কৃষি ক্ষেত্ৰত গৱেষণা আৰু উন্নয়ণত বেচৰকাৰী সংস্থাবোৰৰ আৰু অংশীদাৰীত্বৰ ওপৰত গুৰুত্ব আৰোপ
ক্ষুদ্ৰ কৃষকসকলৰ সবলীকৰণ চৰকাৰৰ অন্যতম লক্ষ্য : প্ৰধানমন্ত্ৰী
আমাৰ দেশৰ কৃষি ক্ষেত্ৰক আন্তৰ্জাতিক খাদ্য প্ৰক্ৰিয়াকৰণ বজাৰলৈ প্ৰেৰণৰ উদ্যোগ : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কৃষি আৰু কৃষক কল্যাণৰ বাবে আগবঢ়োৱা বাজেট প্ৰস্তাৱ যথাযথ ৰূপায়ণৰ ওপৰত আয়োজিত ৱেবিনাৰত বক্তব্য ৰাখে। এই ৱেবিনাৰত কৃষি, দুগ্ধ শিল্প, মৎস্য পালন, চৰকাৰী, বেচৰকাৰী আৰু সমবায় ক্ষেত্ৰৰ অংশীদাৰ, গ্ৰামীণ অৰ্থনীতিৰ বাবে যিবোৰ বেংকে পুঁজি যোগান ধৰে তেওঁলোকৰ প্ৰতিনিধিসকলৰ উপৰিও কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়েও এই ৱেবিনাৰত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। ভাৰতীয় কৃষি ব্যৱস্থাক বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰিবৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এইবাৰৰ বাজেটত কৃষি ক্ষেত্ৰত ১৬ লাখ ৫০ হাজাৰ কোটি টকাৰ ঋণৰ আবণ্টন দিয়া হৈছে। পশু পালন, দুগ্ধ শিল্প আৰু মৎস্য পালনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিৰ বাবে ৪০ হাজাৰ কোটি টকাৰ পুঁজি গঠন কৰা হৈছে। ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে ধনৰ আবণ্টন দুগুণ বৃদ্ধি কৰা হৈছে। ২২ টা পচনশীল সামগ্ৰীক অপাৰেশ্যন গ্ৰীণ আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও, e-NAM ৰ অধীনত আৰু ১ হাজাৰ খন কৃষি বজাৰ সংযুক্ত কৰা হৈছে। ভাৰতত কৃষি কাৰ্যই পৰৱৰ্তী পৰ্যায়ত বিপ্লৱ কঢ়িয়াই অনা, খাদ্য প্ৰক্ৰিয়াকৰণ ব্যৱস্থাৰ সংস্কাৰ আৰু একবিংশ শতিকাৰ সময়োপযোগী মূল্য-শৃঙ্খলত আৰু অধিক কৃষি পণ্যক অন্তৰ্ভুক্ত কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী কৃষি সংক্ৰান্তীয় প্ৰতিটো ক্ষেত্ৰ যেনে খাদ্য-শস্য, শাক-পাচলি, ফল, মাছ ইত্যাদিৰ প্ৰক্ৰিয়াকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে কৃষকসকলে নিজৰ গাওঁৰ উৎপাদিত সামগ্ৰী সঞ্চয় কৰি ৰখাৰ ব্যৱস্থা গঢ়ি তুলিব লাগিব। খেতি পথাৰৰ পৰা প্ৰক্ৰিয়াকৰণ উদ্যোগলৈ উৎপাদিত সামগ্ৰী প্ৰেৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই কামত কৃষি পণ্য উৎপাদক সংগঠনৰ ভূমিকাৰ কথাও তেওঁ উল্লেখ কৰে। দেশৰ কৃষকসকলে যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে আৰু নতুন নতুন সুযোগ লাভ কৰে, তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ কৃষি ক্ষেত্ৰখন সম্প্ৰসাৰণৰ প্ৰয়োজন আছে, যাতে আন্তৰ্জাতিক খাদ্য প্ৰক্ৰিয়াকৰণ বজাৰলৈ এইবোৰ সামগ্ৰী প্ৰেৰণ কৰিব পৰা যায়। গাওঁবোৰৰ কাষে কাষে কৃষিভিত্তিক উদ্যোগ ক্লাষ্টাৰ নিৰ্মাণ কৰিব লাগিব, যাতে গাওঁৰ মানুহে কৃষি সংক্ৰান্তীয় উদ্যোগত কাম লাভ কৰিব পাৰে”। জৈৱ বাণিজ্য ক্লাষ্টাৰ আৰু ৰপ্তানি-নিৰ্ভৰ উদ্যোগ ক্লাষ্টাৰে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আমাৰ গাওঁৰ পৰা কৃষি-ভিত্তিক সামগ্ৰী চহৰলৈ লৈ যোৱাৰ পিছত প্ৰক্ৰিয়াকৰণৰ কাম কৰিব লাগিব। তেওঁ ‘এক জিলা, এক পণ্য সামগ্ৰী’ পৰিকল্পনাৰ কথা উল্লেখ কৰি কয়, ইয়াৰ ফলত দেশৰ পণ্য আন্তৰ্জাতিক বজাৰলৈও প্ৰেৰণ কৰিব পৰা যাব।

