১৩ খণ্ডত পিএলআয়ে চৰকাৰখনৰ অংগীকাৰক প্ৰদৰ্শিত কৰিছেঃ প্ৰধানমন্ত্ৰী
পিএলআয়ে খণ্ডটোৰ সৈতে জড়িত সমগ্ৰ বাতাবৰণটোকে উপকৃত কৰিছেঃ প্ৰধানমন্ত্ৰী
মেনুফেক্সাৰিঙক উদ্দীপনা যোগাবলৈ দ্ৰুতি আৰু মাত্ৰা বৃদ্ধি কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী
মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ডঃ প্ৰধানমন্ত্ৰী
সমগ্ৰ বিশ্বখনতে ভাৰত এটা বৃহৎ ব্ৰেণ্ড হৈ পৰিছে, সদ্যোলব্ধ বিশ্বাস আদায় কৰিবলৈ কৌশল প্ৰস্তুত কৰিছেঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ!

হিন্দুস্থানৰ সকলো প্ৰান্তৰ পৰা ইমান বিশাল সংখ্যাৰে এই মহত্বপূৰ্ণ ৱে’বিনাৰখনত আপোনালোকে অংশগ্ৰহণ কৰা কথাই দৰাচলতেই বিশেষ তাত্পৰ্য বহণ কৰিছে। মই অন্তৰৰে আপোনালোক আটাইকে আদৰণি জনাইছো। বাজেটৰ ৰূপায়ণক লৈ এক নতুন প্ৰয়োগ কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আপোনালোকে চাগৈ জানিবলৈ পাইছেই। আমাৰ এই প্ৰায়স সফলকাম হ’লে ভৱিষ্যতেও বহুত লাভ হ’ব বুলি আমি আশা কৰিছো। এই পৰ্যন্ত এনে বহুকেইখন ৱে’বিনাৰ অনুষ্ঠিত হৈ গৈছে। এই ৱে’বিনাৰসমূহৰ জৰিয়তে দেশৰ বহু হাজাৰ গণ্য-মান্য ব্যক্তিৰে বাজেট সন্দৰ্ভত আলোচনা কৰাৰ মই সুযোগ লাভ কৰিছো।

গোটেই দিনটো ধৰি ৱে’বিনাৰ চলিছে আৰু আপোনালোকেও বহুত ভাল ভাল পৰামৰ্শ আগবঢ়োৱাৰ সুবাদত বাজেটৰ ৰূপায়ণ সন্দৰ্ভত এক সুন্দৰ ৰূপৰেখা তৈয়াৰ কৰিব পৰা যাব বুলি আশা কৰিছো। মোৰ এনেকুৱা লাগিছে যে আপোনালোক চৰকাৰতকৈয়ো দুখোজ আগুৱাই খৰ খোজেৰে যোৱাৰ ‘মুড’তহে আছে। মোৰ বাবে এয়া সঁচাকৈয়ে সুখৰ সংবাদ। আজিৰ এই আলোচনাৰ ৰেহ-ৰূপ দেখিও মোৰ এনে লাগিছে যে দেশৰ বাজেট আৰু দেশৰ বাবে যুগুতোৱা নীতি-নিয়মসমূহ এতিয়া কেৱল চৰকাৰী প্ৰক্ৰিয়া হৈয়ে থাকি যোৱা নাই। দেশৰ বিকাশ-প্ৰক্ৰিয়াৰে জড়িত সকলো পক্ষৰে ইয়াত প্ৰভাৱশালী অংশগ্ৰহণ অপৰিহাৰ্য হোৱাটো সকলোৱে কামনা কৰিছে। এই প্ৰক্ৰিয়াত উত্পাদনী খণ্ডই ‘মে’ক ইন ইণ্ডিয়া’ক শক্তি প্ৰদান কৰাৰ কথা আপোনালোক সতীৰ্থসকলৰ মাজত বাৰুকৈয়ে চৰ্চা হৈছে। বিগত সপ্তাহচেৰকত, মই আপোনালোকক কোৱাৰ দৰে, বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে বহুত ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হৈছে আৰু এই আলোচনাৰ মাধ্যমেৰে বহুত মহত্বপূৰ্ণ উদ্ভাৱনশীল পৰামৰ্শও লাভ কৰিব পৰা গৈছে। আজিৰ ৱে’বিনাৰখনত ‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ’সমূহৰ সন্দৰ্ভত আলোচনা কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

