“ভাৰতৰ ৭৫ বছৰীয়া সংসদীয় যাত্ৰাৰ ৰোমন্থনৰ আজি বিশেষ দিন”
“আমি নতুন ভৱনলৈ স্থানান্তৰিত হৈছোঁ কিন্তু আহিবলগীয়া প্ৰজন্মক প্ৰেৰণা দি থাকিব যে ভাৰতীয় গণতন্ত্ৰৰ সোণালী অধ্যায়ৰ স্বাক্ষৰ এই ভৱনে বহন কৰে।”
“অমৃত কালৰ প্ৰথম পোহৰত নতুন বিশ্বাস, প্ৰাপ্তি আৰু সক্ষমতা সঞ্চাৰিত হৈছে”
আজি লোকসভাত সংসদৰ বিশেষ অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। সংসদৰ এই বিশেষ অধিৱেশন ১৮ৰ পৰা ২২ ছেপ্তেম্বৰ, ২০২৩লৈ চলিব।
প্ৰধানমন্ত্ৰীয়ে সদনৰ তথা প্ৰতিজন ভাৰতীয়ৰ অভিনন্দন বিজ্ঞানীৰ প্ৰাপ্তিৰ নামত উৎসৰ্গা কৰে।
নৱেম্বৰ মাহলৈ থকা জি-২০ কাৰ্যকাল তথা শেষ দিন পৰ্যন্ত ইয়াৰ ব্যৱহাৰ সম্পৰ্কত অধ্যক্ষৰ প্ৰস্তাৱত প্ৰধানমন্ত্ৰীয়ে সমৰ্থন জনায় আৰু তেওঁৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া পি২০ সন্মিলন (পাৰ্লিয়ামেন্টেৰী ২০) সম্পৰ্কত সমৰ্থন দিয়ে।
মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে দেশে মোক ইমান মৰম, শ্ৰদ্ধা আৰু আশীৰ্বাদ দিব।”
ইয়াৰ লগতে তেওঁ চন্দ্ৰানী মুৰ্মুৰ কথা উল্লেখ কৰে যি ২৫ বছৰ বয়সতেই সংসদলৈ নিৰ্বাচিত হৈছিল।
শ্ৰী মোদীয়ে লগতে বিভিন্ন সময়ত বৈদেশিক নেতাই সংসদত দিয়া ভাষণ তথা ইয়াৰ ফলত দেশৰ সন্মান বৃদ্ধি হোৱা কথাটোৰো সোৱৰণ কৰে।

আজি লোকসভাত সংসদৰ বিশেষ অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। সংসদৰ এই বিশেষ অধিৱেশন ১৮ৰ পৰা ২২ ছেপ্তেম্বৰ, ২০২৩লৈ চলিব।

সদনক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ কাৰ্যভাৰ যোৱাৰ আগতে আজি হৈছে এক বিশেষ দিন যি দিনটোত আমি ভাৰতৰ ৭৫ বছৰীয়া সংসদীয়া যাত্ৰাৰ কথা ৰোমন্থন কৰিব লাগে। পুৰণি সংসদ ভৱন সম্পৰ্কত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই ভৱন ভাৰতৰ স্বাধীনতাৰ পূৰ্বে ইমপেৰিয়েল লেজিছলেটিভ কাউন্সিলৰ কাৰ্যক্ৰমণিকা চলিছিল আৰু ভাৰতৰ স্বাধীনতাৰ পাছত এয়া দেশৰ সংসদ ভৱন হিচাপে পৰিচয় লাভ কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে যদিওবা সংসদ ভৱনটো নিৰ্মাণৰ সিদ্ধান্ত বিদেশী শাসকে গ্ৰহণ কৰিছিল কিন্তু সেইটো নিৰ্মাণৰ আঁৰত ভাৰতীয় মানুহৰ শ্ৰমত্যাগ আৰু ধন বিনিয়োগ হৈছিল। শ্ৰী মোদীয়ে কয় যে ৭৫বছৰীয়া যাত্ৰাত এই সংসদ ভৱনে কেতবোৰ ধাৰা আৰু পৰম্পৰা সৃষ্টি কৰিছে যিবোৰে দেশৰ বিকাশত অৰিহনা যোগাইছে আৰু সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে।তেওঁ কয়, “আমি যদিওবা নতুন ভৱনলৈ স্থানান্তৰিত হম তথাপি এই ভৱনে আগন্তুক প্ৰজন্মক প্ৰেৰণা দি যাব। ভাৰতীয় গণতন্ত্ৰৰ সোণালী অধ্যায় হিচাপে সেই প্ৰেৰণা সদায় থাকিব।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে অমৃত কালৰ প্ৰথম পোহৰতেই নতুন চিন্তাউদ্যমবিশ্বাসসক্ষমতা আহি পৰিছেআৰু সমগ্ৰ বিশ্বই আজি ভাৰত তথা ভাৰতৰ সফলতাৰ কথা আলোচনা কৰিছে। তেওঁ কয়, “৭৫ বছৰীয়া সংসদীয় ইতিহাসৰ উমৈহতীয়া প্ৰচেষ্টাৰ ফল এয়া।