প্ৰধানমন্ত্ৰীয়ে দুঃখ প্ৰকাশ কৰি কয়, বিশ্বৰ মৎস্য উৎপাদনশীল ৰাষ্ট্ৰবোৰৰ ভিতৰত ভাৰত অন্যতম হ’লেও প্ৰক্ৰিয়াজাত মাছৰ আন্তৰ্জাতিক বজাৰত ভাৰতীয় পণ্য খুবেই কম পোৱা যায়। এই পৰিস্থিতিৰ পৰিৱৰ্তন কৰিব লাগিব। ইয়াৰ বাবে বিভিন্ন সংস্কাৰ কৰা হৈছে। চৰকাৰে উৎপাদনভিত্তিক উৎসাহ শিতানত ১১ হাজাৰ কোটি টকা আবণ্টন দিছে। ইয়াৰ ফলত, প্ৰস্তুত হৈ থকা খাদ্য, ৰান্ধি খাব পৰা খাদ্য, প্ৰক্ৰিয়াজাত ফল, শাক পাচলি, সামুদ্ৰিক খাদ্য আৰু মোজাৰেলা চীজ উৎপাদনতো উৎসাহ সৃষ্টি হ’ব। অপাৰেশ্যন গ্ৰীণছ প্ৰকল্পৰ অধীনত সকলোবোৰ শাকপাচলি আৰু ফলমূল পৰিবহনৰ বাবে ৫০ শতাংশ ৰাজসাহায্য দিয়া হৈছে। বিগত ৬ মাহত ৩৫০ খন কিষাণ ৰে’ল চলাচল কৰিছে। প্ৰায় ১ লাখ মেট্ৰিক টন ফল আৰু শাক পাচলি এই ৰে’লৰ মাধ্যমেৰে বিভিন্ন গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হৈছে। সমগ্ৰ দেশৰ বাবে কিষাণ ৰে’লে শীতলীগৃহৰ কাম কৰিছে।

শ্ৰী মোদীয়ে কয়, আত্মনিৰ্ভৰ ভাৰত অভিযানত দেশজুৰি বিভিন্ন জিলাত ফলমূল আৰু শাক পাচলি প্ৰক্ৰিয়াকৰণৰ বাবে ক্লাষ্টাৰ নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী মাইক্ৰ’ ফুড প্ৰছেছিং এণ্টাৰপ্ৰাইজেছ আপগ্ৰেডেশ্যন স্কীমৰ অধীনত লাখ লাখ মাইক্ৰ’ ফুড প্ৰছেছিং ইউনিটলৈ সাহায্য আগবঢ়োৱা হৈছে। ক্ষুদ্ৰ ব্যৱসায়ীসকলক আধুনিক প্ৰযুক্তি ব্যৱহাৰত উৎসাহিত কৰিবলৈ ট্ৰেক্টৰ, ফচলৰ অৱশিষ্টাংশ মাটিৰ পৰা তোলাৰ যন্ত্ৰসহ অন্যান্য কৃষি কামত ব্যৱহৃত যন্ত্ৰপাতিবোৰ যাতে কম মূল্যতে পাব পাৰি, সেই ব্যৱস্থাও কৰিব লাগিব। দেশজুৰি ভূমিস্বাস্থ্য কাৰ্ডৰ সুবিধা সকলো কৃষকেই যাতে লাভ কৰে, তাৰ বাবে কৃষকসকলৰ মাজত সচেতনতা গঢ়ি তুলিব লাগিব। ইয়াৰ ফলত, শস্যৰ ফলন বৃদ্ধি পাব।

কৃষি ক্ষেত্ৰত বেচৰকাৰী সংস্থাবোৰৰ গৱেষণা আৰু উন্নয়নমূলক কাম-কাজ বৃদ্ধিৰ ওপৰত গুৰুত্ব দি প্ৰধানমন্ত্ৰীয়ে কয়, কৃষকসকলৰ বাবে এনে সুযোগ আনি দিব লাগিব, যাতে তেওঁলোকে কেৱল ধান আৰু গম উৎপাদনৰ ওপৰতে নিৰ্ভৰশীল নাথাকে। চালাডত ব্যৱহৃত শাক পাচলিৰ জৈৱিক উৎপাদনৰ উপৰিও অন্যান্য বিভিন্ন ফচলৰ উৎপাদনৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। সামূদ্ৰিক শৈবাল আৰু মৌ-মাখিৰ পৰা লাভ কৰা মম উৎপাদনৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয়, ইয়াৰ ফলত আমাৰ মৎস্যজীৱী আৰু মৌ-ব্যৱসায়ীসকলৰ অতিৰিক্ত আয় বৃদ্ধি হ’ব। বেচৰকাৰী সংস্থাবোৰে কৃষকসকলৰ আস্থা অৰ্জন কৰিবলৈ আগুৱাই আহিব লাগিব।