বন্ধুসকল,

বিগত ৬-৭টা বছৰত বিভিন্ন পৰ্যায়ত ‘মে’ক ইন ইণ্ডিয়া’ কাৰ্যক্ৰমক উত্সাহিত কৰাৰ বাবে অনেক সফল প্ৰয়োগ কৰা হৈছিল। এই সকলোবোৰতে আপোনালোকৰ সহযোগিতা নিতান্তই প্ৰশংসনীয় আছিল। এতিয়া এই প্ৰয়াসক পৰৱৰ্তি পৰ্যায়লৈ নিয়াৰ বাবে আৰু ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব, নিজৰ গতিবেগ আৰু পৰিসৰ আৰু অধিক বঢ়োৱাৰ প্ৰয়োজন হ’ব। আৰু বিগত এটা বছৰত ক’ৰোনাই দিয়া অভিজ্ঞতাৰ পিচত মই নিশ্চিত হ’ব পাৰিছো যে ভাৰতৰ বাবে এয়া এক সুযোগেই কেৱল নহয়। ভাৰতৰ বাবে, পৃথিৱীৰ বাবে এয়া এক দায়িত্বও হয়, পৃথিৱীৰ প্ৰতি ভাৰতৰ দায়িত্ব নিশ্চয় হয়। আৰু সেয়ে, আমি অতি দ্ৰুত গতিবেগেৰে এই দিশত আগবাঢ়ি যাবই লাগিব। উত্পাদনে অৰ্থব্যৱস্থাৰ সকলো ভাগকে কেনেকৈ ৰূপান্তৰিত কৰিব পাৰে, কেনেকৈ তাৰ প্ৰভাৱৰ সৃষ্টি হয়, কেনেকৈ বাতাবৰণৰ সৃষ্টি হয় সেই কথা আপোনালোক সকলোৱেই ভালকৈয়ে জানে। আমাৰ সন্মুখত পৃথিৱীৰ উদাহৰণ উপলব্ধ আছে, য’ত দেশসমূহে নিজৰ উত্পাদনী সামৰ্থ্য বঢ়াই, দেশৰ বিকাশৰ গতি ত্বৰান্বিত কৰিছে। দেশৰ বৰ্দ্ধিত উত্পাদনী সামৰ্থ্যই দেশৰ নিয়োগ সম্ভাৱনীয়তাকো সমানেই সম্প্ৰসাৰিত কৰিব পাৰে।

ভাৰতেও এতিয়া এই মনোভাৱৰেই বহুত দ্ৰুততাৰে কাম কৰিব বিচাৰিছে, আগুৱাই যাব খুজিছে। এই খণ্ডত আমাৰ চৰকাৰে উত্পাদনক গতি প্ৰদান কৰাৰ বাবে এটাৰ পাচত আন এটা সংস্কাৰ সাধনত মনোনিৱেশ কৰিছে। আমাৰ নীতি আৰু ৰণনীতি, সকলো প্ৰকাৰেই স্পষ্ট। আমাৰ অভিপ্ৰায় হৈছে-‘ন্যূনতম চৰকাৰ, সৰ্বাধিক শাসন’ আৰু আমি আশা কৰো ‘পূৰ্ণ প্ৰভাৱ, শূণ্য ত্ৰুতি’। ভাৰতৰ প্ৰতিষ্ঠানসমূহ আৰু ভাৰতত সম্পন্ন কৰা উত্পাদনী কাম-কাজক গোলকীয় প্ৰেক্ষাপটত সন্মুখীন হ’বলগীয়া প্ৰতিযোগিতাত সমকক্ষ কৰি তোলাৰ বাবে আমি দিনে-ৰাতিয়ে একাকাৰ কৰি কাম কৰিব লাগিব। আমাৰ উত্পাদনী ব্যয়, উত্পাদনৰ মান আৰু গোলকীয় বিপণন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰতিপন্ন কৰি নিজৰ পৰিচিতি গঢ়াৰ বাবে আমি একজোঁট হৈ কামত ব্ৰতী হ’ব লাগিব। আৰু আমাৰ উত্পাদিত সামগ্ৰীসমূহ ব্যৱহাৰকৰোতাৰ অনুকূল কৰিও তুলিব পাৰিব লাগিব, প্ৰযুক্তিৰ ক্ষেত্ৰত আটাইতকৈ আধুনিক হ’ব লাগিব, ব্যয়যোগ্য হ’ব লাগিব, দীৰ্ঘদিন ধৰি চলিব পৰা হ’ব লাগিব। ‘ক’ৰ কম্পিটেন্সী’ৰে জড়িত খণ্ডসমূহত ‘কাটিং এডজ টেকন’লজী’ আৰু বিনিয়োগক আমি যিমান পাৰো অধিক আকৰ্ষিত কৰিব লাগিব। আৰু, নিশ্চিত ভাবেই এই উদ্যোগত আপোনালোক আটাইৰে সক্ৰিয় অংশগ্ৰহণ সিমানেই আৱশ্যক হ’ব। চৰকাৰে এই কথাত গুৰুত্ব প্ৰদান কৰাৰ লগতে আপোনোলোকক লগত লৈ আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিছে। ‘স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিৱেশ প্ৰদানে’ই হওক, ‘কম্প্লায়েন্স বাৰ্ডেন’ কমোৱাই হওক, ‘ল’জিষ্টিক’ ব্যয় কমোৱাৰ বাবে ‘মাল্টীমডেল ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’ তৈয়াৰ কৰাই হওক বা জিলা স্তৰত ‘এক্সপোৰ্ট হাব’ নিৰ্মাণ কৰাই হওক সকলো পৰ্যায়তে কাম কৰি থকা হৈছে।