চন্দ্ৰযান-৩ৰ সফলতাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে চন্দ্ৰযানৰ সফলতাই ভাৰতৰ সক্ষমতাৰ অন্য এক অধ্যয় উন্মোচিত কৰিছে। আৰু এই অধ্যায়ৰ সৈতে জড়িত হৈ আছে আধুনিকতাবিজ্ঞান-প্ৰযুক্তি তথা ভাৰতীয় বিজ্ঞানীসকলৰ ক্ষমতা আৰু ১৪০ কোটি ভাৰতীয়ৰ শক্তি।প্ৰধানমন্ত্ৰীয়ে সদনৰ তথা প্ৰতিজন ভাৰতীয়ৰ অভিনন্দন বিজ্ঞানীৰ প্ৰাপ্তিৰ নামত উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে কিদৰে এনএএম(নামসন্মিলনৰ সময়ত দেশৰ প্ৰচেষ্টাক সদনে আগবঢ়াই নিছিল আৰু একেদৰে আজি জি-২০ৰ সফলতাও একেদৰে সম্ভৱ হৈছে।তেওঁ কয় যে জি২০ৰ সফলতা কোনো ব্যক্তি বা দলৰ নহয়এয়া হৈছে ১৪০ কোটি জনতাৰ সফলতা। তেওঁ উল্লেখ কৰি কয় যে জি-২০ত ৬০ৰো অধিক স্থানত ২০০ৰো অধিক অনুষ্ঠান সম্ভৱ হোৱাটো ভাৰতৰ বৈচিত্ৰতাৰ সফলতা। আফ্ৰিকান ইউনিয়নৰ সদস্যভৰ্তি সন্দৰ্ভত আৱেগিক মুহূৰ্ত সম্পৰ্কত মন্তব্য কৰি তেওঁ কয়, ‘ভাৰতৰ সভাপতিত্বৰ সময়ত আফ্ৰিকান ইউনিয়নৰ জি-২০ত সদস্যভৰ্তি সদায়েই দেশৰ বাবে গৌৰৱৰ বিষয় হৈ ৰৱ।

কেতবোৰ ব্যক্তিৰ ঋণাত্মক চিন্তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একাংশ ব্যক্তিয়ে সদায় ভাৰতৰ সক্ষমতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। তেওঁ কয় যে জি-২০ বৈঠকৰ বাবে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হৈছিল আৰু সেই ক্ষেত্ৰত কাৰ্যকৰীকৰণৰ বাবে এক ৰোডমেপ গ্ৰহণ কৰা হৈছিল। নৱেম্বৰ মাহলৈ থকা জি-২০ কাৰ্যকাল তথা শেষ দিন পৰ্যন্ত ইয়াৰ ব্যৱহাৰ সম্পৰ্কত অধ্যক্ষৰ প্ৰস্তাৱত প্ৰধানমন্ত্ৰীয়ে সমৰ্থন জনায় আৰু তেওঁৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া পি২০ সন্মিলন (পাৰ্লিয়ামেন্টেৰী ২০সম্পৰ্কত সমৰ্থন দিয়ে।