চুক্তি-ভিত্তিক উৎপাদনৰ ওপৰত গুৰুত্ব দি শ্ৰী মোদীয়ে কয়, দীৰ্ঘদিন ধৰি ভাৰতত এই ব্যৱস্থা চলি আহিছে। কিন্তু, চুক্তিৰ ফলত কেৱল বাণিজ্যিক স্বাৰ্থই নহয়, ভূমিৰ প্ৰতি দায়বদ্ধতা পূৰণো নিশ্চিত কৰিব লাগিব।

দেশত কৃষি কাৰ্যত যৌথ উদ্যোগৰ ওপৰত গুৰুত্ব দি প্ৰধানমন্ত্ৰীয়ে ছেচ ব্যৱস্থাৰ পৰা বীজ ৰোপণ, কৃষি কাৰ্য আৰু কৃষকৰ ৰোজগাৰ — প্ৰতিটো ক্ষেত্ৰতে সৰ্বাঙ্গীণ প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছে। কৃষি ক্ষেত্ৰৰ সৈতে নতুন উদ্যোগকো উৎসাহিত কৰিব লাগিব আৰু এই কামত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ প্ৰয়োজনীয়। বছৰৰ পিছত বছৰ ধৰি কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা কৃষক, মৎস্যজীৱীসকলৰ মাজত সম্প্ৰসাৰিত কৰা হৈছে। বিগত এবছৰত ১ কোটি ৮০ লাখ কৃষকক কিষাণ ক্ৰেডিট কাৰ্ড দিয়া হৈছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে ঋণদানৰ পৰিমাণ বিগত ৬-৭ বছৰত দ্বিগুণ কৰা হৈছে। সমবায়বোৰ শক্তিশালী কৰিবৰ বাবে ১০ হাজাৰ কৃষি পণ্য উৎপাদক সংগঠনক সহায় কৰা হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
State Visit of Prime Minister to Seychelles
June 28, 2026

As part of Prime Minister Shri Narendra Modi’s State Visit to Seychelles from 27-29 June 2026, Prime Minister and the President of Seychelles, H.E. Dr. Patrick Herminie today held official talks at the State House in Victoria, Mahe.

The talks covered the full spectrum of bilateral relations, with the leaders agreeing to further strengthen cooperation in health, education, capacity building, digital transformation, sustainable development, social infrastructure, renewable energy, maritime security and defence. They also exchanged views on regional and global developments, including challenges in the Indian Ocean region, such as illegal fishing, drug trafficking and piracy. Both leaders expressed satisfaction at the progress made in the implementation of projects and initiatives under the Special Economic Package announced by India. Prime Minister reaffirmed India’s commitment to supporting the development priorities of Seychelles and to further deepen the close and enduring partnership between the two countries.

Following the official talks, both leaders released a joint commemorative logo marking 50 years of the establishment of diplomatic relations between the two countries. Several MoUs/agreements in the fields of Capacity Building, UPI, Health, Agriculture, Shipping, Space, Extradition and Line of Credit were exchanged thereafter. The amount of the Line of Credit stands at INR 1250 crores. The full list of MoUs/agreements may be seen here [link]. In addition, several announcements in the fields of food security, infrastructure, health, vocational training, maritime security and defence were made in support of the development needs of Seychelles. The details of these announcements may be seen here [link]. Seychelles also announced that it is joining the Coalition for Disaster Resilient Infrastructure [CDRI].

Later in the day, Prime Minister addressed an Extraordinary Sitting of the National Assembly of Seychelles, becoming the first Indian Prime Minister to do so. In his address, he highlighted the historical bonds of friendship between India and Seychelles and underscored the shared values of democracy, rule of law and people-centric governance that guide the two countries. He noted that mutual trust and close cooperation have shaped a robust partnership spanning development cooperation, maritime security, technology, innovation, health and capacity building. Prime Minister also called for enhanced parliamentary exchanges between the two democracies. The full address of Prime Minister may be seen here [link]

The Leader of Opposition of Seychelles, H.E. Mr. Bernard Georges, also called on Prime Minister. The two leaders discussed India-Seychelles bilateral ties and conveyed their strong support to further build the special friendship between the two countries.