আমাৰ চৰকাৰে ভাবে যে সকলো কথাতে চৰকাৰী হস্তক্ষেপে সমাধানৰ পৰিৱৰ্তে সমস্যাহে বঢ়াব পাৰে। আৰু সেয়ে আমি ‘স্ব-নিয়ন্ত্ৰণ, স্ব-প্ৰামাণিকৰণ, স্ব-প্ৰত্যায়িতকৰণ’ত বিশ্বাস কৰো, অৰ্থাত্ আমি দেশৰ নাগৰিকসকলক ভৰষা কৰি আগবঢ়াত গুৰুত্ব প্ৰদান কৰিছো। এইটো বছৰত আমি কেন্দ্ৰ আৰু ৰাজ্য পৰ্যায়ৰ ৬হাজাৰৰো অধিক ‘কমপ্লায়েন্স’ হ্ৰাস কৰিব বিচাৰিছো। এই সন্দৰ্ভত আপোনালোকৰ ৰায়, আপোনালোকৰ পৰামৰ্শ খুবেই মহত্বপূৰ্ণ হ’ব। এইখন ৱে’বিনাৰত সিমানখিনি সময় চাগৈ পোৱা নাযাব, আপোনালোকে দিহা-পৰামৰ্শসমূহ মোলৈ লিখিও পঠাব পাৰে। আমি এনে পৰামৰ্শাৱলীক গুৰুত্ব সহকাৰেই গ্ৰহণ কৰিম, কিয়নো ‘কমপ্লায়েন্স’ৰ বোজা কম হোৱাটো নিতান্তই প্ৰয়োজন। প্ৰযুক্তি আহি গৈছে, প্ৰতিটো কথাৰ বাবে বাৰে বাৰে প্ৰ-পত্ৰ পূৰণ কৰাৰ পৰা মই মুক্তি দিব বিচাৰিছো। সেইদৰে, স্থানীয় পৰ্যায়ত ৰপ্টানীৰ উত্তৰণ সাধান কৰাৰ বাবে ৰপ্টানীকৰোতা আৰু উত্পাদকসকলক গোলকীয় মঞ্চ উপলব্ধ কৰাৰ বাবে আজি চৰকাৰে অনেক ক্ষেত্ৰত কাম কৰি আছে। ইয়াৰ দ্বাৰা ‘এমএছএমই’য়েই হওক, খেতিয়কেই হওক, সৰু সৰু হস্তশিল্পীয়েই হওক, সকলোৱে ৰপ্টানীৰ বাবে বহুত সহযোগিতা লাভ কৰিব।

বন্ধুসকল,

‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ’(পিএলআই) যোজনাৰ অন্তৰালতো আমাৰ উত্পাদন আৰু ৰপ্টানী সম্প্ৰসাৰণৰে অভিপ্ৰায় জড়িত হৈ আছে। পৃথিৱীৰ উত্পাদন প্ৰতিষ্ঠানসমূহে ভাৰতক নিজৰ ভেটি হিচাপে গ্ৰহণ কৰক আৰু আমাৰ ঘৰুৱা উদ্যোগ, আমাৰ ‘এমএছএমই’সমূহৰ সংখ্যা আৰু সামৰ্থ্যৰ বিস্তাৰ হওক, এই চিন্তাৰেই আমি এই ৱে’বিনাৰত স্পষ্ট পৰিকল্পনা যদি যুগুতাই উলিয়াব পাৰো তেন্তে যি দৰ্শনৰ আধাৰত বাজেট উথ্থাপিত হৈছে সেয়া ফলপ্ৰসূ সিদ্ধ হ’ব। এই যোজনাৰ অভিপ্ৰায় হ’ল বেলেগ বেলেগ খণ্ডৰ ভাৰতীয় উদ্যোগসমূহৰ ‘ক’ৰ কম্পিটেন্সীজ’ আৰু ৰপ্টানীৰ ক্ষেত্ৰত গোলকীয় উপস্থিতিৰ পৰিসৰ বৃদ্ধি কৰা। সীমিত স্থানত, সীমিত দেশত, সীমিত বস্তু-সম্ভাৰ লৈ আৰু হিন্দুস্থানৰ দুই-চাৰিটা কোণৰ পৰাই ৰপ্টানী কৰাৰ এই স্থিতি সলনি কৰিব লাগিব। হিন্দুস্থানৰ প্ৰতিখন জিলাইনো ৰপ্টানীকৰোতা হ’ব কিয় নোৱাৰে? পৃথিৱীৰ প্ৰতিখন দেশেইনো ভাৰতৰ পৰা আমদানী কিয় নকৰে?, পৃথিৱীৰ প্ৰতিখন দেশ, প্ৰতিটো এলেকালৈ কিয় নহয়? সকলো ধৰণৰ বস্তুয়েইনো কিয় নহয়? আগৰ যোজনাসমূহ আৰু বৰ্তমানৰ যোজনাসমূহৰ মাজত আপোনালোকেও চাগৈ এক পাৰ্থক্য লক্ষ্য কৰিছে। আগতে ‘ইণ্ডাষ্ট্ৰিয়েল ইনচেণ্টিভ এক অ’পেন এণ্ডেড ইনপুট বেছড ছাবছিডিজ’ৰ প্ৰবন্ধন আছিল। এতিয়া ইয়াক এক ‘কম্পিটিটিভ প্ৰচেছ’ৰ মাধ্যমৰ পৰা ‘টাৰ্গেটেড’ আৰু ‘পাৰ্ফৰমেন্স বেছড’ কৰি গঢ়ি তোলা হৈছে। প্ৰথমবাৰৰ বাবে ১৩টা খণ্ডক এই প্ৰকাৰৰ পৰিযোজনাৰ অন্তৰ্ভুক্ত কৰা কথাই আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতীয়মান কৰিছে।