তেওঁ কয়, “এয়া আমাৰ বাবে গৌৰৱৰ বিষয় যে ভাৰতে সকলোৰে মাজত বিশ্ব মিত্ৰা’ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ বিশ্বই আজি ভাৰতক বন্ধু হিচাপে গণ্য কৰে। বেদৰ পৰা আৰম্ভ কৰি বিবেকানন্দলৈ লাভ কৰা সংস্কাৰে আজি এয়া সম্ভৱ কৰি তুলিছে। সকলোৰে সৈতে সকলোৰে বিকাশ শীৰ্ষক আমাৰ মন্ত্ৰই সমগ্ৰ বিশ্বক ভাৰতৰ বন্ধু কৰি তুলিছে।

এটা পৰিয়ালৰৰ নতুন ঘৰলৈ কৰা যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পুৰণি সংসদ ভৱনক বিদায় দি নতুন সংসদ ভৱনলৈ কৰা যাত্ৰা যথেষ্ট আৱেগিক। বিভিন্ন সময়ত বা বিগত বৰ্ষবোৰত পুৰণি সংসদ ভৱনে অভিজ্ঞতা লাভ কৰা বিভিন্ন কথাবোৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদৰ প্ৰতিজন সদস্যৰ বাবে এটা এক বিৰল স্মৃতি। এই গৌৰৱ আমাৰ সকলোৰে সৈতে জড়িত হৈ আছে।” তেওঁ লগতে কয়দেশ নতুন ভাৰত হোৱাৰ যাত্ৰাপথত বিগত ৭৫ বছৰত সংসদ ভৱনত অনেক অভিজ্ঞতা লাভ কৰিছে আৰু আজি হৈছে এটা বিশেষ দিন যাৰ জৰিয়তে প্ৰতিজন সাধাৰণ জনতাৰ হৈ আমি সেই সন্মান ব্যক্ত কৰিব লাগে।

প্ৰধানমন্ত্ৰীয়ে মনত পেলায় যে প্ৰথমবাৰ সাংসদ হৈ অহাৰ সময়ত তেওঁ এই ভৱনৰ ওচৰত মূৰ দোৱাইছিল। তেওঁ কেতিয়াও এয়া কল্পনা কৰিব পৰা নাছিল কিন্তু তেওঁ কৈছিল, “এয়া ভাৰতীয় গণতন্ত্ৰৰেই শক্তি যে ৰেল ষ্টেচনত জীৱিকাৰ সন্ধান কৰা এটা দুখীয়া শিশু এদিন সংসদত প্ৰৱেশ কৰিব পাৰিছে। মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে দেশে মোক ইমান মৰমশ্ৰদ্ধা আৰু আশীৰ্বাদ দিব।

সংসদৰ প্ৰৱেশদ্বাৰত লিখিত থকা উপনিষদৰ এশাৰী বাক্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই দুৱাৰে সাধাৰণ জনতাৰ বাট মোকলাই দিছিল আৰু চোৱা কিদৰে তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিছে। শ্ৰী মোদীয়ে কয় যে বৰ্তমান আৰু পূৰ্বৰ সাংসদসকলে এই বাক্যৰ গূঢ়াৰ্থ বাৰুকৈয়ে উপলব্ধি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে সময়ৰ ব্যৱধানৰ লগে লগে সংসদৰ পৰিক্ৰমা সলনি হোৱা কথাটো উল্লেখ কৰি কয় যে সময় আগবঢ়াৰ লগে লগে সংসদ সকলোৰে উমৈহতীয়া কেন্দ্ৰ হৈ পৰাৰ লগতে সমাজৰ প্ৰতিটো বৰ্গৰ পৰা লোক ইয়ালৈ আহিবলৈ আৰম্ভ কৰিছে। তেওঁ কয়, “সন্মিলিত পৰিৱেশে জনতাৰ আশা প্ৰত্যাশাবোৰ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে।” ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে মহিলা সাংসদসকলৰ অৱদান তথা সংসদৰ গৰিমা বৃদ্ধিত তেওঁলোকে আগবঢ়োৱা বৰঙণিৰ কথা উল্লেখ কৰে।

