মেনুফেক্সাৰিঙত শেহতীয়াভাৱে অনুমোদন জনোৱা পিএলআই আঁচনিয়ে উৎপাদন আৰু ঘৰুৱা মূল্য সংযোজন অসাধাৰণভাৱে বৃদ্ধি কৰি তুলিব। ৪ বছৰত ৩ ট্ৰিলিয়ন টকা মূল্যৰ আইটি হাৰ্ডৱেৰ উৎপাদনৰ সফলতাৰ অনুমান কৰা হৈছে আৰু ৫ বছৰত সম্প্ৰতি ৫-১০ শতাংশৰপৰা ২০-২৫ শতাংশলৈ ঘৰুৱা মূল্য সংযোজন বৃদ্ধিৰ আশা কৰা যায়। সমান্তৰালভাৱে ৫ বছৰত টেলিকম ইকুইপমেন্ট মেনুফেক্সাৰিঙত প্ৰায় ২.৫ লাখ কোটি টকা বৃদ্ধি প্ৰত্যক্ষ কৰা হ’ব। আমি ইয়াৰপৰা ২ লাখ কোটি মূল্যৰ ৰপ্তানি কৰিবলৈ সমৰ্থৱান হৈ পৰিম বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

ফাৰ্মা খণ্ডটোত, প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰি কয় যে ইয়াত অহা ৫-৬ বছৰত ১৫ হাজাৰ কোটি টকাৰো অধিক বিনিয়োগ হ’ব। পিএলআইৰ অধীনত ৩ লাখ কোটিৰ ফাৰ্মা বিক্ৰী আৰু ৰপ্তানি ২ লাখ কোটি মূল্যলৈ বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰত্যয়ৰে কয় যে আজি ভাৰতৰে মানৱ জাতিক সেৱা কৰাৰ যি পন্থা অৱলম্বন কৰিছে, তাৰ জৰিয়তে সমগ্ৰ বিশ্বখনতেই ই এটা বৃহৎ ব্ৰেণ্ড হিচাপে খ্যাতি লভিছে। ভাৰতৰ বিশ্বাসযোগ্যতা আৰু ভাৰতৰ পৰিচয়ে নিৰন্তৰভাৱে নতুন শিখৰ স্পৰ্শ কৰি আছে। তেখেতে কয়, ভাৰত ব্ৰেণ্ডটোৱে নিৰন্তৰভাৱে নতুন শিখৰত আৰোহণ কৰি আছে। তেখেতে কয়, সমগ্ৰ বিশ্বখনতে আমাৰ মেডিচিন, আমাৰ মেডিকেল প্ৰফেশ্যনেল আৰু আমাৰ মেডিকেল সা-সৰঞ্জামসমূহৰ বিশ্বাস বৃদ্ধি পাইছে। এই বিশ্বাসক সন্মান জনাবলৈ, তেওঁ ফাৰ্মা খণ্ডটোক ইয়াৰ সুবিধা গ্ৰহণৰ অৰ্থে নিৰ্ধাৰিত দীৰ্ঘ্য-ম্যাদী কৌশলৰ আধাৰত কাম কৰিবলৈ আহ্বান জনায়। তেখেতে কয়, ভাৰতত ম’বাইল ফোন আৰু ইলেকট্ৰনিক উপাংশৰ মেনুফেক্সাৰিঙক উদ্দীপনা যোগাবলৈ যোৱা বৰ্ষত পিএলআই আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। আনকি মহামাৰীৰ সময়ছোৱাতো, যোৱা বৰ্ষত খণ্ডটোৱে ৩৫০০০ কোটি টকা মূল্যৰ গুডছ প্ৰস্তুত কৰি উলিয়াই, য’ত প্ৰায় ১৩০০ কোটি টকাৰ নতুন বিনিয়োগ প্ৰত্যক্ষ কৰা হয় আৰু এই খণ্ডত হাজাৰ-হাজাৰ নতুন নিয়োগ সৃষ্টি কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পিএলআই আঁচনিখনে দেশখনৰ এমএছএমই বাতাবৰণটোত এটা গুৰু প্ৰভাৱ পেলাব। যিয়ে প্ৰতিটো খণ্ডত ‘এংকৰ ইউনিট’ সৃষ্টিৰদ্বাৰা সমগ্ৰ ভেল্যু শৃংখলতে নতুন ছাপ্লায়াৰ বেছৰ প্ৰয়োজনীয়তা প্ৰতিভাত কৰি তুলিব। তেখেতে উদ্যোগসমূহক পিএলআই আঁচনিখনৰে সংযোজিত হ’বলৈ আৰু ইয়াৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেখেতে কয়, উদ্যোগসমূহৰ লক্ষ্য হোৱা উচিত দেশখন আৰু বিশ্বখনৰ বাবে উত্তম মানদণ্ডৰ দ্ৰব্য যুগুত কৰা। তেখেতে উদ্যোগসমূহক ক্ষীপ্ৰ পৰিৱৰ্তিত পৃথিৱীখনৰ প্ৰয়োজনীয়তা অনুসৰি উদ্ভাৱনৰ আহ্বান জনোৱাৰ সমান্তৰালভাৱে গৱেষণা ও উন্নয়ন (R&D) ত আমাৰ অংশগ্ৰহণ বৃদ্ধি, মানৱ সম্পদৰ দক্ষতা বৃদ্ধি আৰু নতুন প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Narendra Modi’s ‘F.R.I.E.N.D.S. Reel’ To Bansuri’s Micro Claps, Tejasvi’s ‘Delulu’: NDA’s Gen-Z Outreach

Media Coverage

PM Narendra Modi’s ‘F.R.I.E.N.D.S. Reel’ To Bansuri’s Micro Claps, Tejasvi’s ‘Delulu’: NDA’s Gen-Z Outreach
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reviews flood situation in Arunachal Pradesh and Nagaland with MPs from the two states
July 30, 2026

The Prime Minister, Shri Narendra Modi, met Members of Parliament from Arunachal Pradesh and Nagaland and discussed the situation in the two states in the wake of the floods.

Shri Modi said that the Central Government will continue working with the respective state Governments to address the challenges arising from the floods.

The Prime Minister prayed for everyone’s well-being and safety.

In a post on X, Shri Modi said;

“Had a meeting with MPs from Arunachal Pradesh and Nagaland. We talked about the situation in these states in the wake of floods there. The Central Government will keep working with the respective state Governments to address the challenges. Praying for everyone’s wellbeing and safety.”