বন্ধুসকল,

এই ‘পিএলআই’ যিবোৰ খণ্ডৰ বাবে গ্ৰহণ কৰা হৈছে, সেইবোৰ খণ্ডৰতো লাভ হৈয়ে আহিছে, ইয়াৰ ফলত সেইবোৰ খণ্ডৰে বিজড়িত সমগ্ৰ বাতাবৰণটোৰে লাভ হ’ব। ‘অটো’ আৰু ‘ফাৰ্মা’ খণ্ডত ‘পিএলআই’ৰ জৰিয়তে, যান-বাহণৰ যন্ত্ৰাংশ, চিকিত্সা উপকৰণ আৰু ঔষধসমূহৰ কেঁচামালৰে জড়িত বিদেশী নিৰ্ভৰতা বহু পৰিমানে কমি যাব। ‘এডভান্সড চেল বেটাৰী’, ‘ছ’লাৰ পিভি মডিউ’ল আৰু ‘স্পেচিয়েলটী ষ্টীল’ আদিয়ে পাব লগা সহযোগিতাৰে দেশত শক্তি খণ্ডই আধুনিক ৰূপ লাভ কৰিব। আমাৰ নিজৰ কেঁচামাল, আমাৰ নিজৰ শ্ৰম, আমাৰ নিজৰ দক্ষতা, আমাৰ নিজৰ প্ৰতিভা, আমি কিমান ডাঙৰ জাপ মাৰিব পাৰিম বাৰু চাওকচোন! সেইদৰে, বস্ত্ৰশিল্প আৰু খাদ্য-সংসাধন খণ্ডই পাবলগীয়া ‘পিএলআই’ৰ দ্বাৰা আমাৰ সমগ্ৰ কৃষি খণ্ডৰে লাভ হ’ব। আমাৰ খেতিয়ক, পশুপালক, মাচুৱৈ, অৰ্থাত্, সমগ্ৰ গ্ৰামীণ অৰ্থব্যৱস্থাটোৰ ওপৰতে ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব, আয় বৃদ্ধি হোৱাৰ ক্ষেত্ৰত সহায়ক হ’ব।

আপোনালোকে চাগৈ কালি দেখিছে যে ভাৰতৰ প্ৰস্তাৱৰ পাচত ৰাষ্ট্ৰসংঘই ২০২৩চনত, অৰ্থাত্, দুবছৰৰ পাচত, ‘আন্তঃৰাষ্ট্ৰীয় বজ্ৰা(মিলেট)বৰ্ষ’ উদযাপনৰ কথা ঘোষণা কৰিছে। ভাৰতৰ এই প্ৰস্তাৱৰ প্ৰতি ৭০খনৰো অধিক দেশে সমৰ্থন আগবঢ়াইছিল। আৰু ৰাষ্ট্ৰসংঘৰ ‘সাধাৰণ পৰিষদ’ত এই প্ৰস্তাৱ সৰ্ব-সন্মতিক্ৰমে অনুমোদন জনোৱা হৈছে। এয়া নিতান্তই দেশৰ গৌৰৱ বৃদ্ধি কৰিব পৰা কথা। এয়া আমাৰ কৃষকৰাইজৰ বাবেও বহুত ডাঙৰ সুযোগ, তাকো ক্ষুদ্ৰ খেতিয়কৰ বাবে, যিবোৰ স্থানত জলসিঞ্চনৰ সুবিধা কম আৰু যিবোৰ ঠাইত মোটা দানাৰ ফচলহে উত্পাদিত হয়, এইধৰণৰ মোটা দানাৰ খাদ্যৰ মহত্ব পৃথিৱী ব্যাপি বিস্তাৰিত কৰাৰ কাম ৰাষ্ট্ৰসংঘৰ মাধ্যমেৰে আমি যি প্ৰস্তাৱ উথ্থাপণ কৰিলো, সেয়া ২০২৩চনৰ বাবে স্বীকৃত হ’ল। যিবোৰ ঠাইত পানীৰ সুবিধা কম, তেনেবোৰ দুৰ্গম এলেকাৰ খেতি, আমাৰ দুখীয়া খেতিয়কসকলৰ এনে মোটা দানাৰ শস্যৰ শক্তি কিমান, পুষ্টি-প্ৰমূল্য কিমান, তাৰ কিমান প্ৰকাৰৰ প্ৰজাতি হ’ব পাৰে, পৃথিৱীৰ বাবে এয়া কেনেকৈ সুলভ হ’ব পাৰে, ইমান ডাঙৰ সুযোগ আমাৰ সন্মুখত আছে। আমি যেনেকৈ ‘যোগ’-ক পৃথিৱীত প্ৰচাৰিত, প্ৰসাৰিত আৰু প্ৰতিষ্ঠিত কৰিলো, সেইদৰেই আমি সকলো মিলি, বিশেষকৈ কৃষি-সংসাধনৰে জড়িতসকলে সন্মিলিত হৈ ‘বজ্ৰা’ক, অৰ্থাত মোটা দানাৰ খাদ্য দ্ৰব্যক সমগ্ৰ পৃথিৱীতে উপলব্ধ কৰাব পাৰো।