এক মোটামুটি পৰিসংখ্যা আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে লগতে জনায় যে এতিয়ালৈ প্ৰায় ৭৫০০ ৰাজহুৱা প্ৰতিনিধিয়ে সংসদৰ দুয়ো সদনত সেৱা আগবঢ়াইছে। তেওঁ লগতে কয় যে প্ৰায় ৬০০ মহিলা সাংসদে এতিয়ালৈ সংসদৰ দুয়ো সদনত সেৱা আগবঢ়াইছে। তেওঁ লগতে জনায় যে শ্ৰী ইন্দ্ৰজিৎ গুপ্তাজীয়ে সংসদত প্ৰায় ৪৩ বছৰ কাল প্ৰতিনিধিত্ব কৰিছিল আৰু শ্ৰী শ্বফিকুৰ ৰহমানে ৯৩ বছৰ বয়সত সংসদত সেৱা আগবঢ়াইছিল। ইয়াৰ লগতে তেওঁ চন্দ্ৰানী মুৰ্মুৰ কথা উল্লেখ কৰে যি ২৫ বছৰ বয়সতেই সংসদলৈ নিৰ্বাচিত হৈছিল।

তিক্ততা বেছিদিন নাথাকে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সংসদত এটা পৰিয়ালৰ দৰে অনুভৱ সদায়েই আছে যদিওবা ইয়াত বিভিন্ন তৰ্কতীৰ্যক মন্তব্যৰ আদান প্ৰদান হয়। তেওঁ লগতে উল্লেখ কৰে যে বিপদ কাল যেনে মহামাৰীৰ সময়তো সাংসদসকলে সংসদত আহি নিজৰ দায়িত্ব পালন কৰিছিল।

স্বাধীনতাৰ পাছত নতুন দেশ হিচাপে ভাৰতক লৈ বিভিন্নজনৰ মাজত থকা সন্দেহৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে এয়া সংসদৰ উমৈহতীয়া শক্তি আছিল যিয়ে সকলোকে ভুল প্ৰমাণিত কৰিছিল।

সংবিধান সভাৰ ২ বছৰীয়া ১১ মাহৰ কথা মনত পেলাই তথা সংবিধান প্ৰণয়নৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “এই ৭৫ বছৰত সকলোতকৈ ডাঙৰ প্ৰাপ্তি হৈছে সাধাৰণ নাগৰিকৰ সংসদৰ ওপৰত থকা প্ৰগাঢ় বিশ্বাস।” এই সংসদ ডঃ ৰাজেন্দ্ৰ প্ৰসাদডঃ কালামৰ পৰা শ্ৰী ৰামনাথ কোৱিন্দ হৈ দ্ৰৌপদী মুৰ্মুলৈ সকলো ৰাষ্ট্ৰপতিৰ ভাষাণ শুনাৰ সৌভাগ্য হৈছে।

পণ্ডিত নেহৰুৰ পৰা আৰম্ভ কৰি লাল বাহাদুৰ শাস্ত্ৰী হৈ অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙপ্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলে তেওঁলোকৰ নেতৃত্বত দেশক নতুন দিশৰ সন্ধান দিয়াৰ লগতে ৰাষ্ট্ৰক আগবঢ়াই নিছে যাৰ ফলত আজি ৰাষ্ট্ৰই নিজৰ প্ৰাপ্তিবোৰ পাইছে। তেওঁ লগতে চৰ্দাৰ বল্লৱভাই পেটেলৰাম মনোহৰ লোহিয়াচন্দ্ৰশেষৰলাল কৃষ্ণ আদৱানী আৰু অন্যান্যই সংসদৰ অধিৱেশনবোৰৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল আৰু সাধাৰণ জনতাৰ কণ্ঠক শক্তিশালী কৰিছিল। শ্ৰী মোদীয়ে লগতে বিভিন্ন সময়ত বৈদেশিক নেতাই সংসদত দিয়া ভাষণ তথা ইয়াৰ ফলত দেশৰ সন্মান বৃদ্ধি হোৱা কথাটোৰো সোৱৰণ কৰে।

তেওঁ কয় যে দেশৰ তিনিজনকৈ প্ৰধানমন্ত্ৰী নেহৰু জীশাস্ত্ৰী জী আৰু ইন্দিৰা জীৰ কাৰ্যকাল চলি থকাৰ সময়তে মৃত্যুক আঁকোৱালি লবলগীয়া হোৱা ঘটনা দুখজনক বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে সংসদ পৰিচালনাৰ দায়িত্বত থকা অধ্যক্ষৰ ভূমিকাৰ কথা তথা তেওঁলোকে সদন পৰিচালনাৰ ক্ষেত্ৰত সম্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ কথাও নিজৰ বক্তব্যত ৰাখে। তেওঁ কয় যে অধ্যক্ষৰ সিদ্ধান্তবোৰত আমি ৰেফাৰেন্স বিন্দুবোৰ পাওঁ। তেওঁ মনত পেলাই যে দুগৰাকী মহিলা অধ্যক্ষসহ ১৭ গৰাকী অধ্যক্ষ ক্ৰমে শ্ৰী মাৱলংকৰ পৰা শ্ৰীমতী সুমিত্ৰা মহাজন হৈ শ্ৰী ওম বিৰলালৈ সকলোৱে সংসদৰ কাৰ্যকালত অৰিহনা আগবঢ়াইছে। প্ৰদানমন্ত্ৰীয়ে সংসদৰ কৰ্মচাৰীসকলকো এই ছেগতে মনত পেলায়।

সংসদত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰীয়ে কয় যে সেয়া কেৱল ভৱনৰ ওপৰত হোৱা আক্ৰমণ নাছিল বৰঞ্চ সেয়া আছিল গণতন্ত্ৰৰ মাতৃৰ ওপৰত হোৱা আক্ৰমণ। প্ৰধানমন্ত্ৰীয়ে কয়, “সেয়া আছিল দেশৰ আত্মাৰ ওপৰত আক্ৰমণ।” তেওঁ সন্ত্ৰাসবাদী আৰু সাংসদসকলৰ মাজত থিয় দি সাহসিকতাৰ পৰিচয় দিয়া সেই বীৰ যোদ্ধাৰ সাহসিকতাক শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

প্ৰধানমন্ত্ৰীয়ে আনকি সেই সাংবাদিকসকলো স্মৰণ কৰে যিসকলে সংসদৰ কাৰ্যবিৱৰণীৰ ওপৰত নিয়াৰিকৈ সাংবাদিকতা কৰি আহিছে। কোনো উন্নত প্ৰযুক্তি নোহোৱাকৈ সংসদৰ কাৰ্যবিৱৰণী কৰা সাংবাদিকসকলৰ কথা কৈ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ বাবে এয়া বেছি কঠিন সময় কিয়নো পুৰণি সংসদ ভৱনৰ সৈতে তেওঁলোকৰ আৱেগ সাংসদতকৈ বেছি আছে।

নাদ ব্ৰহ্মৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰায় ৭৫০০ জনপ্ৰতিনিধিৰ কণ্ঠস্বৰে সংসদ ভৱনক এক ভক্তিস্থলীলৈ পৰিৱৰ্তিত কৰি তুলিছে। যদিওবা এতিয়া ইয়াত কোনো আলোচনা নহয়তথাপি ইয়াত সেই সকলো জনপ্ৰতিনিধিৰ কণ্ঠস্বৰ গুমগুমনি শুনা যাব।