২০২৩চনলৈ এতিয়াও আমাৰ হাতত নিশ্চয় সময় আছে, আমি সম্পূৰ্ণ প্ৰস্তুতিৰে সমগ্ৰ বিশ্বতে অভিযান আৰম্ভ কৰিব পাৰো। যিদৰে ক’ৰোনাৰ পৰা বচোৱাৰ বাবে ‘মে’ড ইন ইণ্ডিয়া ভেকচিন’ আছে, সেইদৰেই মানুহক অসুখ হোৱাৰ পৰা বচাবলৈ, ভাৰতত উত্পন্ন হোৱা বজ্ৰাও, মোটা দানাৰ ফচলো, সেইবোৰৰ পুষ্টি-দক্ষতাও সিমানেই উপয়োগী হ’ব। ‘মিলেট’ বা ‘বজ্ৰা’ অথবা মোটা দানাৰ ফচলৰ পৌষ্টিক ক্ষমতাৰে আমি সকলো নিশ্চয় পৰিচিত। এটা সময়ত ৰান্ধনীশালত বজ্ৰাই বিশেষ প্ৰাধান্য লাভ কৰিছিল। এতিয়া আকৌ সেই ‘ট্ৰেণ্ড’য়েই উভতি আহিছে। ভাৰতৰ প্ৰস্তাৱৰ পাচত, ৰাষ্ট্ৰসংঘৰ দ্বাৰা ২০২৩চনত ‘আন্তঃৰাষ্ট্ৰীয় বজ্ৰা বৰ্ষ’ৰ ঘোষণা কৰাৰ পাচত দেশ আৰু বিদেশত বজ্ৰাৰ চাহিদা দ্ৰুত গতিৰে বাঢ়িব। ইয়াৰ দ্বাৰা আমাৰ কৃষক আৰু বিশেষকৈ দেশৰ ক্ষুদ্ৰ খেতিয়কসকলৰ বহুত লাভ হ’ব। সেয়ে, কৃষি আৰু খাদ্য-সংসাধন ক্ষেত্ৰক মই এই সুযোগ সম্পূৰ্ণ ৰূপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। মইতো ক’ম, আপোনালোকৰ ৱে’বিনাৰৰ জৰিয়তে—এটা সৰু কৰ্মবাহিনী গঠন কৰক, ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰ সন্মিলিত আৰ্হিৰে এই কৰ্ম বাহিনী গঠিত হওক। আমি এই বজ্ৰা অভিযানক কেনেকৈ আগুৱাই নিব পাৰিম, এই বিষয়ে এই কৰ্ম-বাহিনীৰ জৰিয়তে আমি চিন্তা-চৰ্চা কৰিব পাৰিম। কোনবিধ প্ৰজাতি পৃথিৱীৰ বেলেগ বেলেগ দেশৰ সোৱাদৰ অনুকূলো হয় আৰু স্বাস্থ্যৰ বাবেও বহুত শক্তিবান হ’ব পাৰে, সেয়াও বাচি উলিয়াব পৰা যাব।

বন্ধুসকল,

এইবাৰৰ বাজেটত ‘পিএলআই’ আঁচনিৰে জড়িত এই যোজনাসমূহৰ বাবে প্ৰায় ২লাখ কোটি টকাৰ আৱণ্টন দিয়া হৈছে। উত্পাদনৰ হিচাপত ৫শতাংশ ‘ইনচেণ্টিভ’ৰ ৰূপত দিয়াৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাত্, কেৱল ‘পিএলআই’ আঁচনিৰ দ্বাৰাই আগন্তুক ৫বছৰত প্ৰায় ৫২০বিলিয়ন ডলাৰৰ উত্পাদন ভাৰতত হ’ব বুলি অনুমান কৰা হৈছে। যিবোৰ খণ্ডত ‘পিএলআই’ যোজনা ৰূপায়ণ কৰা হৈছে, সেইবোৰ খণ্ডত এতিয়া যিমান সংখ্যক কৰ্মবাহিনীয়ে কাম কৰি আছে সেয়া প্ৰায় দুগুণলৈ বৃদ্ধি পাব। নিয়োগ সম্ভাৱনা সৃষ্টিৰ ক্ষেত্ৰত ‘পিএলআই’ যোজনাৰ বিশেষ প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে। উদ্যোগসমূহৰ উত্পাদন আৰু ৰপ্টানীৰ জৰিয়তেতো লাভ হ’বই, আয় বঢ়াৰ বাবে দেশত যি চাহিদা বাঢ়িব তাৰো লাভ আদায় কৰিব পাৰিব উদ্যোগ খণ্ডই, অৰ্থাত্, এগুণত দুগুণ লাভ আহৰণ কৰিব পৰা যাব।