সংসদ হৈছে সেই ঠাই যি ঠাইত ভগৎ সিং আৰু বাটুকেশ্বৰ দত্তই সাহসিকতা আৰু শৌৰ্যৰে বৃটিছ শাসকৰ মনত ক্ৰাসৰ সৃষ্টি কৰিছিল” এই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পণ্ডিত জৱাহৰলাল নেহৰুৱে কোৱা ষ্ট্ৰোক অৱ মিডনাইটৰ ঝনঝননিয়ে প্ৰতিজন ভাৰতীয়ৰ মনত প্ৰেৰণা দি আহিছে। তেওঁ লগতে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সেই বিখ্যাত উক্তি, “চৰকাৰ আহিব আৰু যাবদল তৈয়াৰ হব বা থাকিব। এই দেশ সদায় থাকিব লাগিবএই গণতন্ত্ৰ সদায় উজ্জীৱিত হৈ থাকিব লাগিব।

প্ৰথম সংসদীয় সমিতিৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে বাবা চাহেব আম্বেদকাৰে বিশ্বৰ বিভিন্ন দেশৰ পৰা উৎকৃষ্ট কথাবোৰ লৈ আনিছিল। তেওঁ লগতে নেহৰু কেবিনেটত বাবা চাহেবে লোৱা শ্ৰেষ্ঠত্বৰ পানী নীতিৰ কথা সোৱৰণ কৰে। তেওঁ লগতে বাবা চাহেবে বাখ্যা কৰি যোৱা কিদৰে দলিত সম্প্ৰদায়ক উদ্যোগীকৰণে সহায় কৰিব তথা ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে উদ্যোগ মন্ত্ৰী হিচাপে কিদৰে প্ৰথম উদ্যোগিত নীতি আনিছিল সেই কথা উল্লেখ কৰে।  

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে এই সংসদতেই লাল বাহাদুৰ শাস্ত্ৰীয়ে ১৯৬৫ চনৰ যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ মনত সাহস দিছিল। শাস্ত্ৰীজীৰ কাৰ্যকালত সেউজ বিপ্লৱৰ কথাৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ লগতে কয় যে শ্ৰীমতী ইন্দিৰা গান্ধীৰ নেতৃত্বতেই বাংলাদেশৰ স্বাধীনতাৰ বাবে হোৱা যুদ্ধৰ সিদ্ধান্ত এই সংসদতেই গ্ৰহণ কৰা হৈছিল। তেওঁ লগতে জৰুৰীকালীন সময়ত হোৱা গণতন্ত্ৰৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত তথা জনতাৰ শক্তি সন্দৰ্ভতো মন্তব্য মতামত আগবঢ়াই।

প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিঙৰ নেতৃত্বত গঠন হোৱা গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “ভোট দিয়া বয়স ২১ৰ পৰা ১৮ বছৰ কৰাৰ সিদ্ধান্তও এই সদনতেই লোৱা হৈছিল।” তেওঁ লগতে মন পেলাই যে দেশ অৰ্থনৈতিক বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত দেশে অৰ্থনৈতিক সংস্কাৰৰ সিদ্ধান্ত লৈছিল। লগতে অটল জীৰ সৰ্বশিক্ষা মিছনৰ কথ ট্ৰাইবেল পৰিক্ৰমা মন্ত্ৰণালয় গঠনৰ কথা তথা নিউক্লীয় শক্তি সন্দৰ্ভত তেওঁৰ চৰকাৰে লোৱা পদক্ষেপৰ কথা প্ৰধানমন্ত্ৰীয়ে মনত পেলায়। শ্ৰী মোদীয়ে লগতে কেশ্ব ফৰ জব কেলেংকাৰী সন্দৰ্ভতো সদনত উল্লেখ কৰে।

কেইবাদশক ধৰি পৰি ৰোৱা কেতবোৰ সিদ্ধান্ত যেনে ৩৭০ অনুচ্ছেদজিএছটিআৰঅপি আৰু দৰিদ্ৰৰ বাবে ১০ শতাংশ সংৰক্ষণৰ কথা মোদীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সদন হৈছে জনতাৰ বিশ্বাসৰ স্থান আৰু গণতন্ত্ৰৰ উত্থান-পতনৰ কেন্দ্ৰস্থান। তেওঁ মনত পেলায় কিদৰে অটল বিহাৰী বাজপেয়ীৰ চৰকাৰ এটা ভোটৰ বাবে খহি পৰিছিল। বিভিন্ন অঞ্চলৰ পৰা আগবাঢ়ি অহা কেতবোৰ ৰাজনৈতিক দলৰ উত্থানো গণতন্ত্ৰৰ আকৰ্ষণীয়া বিন্দু বুলি তেওঁ অভিহিত কৰে।

অটলজীৰ কাৰ্যকালত তিনিখনকৈ নতুন ৰাজ্য ছত্তিশগড়উত্তৰাখণ্ড আৰু ঝাৰখণ্ডৰ কথা উল্লেখ কৰে আৰু তেলেংগানা গঠনৰ প্ৰক্ৰিয়াত কেতবোৰ শক্তিৰ উত্থানৰ কথাটোত আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে কেতবোৰ স্বাৰ্থণ্বেষী উদ্দেশ্য লৈ এখন ৰাজ্যক দুভাগ কৰি গঠন হোৱা প্ৰক্ৰিয়াক লৈ জনতাৰ মাজত কোনো উল্লাস নাছিল।

শ্ৰী মোদীয়ে লগতে মন পেলায় যে কিদৰে সংবিধান সভাই দৈনিক ভাট্টা হ্ৰাস কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু কিদৰে সংসদে কেন্টিন সাহাৰ্য উঠাই দিছিল। মহামাৰীৰ সময়ত সাংসদসকলে ৰাষ্ট্ৰক সহায় কৰাৰ বাবে সাংসদ পুঁজিৰ ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত লৈছিলএই কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে জনতাৰ প্ৰতিনিধি আইনত সংশোধনী কৰি জনপ্ৰতিনিধিয়ে নিয়মানুৱৰ্তিতা পালন কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰি লগতে এই কথাও সকলো বৰ্তমানৰ সাংসদক সোৱৰাই দিয়ে যে তেওঁলোক হৈছে ভাগ্যৱান কিয়নো পুৰণি আৰু ভৱিষ্যতৰ মাজত থকা সংযোগ। কিয়নো কাইলৈ পুৰণি সংসদ ভৱনক বিদায় জনোৱা হব। সংসদত উপস্থিত থাকি সকলোকে প্ৰেৰণা যোগোৱা ৭৫০০ সাংসদৰ বাবে আজিৰ দিনটো গৌৰৱৰ দিন ”, মোদীয়ে কয়।

সম্বোধনৰ শেষত প্ৰধানমন্ত্ৰীয়ে আত্মবিশ্বাস ব্যক্ত কৰি কয় যে সাংসদসকলে সংসদৰ নতুন ভৱনলৈ নতুন উদ্যম আৰু প্ৰত্যাশাৰে আগবাঢ়িব আৰু লগতে এই ঐতিহাসিক দিনত কথাবোৰ ৰোমন্থন কৰাৰ সুবিধা দিয়াৰ বাবে তেওঁ অধ্যক্ষক ধন্যবাদ জনায়।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Out-of-pocket expenditure on health shows declining trend, states latest National Health Accounts

Media Coverage

Out-of-pocket expenditure on health shows declining trend, states latest National Health Accounts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to NTR Garu on his birth anniversary
May 28, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to NTR Garu on his birth anniversary.

The Prime Minister said that NTR Garu is fondly remembered for his commitment towards public welfare and governance which ensured dignity for the poor and marginalised.

The Prime Minister also noted that NTR Garu’s contributions to cinema continue to captivate generations and said that his life and ideals remain a source of immense inspiration.

The Prime Minister wrote on X;

“Tributes to the great NTR Garu on his birth anniversary. He is fondly remembered for his commitment towards public welfare and governance which ensured dignity for the poor and marginalised. His contributions to cinema continue to captivate generations. His life and ideals remain a source of immense inspiration. The NDA Government in Andhra Pradesh, under the leadership of my friend Chandrababu Naidu Garu, is committed to advancing the aspirations he cherished for the people.

@ncbn”