‘পিএলআই’ৰে জড়িত যিবোৰ ঘোষণা কৰা হৈছে, সেইবোৰ দ্ৰুতগতিৰে ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। ‘আইটি হাৰ্ডৱে’ৰ’ আৰু ‘টেলিকম’ উপকৰণ উত্পাদনৰে জড়িত দুটা ‘পিএলআই’ যোজনাই কেবিনেটৰ অনুমোদনো লাভ কৰিছে। এই খণ্ডসমূহৰে জড়িত বন্ধুসকলে ইতিমধ্যে চাগৈ ইয়াৰ সমীক্ষা সম্পূৰ্ণ কৰিছেই। ‘আইটি হাৰ্ডৱে’ৰ’ৰ প্ৰসংগত আগন্তুক ৪টা বছৰত প্ৰায় ৩.২৫ ত্ৰিলিয়ন টকাৰ উত্পাদনৰ অনুমান কৰা হৈছে। এই পৰিকল্পনাৰে ‘আইটি হাৰ্ডৱে’ৰ’ত ৫বছৰৰ ভিতৰত ‘ডমেষ্টিক ভেলু এডিশ্যন’ এতিয়াৰ ৫-১০%ৰ পৰা বাঢ়ি ২০-২৫% পৰ্যন্ত হ’ব লাগিব। সেইদৰে ‘টেলিকম’ উপকৰণ উত্পাদনতো আগন্তুক ৫টা বছৰত প্ৰায় আঢ়ৈ লাখ কোটি টকাৰ বৃদ্ধি হ’ব। ইয়াৰ ভিতৰত প্ৰায় ২লাখ কোটি টকা পৰিমানৰ ৰপ্টানী কৰাৰ স্থিতিতো আমি থাকিমগৈ। ‘ফাৰ্মা খণ্ড’তো আগন্তুক ৫-৬টা বছৰত একপ্ৰকাৰ লাখ কোটি টকাৰো অধিক পৰিমানৰ বিনিয়োগ ‘পিএলআই’ৰ সুবাদত হোৱাৰ সম্ভাৱনা নাই বুলি আমি ক’ব নোৱাৰো, বৃহত্ লক্ষ্য আগত লৈ আমি আগবাঢ়িব পাৰিম। ইয়াৰ ফলত ‘ফাৰ্মা খণ্ড’ৰ বিক্ৰীৰ পৰা প্ৰায় ৩লাখ কোটি টকা আৰু ৰপ্টানীৰ জৰিয়তে প্ৰায় ২লাখ কোটি টকাৰ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে।

বন্ধুসকল,

প্ৰতিষেধকৰ লাখ লাখ পালি লৈ ভাৰতৰ পৰা যিবোৰ বিমান আজি পৃথিৱীৰ প্ৰান্তে প্ৰান্তে যাবলৈ ধৰিছে সেইবোৰ বিমানে কিন্তু খালী হাতে দেশলৈ উভতি অহা নাই। সেইবোৰ বিমানে ভাৰতৰ প্ৰতি বাঢ়ি যোৱা ভৰষা, ভাৰতৰ প্ৰতি বৃদ্ধি পোৱা আত্মীয়তা, সেইবোৰ দেশৰ স্নেহ, বৃদ্ধসকলৰ, যিসকল অসুখৰে আক্ৰান্ত তেওঁলোকে দিয়া আশীৰ্বাদ, এক ভাৱনাত্মক প্ৰীতিও লৈ লৈ আমাৰ বিমানসমূহ দেশলৈ উভতি আহিছে। আৰু সংকটৰ সময়ত যি ভৰষা আদায় কৰা যায়, সেয়ে কেৱল প্ৰভাৱেই বিস্তাৰিত নকৰে, এই ভৰষা চিৰজ্ঞীৱি হয়, অমৰ হয়, অনুপ্ৰেণাদায়ক হয়। ভাৰতে আজি যি ধৰণে মানৱতাৰ সেৱা কৰি আছে, আৰু বিনম্ৰ্তাৰে কৰি আছে...আমি কেতিয়াও অহংকাৰ কৰি এইবোৰ কৰা নাই...আমি যি কৰিছো সেয়া কৰ্তব্য ভাৱনাৰে কৰিছো। ‘সেৱা পৰমো ধৰ্ম’-এয়া আমাৰ পুৰাতন সংস্কাৰ। ইয়াৰ দ্বাৰাই সমগ্ৰ পৃথিৱীতে ভাৰতে এক পৰিচিতি, এক বহুত ডাঙৰ ‘ব্ৰেণ্ড’ প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ মান, ভাৰতৰ পৰিচিতিয়ে নিৰন্তৰ নতুন শিখৰলৈ গতি কৰিছে। আৰু এই ভৰষা কেৱল প্ৰতিষেধকতে সীমাবদ্ধ নহয়। কেৱল ‘ফাৰ্মা খণ্ড’ৰ সামগ্ৰীৰ মাজতে সীমাবদ্ধ নহয়। যেতিয়া দেশৰ একোটা ‘ব্ৰেণ্ড’ তৈয়াৰ হৈ উঠে, তেতিয়া পৃথিৱীৰ সকলো মানুহৰে সেই দেশৰ প্ৰতিটো সামগ্ৰীৰ প্ৰতি সন্মান বাঢ়ি যায়, আত্মীয়তা বাঢ়ি যায় আৰু সেইবোৰ তেওঁলোকৰ প্ৰথম পছন্দলৈ ৰূপান্তৰিত হয়।

আমাৰ ঔষধ, আমাৰ চিকিত্সক, সেৱাকৰ্মী, ভাৰতত নিৰ্মিত চিকিত্সা উপকৰণ, এই সকলোৰে প্ৰতিও আজি ভৰষা বাঢ়িছে। এই ভৰষাক সন্মান দিয়াৰ বাবে, এই সময়ৰ লাভ আদায় কৰাৰ বাবে আমাৰ দূৰগামী ৰণনীতি কি হ’ব, এই বিষয়ে ‘ফাৰ্মা’ খণ্ডই এতিয়াই কাম কৰিব লাগিব। আৰু বন্ধুসকল, ভাৰতৰ প্ৰতি বাঢ়ি অহা এই ভৰষা, সকলো খণ্ডই ইয়াৰ সহায়ত আগবাঢ়ি যোৱাৰ বাবে পৰিকল্পনা যুগুতোৱাৰ সুযোগ এৰি দিয়া উচিত নহ’ব। আৰু সেয়ে, এই ইতিবাচক পৰিস্থিতিত প্ৰতিটো ক্ষেত্ৰই নিজৰ ৰণকৌশল যুগুতোৱাৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰি দিয়া উচিত। এই সময় অপব্যয় কৰাৰ বাবে নহয়, এই সময় কিবা আহৰণ কৰাৰ বাবেহে, দেশৰ বাবে কিবা আহৰণ কৰাৰহে, আপোনালোকৰ প্ৰতিষ্ঠানসমূহৰ বাবে সুন্দৰ সুযোগ সমাগত হৈছে। আৰু বন্ধুসকল, মই যিবোৰ কথা কৈ আছো, সেয়া কৰিবলৈ কোনো অসুবিধাই নাই। ‘পিএলআই’ আঁচনিৰ সাফল্য কাহিনীয়েও ইয়াক সম্পূৰ্ণ ভাবে সমৰ্থন যে কৰিব সেয়া সত্য, এয়া তেনেই সম্ভৱ। এনেকুৱাই এক সাফল্যৰ কাহিনী ইলেক্ট্ৰনিক উত্পাদন খণ্ডৰ আছিল। যোৱা বছৰ আমি মোবাইল ফোন আৰু ইলেক্ট্ৰনিক উপকৰণৰ নিৰ্মাণৰ বাবে ‘পিএলআই’’ আঁচনি ঘোষণা কৰিছিলো। মহামাৰীৰ মাজতো এই খণ্ডত যোৱাটো বৰ্ষত ৩৫হাজাৰ কোটি টকাৰ সামগ্ৰী উত্পাদিত হৈছিল। এয়াই নহয়, কৰোনাৰ এই সংকট কালতো এই খণ্ডত প্ৰায় ১৩০০কোটি টকাৰ নতুনকৈ বিনিয়োগ হৈছে। ইয়াৰ ফলত খণ্ডটোত সহস্ৰ কৰ্ম-সংস্থানৰ সৃষ্টি হৈছে।

বন্ধুসকল,

‘পিএলআই’ আঁচনিৰ এক ব্যাপক প্ৰভাৱ দেশৰ ‘এমএছএমই’ খণ্ডত নিশ্চিত ভাবেই পৰিব। এই কথা মই এই কাৰণেই কৈছো, কিয়নো, সকলো খণ্ডতে যি ‘এংকৰ ইউনিট’ স্থাপিত হ’ব, তাৰ সম্পূৰ্ণ প্ৰমূল্য-শৃংখলত নতুন যোগনীয়াৰৰ বুনিয়াদ তৈয়াৰ হোৱাটো জৰুৰী হ’ব। এই ‘এনচিলিয়েৰী ইউনিটসমূহ’ৰ সৰহ সংখ্যকেই ‘এমএছএমই’ খণ্ডতে স্থাপিত হ’ব। ‘এমএছএমই’সমূহক এনেবোৰ সুযোগৰ বাবে সাজু কৰাৰ কাম ইতিমধ্যেই আৰম্ভ কৰা হৈছে। ‘এমএছএমই’-ৰ সংজ্ঞা সলনি কৰাৰ পৰা বিনিয়োগৰ পৰিসীমা বৃদ্ধি কৰালৈকে লোৱা সিদ্ধান্তসমূহৰ পৰা লাভ এইটো খণ্ডই পাই আছে। আজি যেতিয়া আমি ইয়াত সমবেত হৈছো, আমি আপোনালোকৰ পৰা ‘প্ৰ’-এক্টিভ পাৰ্টিচিপেশ্যন’ আশা কৰিছো। ‘পিএলআই’ৰে জড়িত হোৱাৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা অসুবিধা হয়ো, আৰু যদি এইক্ষেত্ৰত কিবা সংশোধনৰো প্ৰয়োজন আছে, যদি এনে কাৰটো আপোনালোকে প্ৰয়োজন বুলি ভাবে, আপোনালোকে নিশ্চয় উল্লেখ কৰিব, মোকো জনাব পাৰিব।

বন্ধুসকল,

সামূহিক প্ৰয়াসৰে আমি যে ডাঙৰ ডাঙৰ লক্ষ্যও হেলাৰঙে সম্ভৱ কৰিব পাৰো সেই কথা আমি সংকটৰ সময়ত সাব্যস্ত কৰি দেখুৱালো। সহযোগিতাৰ এই মনোভাৱেই ‘আত্মনিৰ্ভৰ ভাৰত’ৰ নিৰ্মাণ কৰিব। এতিয়া উদ্যোগৰে জড়িত আপোনালোক সকলো সতীৰ্থই আগবাঢ়ি আহি নতুন সুযোগ গ্ৰহণ কৰি কামত ব্ৰতী হ’ব লাগিব। উদ্যোগসমূহত এতিয়া দেশ আৰু পৃথিৱীৰ বাবে উত্তম মানৰ সামগ্ৰী তৈয়াৰ কৰাত গুৰুত্ব বৃদ্ধি কৰিব লাগিব। উদ্যোগসমূহক দ্ৰুততাৰে আগুৱাই যোৱা, দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীৰ প্ৰয়োজনীয়তাসমূহৰ হিচাপত উদ্ভাৱনশীল কৰি তুলিব লাগিব, গৱেষণা আৰু উন্নয়ণত নিজৰ অংশীদাৰিত্ব বৃদ্ধি কৰিব লাগিব। মানৱশক্তিৰ দক্ষতাৰ উত্তৰণ সাধন আৰু নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ উদ্যোগসমূহক আগুৱাই আহি কামত ব্ৰতী হ’ব লাগিব, তেতিয়াহে আমি গোলকীয় পৰিমণ্ডলত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিম। আজিৰ এই মন্থনৰ জৰিয়তে ‘মে’ক ইন ইণ্ডিয়া’, ‘মে’ক ফৰ দ্যা ৱৰ্ল্ড’-ৰ যাত্ৰাক আপোনালোক আটাইৰে দিহা-পৰামৰ্শৰে নতুন শক্তি লাভ হ’ব। নতুন গতি লাভ কৰিব বুলি মই বিশ্বাস কৰো।

আপোনালোকে সন্মুখীন হৈ অহা সমস্যাসমূহ, সংস্কাৰ সন্দৰ্ভত আপোনালোকৰ দিহা-পৰামৰ্শসমূহ মুকলি মনেৰে মোৰ ওচৰলৈ নিশ্চয় প্ৰেৰণ কৰিব বুলি মই পুনৰ আহ্বান জনাব খুজিছো। চৰকাৰ আপোনালোকৰ সকলো পৰামৰ্শ গ্ৰহণ কৰাৰ বাবে, সকলো সমস্যাৰ সমাধানৰ বাবে প্ৰস্তুত আছে। চৰকাৰৰ ‘ইনচেণ্টিভ’ৰে ব্যৱস্থা যিয়েই নহওক কিয়, আপোনালোকে যদি ভাবে যে পৃথিৱীৰ সামগ্ৰীৰ তুলনাত আমাৰ সামগ্ৰীৰ মূল্য সস্তা হোৱাৰ বাবেই বিক্ৰী হ’বই, এফালেদি এয়া ঠিকেই আছে যদিও এই সকলোবোৰতকৈ সামগ্ৰীৰ গুণ-মানৰ জোৰ যে সৰ্বাধিক হয় সেই কথা কিন্তু স্বীকাৰ কৰিবই লাগিব বুলি মই প্ৰসংগতে উল্লেখ কৰি থ’ব খুজিছো। আমাৰ সামগ্ৰীসমূহ মানসম্পন্নতাৰ কিমান প্ৰতিযোগিতাত উত্তীৰ্ণ হ’ব পাৰে সেই কথাহে আচল কথা, আৰু ভাল বস্তুৰ বাবে পৃথিৱীয়ে দুটকা বেছি দিবলৈ সদায়ে বিচাৰিবই। আজি ভাৰত এক ‘ব্ৰেণ্ড’ হৈ উঠিছে। এতিয়া মাথোঁ আপোনালোকে উত্পাদন কৰা বস্তুৰ পৰিচিতি গঢ়িব লাগে। আপোনালোকে বৰ বেছি কষ্ট কৰিবলগীয়া নাই। কষ্ট যদি কৰেই তেন্তে উত্পাদিত সামগ্ৰীৰ মান উন্নত কৰাত কৰক। ‘পিএলআই’ৰ পৰা অধিক লাভ, ‘পিএলআই’ত অধিক লাভ পোৱাৰ বাবে নহয়। ‘পিএলআই’ৰ অধিক লাভ উত্পাদনৰ মান উন্নত কৰাত হোৱা উচিত। এই প্ৰসংগতো আজিৰ আলোচনাই ধ্যান দিলে ভাল হ’ব।

আপোনালোক ইমান বিশাল পৰিমানে জড়িত হৈছে, আপোনলোক দিনটো ধৰি বহিব লাগিব, মই আপোনালোকৰ বেছ সময় নলও। মোৰ ফালৰ পৰা আপোনালোকক বহুত বহুত শুভ কামনা জনালো। এই সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে অন্তৰৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো।

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govts proposed Rs 277 crore MSME investment set to boost Indias economy: Industry officials

Media Coverage

Govts proposed Rs 277 crore MSME investment set to boost Indias economy: Industry officials
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reviews flood situation in Arunachal Pradesh and Nagaland with MPs from the two states
July 30, 2026

The Prime Minister, Shri Narendra Modi, met Members of Parliament from Arunachal Pradesh and Nagaland and discussed the situation in the two states in the wake of the floods.

Shri Modi said that the Central Government will continue working with the respective state Governments to address the challenges arising from the floods.

The Prime Minister prayed for everyone’s well-being and safety.

In a post on X, Shri Modi said;

“Had a meeting with MPs from Arunachal Pradesh and Nagaland. We talked about the situation in these states in the wake of floods there. The Central Government will keep working with the respective state Governments to address the challenges. Praying for everyone’s wellbeing and safety.”